সমললৈ যাওক

বিধু বিনোদ চোপ্ৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বিধু বিনোদ চোপ্ৰা

২০২৩ চনত চোপ্ৰা
জন্ম ০৫ ছেপ্টেম্বৰ, ১৯৫২ (৭৩ বছৰ)
শ্ৰীনগৰ, জম্মু আৰু কাশ্মীৰ প্ৰিন্সলী ৰাজ্য (বৰ্তমান সময়ত জম্মু আৰু কাশ্মীৰ (union territory)), ভাৰত
পেচা
  • চলচ্চিত্ৰ পৰিচালক
  • প্ৰযোজক
  • চিত্ৰনাট্যকাৰ
  • সম্পাদক
দাম্পত্যসঙ্গী
  • ৰেণু ছালুজা (বি. ১৯৭৬; বিবি. ১৯৮৩)
  • শ্ববনম সুখদেৱ (বি. ১৯৮৫; বিবি. ১৯৮৯)
  • অনুপমা চোপ্ৰা (বি. ১৯৯০)
সন্তান
আত্মীয়-স্বজন
  • ৰামানন্দ সাগৰ (সতীয়া ভাতৃ)
  • কৰ্ণ চন্দ্ৰা (শাহু)
  • বিক্ৰম চন্দ্ৰা (ভিনিয়েক)
  • তনুজা চন্দ্ৰা (খুলশালী)
ৱেবছাইট
vinodchoprafilms.com

বিধু বিনোদ চোপ্ৰা (ইংৰাজী: : Vidhu Vinod Chopra; জন্ম: ৫ ছেপ্টেম্বৰ ১৯৫২) এজন ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক, চিত্ৰনাট্যকাৰ আৰু সম্পাদক। চোপ্ৰাই পাঁচটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু দহটা ফিল্মফেয়াৰ বঁটাকে ধৰি ৰাষ্ট্ৰীয় পৰ্যায়ত বহু প্ৰশংসা লাভ কৰিছে। ক্ৰাইম ড্ৰামা পৰিন্দা (১৯৮৯), দেশপ্ৰেমমূলক ৰোমাণ্টিক ড্ৰামা ১৯৪২: এ লাভ ষ্ট’ৰী (১৯৯৪), একচন ড্ৰামা মিছন কাশ্মীৰ (২০০০) আৰু জীৱনীমূলক চলচ্চিত্ৰ টুৱেলভথ্‌ ফেইল (২০২৩) আদি ছবি পৰিচালনাৰ বাবে তেওঁ পৰিচিত। বিনোদ চোপ্ৰা ফিল্মছৰ বেনাৰত মুন্না ভাই চলচ্চিত্ৰৰ চিৰিজ থ্ৰী ইডিয়টছ (২০০৯), পি কে (২০১৪), আৰু সঞ্জু (২০১৮) প্ৰযোজনা কৰাৰ বাবেও তেওঁক জনা যায়।

প্ৰাথমিক জীৱন

[সম্পাদনা কৰক]

ভাৰতৰ জম্মু-কাশ্মীৰৰ শ্ৰীনগৰৰ এটা পাঞ্জাবী হিন্দু পৰিয়ালত চোপ্ৰাৰ জন্ম হয় আৰু তাতেই তেওঁ ডাঙৰ-দীঘল হয়।[1] তেওঁৰ পিতৃৰ নাম ডি.এন.চোপ্ৰা আৰু প্ৰবীণ চলচ্চিত্ৰ নিৰ্মাতা ৰামানন্দ সাগৰ তেওঁৰ সতীয়া ভাতৃ।[2] তেওঁৰ ভাতৃ বীৰ কে চোপ্ৰা ভাৰতীয় ৰাজনীতিৰ এগৰাকী পণ্ডিত আছিল আৰু প্ৰযোজক হিচাপে কাম কৰিছিল।[3] তেওঁৰ পিতৃ-মাতৃ মূলতঃ ব্ৰিটিছ ভাৰতৰ পেছৱাৰৰ বাসিন্দা আছিল।[4] ১৯৯০ চনত কাশ্মীৰ সংঘাতৰ সময়ত তেওঁৰ মাতৃ শান্তি দেৱী মহালক্ষ্মীয়ে কাশ্মীৰ এৰি গুছি গৈছিল। চোপ্ৰাই তেওঁ দ্বাৰা নিৰ্মিত শিকাৰা চিনেমাখন মাতৃৰ নামত উৎসৰ্গা কৰিছিল।[5] তেওঁ পুনেৰ ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানত চলচ্চিত্ৰ পৰিচালনাৰ পাঠ্যক্ৰম গ্ৰহণ কৰিছিল।

