সমললৈ যাওক

বিনোদ ৰাথোৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বিনোদ ৰাথোৰ
পৃষ্ঠভূমি
জন্ম ১২ ছেপ্টেম্বৰ, ১৯৬২ (৬৩ বছৰ)[1]
মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত
পিতৃ-মাতৃ চতুৰ্ভুজ ৰাথোৰ (পিতৃ)
সংগীতৰ ধৰণ নেপথ্য কণ্ঠশিল্পী
পেচা কণ্ঠশিল্পী
সক্ৰিয়তাৰ বছৰ ১৯৮৭–বৰ্তমান
ৱেবছাইট vinodrathod.co.in

বিনোদ ৰাথোৰ (ইংৰাজী: Vinod Rathod; জন্ম: ১২ চেপ্তেম্বৰ ১৯৬২) এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী[2] যিয়ে মূলতঃ হিন্দী চলচ্চিত্ৰত গীত গায়।[3] তেওঁ আছিল শাস্ত্ৰীয় সংগীতজ্ঞ পণ্ডিত চতুৰ্ভুজ ৰাথোৰৰ পুত্ৰ।[4]

জন্ম পৰিচয়

[সম্পাদনা কৰক]

১৯৬২ চনৰ ১২ চেপ্তেম্বৰত মুম্বাই, মহাৰাষ্ট্ৰত বিনোদ ৰাথোৰৰ জন্ম হয়। তেওঁৰ পিতৃ আছিল শাস্ত্ৰীয় সংগীতজ্ঞ পণ্ডিত চতুৰ্ভুজ ৰাথোৰ। তেওঁৰ সৰুৰে পৰা সংগীতৰ প্ৰতি ধাউতি থকা দেখি তেওঁৰ পিতৃ চতুৰ্ভুজ ৰাথোৰে তেওঁক সংগীতৰ শিক্ষা প্ৰদান কৰিছিল। তেওঁৰ দুই ভাতৃ ৰূপ কুমাৰ ৰাথোৰ আৰু শ্ৰাৱণ ৰাথোৰ সংগীত পৰিচালক আৰু সংগীতজ্ঞ।

সংগীত কৰ্মজীৱন

[সম্পাদনা কৰক]

ঊষা খান্নাই ৰাথোৰৰ এখন কেছেটৰ গীত শুনি আপ্লুত হৈ ১৯৮৬ চনৰ এপ্ৰিলত “দো য়াৰ”ৰ বাবে “মেৰে দিল মে হে আন্ধেৰা, কোই শাম্মা তো জলা দে” নামৰ কাৱালী গীতটো সহঃশিল্পী মোহম্মদ আজীজৰ সৈতে গাবলৈ দিয়ে আৰু এনেদৰে তেওঁ সংগীত কৰ্মজীৱনৰ পাতনি মেলে। বিনোদে সুৰকাৰ অজয় স্বামী আৰু সুৰিন্দৰ কোহলীৰ বাবেও গীত গাইছিল। তেওঁৰ টিভি ধাৰাবাহিক আকাশ গংগাৰ “য়ে জীৱন হে আকাশ গংগা” শীৰ্ষক গীতটো দৰ্শকৰ মাজত যথেষ্ট সফল প্ৰমাণিত হৈছিল।

তেওঁ ডাঙৰ চলচ্চিত্ৰ লীগত প্ৰৱেশ কৰিছিল যেতিয়া সুৰকাৰ শিৱ-হৰিয়ে তেওঁক লতা মংগেশকাৰ আৰু সুৰেশ ৱাডকৰৰ সৈতে “বাদাল পে চলকে আ” ৰ বাবে ৰেকৰ্ড কৰিবলৈ মাতিছিল; যি জনপ্ৰিয় বুলি প্ৰমাণিত হৈছিল আৰু ১৯৮৮ চনত য়শ চোপ্ৰাৰ “বিজয়”ত লতা মংগেশকাৰৰ সৈতে গোৱা “জিন্দেগী হৰ জনম প্যাৰ কি দাস্তা”ই তাৰ বৃহৎ সফলতাৰ প্ৰমাণ। বিনোদে “মাল্টি ষ্টাৰাৰ” চলচ্চিত্ৰত ঋষি কাপুৰৰ হৈ কণ্ঠ নিগৰায়। তাৰ পিছত তেওঁ ১৯৮৯ চনত “চান্দনী”ত পুনৰ ঋষি-যশ-শিৱ-হৰিৰ বাবে গান গাইছিল। আশা ভোঁচলেৰ সৈতে “পৰবত চে কালি ঘাটা টাকৰাই” আৰু লতা মংগেশকাৰৰ সৈতে “শেহৰোন মে এক শেহৰ চুনা” শীৰ্ষক গীতটোৱে তাৰ হিট প্ৰমাণিত হৈছিল।

