সমললৈ যাওক

বিদ্যা মালৱাদে

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বিদ্যা মালৱাদে
Vidya Malvade

২০২৩ চনত মালৱাদে
জন্ম ০২ মাৰ্চ, ১৯৭৩ (৫৩ বছৰ)
মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত
পেচা এয়াৰ হোষ্টেছ, অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ২০০৩–বৰ্তমানলৈকে
দাম্পত্যসঙ্গী
  • অৰবিন্চ সিং বাগ্গা (বি. ১৯৯৭; মৃ. ২০০০)
  • সঞ্জয় দাময়া (বি. ২০০৯)

বিদ্যা মালৱাদে (ইংৰাজী: Vidya Malvade)(জন্ম-২ মাৰ্চ ১৯৭৩) হৈছে এগৰাকী ভাৰতীয় অভিনয় শিল্পী৷ তেওঁক সাধাৰণতে হিন্দী ভাষাৰ চলচ্চিত্ৰত দেখা যায়৷

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

১৯৭৩ চনৰ ২ মাৰ্চ বিদ্যা মালৱাদেৰ জন্ম হয়৷ তেওঁৰ জন্মস্থান মহাৰাষ্ট্ৰ[1][2] তেওঁ বৰ্ষীয়ান অভিনেত্ৰী স্মিতা পাটিলৰ ভতিজী৷[3]তেওঁৰ দুগৰাকী ভগ্নী আছে৷[4]

কৰ্মজীৱন

[সম্পাদনা কৰক]

বিদ্যা মালৱাদেয়ে এয়াৰ হোষ্টেছ হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। তাৰ পিছত তেওঁ মডেলিঙৰ জগতত প্ৰৱেশ কৰে৷ মডেলিঙৰ জগতত বিভিন্ন কৰ্মত নিয়োজিত হৈ থাকোঁতেই তেওঁ বিজ্ঞাপন চলচ্চিত্ৰ নিৰ্মাতা প্ৰহ্লাদ কক্কৰৰ সান্নিধ্যলৈ আহে৷ কক্কৰে তেওঁক কিছুমান বিজ্ঞাপনৰ বাবে বাছি লয়। পৰৱৰ্তী পৰ্যায়ত বিদ্যাই বিক্ৰম ভাটইণ্টেহা (২০০৩)ৰ জৰিয়তে হিন্দী ছবি জগতত পোনপ্ৰথমবাৰৰ বাবে প্ৰকাশ কৰে৷ অৱশ্যে ছবিখনে বক্স অফিচত বিফলতাৰ মুখামুখি হয়।[5] তেওঁ ইয়াৰ পিছত ধাৰাবাহিকভাৱে একাধিক অসফল চিনেমা আৰু কেইবাটাও বিজ্ঞাপনত অংশ লয়৷ ২০০৭ বৰ্ষটো তেওঁৰ বাবে উল্লেখযোগ্য বৰ্ষ হিচাপে পৰিগণিত হয়৷ তেওঁ ২০০৭ চনত চক দে ইণ্ডিয়াত অভিনয় কৰে৷ ছবিখনত তেওঁ ভাৰতীয় মহিলা জাতীয় হকী দলৰ গ'লৰক্ষক আৰু অধিনায়কৰ চৰিত্ৰত অভিনয় কৰে।[6]তেওঁৰ শেহতীয়া চিনেমা আছিল ইয়াৰা চিলি চিলি[7]