কৰ্ম জীৱন

[সম্পাদনা কৰক]

চোপ্ৰাই ছাত্ৰ অৱস্থাত নিৰ্মাণ কৰা প্ৰথমখন চুটি ছবি মাৰ্ডাৰ এট মাংকি হিল (১৯৭৬)-এ শ্ৰেষ্ঠ চুটি পৰীক্ষামূলক চলচ্চিত্ৰৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু শ্ৰেষ্ঠ ছাত্ৰ চলচ্চিত্ৰৰ বাবে গুৰু দত্ত সোঁৱৰণী বঁটা লাভ কৰে।[6]

ইয়াৰ পিছত চোপ্ৰাৰ ভাৰতৰ নিঃস্ব শিশুসকলৰ দুৰ্দশাৰ ওপৰত আলোকপাত কৰা এখন চুটি তথ্যচিত্ৰ মুক্তি পায়, যাৰ নাম আছিল এন এনকাউণ্টাৰ উইথ ফেচেছ (১৯৭৬)। এই তথ্যচিত্ৰখনৰ বাবে তেওঁ ১৯৭৯ চনত শ্ৰেষ্ঠ তথ্যচিত্ৰৰ চুটি ছবিৰ একাডেমী বঁটাৰ বাবে মনোনীত হয়। ১৯৮০ চনত টাম্পেৰে চলচ্চিত্ৰ মহোৎসৱত এই চুটি তথ্যচিত্ৰখনে গ্ৰেণ্ড প্ৰিক্স লাভ কৰে।[7]

তেওঁৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্য বৈশিষ্ট্যপূৰ্ণ ছবি চজায়ে মৌথ আছিল তেওঁৰ পূৰ্বৰ চুটি ছবি মাৰ্ডাৰ এট মাংকি হিলৰ অভিযোজন। ইয়াত অভিনয় কৰিছিল নাছিৰুদ্দিন শ্বাহ, ৰাধা ছালুজা আৰু দিলীপ ধাৱনে। বনৰাজ ভাটিয়াই ছবিখনৰ সংগীত ৰচনা কৰিছিল।

১৯৮৫ চনত তেওঁ নিজাকৈ প্ৰডাকচন কোম্পানী বিনোদ চোপ্ৰা ফিল্মছ প্ৰতিষ্ঠা কৰে। তেতিয়াৰপৰা কোম্পানীটোৱে বলীউডৰ ডাঙৰ ডাঙৰ ছবি নিৰ্মাণ কৰি আহিছে আৰু বৰ্তমান ই এটা ভাৰতৰ অন্যতম বৃহৎ আৰু সফল চলচ্চিত্ৰ প্ৰডাকচন হাউচ।

চোপ্ৰাই খামৌছ চলচ্চিত্ৰ পৰিচালনা আৰু প্ৰযোজনা কৰিছিল, য’ত শ্বাবানা আজমী, আমোল পালেকাৰ, নাছিৰুদ্দিন শ্বাহ আৰু পংকজ কাপুৰ আদিয়ে বিশিষ্ট চৰিত্ৰত অভিনয় কৰিছিল। কাশ্মীৰত দৃশ্যগ্ৰহণ হোৱা এই উদ্ভাৱনীমূলক মেটা থ্ৰিলাৰখনে সমালোচকৰ প্ৰশংসা লাভ কৰিবলৈ সমৰ্থ হৈছে।