অৱশ্যে, ১৯৯২ চনত তেওঁ প্ৰকৃত বিৰতি পাইছিল যেতিয়া লক্ষ্মীকান্ত-প্যাৰেলাললে তেওঁক “ৰোমিঅ নাম মেৰা”ৰ “ৰূপ কী ৰাণী চোৰো কা ৰাজা”ৰ বাবে অফাৰ কৰিছিল। এইটো ১৯৯২ চনৰ আটাইতকৈ বেছি জনপ্ৰিয় হিচাপে প্ৰমাণিত হৈছিল। লক্ষ্মীকান্ত-প্যাৰেলালে তেওঁক অধিক চলচ্চিত্ৰৰ বাবে সোনকালে মাতিছিল, যি বিনোদৰ ওপৰত আস্থা ৰাখিছিল তাৰ ভিতৰত আছিল অনু মালিক, বাপ্পী লাহিৰী আৰু আনন্দ-মিলিন্দৰ দৰে সুৰকাৰসকল। ভাগ্যৰ দৰে, নাদিম-শ্ৰাৱণ (শ্ৰাৱণ বিনোদৰ ডাঙৰ ভাই) জনপ্ৰিয়তাৰ শিখৰত আছিল, নাদিমে কুমাৰ চানুৰ পক্ষ লৈছিল যদিও তেওঁ বিনোদ ৰাথোৰক “দিৱানা”ত শ্বাহৰুখ খানৰ চৰিত্ৰৰ হৈ গীতত কণ্ঠদান কৰিবলৈ দিছিল। অলকা য়াগনিকৰ সৈতে “এইসী দিৱানেগী” আৰু “কোই না কোই চাহিয়ে প্যাৰ কৰনে ৱালা” জনপ্ৰিয় প্ৰমাণিত হৈছিল। ছবিখন ১৯৯২ চনত মুক্তিলাভো কৰিছিল।

১৯৯৩ চনত ৰাথোৰ খুব ব্যস্ত হৈ পৰে। লক্ষ্মীকান্ত-প্যাৰেলাললে তেওঁক বেদাৰ্ডী, দিলবাৰ আৰু আন বহুতো চলচ্চিত্ৰৰ বাবে উৎকৃষ্ট গীত দিয়ে লগতে তেওঁ সিদ্ধান্ত লয় যে তেওঁ আৰ কে ফিল্মছৰ প্ৰেম গ্ৰন্থৰ বাবে ঋষি কাপুৰৰ হৈ ৰাথোৰে কণ্ঠ নিগৰাব। তেওঁৰ সৈতে তেওঁলোকৰ জনপ্ৰিয় গীতবোৰৰ ভিতৰত আছিল গুমৰাহ চলচ্চিত্ৰৰ “জব চে মে জাৰা চা বদনাম হো গয়া” আৰু খালনায়ক চলচ্চিত্ৰৰ “নায়ক নেহী খলনায়ক হু মে”। অনু মালিকে ১৯৯৩-৯৪ চনৰ শেষৰ ফালে নাদিম-শ্ৰাৱণক আঁতৰাই “এ মেৰে হমচফৰ”, “কিতাবেইন বহুত চি”, “সমঝকাৰ চান্দ জিস্কো” আৰু “চুপানা ভী নেহী আতা” – বাজিগৰৰ দৰে বহুতো চলচ্চিত্ৰত গীত গোৱায়। ইয়াৰ পিছত লাডলা, ইলান, অগ্নিসাক্ষী, মোহাব্বাত কী আৰজু, চাহুংগা মে তুঝে, গমব্লাৰ, পৰমপৰা, দ্য জেণ্টেলমেন, জমানা দিৱানা, শ্ৰীমান আশিক, মাইদান-এ-জং, পুলিচৱালা গুণ্ডা, হম সৱ চোৰ হে, চাহাত, বাস্তৱ আৰু ত্ৰিমূৰ্তি “য়ে দুনিয়া ভেৰি গুড ভেৰি গুড” আৰু প্ৰেম গ্ৰন্থৰ “দিল দেনে কি ৰুথ আয়ী”। আনন্দ-মিলিন্দে তেওঁক গোবিন্দাৰ চৰিত্ৰৰ হৈ ৰাজা বাবু, ৰাজাজী, হিৰো নং ১, দুলহে ৰাজা আখীয়োসে গুলি মাৰে আৰু বেনাৰসী বাবু আদি চলচ্চিত্ৰত কণ্ঠদান কৰিবলৈ দিয়ে। তেওঁ ১৯৯৬ চনত শ্বাহৰুখ খানৰ বাবে আৰ্মি চলচ্চিত্ৰৰ “মে তু হু পাগল মুণ্ডা” শীৰ্ষক জনপ্ৰিয় গীতটো গাইছিল।

