বিনোদ ৰাথোৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বিনোদ ৰাথোৰ
প্ৰাথমিক তথ্য
জন্ম ১২ ছেপ্টেম্বৰ, ১৯৬২ (৬১ বছৰ)[1]
মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত
সংগীতৰ প্ৰকাৰ নেপথ্য কণ্ঠশিল্পী
পেচা কণ্ঠশিল্পী
কাৰ্যকাল ১৯৮৭–বৰ্তমান
পিতৃ-মাতৃ চতুৰ্ভুজ ৰাথোৰ (পিতৃ)
ৱেবছাইট vinodrathod.co.in

বিনোদ ৰাথোৰ (ইংৰাজী: Vinod Rathod; জন্ম: ১২ চেপ্তেম্বৰ ১৯৬২) এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী[2] যিয়ে মূলতঃ হিন্দী চলচ্চিত্ৰত গীত গায়।[3] তেওঁ আছিল শাস্ত্ৰীয় সংগীতজ্ঞ পণ্ডিত চতুৰ্ভুজ ৰাথোৰৰ পুত্ৰ।[4]

জন্ম পৰিচয়[সম্পাদনা কৰক]

১৯৬২ চনৰ ১২ চেপ্তেম্বৰত মুম্বাই, মহাৰাষ্ট্ৰত বিনোদ ৰাথোৰৰ জন্ম হয়। তেওঁৰ পিতৃ আছিল শাস্ত্ৰীয় সংগীতজ্ঞ পণ্ডিত চতুৰ্ভুজ ৰাথোৰ। তেওঁৰ সৰুৰে পৰা সংগীতৰ প্ৰতি ধাউতি থকা দেখি তেওঁৰ পিতৃ চতুৰ্ভুজ ৰাথোৰে তেওঁক সংগীতৰ শিক্ষা প্ৰদান কৰিছিল। তেওঁৰ দুই ভাতৃ ৰূপ কুমাৰ ৰাথোৰ আৰু শ্ৰাৱণ ৰাথোৰ সংগীত পৰিচালক আৰু সংগীতজ্ঞ।

সংগীত কৰ্মজীৱন[সম্পাদনা কৰক]

ঊষা খান্নাই ৰাথোৰৰ এখন কেছেটৰ গীত শুনি আপ্লুত হৈ ১৯৮৬ চনৰ এপ্ৰিলত “দো য়াৰ”ৰ বাবে “মেৰে দিল মে হে আন্ধেৰা, কোই শাম্মা তো জলা দে” নামৰ কাৱালী গীতটো সহঃশিল্পী মোহম্মদ আজীজৰ সৈতে গাবলৈ দিয়ে আৰু এনেদৰে তেওঁ সংগীত কৰ্মজীৱনৰ পাতনি মেলে। বিনোদে সুৰকাৰ অজয় স্বামী আৰু সুৰিন্দৰ কোহলীৰ বাবেও গীত গাইছিল। তেওঁৰ টিভি ধাৰাবাহিক আকাশ গংগাৰ “য়ে জীৱন হে আকাশ গংগা” শীৰ্ষক গীতটো দৰ্শকৰ মাজত যথেষ্ট সফল প্ৰমাণিত হৈছিল।

তেওঁ ডাঙৰ চলচ্চিত্ৰ লীগত প্ৰৱেশ কৰিছিল যেতিয়া সুৰকাৰ শিৱ-হৰিয়ে তেওঁক লতা মংগেশকাৰ আৰু সুৰেশ ৱাডকৰৰ সৈতে “বাদাল পে চলকে আ” ৰ বাবে ৰেকৰ্ড কৰিবলৈ মাতিছিল; যি জনপ্ৰিয় বুলি প্ৰমাণিত হৈছিল আৰু ১৯৮৮ চনত য়শ চোপ্ৰাৰ “বিজয়”ত লতা মংগেশকাৰৰ সৈতে গোৱা “জিন্দেগী হৰ জনম প্যাৰ কি দাস্তা”ই তাৰ বৃহৎ সফলতাৰ প্ৰমাণ। বিনোদে “মাল্টি ষ্টাৰাৰ” চলচ্চিত্ৰত ঋষি কাপুৰৰ হৈ কণ্ঠ নিগৰায়। তাৰ পিছত তেওঁ ১৯৮৯ চনত “চান্দনী”ত পুনৰ ঋষি-যশ-শিৱ-হৰিৰ বাবে গান গাইছিল। আশা ভোঁচলেৰ সৈতে “পৰবত চে কালি ঘাটা টাকৰাই” আৰু লতা মংগেশকাৰৰ সৈতে “শেহৰোন মে এক শেহৰ চুনা” শীৰ্ষক গীতটোৱে তাৰ হিট প্ৰমাণিত হৈছিল।