তেওঁৰ পৰৱৰ্তী পৰিচালিত ক্ৰাইম ড্ৰামা পৰিন্দা (১৯৮৯) হিন্দী চিনেমাৰ এক মাইলৰ খুঁটী ৰূপে পৰিগণিত হৈছে। ই অপৰাধ নাটকৰ কক্ষপথ আৰু হিন্দী ছবিত ব্যৱহৃত ছবিৰ শব্দভাণ্ডাৰ সম্প্ৰসাৰিত কৰাৰ লগতে সমালোচকৰ ব্যাপক প্ৰশংসা আৰু অসংখ্য বঁটা লাভ কৰে।

চোপ্ৰাৰ পৰৱৰ্তী ছবি ১৯৪২: এ লাভ ষ্ট’ৰী (১৯৯৪) ব্ৰিটিছ ৰাজৰ অৱনতিৰ সময়ত পৰিৱেশিত এখন দেশপ্ৰেমমূলক ৰোমাণ্টিক ড্ৰামা আছিল। ইয়াত অনিল কাপুৰ আৰু মনীষা কৈৰালাই মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। কিংবদন্তি আৰ ডি বৰ্মনে সংগীত ৰচনা কৰা এইখন আছিল তেখেতৰ শেষ ছবি য’ত বৰ্মনে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ফিল্মফেয়াৰ বঁটা লাভ কৰাৰ লগতে ছবিখনে ৪০সংখ্যক ফিল্মফেয়াৰ বঁটাত মুঠ ৯টা বঁটা লাভ কৰে।

ইয়াৰ পিছত চোপ্ৰাই চলচ্চিত্ৰ নিৰ্মাতা ৰাজকুমাৰ হিৰানীৰ সৈতে মিলি ৫খন ছবি নিৰ্মাণ কৰে: মুন্না ভাই এম বি বি এছ, লগে ৰহো মুন্না ভাই, থ্ৰী ইডিয়টছ, পি কে আৰু সঞ্জু। প্ৰথম ৩খন, যিবোৰ চোপ্ৰায়ো সহযোগী ৰূপে লিখিছিল, প্ৰত্যেক খনেই শ্ৰেষ্ঠ জনপ্ৰিয় ছবি আৰু শ্ৰেষ্ঠ মনোৰঞ্জনৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে, আৰু লগে ৰাহো মুন্না ভায়ে শ্ৰেষ্ঠ চিত্ৰনাট্যৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাও লাভ কৰে। এই সকলোবোৰ ব্যাৱসায়িকভাৱেও অতি সফল হৈছিল, থ্ৰী ইডিয়টছ আৰু পি কে ভাৰত আৰু বিশ্বৰ সৰ্বকালৰ সৰ্বাধিক উপাৰ্জনকাৰী ভাৰতীয় ছবি হিচাপে পৰিগণিত হৈছিল,লগতে পূব এছিয়াৰ বজাৰতো প্ৰৱেশ কৰিছিল।[8]তেওঁ পৰিণীতা, ফেৰাৰী কি সাৱাৰী, ৱাজিৰ আদিও লিখিছিল আৰু প্ৰযোজনা কৰিছিল।

কিন্তু ২০০০ চনৰ পিছত চোপ্ৰাৰ পৰিচালিত পৰৱৰ্তী ছবি ইমান সফল নহ’ল; এইবোৰ ক্ৰমে, ২০০৭ চনত তেওঁৰ ছবি একলব্য: দ্য ৰয়েল গাৰ্ড, ২০১৫ চনত তেওঁৰ নিজা ছবি পৰিন্দাৰ পুনৰ্নিৰ্মাণ ব্ৰকেন হৰ্চেছ,২০২০ চনত কাশ্মীৰী হিন্দুৰ পলায়নৰ ওপৰত মুক্তি পোৱা ৰোমাণ্টিক ড্ৰামা শিকাৰা, আৰু খামৌছ আদি।[9][10]

ইয়াৰ পিছত চোপ্ৰাই ২০২৩ চনত মুক্তি পোৱা বায়’পিক টুৱেলভথ ফেইলৰ জৰিয়তে পুনৰ সফলতালৈ ঘূৰি আহে। উৎকৃষ্ট সমালোচনা আৰু মুখে-মুখে কৰা প্ৰশংসাৰ বাবে ছবিখনে শেষত আৰ্থিক সফলতা লাভ কৰে য’ত ২০ কোটিৰ বাজেটত নিৰ্মিত এই ছবিখনে ৭০ কোটি টকা উপাৰ্জন কৰে।[11]এই ছবিৰ জৰিয়তে তেওঁ শ্ৰেষ্ঠ ছবি, পৰিচালক, চিত্ৰনাট্য, সম্পাদনাকে ধৰি ৫টা ফিল্মফেয়াৰ বঁটা লাভ কৰে।