জি টেলিফিল্মৰ “শ্ৰীমতী” বিনোদৰ এক প্ৰকাৰৰ বিজয় আছিল, য'ত তেওঁ "আশিক কি হে বাৰাট" গীতটো গায়। তেওঁৰ অন্যান্য জনপ্ৰিয় চলচ্চিত্ৰসমূহৰ ভিতৰত আছে দিৱানা মস্তানা, আৰ্মি, হিৰো নং ১ আৰু দুলহে ৰাজা, তেৰে মেৰে সপনে আৰু তেওঁৰ শেহতীয়া চাৰ্টবাষ্টাৰ, হম দিল দে সুকে সনমৰ “ধোলি তাৰো ঢোল বাজে”, দেৱদাসৰ “চলক চলক”, মুন্না ভাই এমবিবিএছৰ “এম বোলে টো” যি ১৯৯৯ চনৰ পিছত তেওঁৰ কেৰিয়াৰক এক নতুন সূচনা প্ৰদান কৰিছে। চল মেৰে ভাইৰ গীতবোৰো তেওঁৰ জনপ্ৰিয় প্ৰমাণিত হৈছে।

চাজন চলে সচুৰালৰ “মে হু নম্বৰ এক গাৱাইয়া”য়ে তেওঁৰ শাস্ত্ৰীয় উৎকৰ্ষ প্ৰমাণ কৰিছিল। যিটো তেওঁ তেওঁৰ দেউতাকৰ পৰা আয়ত্ত কৰিছিল।

কেৱল প্ৰডাকচন হাউচৰ এক বিশাল তালিকাই নহয়, বিনোদে বিভিন্ন ভাষাত ৩৫০০ৰো অধিক গীত গাইছে। যেনে- হিন্দী, নেপালী, ইংৰাজী, গুজৰাটী, মাৰাঠী, সিন্ধি, পাঞ্জাৱী, বঙালী, ওড়িয়া, তামিল, কন্নড়, তেলেগু, ৰাজস্থানী, ভোজপুৰী আৰু পাৰ্চী ভাষাত।

বিনোদ ৰাথোৰে ১৯৯৩ চনত দিৱানা চলচ্চিত্ৰৰ “এইসী দিৱানেগী” আৰু ১৯৯৪ চনত খলনায়ক চলচ্চিত্ৰৰ “নায়ক নেহী খলনায়ক হু মে” শীৰ্ষক গীতৰ বাবে ফিল্মফেয়াৰ এৱাৰ্ড ফৰ বেষ্ট মেল প্লেবেক চিংগাৰ (Filmfare Award for Best Male Playback Singer) লৈ মনোনয়ন লাভ কৰিছিল।