অৱশ্যে, ১৯৯২ চনত তেওঁ প্ৰকৃত বিৰতি পাইছিল যেতিয়া লক্ষ্মীকান্ত-প্যাৰেলাললে তেওঁক “ৰোমিঅ নাম মেৰা”ৰ “ৰূপ কী ৰাণী চোৰো কা ৰাজা”ৰ বাবে অফাৰ কৰিছিল। এইটো ১৯৯২ চনৰ আটাইতকৈ বেছি জনপ্ৰিয় হিচাপে প্ৰমাণিত হৈছিল। লক্ষ্মীকান্ত-প্যাৰেলালে তেওঁক অধিক চলচ্চিত্ৰৰ বাবে সোনকালে মাতিছিল, যি বিনোদৰ ওপৰত আস্থা ৰাখিছিল তাৰ ভিতৰত আছিল অনু মালিক, বাপ্পী লাহিৰী আৰু আনন্দ-মিলিন্দৰ দৰে সুৰকাৰসকল। ভাগ্যৰ দৰে, নাদিম-শ্ৰাৱণ (শ্ৰাৱণ বিনোদৰ ডাঙৰ ভাই) জনপ্ৰিয়তাৰ শিখৰত আছিল, নাদিমে কুমাৰ চানুৰ পক্ষ লৈছিল যদিও তেওঁ বিনোদ ৰাথোৰক “দিৱানা”ত শ্বাহৰুখ খানৰ চৰিত্ৰৰ হৈ গীতত কণ্ঠদান কৰিবলৈ দিছিল। অলকা য়াগনিকৰ সৈতে “এইসী দিৱানেগী” আৰু “কোই না কোই চাহিয়ে প্যাৰ কৰনে ৱালা” জনপ্ৰিয় প্ৰমাণিত হৈছিল। ছবিখন ১৯৯২ চনত মুক্তিলাভো কৰিছিল।

১৯৯৩ চনত ৰাথোৰ খুব ব্যস্ত হৈ পৰে। লক্ষ্মীকান্ত-প্যাৰেলাললে তেওঁক বেদাৰ্ডী, দিলবাৰ আৰু আন বহুতো চলচ্চিত্ৰৰ বাবে উৎকৃষ্ট গীত দিয়ে লগতে তেওঁ সিদ্ধান্ত লয় যে তেওঁ আৰ কে ফিল্মছৰ প্ৰেম গ্ৰন্থৰ বাবে ঋষি কাপুৰৰ হৈ ৰাথোৰে কণ্ঠ নিগৰাব। তেওঁৰ সৈতে তেওঁলোকৰ জনপ্ৰিয় গীতবোৰৰ ভিতৰত আছিল গুমৰাহ চলচ্চিত্ৰৰ “জব চে মে জাৰা চা বদনাম হো গয়া” আৰু খালনায়ক চলচ্চিত্ৰৰ “নায়ক নেহী খলনায়ক হু মে”। অনু মালিকে ১৯৯৩-৯৪ চনৰ শেষৰ ফালে নাদিম-শ্ৰাৱণক আঁতৰাই “এ মেৰে হমচফৰ”, “কিতাবেইন বহুত চি”, “সমঝকাৰ চান্দ জিস্কো” আৰু “চুপানা ভী নেহী আতা” – বাজিগৰৰ দৰে বহুতো চলচ্চিত্ৰত গীত গোৱায়। ইয়াৰ পিছত লাডলা, ইলান, অগ্নিসাক্ষী, মোহাব্বাত কী আৰজু, চাহুংগা মে তুঝে, গমব্লাৰ, পৰমপৰা, দ্য জেণ্টেলমেন, জমানা দিৱানা, শ্ৰীমান আশিক, মাইদান-এ-জং, পুলিচৱালা গুণ্ডা, হম সৱ চোৰ হে, চাহাত, বাস্তৱ আৰু ত্ৰিমূৰ্তি “য়ে দুনিয়া ভেৰি গুড ভেৰি গুড” আৰু প্ৰেম গ্ৰন্থৰ “দিল দেনে কি ৰুথ আয়ী”। আনন্দ-মিলিন্দে তেওঁক গোবিন্দাৰ চৰিত্ৰৰ হৈ ৰাজা বাবু, ৰাজাজী, হিৰো নং ১, দুলহে ৰাজা আখীয়োসে গুলি মাৰে আৰু বেনাৰসী বাবু আদি চলচ্চিত্ৰত কণ্ঠদান কৰিবলৈ দিয়ে। তেওঁ ১৯৯৬ চনত শ্বাহৰুখ খানৰ বাবে আৰ্মি চলচ্চিত্ৰৰ “মে তু হু পাগল মুণ্ডা” শীৰ্ষক জনপ্ৰিয় গীতটো গাইছিল।

