সমললৈ যাওক

বিদ্যা সিনহা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বিদ্যা সিনহা

২০১১ চনত বিদ্যা সিনহা
জন্ম ১৫ নৱেম্বৰ, ১৯৪৭
বোম্বে, বোম্বে প্ৰদেশ, ভাৰত
মৃত্যু ১৫ আগষ্ট, ২০১৯ (৭১ বছৰ)
মুম্বাই, মহাৰাষ্ট্ৰ
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ১৯৭৪-১৯৮৬, ২০০০- ২০১৯
দাম্পত্যসঙ্গী * বেংকটেশ্বৰন আয়াৰ
(বি. ১৯৬৮; মৃ. ১৯৯৬)
  • নেতাজী ভীমৰাও চালুংখে
    (বি. ২০০১; বিবি. ২০০৯)
সন্তান


বিদ্যা সিনহা (ইংৰাজী: Vidya Sinha ; ১৫ নৱেম্বৰ ১৯৪৭ – ১৫ আগষ্ট ২০১৯) হিন্দী চলচ্চিত্ৰত অভিনয় কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী আছিল; ৰজনীগন্ধা (১৯৭৪), ছোটী ছি বাত (১৯৭৫) আৰু পতি পত্নী ঔৰ ৱহ (১৯৭৮) ছবিৰ বাবে অধিক পৰিচিত। মিছ বম্বে খিতাপ অৰ্জন কৰা সিনহাই মডেল হিচাপে কেৰিয়াৰ আৰম্ভ কৰিছিল। তেওঁৰ প্ৰথমখন ছবি আছিল কিৰণ কুমাৰৰ বিপৰীতে ৰাজা কাকা (১৯৭৪)। অৱশ্যে তেওঁৰ গুৰু বাসু চেটাৰ্জীৰ পৰিচালনাত নিৰ্মিত কম বাজেটৰ ব্ৰেক-এৱে হিট ছবি ৰজনীগন্ধাৰ (১৯৭৪) জৰিয়তে তেওঁ খ্যাতি আৰ্জিছিল। কেইবাখনো ছবিত অভিনয় কৰাৰ পিছত তেওঁ বিৰতি লয়। জীৱনৰ পিছৰ অংশত অভিনয়লৈ ঘূৰি আহি তেওঁ কেইবাখনো টিভি ধাৰাবাহিক আৰু ছলমান খানৰ ছবি বডিগাৰ্ডত (২০১১) অভিনয় কৰে।

কৰ্মজীৱন

[সম্পাদনা কৰক]

১৮ বছৰ বয়সত তেওঁ সৌন্দৰ্য্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে আৰু মিছ বম্বেৰ খিতাপ পায়। তেওঁক ভাৰতীয় চলচ্চিত্ৰৰ অন্যতম ধুনীয়া আৰু শ্ৰেষ্ঠ অভিনেত্ৰী বুলি গণ্য কৰা হয়।[1] ইয়াৰ পিছত তেওঁ কেইবাটাও জনপ্ৰিয় ব্ৰেণ্ডৰ বাবে মডেলিং কৰিবলৈ আৰম্ভ কৰে।[2] তেওঁৰ প্ৰথম ছবি আছিল কিৰণ কুমাৰৰ সৈতে ৰাজা কাকা (১৯৭৪)।[3] কিন্তু চেটাৰ্জীৰ পৰিচালনাত কম বাজেটৰ ব্ৰেক-এৱে হিট ৰজনীগন্ধা (১৯৭৪) ছবিখনৰ জৰিয়তে তেওঁলৈ খ্যাতি আহিছিল। ব্লকবাষ্টাৰ ছবিৰ কোনো বৈশিষ্ট নথকাকৈও ৰজনীগন্ধাই বক্স অফিচত বৃহৎ সফলতা লাভ কৰে। ইয়াৰ পিছতে আন এখন হিট ছবি ছোটী ছি বাত-এ (১৯৭৫) বৃহৎ বাজেটৰ মূলসুঁতিৰ প্ৰডাকচনত অভিনয় কৰাৰ পথ প্ৰশস্ত কৰে। এনে কেইখনমান ছবি আছিল- ৰাজেশ খান্না আৰু শ্বাবানা আজমীৰ সৈতে কৰ্ম (১৯৭৭), সঞ্জীৱ কুমাৰ আৰু শশী কাপুৰৰ সৈতে মুক্তি (১৯৭৭), বিনোদ খান্নাৰ সৈতে ইনকাৰ (১৯৭৭), সঞ্জীৱ কুমাৰ আৰু ৰঞ্জিতৰ সৈতে , গুলজাৰৰ কিতাব (১৯৭৭), সবুত (১৯৭৯), আৰু মীৰা (১৯৭৯)।[3] বিদ্যাই ১০ বছৰৰ ভিতৰত ৩০খন চিনেমাত অভিনয় কৰিছিল। ৰাজ ছিপ্পিয়ে পৰিচালনা কৰা জোছত (১৯৮১) তেওঁ এটা নেতিবাচক চৰিত্ৰত, ভিক্ষাৰীৰ পৰা মুদ্ৰা চুৰি কৰা গেংষ্টাৰৰ অভিনয় কৰিছিল।[4] সেই বছৰতে তেওঁ ৰাজেন্দ্ৰ কুমাৰ আৰু ডেনিৰ সৈতে অভিনয় কৰা ৰোমান্টিক ছবি লাভ ষ্ট'ৰীত বিজেতা পণ্ডিতৰ মাতৃৰ চৰিত্ৰত অভিনয় কৰিছিল।[5]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]