বিদ্যা দেহেজিয়া
| বিদ্যা দেহেজিয়া | |
|---|---|
২০১২ চনত ৰাষ্ট্ৰপতি প্ৰতিভা দেৱীসিংহ পাটিলৰ পৰা পদ্মভূষণ বঁটা লাভ কৰা অৱস্থাত দেহেজিয়া | |
| জন্ম | বম্বে, ভাৰত |
| বঁটা, সন্মান, পুৰস্কাৰ আদি | পদ্মভূষণ চাৰ্লছ লেং ফ্ৰীয়াৰ মেডেল |
| শৈক্ষিক পটভূমি | |
| মাতৃশিক্ষানুষ্ঠান | কেম্ব্ৰিজ বিশ্ববিদ্যালয় চেণ্ট. জেভিয়াৰ কলেজ, মুম্বাই |
| শৈক্ষিক কৰ্ম | |
| শাখা | শিল্প ইতিহাস |
| মূল আগ্ৰহ | যোগিনী পূজা আৰু মন্দিৰ |
বিদ্যা দেহেজিয়া (ইংৰাজী: Vidya Dehejia) এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষাবিদ আৰু কলম্বিয়া বিশ্ববিদ্যালয়ৰ ভাৰতীয় আৰু দক্ষিণ এছিয়ান কলাৰ বাৰ্বাৰা ষ্ট’লাৰ মিলাৰ অধ্যাপিকা এমেৰিটা। তেওঁ দক্ষিণ এছিয়াৰ কলা বিষয়ক ২৪খন গ্ৰন্থ আৰু অসংখ্য শৈক্ষিক গৱেষণা-পত্ৰ প্ৰকাশ কৰিছে আৰু একেটা বিষয়বস্তুৰ ওপৰত বহুতো প্ৰদৰ্শনীৰ কিউৰেট কৰিছে।
তেওঁক ভাৰত চৰকাৰে পদ্ম ভূষণ বঁটা আৰু স্মিথছ’নিয়ানৰ নেশ্যনেল মিউজিয়াম অৱ এছিয়ান আৰ্টৰ পৰা তেওঁ ফ্ৰীয়াৰ মেডেল লাভ কৰিছে।
শিক্ষা
[সম্পাদনা কৰক]বিদ্যা দেহেজিয়াই মুম্বাইৰ ছেইণ্ট জেভিয়াৰ কলেজত শিক্ষা গ্ৰহণ কৰি ১৯৬১ চনত প্ৰাচীন ভাৰতীয় সংস্কৃতিত প্ৰথম স্থান লাভ কৰে। ১৯৬৩ চনত তেওঁ কেম্ব্ৰিজৰ নিউনহাম কলেজৰ পৰা পুৰাতত্ত্ব আৰু নৃতত্ত্বত প্ৰথম স্থান লাভ কৰে। তেওঁ ১৯৬৮ চনত কেম্ব্ৰিজত পশ্চিম ভাৰতৰ আদিম বৌদ্ধ গুহাসমূহৰ ওপৰত পি এইচ ডি সম্পূৰ্ণ কৰে।[1]
কেৰিয়াৰ
[সম্পাদনা কৰক]১৯৬৮ চনত ছিডনী বিশ্ববিদ্যালয়ত প'ষ্ট ডক্টৰেল ফেল’শ্বিপ গ্ৰহণ কৰে। ১৯৭০ চনত তেওঁ হংকং বিশ্ববিদ্যালয়ৰ প্ৰবক্তা হয়। ১৯৭৩ চনত তেওঁ দিল্লী স্কুল অৱ প্লেনিং এণ্ড আৰ্কিটেকচাৰত প্ৰবক্তাৰ পদত যোগদান কৰে। ১৯৮২ চনত কলম্বিয়া বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপিকা হয়। ১৯৯৪ চনত তেওঁ স্মিথছোনিয়ান প্ৰতিষ্ঠানলৈ যায় আৰু ইয়াৰ ফ্ৰেয়াৰ গেলেৰী অৱ আৰ্ট আৰু আৰ্থাৰ এম. ছেকলাৰ গেলেৰিৰ মুখ্য কিউৰেটৰ আৰু উপ-সঞ্চালক হয়। ২০০২ চনত তেওঁ কলম্বিয়া বিশ্ববিদ্যালয়ৰ ভাৰতীয় কলাৰ বাৰ্বাৰা ষ্ট’লাৰ মিলাৰৰ অধ্যাপক হৈছিল আৰু ২০০৩ চনত তেওঁ সেই বিশ্ববিদ্যালয়ৰ দক্ষিণ এছিয়ান প্ৰতিষ্ঠানৰ সঞ্চালক হৈছিল।[2]
বঁটা আৰু সন্মান
[সম্পাদনা কৰক]দেহজিয়াক ভাৰত চৰকাৰে পদ্মভূষণ বঁটা প্ৰদান কৰিছিল।[3][4][5][6][7] তেওঁক গোৱা বিশ্ববিদ্যালয়ৰ মাৰিঅ' মিৰাণ্ডা ভিজিটিং ৰিচাৰ্চ প্ৰফেছৰশ্বিপত নিযুক্তি দিয়া হৈছে।[8] তেওঁ ২০১৯ চনত ইনফ'চিছ বঁটাৰ মানৱতা বিচাৰক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[9]