ডিস্কোগ্ৰাফী

[সম্পাদনা কৰক]
চনচলচ্চিত্ৰগীতৰ ফাঁকিসংগীত পৰিচালকসহকাৰী কণ্ঠশিল্পীভাষা
১৯৮৬বেদাগ"মেৰে দিল মে হে আন্ধেৰা"ঊষা খান্নামোহম্মদ আজীজহিন্দী
১৯৮৮বিজয়"জিন্দাগী হৰ জনম"শিৱ-হৰিসুৰেশ ৱাডকৰ, লতা মংগেশকাৰহিন্দী
১৯৮৯চান্দিনী"মেহবুবা"
"পৰবত সে কালি"
শিৱ-হৰিলতা মংগেশকাৰ
আশা ভোঁচলে
হিন্দী
১৯৯২দিৱানা"এইসী দিৱানেগী"
"কই না কই চাহিয়ে"
নাদিম-শ্ৰাৱণঅলকা য়াগনিক
একক
হিন্দী
১৯৯৩দাৰ"অংগ সে অংগ লগানা"শিৱ-হৰিঅলকা য়াগনিক, সুদেশ ভোঁচলেহিন্দী
গুমৰাহ"ৰাম কসম মেৰা বড়া নাম হো গয়া"লক্ষ্মীকান্ত-প্যাৰেলালএককহিন্দী
শ্ৰীমান আশিক"লড়কী লড়কী"নাদিম-শ্ৰাৱণসুদেশ ভোঁচলেহিন্দী
বাজিগাৰ"কিতাবে বহত সী"
"চুপানা ভী নেহী আতা"
"সমজ কৰ চান্দ জীস কো"
"এই মেৰা হমচফৰ"
অনু মালিকআশা ভোঁচলে
একক
অলকা য়াগনিক
অলকা য়াগনিক
হিন্দী
খলনায়ক"নায়ক নেহী খলনায়ক হু মে"
"চৰী কে পিসে ক্যা হে (পুৰুষ)"
লক্ষ্মীকান্ত-প্যাৰেলালকবিতা কৃষ্ণমূৰ্তি
একক
হিন্দী
১৯৯৪আনোখা আন্দাজ (Anokha Andaaz)"আপ সে পহলে না আপ কে বাদ"নাদিম-শ্ৰাৱণঅলকা য়াগনিকহিন্দী
ইমতিহান"এক য়াদ কে চাহাৰে"অনু মালিকএককহিন্দী
লাডলা"মে ৰাজু দিৱানা"আনন্দ-মিলিন্দএককহিন্দী
ইলান"পহলে মেৰে আখো মে"শ্যাম-সুৰেন্দৰসাধনা স্বৰগমহিন্দী
দ্য জেণ্টেলমেন"হম আপকে ঘাম কো"
"আশিকী মে হাড সে"
অনু মালিক
এ. আৰ. ৰহমান
সাধনা স্বৰগম
সাধনা স্বৰগম
হিন্দী
১৯৯৫ত্ৰিমূৰ্তি"ভেৰি গুড ভেৰি বেড"
"মুঝে প্যাৰ কাৰো"
"মাতা মাতা"
লক্ষ্মীকান্ত-প্যাৰেলালউদিত নাৰায়ণ
মনোহৰ উদাস, অলকা য়াগনিক
কবিতা কৃষ্ণমূৰ্তি
হিন্দী
জমানা দিৱানা"জমানা দিৱানা হো গয়া"
"চস লিয়া মেইনে এয়ে মেৰে দিলবা"
"ৰোক সাকে তো ৰোক"
নাদিম-শ্ৰাৱণস্বপ্না মুখাৰ্জী
অলকা য়াগনিক
একক
হিন্দী
পুলিচৱালা গুণ্ডা"দুনিয়া কে মেলা"বাপ্পী লাহিৰীএককহিন্দী
মাইদান-এ-জং"লো ফাগুন ঋতু আ গায়ে"বাপ্পী লাহিৰীউদিত নাৰায়ণ, সাধনা স্বৰগমহিন্দী
হম সৱ চোৰ হে"মেৰী বিৱি লাখো"বাপ্পী লাহিৰীঅলকা য়াগনিকহিন্দী
১৯৯৬চাজান চালে সাসুৰাল"মে হু নং ১ গাৱাইয়া"নাদিম-শ্ৰাৱণকুনাল গাঞ্জাৱালা, মিশ্ৰা, সত্যনাৰায়ণহিন্দী
দিৱানা মাস্তানা"য়ে গয়া ৱো গয়া"
"তেৰে বিনা দিল লগতা নেহী"