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

বিধু বিনোদ চোপ্ৰাৰ তিনিবাৰ বিবাহ সম্পন্ন হৈছেিল, তেওঁৰ প্ৰথম পত্নী আছিল বিখ্যাত সম্পাদক ৰেণু ছালুজা (মৃত্যু ১৯৭৬–১৯৮৩), তাৰ পিছত তেওঁৰ বিবাহ হৈছিল ভাৰতীয় চলচ্চিত্ৰ বিভাগৰ তথ্যচিত্ৰৰ সুপৰিচিত পৰিচালক এছ সুখদেৱ (১৯৩৩–১৯৭৯)ৰ কন্যা চলচ্চিত্ৰ নিৰ্মাতা শ্ববনম সুখদেৱৰ (মৃত্যু ১৯৮৫–১৯৮৯) সৈতে। শ্ববনমৰ সৈতে তেওঁৰ সাংসাৰিক জীৱনৰ ঈশা চোপ্ৰা নামৰ এগৰাকী কন্যা আছে, যি নৃত্য প্ৰশিক্ষক আৰু নৃত্য পৰিচালিক হিচাপে কাম কৰি আছে।[12]

ইয়াৰ পিছত তেওঁৰ বিবাহ সম্পন্ন হয় ভাৰতীয় চলচ্চিত্ৰ সমালোচক অনুপমা চোপ্ৰাৰ সৈতে ১৯৯০ চনৰ ১ জুনত।[13] তেওঁলোকৰ দুটা সন্তান আছে, পুত্ৰ অগ্নি আৰু কন্যা জুনি চোপ্ৰা।[14]

ফিল্মগ্ৰাফী

[সম্পাদনা কৰক]

বছৰৰ চলচ্চিত্ৰ ক্ৰেডিট-পৰিচালক, লেখক, প্ৰযোজক হিচাপেঃ

  • ১৯৭৬ চনত মাৰদাৰ এট মাংকি হিল-পৰিচালক,লেখক-ডিপ্লমা ছবি; লগতে অভিনেতা।
  • ১৯৭৮ চনত এন এনকাউন্তাৰ উইথ ফেচেছ-পৰিচালক,-তথ্যচিত্ৰ, অস্কাৰৰ বাবে মনোনীত।
  • ১৯৮১ চনত সাজায়ে মাউত-পৰিচালক, লেখক, প্ৰযোজক।
  • ১৯৮৩ চনত জানে ভি দো ইয়াৰো- প্ৰডাকচন কণ্ট্ৰ'লাৰও অভিনেতা।
  • ১৯৮৬ চনত খামোচ-পৰিচালক, লেখক, প্ৰযোজক।
  • ১৯৮৯ চনত পৰিন্দা-পৰিচালক, লেখক, প্ৰযোজক।
  • ১৯৯৪ চনত ১৯৪২: এ লাভ ষ্ট’ৰী-পৰিচালক, লেখক, প্ৰযোজক।
  • ১৯৯৮ চনত কৰিব-পৰিচালক, লেখক, প্ৰযোজক।
  • ২০০০ চনত মিছন কাশ্মীৰ-পৰিচালক, লেখক, প্ৰযোজক।
  • ২০০৩ চনত মুন্না ভাই MBBS-লেখক,প্ৰযোজক।
  • ২০০৫ চনত পৰিণীতা -লেখক,প্ৰযোজক,তত্ত্বাৱধায়ক সম্পাদক।
  • ২০০৬ চনত লগে ৰাহো মুন্না ভাই লেখক,প্ৰযোজক, সহযোগী লেখক; গীতিকাৰ।
  • ২০০৭ চনত একলব্য: ৰয়েল গাৰ্ড -পৰিচালক, লেখক, প্ৰযোজক।
  • ২০০৯ চনত থ্ৰী ইডিয়টছ -লেখক,প্ৰযোজক, চিত্ৰনাট্য সহযোগী।
  • ২০১২ চনত ফেৰাৰী কি সাৱাৰী-লেখক,প্ৰযোজক।
  • ২০১৪ চনত পি কে -প্ৰযোজক।
  • ২০১৫ চনত ব্ৰকেন হৰচেছ-পৰিচালক, লেখক, প্ৰযোজক। - ইংৰাজী ছবি।
  • ২০১৬ চনত ৱাজিৰ-লেখক,প্ৰযোজক, সম্পাদকও।
  • ২০১৮ চনত সঞ্জু -প্ৰযোজক।
  • ২০১৯ চনত এক লড়কী কৌ দেখা ত’ এছা লগা -প্ৰযোজক।
  • ২০২০ চনত শিকাৰা-পৰিচালক, লেখক, প্ৰযোজক, সহ-লেখক: ৰাহুল পণ্ডিত আৰু অভিজাত যোশী।
  • ২০২৩ চনত টুৱেলভ্থ ফেইল -পৰিচালক, লেখক, প্ৰযোজক, সম্পাদকও; গায়ক, "ৰিষ্টাৰ্ট" আৰু "ৰিষ্টাৰ্ট" (ৰেপ 'এন' ফ'ক)।
  • ২০২৪ চনত জিৰ সে ৰি ইস্তাট্-প্ৰযোজক -তথ্যচিত্ৰ।

