বিনা বাছনেট
বিনা বাছনেট | |
|---|---|
| সমষ্টি | উচ্চ তাডং |
| HSP ৰ সভাপতি। | |
| কাৰ্যকাল ২৪ জানুৱাৰী ২০১৯ – ২০ ছেপ্টেম্বৰ ২০২২ | |
| উত্তৰসূৰী | ভাইচুং ভুটিয়া |
| ব্যক্তিগত তথ্য | |
| জন্ম | বিনা বাছনেট ১৯৮৪ বা ১৯৮৫ |
| ৰাজনৈতিক দল | এইচএছপি |
| বাসস্থান | ৰাণীপুল, চিকিম। |
| জীৱিকা | ডাক্তৰ |
বিনা বাছনেট ইংৰাজী: : Bina Basnett; ছিকিমৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু হামৰো ছিকিম পাৰ্টি (এইচ এছ পি)ৰ সভানেত্ৰী।
ৰাজনৈতিক জীৱন
[সম্পাদনা কৰক]বিনা বাছনেটে ২০০৩ চনত গেংটক দেওৰালি গাৰ্লছ এছ এছ এছৰ পৰা স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰে, তেওঁ এছ এম আই এম এছ টাডং (চি আৰ এইচ)ৰ পৰা এম বি বি এছ পাঠ্যক্ৰমত যোগদান কৰে। ২০০৯ চনত এম বি বি এছ সম্পূৰ্ণ কৰাৰ পিছত ২০১৩ চনত এছ এম আই এম এছ (Sikkim Manipal University of Health, Medical and Technological Sciences) গেংটকত চিকিৎসা বিজ্ঞানৰ ডাক্তৰ ডিগ্ৰী লাভ কৰে আৰু পিছলৈ লেডী হাৰ্ডিং মেডিকেল কলেজ নতুন দিল্লীত প্ৰবক্তা হিচাপে কাৰ্য্য নিৰ্বাহ কৰে।[2]
২০১৮ চনৰ ৩১ মে’ত বিনা বাছনেটে ভাইচুং ভুটিয়াৰ নেতৃত্বত গঠিত হামৰো ছিকিম পাৰ্টিত যোগদান কৰে। এইচ এছ পিৰ উন্মোচনী অনুষ্ঠানত তেওঁ এইচ এছ পিৰ ৯ গৰাকী উপ-সভাপতিৰ ভিতৰত অন্যতম হিচাপে নিৰ্বাচিত হয়।[3]
উন্মোচনী অনুষ্ঠানৰ পিছত প্ৰায় ৮ মাহ ধৰি এইচ এছ পিৰ সভাপতিক খালী কৰি ৰখা হৈছিল। ২০১৯ চনৰ ২৪ জানুৱাৰীত উপ-সভাপতি বিনা বেছনেটক এইচ এছ পিৰ ১ম সভানেত্ৰী হিচাপে মনোনীত কৰা হয়।[2] ২০১৯ চনৰ ছিকিম বিধানসভাৰ নিৰ্বাচনত উচ্চ তাডংৰ পৰা এইচ এছ পিৰ প্ৰাৰ্থী হিচাপে থিয় দিছিল যদিও পৰাস্ত হৈছিল আৰু মাত্ৰ ১.৬৩% ভোট লাভ কৰিছিল।
২০২২ চনৰ ২০ ছেপ্টেম্বৰত ভাইচুং ভুটিয়াক দলৰ নেতা আৰু সদস্যসকলে সৰ্বসন্মতিক্ৰমে এইচ এছ পিৰ নতুন সভাপতি হিচাপে নিৰ্বাচিত কৰে। বিনা বেছনেটে নিজৰ কাৰ্যকাল সম্পূৰ্ণ কৰে।[4]
নিৰ্বাচনী অভিলেখ ২০১৯ চনত, ছিকিম বিধানসভাৰ নিৰ্বাচনত, আপাৰ টাডং সমষ্টি পৰা এইচ এছ পি ৰাজনৈতিক দলৰ প্ৰাৰ্থী হিচাপে থিয় দি পৰাজিত হয়।[5]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "myneta.info National Election Watch". Association for Democratic Reforms (ADR). 2019. http://myneta.info/sikkim2019/candidate.php?candidate_id=4601। আহৰণ কৰা হৈছে: 19 November 2019.
- ↑ 2.0 2.1 "Dr. Bina Basnett elected as President of HSP Party". The Voice of Sikkim. 24 January 2019. https://voiceofsikkim.com/2019/01/24/dr-bina-basnett-elected-as-president-of-hsp-party/.
- ↑ "Hamro Sikkim Party launched at Daramdin". Sikkim Express. 1 June 2018. http://www.sikkimexpress.com/NewsDetails?ContentID=10647.
- ↑ "Footballer Bhaichung Bhutia becomes new president of Hamro Sikkim Party". Business Standard. 20 September 2022. https://www.business-standard.com/article/politics/footballer-bhaichung-bhutia-becomes-new-president-of-hamro-sikkim-party-122092000423_1.html.
- ↑ "Upper Tadong Election Result 2019 LIVE COUNTING". Firstpost. 27 May 2019. https://www.firstpost.com/sikkim-assembly-elections/upper-tadong-election-results-2019-s21a025.