"হেড য়া টেইল"
লক্ষ্মীকান্ত-প্যাৰেলালঅলকা য়াগনিক
উদিত নাৰায়ণ , অলকা য়াগনিক
উদিত নাৰায়ণ, কবিতা কৃষ্ণমূৰ্তি
হিন্দী
তেৰে মেৰে সপনে"তেৰে মেৰে সপনে"বিজু সাহউদিত নাৰায়ণ, হেমা চাৰদেশাইহিন্দী
আৰ্মী"মে তো হু পাগাল মুণ্ডা"
"দে তালী"
"হো গয়া তাইয়াৰ হমাৰী আৰ্মী"
আনন্দ-মিলিন্দঅলকা য়াগনিক
অভিজিৎ, জুলী মুখাৰ্জী, অলকা য়াগনিক
অভিজিৎ, জুলী মুখাৰ্জী, অলকা য়াগনিক
হিন্দী
জীৎ"য়াৰা অ য়াৰা"
"য়াৰা অ য়াৰা (Sad)"
নাদিম-শ্ৰাৱণঅলকা য়াগনিক
একক
হিন্দী
প্ৰেম গ্ৰন্থ"জংগল মে সেৰ"
"দিল দেনে কি ৰু্থ"
"ইস দুনিয়া মে প্ৰেম গ্ৰন্থ"
"তেৰী কসম মে হু"
লক্ষ্মীকান্ত-প্যাৰেলালঅলকা য়াগনিক
অলকা য়াগনিক
অলকা য়াগনিক
একক
হিন্দী
চাহাত"চাহাত না হোতী"
"তুমনে দিখাই এইসা সপনে"
অনু মালিকঅলকা য়াগনিক
একক
হিন্দী
১৯৯৭হিৰো নং ১"মেইনে পাইডাল সে জা ৰহা থা"
"তুম হম পে মাৰতে হো"
আনন্দ-মিলিন্দপুৰ্ণিমা
সাধনা স্বৰগম
হিন্দী
১৯৯৭ মোহাব্বাত "আইনা বাতা কেইসে" নাদিম-শ্ৰাৱণ চনু নিগম হিন্দী
১৯৯৭ বিৰাসাত "সুন মৌসি সুন মৌসি" অনু মালিক একক হিন্দী
১৯৯৮দুলহে ৰাজা"দুলহান ৰো জায়েগী (দুলহে ৰাজা)"
"কাহা ৰাজা ভোজ"
"ক্যা লাগতী হে হে ৰাব্বা"
আনন্দ-মিলিন্দঅনুৰাধা পড়োৱাল
চনু নিগম
একক
হিন্দী
কুদ্ৰাট"ইস্ক ভালা ক্যা হে"ৰাজেশ ৰোশনঅলকা য়াগনিকহিন্দী
চীনা গেট"চাম্মা চাম্মা"অনু মালিকঅলকা য়াগনিক, শংকৰ মহাদেবানহিন্দী
১৯৯৯হম দিল দে সুকে সনম"দোলি তাৰৰো ঢোল বাজে"ইচমাইল দৰৱাৰকবিতা কৃষ্ণমূৰ্তি, কৰ্ষণ সাগাঠিয়া (Karsan Sagathia)হিন্দী
বাস্তৱ দ্য ৰিয়েলিটী"হৰ তৰফ হে য়েহ চোৰ"যতীন-ললিতঅতুল কালেহিন্দী
২০০০চল মেৰে ভাই"আজ কাল কি লাড়কীয়া"
"মেৰে বাপ কে বেটী"
আনন্দ-মিলিন্দচনু নিগম, পুৰ্ণিমা, Vaijanti
অভিজিৎ
হিন্দী
হমাৰা দিল আপকে পাচ হে"ক্যা মেইনে আজ সুনা"সঞ্জীৱ দৰ্শনকবিতা কৃষ্ণমূৰ্তিহিন্দী
মিশ্যন কাস্মীৰ"মাফ কৰো"এহসান নূৰাণীঅনুৰাধা পড়োৱালহিন্দী
কাউফ"হায়ে হায়ে য়ে হাৱা"অনু মালিকঅনুৰাধা পড়োৱালহিন্দী
বিচূ"প্যাৰ তু দিল তু"আনন্দ ৰাজ আনন্দঅলকা য়াগনিকহিন্দী
২০০১ষ্টাইল"ষ্টাইল মে ৰেহনে কা"সঞ্জীৱ দৰ্শনচনু নিগমহিন্দী
২০০২দেৱদাস"চালাক চালাক"ইচমাইল দৰৱাৰউদিত নাৰায়ণ, শ্ৰেয়া ঘোষালহিন্দী
