বিনয় ঘোষ
| বিনয় ঘোষ | |
|---|---|
| স্থানীয় নাম | বিনয় ঘোষ |
| জন্ম | ১৪ জুন, ১৯১৭ কলকাতা, বেঙ্গল প্ৰেচিডেন্সি, ব্ৰিটিছ ভাৰত |
| মৃত্যু | ২৪ জুলাই, ১৯৮০ (৬৩ বছৰ) কলকাতা, পশ্চিম বংগ, ভাৰত |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| অন্য নাম | কালপেঁচা |
| পেচা | সমাজবিজ্ঞানী, লেখক, গৱেষক |
| বঁটা, সন্মান, পুৰস্কাৰ আদি | ৰবীন্দ্ৰ পুৰস্কাৰ (১৯৫৯) |
বিনয় ঘোষ (ইংৰাজী: Binoy Ghosh; জন্ম: ১৪ জুন, ১৯১৭ - মৃত্যু: ২৪ জুলাই, ১৯৮০) হ'ল কুৰি শতিকাৰ এগৰাকী বাঙালী সমাজবিজ্ঞানী, সাহিত্য সমালোচক, সাহিত্যিক, লোকসংস্কৃতিৰ সাধক, চিন্তাবিদ আৰু গৱেষক। ইতিহাস আৰু ৰাজনীতি পৰ্যালোচনাত তেওঁ বিশেষ কৃতিত্বৰ অধিকাৰী আছিল। তেওঁৰ লেখাসমূহত ঊনবিংশ শতিকাৰ বংগ আৰু বংগৰ নৱজাগৰণৰ ঐতিহাসিক ব্যাখ্যাই যিদৰে ঠাই পাইছে ঠিক তেনেকৈ "ছোভিয়েট সভ্যতা" আৰু বাংলা সাহিত্যক পুষ্টি প্ৰদান কৰিছে। ইতিহাসৰ আলোকত কলিকতাক এক নতুন ৰূপত তেওঁ ব্যাখ্যা কৰিছে। তাৰ সমান্তৰালকৈ বংগৰ লোকশিল্পৰ সমাজতত্ত্বও তেওঁৰ ৰচনাত সন্নিৱিষ্ট হৈছে। সাংবাদিক হিচাপে তেওঁ ফৰোয়াৰ্ড, সাপ্তাহিক অৰণি, দৈনিক বসুমতী, যুগান্তৰ প্ৰভৃতি কাকতত সাংবাদিকতা কৰিছিল। তেওঁ সদায় দেশৰ প্ৰগতিশীল আন্দোলনৰ লগত জড়িত আছিল।[1][2]
ভাৰতীয় গণনাট্য সংঘ
[সম্পাদনা কৰক]বিনয় ঘোষ ভাৰতীয় গণনাট্য সংঘৰ সক্ৰিয় সদস্য আৰু কৰ্মী আছিল। তেওঁৰ দ্বাৰা ৰচিত নাটক লেবৰেটৰী এসময়ত গণনাট্য সংঘই পৰিৱেশন কৰিছিল। তেওঁ এই সংঘৰ গীতৰ দলৰ নিয়মীয়া শিল্পী আছিল। সেই সময়ত তেওঁ আন্তৰ্জাতিক ৰাজনীতি, সোভিয়েট সভ্যতা ১ম ও ২য় খণ্ড, ফেচিজিম আৰু জনযুদ্ধ, ছোভিয়ে্ট সমাজ আৰু সংস্কৃতি নামৰ কেইবাখনো ৰাজনৈতিক কিতাপ ৰচনা কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ ৰাজনীতিৰ পৰা আঁতৰি আহি গৱেষণামূলক কামত সম্পূৰ্ণৰূপে নিজকে সমৰ্পিত কৰে।[1]
কৰ্মজীৱন
[সম্পাদনা কৰক]৩০৪ নামৰ এখন উপন্যাসো তেওঁ ৰচনা কৰিছিল। ডাষ্টবিন তেওঁৰ চুটিগল্পৰ সংকলন। ১৯৫৭ চনত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ বিদ্যাসাগৰ বক্তৃতামালাৰ প্ৰথম বক্তা আছিল। ১৯৫৮-১৯৬০ চনলৈকে তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ অধীনত ৰকফেলাৰ গৱেষক হিচাপে অধ্যয়ন কৰিছিল। পশ্চিমবঙ্গেৰ সংস্কৃতি (১৯৫৭) নামৰ গ্ৰন্থখনৰ বাবে ১৯৫৯ চনত ৰবীন্দ্ৰ পুৰস্কাৰ লাভ কৰিছিল। মাৰ্ক্সীয় সমাজবিজ্ঞানৰ দৃষ্টিভংগীৰ প্ৰয়োগ তেওঁৰ সকলো গ্ৰন্থৰ এক বিশেষ বৈশিষ্ট্য। তেওঁ চল্লিশখনতকৈও অধিক গ্ৰন্থৰ লেখক। কালপেঁচা তেওঁৰ ছদ্মনাম। তেওঁৰ জন্ম যশোৰৰ গোড়াপাড়া গাঁৱত। পিতৃৰ নাম বিশ্বেশ্বৰ ঘোষ। ১৯৮০ চনৰ ২৫ জুলাইত কলকাতাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।[2]
উল্লেখযোগ্য গ্ৰন্থ
[সম্পাদনা কৰক]- বাংলাৰ সামাজিক ইতিহাসেৰ ধাৰা ১৮০০-১৯০০
- পশ্চিমবঙ্গেৰ সংস্কৃতি (১৯৫৭)
- বিদ্যাসাগৰ ও বাঙালি সমাজ ১৯৫৯
- কলকাতা শহৰেৰ ইতিবৃত্ত
- মেট্ৰোপলিটন মন, মধ্যবিত্ত ও বিদ্ৰোহ
- জনসভাৰ সাহিত্য
- কালপেঁচাৰ নকসা
- নববাবু চৰিত্ৰ
- বাংলাৰ নবজাগৃতি (১৩৫৫)
- বাংলাৰ বিদ্বৎসমাজ
- সাময়িকপত্ৰে বাংলাৰ সমাজচিত্ৰ পাঁচ খণ্ডে
- অটোমেটিক জীবন ও সমাজ (১৯৭৮)
- বাংলাৰ লোকসংস্কৃতি ও সমাজতত্ত্ব (১৯৮৩) প্ৰভৃতি।[1][2]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 সুবোধ সেনগুপ্ত ও অঞ্জলি বসু সম্পাদিত, সংসদ বাঙালি চৰিতাভিধান, প্ৰথম খণ্ড, সাহিত্য সংসদ, কলকাতা, নভেম্বৰ ২০১৩, পৃষ্ঠা ৪৭২-৭৩।
- ↑ 2.0 2.1 2.2 সেলিনা হোসেন ও নুৰুল ইসলাম সম্পাদিত; বাংলা একাডেমী চৰিতাভিধান; বাংলা একাডেমী, ঢাকা; ফেব্ৰুয়াৰি, ১৯৯৭; পৃষ্ঠা- ২৪৮-৪৯