'গৌৰ হৰি দস্তান'ৰ এটা পাৰ্টিত বিনয় পাঠকৰ সৈতে বিদ্যা মালভাডে।

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

বিদ্যাই আইন অধ্যয়ন কৰি এয়াৰ হোষ্টেছ হিচাপে কাম কৰিছিল। তেওঁৰ প্ৰথম স্বামী কেপ্তেইন অৰবিন্দ সিং বাগ্গা৷[8] তেওঁ আছিল এলায়েন্স এয়াৰৰ পায়লট৷ ২০০০ চনত তেওঁ চলাই থকা এলায়েন্স এয়াৰ ফ্লাইট ৭৪১২খনে পাটনাৰ এটা ভৱনত খুন্দা মাৰে৷[8] দুৰ্ঘটনাত বাগ্গাৰ মৃত্যু হয়৷ ২০০৯ চনত বিদ্যাই আশুতোষ গোৱাৰিকাৰৰ অস্কাৰ-মনোনীত চলচ্চিত্ৰ লগানত কাম কৰা সঞ্জয় ডায়মাৰ সৈতে বিবাহপাশত আবদ্ধ হয়৷ তেওঁ ছবিখনৰ চিত্ৰনাট্য-লেখক আৰু সহযোগী পৰিচালক হিচাপে জড়িত হৈছিল৷[9]

বঁটা আৰু মনোনয়ন

[সম্পাদনা কৰক]
বৰ্ষ চলচ্চিত্ৰ বঁটা শিতান ফল
২০০৪ ইণ্টেহা ফিল্মফেয়াৰ বঁটা শ্ৰেষ্ঠ নৱাগতা মনোনীত
স্ক্ৰীণ বঁটা শ্ৰেষ্ঠ নৱাগতা মনোনীত
ষ্টাৰ গীল্ড বঁটা শ্ৰেষ্ঠ নৱাগতা মনোনীত
ষ্টাৰ ডাষ্ট বঁটা ছুপাৰষ্টাৰ অৱ টুমুৰ'-মহিলা মনোনীত
শ্ৰেষ্ঠ উল্লেখনীয় অভিনয়-মহিলা মনোনীত
২০০৯ কিডনেপ মনোনীত

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Happy Birthday Vidya Malvade: 10 SIZZLING pics of the Chak De! girl to make your day : Bollywood News - Bollywood Hungama" (en ভাষাত). Bollywood Hungama. 2018-03-02. https://www.bollywoodhungama.com/news/features/happy-birthday-vidya-malvade-10-sizzling-pics-chak-de-girl-make-day/ আহৰণ কৰা হৈছে: 2021-07-16.
  2. "B'day Special: 48 साल की हुईं 'चक दे' गर्ल विद्या मालवडे, फिल्मों में आने से पहले थीं एयर होस्टेस [B'day Special: 'Chak De' girl Vidya Malvade turns 48, was an air hostess before doing films]" (hi ভাষাত). News18 Hindi. 2021-03-02. Archived from the original on 2021-07-16. https://web.archive.org/web/20210716044600/https://hindi.news18.com/news/entertainment/bollywood-chak-de-girl-vidya-malvade-celebrating-her-48th-birthday-today-3492247.html আহৰণ কৰা হৈছে: 2021-07-16.
  3. "These pictures of Vidya Malavade doing yoga are sure to give you fitness goals" (en ভাষাত). Mid-day. https://www.mid-day.com/entertainment/bollywood-news/photo/wow-these-pictures-of-chak-de-girl-vidya-malavade-are-amazing-12881/1.
  4. "Giving Life A Second Chance". https://www.pressreader.com/india/the-asian-age/20121102/283759901308465 আহৰণ কৰা হৈছে: 2023-08-21.
  5. "Inteha tests your patience". www.rediff.com. https://www.rediff.com/movies/2003/oct/24inteha.htm আহৰণ কৰা হৈছে: 2019-12-26.
  6. Webster, Andy (2007-08-11). "Chak De! India - Movies - Review" (en-US ভাষাত). The New York Times. ISSN 0362-4331. https://www.nytimes.com/2007/08/11/movies/11chak.html.
  7. Kumar, Anuj (2015-11-06). "Yaara Silly Silly: Silly indeed!" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/features/metroplus/yaara-silly-silly-silly-indeed/article7850605.ece.
  8. 1 2 "Alliance Air Boeing 737 crashes near Patna". Rediff.com. 2000-07-19. http://www.rediff.com/news/2000/jul/19air5.htm আহৰণ কৰা হৈছে: 2011-06-23.
  9. "There was a time I wanted to die" (en ভাষাত). Free Press Journal. June 2, 2019. https://www.freepressjournal.in/entertainment/there-was-a-time-i-wanted-to-die আহৰণ কৰা হৈছে: 2020-11-26.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]