জি টেলিফিল্মৰ “শ্ৰীমতী” বিনোদৰ এক প্ৰকাৰৰ বিজয় আছিল, য'ত তেওঁ "আশিক কি হে বাৰাট" গীতটো গায়। তেওঁৰ অন্যান্য জনপ্ৰিয় চলচ্চিত্ৰসমূহৰ ভিতৰত আছে দিৱানা মস্তানা, আৰ্মি, হিৰো নং ১ আৰু দুলহে ৰাজা, তেৰে মেৰে সপনে আৰু তেওঁৰ শেহতীয়া চাৰ্টবাষ্টাৰ, হম দিল দে সুকে সনমৰ “ধোলি তাৰো ঢোল বাজে”, দেৱদাসৰ “চলক চলক”, মুন্না ভাই এমবিবিএছৰ “এম বোলে টো” যি ১৯৯৯ চনৰ পিছত তেওঁৰ কেৰিয়াৰক এক নতুন সূচনা প্ৰদান কৰিছে। চল মেৰে ভাইৰ গীতবোৰো তেওঁৰ জনপ্ৰিয় প্ৰমাণিত হৈছে।

চাজন চলে সচুৰালৰ “মে হু নম্বৰ এক গাৱাইয়া”য়ে তেওঁৰ শাস্ত্ৰীয় উৎকৰ্ষ প্ৰমাণ কৰিছিল। যিটো তেওঁ তেওঁৰ দেউতাকৰ পৰা আয়ত্ত কৰিছিল।

কেৱল প্ৰডাকচন হাউচৰ এক বিশাল তালিকাই নহয়, বিনোদে বিভিন্ন ভাষাত ৩৫০০ৰো অধিক গীত গাইছে। যেনে- হিন্দী, নেপালী, ইংৰাজী, গুজৰাটী, মাৰাঠী, সিন্ধি, পাঞ্জাৱী, বঙালী, ওড়িয়া, তামিল, কন্নড়, তেলেগু, ৰাজস্থানী, ভোজপুৰী আৰু পাৰ্চী ভাষাত।

বিনোদ ৰাথোৰে ১৯৯৩ চনত দিৱানা চলচ্চিত্ৰৰ “এইসী দিৱানেগী” আৰু ১৯৯৪ চনত খলনায়ক চলচ্চিত্ৰৰ “নায়ক নেহী খলনায়ক হু মে” শীৰ্ষক গীতৰ বাবে ফিল্মফেয়াৰ এৱাৰ্ড ফৰ বেষ্ট মেল প্লেবেক চিংগাৰ (Filmfare Award for Best Male Playback Singer) লৈ মনোনয়ন লাভ কৰিছিল।

ডিস্কোগ্ৰাফী[সম্পাদনা কৰক]

