বিদ্যা ৰাও (কণ্ঠশিল্পী)
| বিদ্যা ৰাও (কণ্ঠশিল্পী) | |
|---|---|
২০১৬ চনত বিদ্যা ৰাও | |
| জন্ম | হায়দৰাবাদ |
| পেচা | কণ্ঠশিল্পী |
| দাম্পত্যসঙ্গী | এহছান হায়দৰী |
| সন্তান | অদিতি ৰাও হায়দৰী |
বিদ্যা ৰাও (ইংৰাজী: Vidya Rao) এগৰাকী ভাৰতীয় হিন্দুস্তানী শাস্ত্ৰীয় গায়ক আৰু সাহিত্যিক। থুমৰি আৰু দাদ্ৰাৰ বাবে তেওঁ জনপ্ৰিয়।[1]প্ৰয়াত নেইনা দেৱীক তেওঁ লিখা গ্ৰন্থখন হৈছে- হাৰ্ট টু হাৰ্ট: ৰিমেম্বৰিং নেইনাজী নামৰ এখন গ্ৰন্থ। তেওঁৰ কন্যা অদিতি ৰাও হাইদৰী এগৰাকী অভিনেত্ৰী।
প্ৰাথমিক জীৱন
[সম্পাদনা কৰক]ৱানাপাৰ্থীত জন্মগ্ৰহণ কৰা বিদ্যা ৰাও হায়দৰাবাদত ডাঙৰ-দীঘল হৈছিল। তেওঁ মাদ্ৰাজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে আৰু পিছলৈ দিল্লী স্কুল অৱ ইকনমিক্সত যোগদান কৰি সমাজবিজ্ঞানত এম.এ. লাভ কৰে৷[2]
কৰ্মজীৱন
[সম্পাদনা কৰক]তেওঁ চেণ্টাৰ ফৰ ৱমেনছ ডেভেলপমেণ্ট ষ্টাডিজৰ সৈতে পাঁচ বছৰ ধৰি গৱেষক হিচাপে কাম কৰিছিল আৰু তাৰ পিছত সংগীতত মনোনিৱেশ কৰিছিল।[2]
তেওঁ ৰহস্যবাদীৰ কবি যেনে, আমিৰ খশ্ৰু, কবীৰ আদিৰ দ্বাৰা প্ৰভাৱিত।.[3]
মণি ৰত্নমৰ ছবি ৰাৱনন (২০১০)ত ঐশ্বৰ্য ৰায়ৰ চৰিত্ৰটোৰ মাতৃ হিচাপে তেওঁ অভিনয়ত আত্মপ্ৰকাশ কৰিবলৈ সাজু হৈছিল। কিন্তু তেওঁৰ দৃশ্যসমূহ ছবিখনৰ চূড়ান্ত সংস্কৰণৰ পৰা কাটি দিয়া হৈছিল।[4]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]তেওঁৰ এহছান হাইদৰীৰ সৈতে বিবাহ হৈছিল।[5] তেওঁলোকৰ এগৰাকী কন্যা টলিউড আৰু বলীউডৰ অভিনেত্ৰী অদিতি ৰাও হাইদৰী।[6]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Kuldeep Kumar. "On a delicate note". The Hindu. http://www.thehindu.com/arts/books/article2683984.ece.
- ↑ 2.0 2.1 Kumar, Kuldeep (8 December 2011). "Glimpses of Naina". The Hindu. http://www.thehindu.com/todays-paper/tp-features/tp-metroplus/glimpses-of-naina/article2696402.ece.
- ↑ Jyoti Nair Belliappa. "Cascade of thumris". The Hindu.
- ↑ "Aditi Rao shines as Delhi 6 sinks - Bollywood Movies - Zimbio". 4 November 2009. http://www.zimbio.com/Bollywood+Movies/articles/25647/Aditi+Rao+shines+Delhi+6+sinks.
- ↑ "Who is Deepika Padukone’s Padmaavat co-star Aditi Rao Hydari, a royal like Saif Ali Khan – and Bollywood’s new favourite?". South China Morning Post. https://www.scmp.com/magazines/style/celebrity/article/3100167/move-over-saif-ali-khan-why-deepika-padukones-padmaavat। আহৰণ কৰা হৈছে: 2024-09-19.
- ↑ Stephen, Rosella (21 July 2017). "Doing desi-boho like Aditi". The Hindu. http://www.thehindu.com/life-and-style/fashion/doing-desi-boho-like-aditi/article19324058.ece.