টেলিভিছন

[সম্পাদনা কৰক]
  • ১৯৮৪ চনত য়েহ জো হ্যে জিন্দেগী (ডি ডি নেচনেল) অভিনয়ত- নিজেই- খণ্ড ৩২: "ডায়েটিং।"

গ্ৰন্থতালিকা

[সম্পাদনা কৰক]

২০২১চনত-অলিখিত: জীৱন আৰু চিনেমাৰ ওপৰত কথোপকথন- লেখক-অভিজাত যোশী[15]

বঁটা আৰু মনোনয়ন

[সম্পাদনা কৰক]

আই আই এফ এ বঁটা

[সম্পাদনা কৰক]
  • ২০০৭ চনত লগে ৰাহো মুন্না ভাইৰ বাবে বিজয়ী, শ্ৰেষ্ঠ চিত্ৰনাট্য
  • ২০০১: মনোনয়ন, মিছন কাশ্মীৰৰ বাবে শ্ৰেষ্ঠ পৰিচালকৰ বাবে আই আই এফ এ বঁটা
  • ২০১০: বিজয়ী, থ্ৰী ইডিয়টছৰ বাবে শ্ৰেষ্ঠ চিত্ৰনাট্য

ষ্টাৰডাষ্ট বঁটা

[সম্পাদনা কৰক]
  • ২০০৯: বিজয়ী, থ্ৰী ইডিয়টছৰ বাবে ৰিডাৰ্ছ চয়ছ এৱাৰ্ড
  • ২০০৯: বিজয়ী, থ্ৰী ইডিয়টছৰ বাবে বছৰৰ সৰ্বাধিক সফল ছবি

পৰ্দা বঁটা

[সম্পাদনা কৰক]
  • ২০০৬ চনত লগে ৰহৌ মুন্নাভাইৰ বাবে বিজয়ী, শ্ৰেষ্ঠ ছবি
  • ২০০৬: লগে ৰহৌ মুন্না ভাইৰ বাবে মনোনীত, শ্ৰেষ্ঠ চিত্ৰনাট্য
  • ২০০৯: বিজয়ী, শ্ৰেষ্ঠ ছবি, থ্ৰী ইডিয়টছ
  • ২০০৯: বিজয়ী, শ্ৰেষ্ঠ চিত্ৰনাট্য, থ্ৰী ইডিয়টছ

জি চিনে বঁটা

[সম্পাদনা কৰক]
  • ২০০৭ চনত লগে ৰহৌ মুন্না ভাইৰ বাবে বিজয়ী, শ্ৰেষ্ঠ চিত্ৰনাট্য
  • ২০০৫: পৰিণীতাৰ বাবে বিজয়ী, শ্ৰেষ্ঠ সংলাপ
  • ২০০৫ চনত মিছন কাশ্মীৰৰ বাবে বিজয়ী, শ্ৰেষ্ঠ পৰিচালক