দেশ দেৱী"দাৱে পাৱ সে ৱো"ইচমাইল দৰৱাৰen:Parthiv Gohilপাৰ্থীৱ গোহীল, স্নেহা পাণ্ট (Sneha Pant)হিন্দী
আখিয়ো সে গুলি মাৰে"দেহৰৰাদুন কা চুনা লগায়া"
"লড়কা মুড মুড কে মাৰে"
"তুমকো লগাকে নাচলো"
দাবু মালিক
আনন্দ-মিলিন্দ
দিলীপ সেন-সমীৰ সেন (Dilip Sen-Sameer Sen)
সুনিধী চৌহান
অলকা য়াগনিক
চনু নিগম, সঞ্জীৱনী
হিন্দী
অনৰ্থ"দিল হে দিৱানা"আনন্দ ৰাজ আনন্দপমিলা জৈন (Pamela Jain)হিন্দী
চোৰ মাচায়ে চোৰ"কাণ কে নিসে"
"তুম টাটা হো য়া বিৰলা"
অনু মালিকঅনুৰাধা শ্ৰীৰাম
অনুৰাধা শ্ৰীৰাম (Anuradha Sriram)
হিন্দী
ৰোড"ৰাস্তে ৰাস্তে"সন্দেশ সান্ধিল্যাসুনিধী চৌহানহিন্দী
প্যাৰ দিৱানা হোতা হে"তেৰী আখে বোল্টী"উত্তম সিংঅলকা য়াগনিকহিন্দী
হম কিসিসে কম নেহী"ক্যা কেহনা"
"মে সহনী তু মহিৱাল"
অনু মালিকউদিত নাৰায়ণ
অনুৰাধা পড়োৱাল, চনু নিগম
হিন্দী
মাসীহা"আয়া মাজা না য়াৰ"আনন্দ ৰাজ আনন্দএককহিন্দী
২০০৩মুন্না ভাই এমবিবিএচ"চান চান"
"এম বোলে তো (M Bole To)"
অনু মালিকশ্ৰেয়া ঘোষাল
সঞ্জয় দত্ত, প্ৰাচী, প্ৰিয়া মায়েকৰ
হিন্দী
বোৰদাৰ হিন্দুস্থান কা"য়াদ আতী হে"দিলীপ-হৰি কিষান (Dilip-Hari Kishen)কুমাৰ চানু, উদিত নাৰায়ণহিন্দী
পাৰৱানা"দুনিয়া মে আয়ে হো"
"দেৱা হো দেৱা"
সঞ্জীৱ দৰ্শনএকক
ফাৰিদ সাব্ৰী (Farid Sabri)
হিন্দী
প্ৰাণ জায়ে পাৰ চান না জায়ে"হম তেৰে সনম"দাবু মালিকএককহিন্দী
গুৰু"ভদ্ৰ ফাল্গুন চৈত্ৰ আষাৰ স্ৰাৱণ"বাবুল বসুএককবঙালী
২০০৪উফ ক্যা যাদু মোহাব্বত হে (Uuf Kya Jaadoo Mohabbat Hai)"জগমুগ"কে. এচ. চিত্ৰাহিন্দী
ইস্ক হে তুমসে"ইস্ক হে জীন্দাগী"হিমেশ ৰেশমিয়াঅলকা য়াগনিক, উদিত নাৰায়ণহিন্দী
শিকাৰ"অ জীয়া ক্যা কিয়া"আনন্দ ৰাজ আনন্দউদিত নাৰায়ণ, আনন্দ ৰাজ আনন্দ, সুনিধী চৌহানহিন্দী
পুলিচ ফোৰ্চ"মাইনা কুঁৱাৰী"
"ভোলি ভালি সুৰাত সে"
"মাইনা কুঁৱাৰী - ২"
আনন্দ-মিলিন্দপুৰ্ণিমা
একক
পুৰ্ণিমা
হিন্দী
২০০৫পণ্ডিত... এক যোদ্ধা (Pandit... Ek Yodha)এচ. এ. ৰাজকুমাৰহিন্দী
বিসফুঠ (Vissfoth)ঋতুৰাজহিন্দী
২০০৬মেৰী মজবুৰী..."মেৰী মজবুৰী"বাপ্পী লাহিৰীহিন্দী
লাগে ৰাহো মুন্না ভাই"লাগে ৰাহো মুন্না ভাই"
