সমললৈ যাওক

বিদ্যাৱতী

অসমীয়া ৱিকিপিডিয়াৰ পৰা

বিদ্যাৱতী (ইংৰাজী: Vidyavati) হ'ল ভাৰতৰ তেলেংগানাৰ ৱাৰংগলৰ কাকতীয়া বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য আৰু ১৯৩৯ চনৰ ১৫ ছেপ্টেম্বৰত গৌড় সম্প্ৰদায়ত তেওঁৰ জন্ম। তেওঁ ভাৰতীয় চাইক'লজিকেল ছ'চাইটিৰ সভানেত্ৰী। ২০১৭ চনৰ ৮ মাৰ্চত "আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস" উদযাপন উপলক্ষে তেলেংগানা ৰাজ্য চৰকাৰৰ তৰফৰ পৰা তেওঁক বিশিষ্ট মহিলা হিচাপে সন্মানিত কৰা হৈছিল।[1]

তেলেংগানা চৰকাৰৰ পৰা বিশিষ্ট মহিলা বঁটা লাভ কৰি থকা অৱস্থাত বিদ্যাৱতী৷

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

তেওঁ হায়দৰাবাদৰ বেগম বজাৰৰ বংশীলাল বালিকা বিদ্যালয় (চৰকাৰী হাইস্কুল) অধ্যয়ন কৰিছিল আৰু ১৯৫৫ চনত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰমাণপত্ৰ লাভ কৰিছিল। ১৯৫৭ চনত হায়দৰাবাদৰ কোটি মহিলা মহাবিদ্যালয়ত ইণ্টাৰমিডিয়েট শিক্ষা গ্ৰহণ কৰে। ১৯৫৯ চনত একেখন মহাবিদ্যালয়ৰ পৰা উদ্ভিদ বিজ্ঞানক মূল হিচাপে লৈ‍ প্ৰাণীবিজ্ঞান আৰু ৰসায়ন বিজ্ঞানসহ স্নাতক ডিগ্ৰী (বি.এছচি.) লাভ কৰে‍। তেওঁ ওছমানিয়া বিশ্ববিদ্যালয়ৰ পৰা উদ্ভিদ বিজ্ঞানক মূল হিচাপে লৈ‍ হাইড্ৰ’বায়’লজীসহ এম.এছচি. ডিগ্ৰী লাভ কৰিছিল।

১৯৬৭ চনত অধ্যাপক জাফৰ নিজাম আৰু অধ্যাপক এম. আৰ. ছাক্সেনাৰ তত্ত্বাৱধানত ওছমানিয়া বিশ্ববিদ্যালয়ৰ পৰা 'পৰীক্ষামূলক আৰু চাইট'লজিকেল স্টাডিজ অন চেৰটেন ডেস্মিডছ' বিষয়ত কৰা গৱেষণাৰ বাবে তেওঁক পিএইচ.ডি. প্ৰদান কৰা হৈছিল।[2] যিহেতু সাহিত্যৰ বেছিভাগেই জাৰ্মান ভাষাত আছিল, সেয়েহে ১৯৬৩ - ৬৫ চনত ৩ বছৰৰ বাবে ওছমানিয়া বিশ্ববিদ্যালয়ৰ আৰ্টছ কলেজত জাৰ্মান ভাষাত জুনিয়ৰ আৰু চিনিয়ৰ ডিপ্লমা লয়। তেওঁৰ বিশেষজ্ঞতাৰ ক্ষেত্ৰ হৈছে হাইড্ৰ’বায়’লজি, ফিক’লজী, চাইট’লজী আৰু আল্ট্ৰাষ্ট্ৰাকচাৰ ইক’লজী।

কেৰিয়াৰ

[সম্পাদনা কৰক]
  • ১৯৬৬ চনত তেওঁক হায়দৰাবাদৰ ওছমানিয়া বিশ্ববিদ্যালয়ৰ অস্থায়ী অধ্যাপক হিচাপে নিযুক্তি দিয়া হয়।
  • ১৯৬৮ চনত তেওঁক স্থায়ী অধ্যাপক হিচাপে নিযুক্তি দিয়া হয় আৰু ৱাৰাংগলৰ ওছমানিয়া বিশ্ববিদ্যালয়ৰ পি. জি. কেন্দ্ৰত নিযুক্তি দিয়া হয়, যি পাছলৈ ১৯৭৪ চনত কাকতীয় বিশ্ববিদ্যালয়ত পৰিণত হয়। [3]
  • ইয়াৰ উপৰিও, একেখন বিশ্ববিদ্যালয়ত সেৱা আগবঢ়াই, তেওঁ উদ্ভিদবিজ্ঞান বিভাগৰ ৰিডাৰ, প্ৰাধ্যাপক আৰু মুৰব্বী হৈছিল (১৯৯০) ।
  • ১৯৯৮ চনৰ ৬ মে'ত তিনি বছৰৰ বাবে তেওঁ বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য হিচাপে দায়িত্ব গ্ৰহণ কৰে।[4]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Saisat (6 March 2017). "INTERNATIONAL WOMEN'S DAY ON MARCH 8—TS GOVT TO HONOUR EMINENT WOMEN". www.siasat.com. http://www.siasat.com/news/international-womens-day-march-8-ts-govt-honour-eminent-women-1145130/ আহৰণ কৰা হৈছে: 28 March 2017.
  2. "Prof. Jafar Nizam, Former Vice-chancellors, Kakatiya University.". Archived from the original on 29 September 2015. https://web.archive.org/web/20150929021037/http://kakatiya.ac.in/formervicechancellors আহৰণ কৰা হৈছে: 24 September 2015.
  3. "Golden Jubilee Celebrations Organized by Dept. of Botany, KU". Archived from the original on 8 May 2018. https://web.archive.org/web/20180508044636/http://www.kuwarangal.net/web/notifications/1205_Dept_of_Botany_40Percentage.pdf আহৰণ কৰা হৈছে: 5 September 2018.
  4. "Former Vice-chancellors, Kakatiya University.". Archived from the original on 29 September 2015. https://web.archive.org/web/20150929021037/http://kakatiya.ac.in/formervicechancellors আহৰণ কৰা হৈছে: 24 September 2015.