বিদ্যা শংকৰ
বিদ্যা শংকৰ | |
|---|---|
ৰাষ্ট্ৰপতি প্ৰতিভা পাটিলে বিদ্যা শংকৰক ২০০৭ চনৰ সংগীত নাটক অকাডেমী বঁটা (কৰ্ণাটিক বাদ্যযন্ত্ৰ - বীনা) প্ৰদান কৰিছে | |
| পৃষ্ঠভূমি | |
| জন্ম | ২৮ ডিচেম্বৰ, ১৯১৯[1] মাদ্ৰাচ, মাদ্ৰাচ প্ৰেচিডেঞ্চি, ব্ৰিটিছ ভাৰত (বৰ্তমান তামিলনাডুত) |
| মৃত্যুৰ তাৰিখ | ২৯ জুন, ২০১০ (৯০ বছৰ)[2] মাইলাপুৰ, চেন্নাই, তামিলনাডু |
| সংগীতৰ ধৰণ | কৰ্ণাটকী সংগীত |
বিদ্যা শংকৰ (ইংৰাজী: Vidya Shankar ; ২৮ ডিচেম্বৰ ১৯১৯—২৯ জুন ২০১০) এগৰাকী প্ৰতিষ্ঠিত সংগীতজ্ঞ, শিক্ষাবিদ আৰু বীণা বাদক আছিল।[3] তেওঁ অনুশীলনকাৰী শিল্পীৰ বাবে সৰ্বোচ্চ ভাৰতীয় বঁটা সংগীত নাটক একাডেমী লাভ কৰিছিল।
কৰ্মজীৱন
[সম্পাদনা কৰক]সৰুতে বিদ্যাক ঘৰতে হাইস্কুললৈকে পঢ়োৱা হৈছিল। তেওঁগণিতত দক্ষ আছিল, যিটো তেওঁৰ প্ৰিয় বিষয় আছিল। তেওঁৰ এই ক্ষেত্ৰখনত ডিগ্ৰী লাভ কৰাৰ উদ্দেশ্য আছিল, কিন্তু দেউতাকে তেওঁৰ ইচ্ছাক নস্যাৎ কৰিছিল। দেউতাকে অনুভৱ কৰিছিল যে "কলেজত এজনী ছোৱালীৰ বাবে এয়া অতি কঠিন বিষয়। সেয়েহে তেওঁ বীণাক ইয়াৰ পৰিৱৰ্তে সংগীত ল'বলৈ বাধ্য কৰাইছিল।" শিক্ষক প্ৰশিক্ষণ পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ পিছত তেওঁ অৱশ্যে কলা নিলয়ম, শিশু উদ্যান বিদ্যালয় আৰু পিছলৈ চেন্নাইৰ কলাক্ষেত্ৰ ফাউণ্ডেশ্যনত গণিত শিকাইছিল। পিছলৈ কৰ্ণাটকী সংগীতৰ কেন্দ্ৰীয় মহাবিদ্যালয়ত সংস্কৃত আৰু সংগীত বিজ্ঞানৰ অধ্যাপনা কৰে।[4]
বিদ্যাই নিজৰ প্ৰাৰম্ভিক সংগীত শিক্ষা টি. এচ সবেছা আয়াৰ পৰা লৈছিল। মাদ্ৰাচ সবাপতি আয়াৰ আৰু সংগীতজ্ঞ টি এল ভেংকটৰমণে তেওঁ উচ্চতৰ সংগীত শিক্ষা দিছিল। সংস্কৃত আৰু ইংৰাজী ভাষাত দক্ষতাৰ বাবে তেওঁ কৰ্ণাটকৰ মহান সংগীতজ্ঞ শ্যামা শাস্ত্ৰীৰ ওপৰত অসংখ্য প্ৰবন্ধ আৰু গ্ৰন্থ প্ৰকাশ কৰিছে। ২০০৭ চনত তেওঁক সংগীত নাটক অকাডেমী বঁটা প্ৰদান কৰা হয়।[3]
সন্মান
[সম্পাদনা কৰক]- ২০০৭: বীণা বাদনত (কৰ্ণাটকী সংগীত) সংগীত নাটক একাডেমী বঁটা।হয়।[3]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "TTK Memorial Award". The Journal of the Music Academy (Madras) খণ্ড 70: 40. 1999.
- ↑ "Veena Vidushi passes away". Mylapore Times. 30 June 2010. http://www.mylaporetimes.com/2010/06/veena-vidushi-passes-away/.
- ↑ 3.0 3.1 3.2 Krishnan, Lalithaa (1 July 2010). "Art and science converged here". The Hindu. https://www.thehindu.com/features/friday-review/music/Art-and-science-converged-here/article16181169.ece.
- ↑ "Vainika Vidya Shankar no more". The Hindu. 30 June 2010. https://www.thehindu.com/arts/Vainika-Vidya-Shankar-no-more/article16204888.ece.