"সামজো হো হী গয়া"
শান্তনু মৌত্ৰাএকক
সঞ্জয় দত্ত, আৰ্শদ ৱাৰসী
হিন্দী
জীন্দা"য়ে হে মেৰী কাহানী"একক
সঞ্জয় দত্ত
হিন্দী
২০০৭আগ"ৰুক যা"
"সা ৰহা"
"জী লে"
"দাম"
আমাৰ মোহিলে
নিথিন ৰাইকোঁৱৰ
প্ৰশান্ত শেখৰ
আমাৰ মোহিলে
সুনিধী চৌহান
শ্বেতা পণ্ডিত
ফাৰহাদ ভিৱান্দিৱালা (Farhaad Bhiwandiwala)
একক
হিন্দী
ট্ৰাফিক চিগনেল"চিগনেল পে"সমীৰ তান্দোনবাবা চেহগাল, নবীন প্ৰভাকৰ, নিৰাজ পণ্ডিত, ৰাজ পণ্ডিতহিন্দী
২০০৮চন্দ্ৰমুখী **হিন্দীত আত্মপ্ৰকাশ"তোতা পাৰা পাৰা"বিদ্যাসাগৰসাধনা স্বৰগম, শিৱানী দাস, মনোজ মিশ্ৰাহিন্দী
"অহ্ অহ্ সুন মেৰী বাত"বিদ্যাসাগৰসাধনা স্বৰগম, শিৱানী দাস, মনোজ মিশ্ৰাহিন্দী
" আজা ৰে তু আজা ৰে (ৰাজা)"বিদ্যাসাগৰসাধনা স্বৰগমহিন্দী
২০০৮হোমাম"হোমাম"নিথিন ৰাইকোঁৱৰতেলেগু
২০১২দাল মে কুস কালা হে"বাড়া পাৱ"এএবিএফএম (Aabfm)এককহিন্দী
২০১৩জামানত"ক্য মোহাব্বত হে"বিজু সাহঅলকা য়াগনিক, জাবেদ আলীহিন্দী
২০১৪বচ্চন"লতাই"জীৎ গাংগুলীআকৃতি কাক্কাৰবঙালী
২০১৮আয়া হে দুলহা দুলহান লে জায়েগা"আয়া হে দুলহা দুলহান লে জায়েগা"প্ৰদীপসঞ্জীৱনী ভিলান্দে

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Singer Vinod Rathod celebrated birthday". glamgold.com. 2012. Archived from the original on 1 November 2011. https://web.archive.org/web/20111101081736/http://glamgold.com/?p=17280 আহৰণ কৰা হৈছে: 18 June 2012. "Singer Vinod Rathod celebrates his birthday on 13th Sept"
  2. "About Vinod Rathod". Bookmyshow.com. https://in.bookmyshow.com/person/vinod-rathod/IEIN004944 আহৰণ কৰা হৈছে: 10 June 2021.
  3. "Vinod Rathod". Hindilyrics.net. Archived from the original on 10 June 2021. https://web.archive.org/web/20210610042327/http://www.hindilyrics.net/profiles/vinod-rathod.html আহৰণ কৰা হৈছে: 10 June 2021.
  4. "रोने से पहले गाना शुरू कर दिया: विनोद राठौर". দৈনিক জাগৰণ. 16 December 2015. https://www.jagran.com/bihar/saharsa-13308865.html আহৰণ কৰা হৈছে: 10 April 2018.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]