দেহেজিয়াক ২০২৩ চনত ফ্ৰেয়াৰ মেডেলৰ পঞ্চদশ প্ৰাপক হিচাপে ঘোষণা কৰা হৈছিল আৰু এই বঁটা লাভ কৰা তেওঁ দক্ষিণ এছিয়াৰ কলাৰ প্ৰথমজন পণ্ডিত। [10]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Dehejia, Vidya. "Education". Vidya Dehejia. http://vidyadehejia.com/education/। আহৰণ কৰা হৈছে: 3 February 2022.
- ↑ Dehejia, Vidya. "Career Highlights". Vidya Dehejia. http://vidyadehejia.com/career-highlights/। আহৰণ কৰা হৈছে: 3 February 2022.
- ↑ "Padma Awards". Ministry of Home Affairs, Government of India. 2016. Archived from the original on 15 October 2015. https://web.archive.org/web/20151015193758/http://mha.nic.in/sites/upload_files/mha/files/LST-PDAWD-2013.pdf। আহৰণ কৰা হৈছে: 3 January 2016.
- ↑ "Vidya Dehejia". Department of Art History & Archaeology - Columbia University. https://arthistory.columbia.edu/content/vidya-dehejia। আহৰণ কৰা হৈছে: 19 April 2022.
- ↑ "Vidya Dehejia". www.asia.si.edu. Archived from the original on 16 December 2013. https://web.archive.org/web/20131216114059/http://www.asia.si.edu/events/galas/some-enlightened-evening/includes/bio-vidya-dehejia.asp। আহৰণ কৰা হৈছে: 14 December 2013.
- ↑ "19 women among Padma award winners". Yahoo News. 25 Jan 2012. http://in.news.yahoo.com/19-women-among-padma-award-winners-111558908.html। আহৰণ কৰা হৈছে: 14 December 2013.
- ↑ "Dr Vidya Dehejia". St Xavier's College. Archived from the original on 25 July 2015. https://web.archive.org/web/20150725011835/http://www.xaviers.edu.in/main/images/magazine/Alumni%20%20Section.pdf। আহৰণ কৰা হৈছে: 14 December 2013.
- ↑ "Reasserting the role of women in our history". 18 February 2017. http://www.navhindtimes.in/reasserting-the-role-of-women-in-our-history/.
- ↑ "Infosys Prize - Jury 2019". Infosys Science Foundation. https://www.infosys-science-foundation.com/prize/jury/jury-2019.asp#Humanities.
- ↑ Institution, Smithsonian. "Smithsonian's National Museum of Asian Art Awards Lifetime Achievement Medals for Contributions in Asian Art". Smithsonian Institution. https://www.si.edu/newsdesk/releases/smithsonians-national-museum-asian-art-awards-lifetime-achievement-medals। আহৰণ কৰা হৈছে: 26 January 2023.