বিদ্যা বাল
| বিদ্যা বাল | |
|---|---|
| জন্ম | ১২ জানুৱাৰী, ১৯৩৭ |
| মৃত্যু | ৩০ জানুৱাৰী, ২০২০ (৮৩ বছৰ) পুণে, মহাৰাষ্ট্ৰ, ভাৰত |
বিদ্যা বাল (১২ জানুৱাৰী ১৯৩৭ – ৩০ জানুৱাৰী ২০২০) ভাৰতৰ মহাৰাষ্ট্ৰৰ এগৰাকী মাৰাঠী নাৰীবাদী লেখিকা/সম্পাদিকা আছিল। তেওঁ আছিল এগৰাকী সমাজ কৰ্মী, বিশেষকৈ ভাৰতৰ পুৰুষৰ বিপৰীতে মহিলাৰ সামাজিক মৰ্যাদা সমতা স্থাপনৰ ক্ষেত্ৰত তেওঁৰ অৱদান উল্লেখযোগ্য।[1][2][3]
জীৱনী
[সম্পাদনা কৰক]১৯৬৪ চনত স্ত্ৰী নামৰ মাহেকীয়া আলোচনীত সম্পাদিকা হিচাপে যোগদান কৰে, আৰু তাৰ পিছত ১৯৮৩ চনৰ পৰা ১৯৮৬ চনলৈকে ইয়াৰ পূৰ্ণকালীন সম্পাদিকা হিচাপে কাম কৰে। তেওঁ ১৯৮৯ চনত স্ত্ৰী আলোচনীৰ সম্পাদিকাৰ ফল এৰি মাহেকীয়া মিলূন সাৰ্যাজণী (মিळून सार्याजणी) প্ৰতিষ্ঠা কৰে।[4] ৱেব পেজ http://www.miloonsaryajani.in/ ত তেওঁৰ সম্পাদকীয় সন্নিবিষ্ট কৰা হৈছে য'ত মিলূন সাৰ্যাজণী প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যৰ বিষয়ে বৰ্ণনা কৰা হৈছে।তেওঁৰ জীৱনী কাম্লাকি আৰু উপন্যাস ভালভান্তাটিল ভাট বিখ্যাত।
মহিলাসকলে বিভিন্ন পূজাস্থলীত প্ৰৱেশৰ অধিকাৰ লাভ কৰাৰ বাবে বিদ্যা বালে মহাৰাষ্ট্ৰৰ উচ্চ ন্যায়ালয়ত আইনী যুঁজ দিছিল।[5] ১৮৯৯ চনৰ ১ এপ্ৰিলত উচ্চ ন্যায়ালয়ে তেওঁৰ পেটিপাৰ সপক্ষে সিদ্ধান্ত লয়।
সাহিত্য কৰ্ম
[সম্পাদনা কৰক]- সংবাদ (संवाद)
- কথা গৌৰীচী (कथा गौरीची)
- তুমচ্যা মাঝ্যাসাঠী (तुमच्या माझ्यासाठी)
- অপৰাজিতাচে নিঃশ্বাস (अपराजितांचे नि:श्वास)
- শোধ স্বতঃচা (शोध स्वत:चा)
- কমলাকী (कमलाकी) (আত্মজীৱনী)
বঁটা
[সম্পাদনা কৰক]- আগৰকাৰ সাংবাদিকতা বঁটা
- কমল প্ৰভাকৰ পধ্য ট্ৰাষ্ট বঁটা
- শংকৰৰাও কিৰ্লোস্কাৰ বঁটা
- সামাজিক কৃতজ্ঞতা পুঁজিৰ দ্বাৰা প্ৰদান কৰা ‘সামাজিক কৃতজ্ঞতা জীৱনজোৰা সাফল্য বঁটা’
- মহিলা বিষয় আৰু সাংবাদিকতাৰ ওপৰত কাম কৰাৰ বাবে ফাই ফাউণ্ডেশ্যন বঁটা৷
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Veteran social activist and feminist writer Vidya Bal no more". Hindustan Times. January 30, 2020. Archived from the original on January 30, 2020. https://web.archive.org/web/20200130081520/https://www.hindustantimes.com/cities/veteran-social-activist-and-feminist-writer-vidya-bal-no-more/story-JENOmrkcQ3BEONRfo14oHN_.html। আহৰণ কৰা হৈছে: January 30, 2020.
- ↑ (en-IN ভাষাত). 2020-01-30. https://www.thehindu.com/news/national/other-states/veteran-social-activist-and-feminist-writer-vidya-bal-passes-away/article30691306.ece.
- ↑ Arora, Sumit (2020-02-01). "Veteran social activist and feminist writer Vidya Bal passes away" (en-IN ভাষাত). adda247. https://currentaffairs.adda247.com/veteran-social-activist-and-feminist-writer-vidya-bal-passes-away/। আহৰণ কৰা হৈছে: 2021-09-28.
- ↑ "Veteran social activist Vidya Bal passes away". Sakal Times. January 30, 2020. Archived from the original on 1 February 2020. https://web.archive.org/web/20200201075855/https://www.sakaltimes.com/pune/veteran-social-activist-vidya-bal-passes-away-45822। আহৰণ কৰা হৈছে: 30 January 2020.
- ↑ "Woman can enter any place of worship: Bombay High Court" (en ভাষাত). Deccan Chronicle. 2016-04-02. https://www.deccanchronicle.com/nation/current-affairs/020416/temple-entry-basic-right-bombay-high-court.html। আহৰণ কৰা হৈছে: 2021-09-28.