টাম্পেৰে আন্তঃৰাষ্ট্ৰীয় চুটি চলচ্চিত্ৰ মহোৎসৱ

[সম্পাদনা কৰক]
  • ১৯৮০: বিজয়ী, গ্ৰেণ্ড প্ৰিক্স ফৰ এন এনকাউণ্টাৰ উইথ ফেচেছ

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. "Vidhu Vinod Chopra recalls troubled time in Kashmir – NDTV Movies". ndtv.com. 6 February 2013. http://movies.ndtv.com/bollywood/vidhu-vinod-chopra-recalls-troubled-time-in-kashmir-327139 আহৰণ কৰা হৈছে: 30 June 2018.
  2. "In Bollywood, everyone's related!". The Times of India. 14 June 2009. http://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/In-Bollywood-everyones-related/articleshow/4654411.cms.
  3. "Obituary: Vir K. Chopra | Ranbir Singh - Mainstream Weekly". mainstreamweekly.net. https://mainstreamweekly.net/article11240.html আহৰণ কৰা হৈছে: 2025-01-12.
  4. "Vidhu Vinod Chopra: I was arrogant, volatile and violent, living with Anu has changed me" (en ভাষাত). 9 April 2015. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/Vidhu-Vinod-Chopra-I-was-arrogant-volatile-and-violent-living-with-Anu-has-changed-me/articleshow/46850792.cms.
  5. "Vidhu Vinod Chopra on Shikara: It is about those who have been refugees in India for over three decades". India Today. January 7, 2020. https://www.indiatoday.in/movies/bollywood/story/vidhu-vinod-chopra-on-shikara-it-is-about-those-who-have-been-refugees-in-india-for-over-three-decades-1634727-2020-01-07.
  6. "Murder at Monkey Hill". Rudraa. http://www.rudraa.com/main/Master_b%26w.htm আহৰণ কৰা হৈছে: 8 October 2009.
  7. "Tampere International Short Film Festival (1980)". IMDb. https://www.imdb.com/event/ev0000641/1980/1/ আহৰণ কৰা হৈছে: 30 June 2018.
  8. "3 Idiots – Lifetime Box Office Collection, Budget, Reviews, Cast, etc" (en-US ভাষাত). BOTY. 4 July 2018. Archived from the original on 2019-07-24. https://web.archive.org/web/20190724121748/https://bestoftheyear.in/movie/3-idiots/ আহৰণ কৰা হৈছে: 2019-07-24.
  9. "Broken Horses". Rotten Tomatoes. https://www.rottentomatoes.com/m/broken_horses/ আহৰণ কৰা হৈছে: 30 June 2018.
  10. "Broken Horses Is An Epic Disaster – Box Office India". boxofficeindia.com. https://boxofficeindia.com/report-details.php?articleid=1206 আহৰণ কৰা হৈছে: 2018-06-29.
  11. "12th Fail Box Office Collection". Bollywood Hungama. 27 October 2023. https://www.bollywoodhungama.com/movie/12th-fail/box-office/#bh-movie-box-office আহৰণ কৰা হৈছে: 8 February 2024.
  12. Watch: A documentary revisits S. Sukhdev's life and career. Scroll.in
  13. "Sleeping with the Enemy" (en ভাষাত). OPEN Magazine. 6 May 2010. http://www.openthemagazine.com/article/art-culture/sleeping-with-the-enemy আহৰণ কৰা হৈছে: 2019-07-23.
  14. "Zuni Chopra, the quirky millennial author, at her candid best" (en ভাষাত). in.com. Archived from the original on 2018-10-19. https://web.archive.org/web/20181019115122/https://www.in.com/news/other/zuni-chopra-the-quirky-millennial-author-at-her-candid-best-228117.htm আহৰণ কৰা হৈছে: 2019-07-23.
  15. "Vidhu Vinod Chopra's New Book 'Unscripted' 2021". 12 January 2021. https://timesofindia.indiatimes.com/life-style/books/features/vidhu-vinod-chopra-talks-about-his-bollywood-journey-in-new-book/articleshow/80228864.cms.