চন চলচ্চিত্ৰ গীতৰ ফাঁকি সংগীত পৰিচালক সহকাৰী কণ্ঠশিল্পী ভাষা
১৯৮৬ বেদাগ "মেৰে দিল মে হে আন্ধেৰা" ঊষা খান্না মোহম্মদ আজীজ হিন্দী
১৯৮৮ বিজয় "জিন্দাগী হৰ জনম" শিৱ-হৰি সুৰেশ ৱাডকৰ, লতা মংগেশকাৰ হিন্দী
১৯৮৯ চান্দিনী "মেহবুবা"
"পৰবত সে কালি"
শিৱ-হৰি লতা মংগেশকাৰ
আশা ভোঁচলে
হিন্দী
১৯৯২ দিৱানা "এইসী দিৱানেগী"
"কই না কই চাহিয়ে"
নাদিম-শ্ৰাৱণ অলকা য়াগনিক
একক
হিন্দী
১৯৯৩ দাৰ "অংগ সে অংগ লগানা" শিৱ-হৰি অলকা য়াগনিক, সুদেশ ভোঁচলে হিন্দী
গুমৰাহ "ৰাম কসম মেৰা বড়া নাম হো গয়া" লক্ষ্মীকান্ত-প্যাৰেলাল একক হিন্দী
শ্ৰীমান আশিক "লড়কী লড়কী" নাদিম-শ্ৰাৱণ সুদেশ ভোঁচলে হিন্দী
বাজিগাৰ "কিতাবে বহত সী"
"চুপানা ভী নেহী আতা"
"সমজ কৰ চান্দ জীস কো"
"এই মেৰা হমচফৰ"
অনু মালিক আশা ভোঁচলে
একক
অলকা য়াগনিক
অলকা য়াগনিক
হিন্দী
খলনায়ক "নায়ক নেহী খলনায়ক হু মে"
"চৰী কে পিসে ক্যা হে (পুৰুষ)"
লক্ষ্মীকান্ত-প্যাৰেলাল কবিতা কৃষ্ণমূৰ্তি
একক
হিন্দী
১৯৯৪ আনোখা আন্দাজ (Anokha Andaaz) "আপ সে পহলে না আপ কে বাদ" নাদিম-শ্ৰাৱণ অলকা য়াগনিক হিন্দী
ইমতিহান "এক য়াদ কে চাহাৰে" অনু মালিক একক হিন্দী
লাডলা "মে ৰাজু দিৱানা" আনন্দ-মিলিন্দ একক হিন্দী
ইলান "পহলে মেৰে আখো মে" শ্যাম-সুৰেন্দৰ সাধনা স্বৰগম হিন্দী
দ্য জেণ্টেলমেন "হম আপকে ঘাম কো"
"আশিকী মে হাড সে"
অনু মালিক
এ. আৰ. ৰহমান
সাধনা স্বৰগম
সাধনা স্বৰগম
হিন্দী
১৯৯৫ ত্ৰিমূৰ্তি "ভেৰি গুড ভেৰি বেড"
"মুঝে প্যাৰ কাৰো"
"মাতা মাতা"
লক্ষ্মীকান্ত-প্যাৰেলাল উদিত নাৰায়ণ
মনোহৰ উদাস, অলকা য়াগনিক
কবিতা কৃষ্ণমূৰ্তি
হিন্দী
জমানা দিৱানা "জমানা দিৱানা হো গয়া"
"চস লিয়া মেইনে এয়ে মেৰে দিলবা"
"ৰোক সাকে তো ৰোক"
নাদিম-শ্ৰাৱণ স্বপ্না মুখাৰ্জী
অলকা য়াগনিক
একক
হিন্দী
পুলিচৱালা গুণ্ডা "দুনিয়া কে মেলা" বাপ্পী লাহিৰী একক হিন্দী
মাইদান-এ-জং "লো ফাগুন ঋতু আ গায়ে" বাপ্পী লাহিৰী উদিত নাৰায়ণ, সাধনা স্বৰগম হিন্দী
হম সৱ চোৰ হে "মেৰী বিৱি লাখো" বাপ্পী লাহিৰী অলকা য়াগনিক হিন্দী
১৯৯৬ চাজান চালে সাসুৰাল "মে হু নং ১ গাৱাইয়া" নাদিম-শ্ৰাৱণ কুনাল গাঞ্জাৱালা, মিশ্ৰা, সত্যনাৰায়ণ হিন্দী
দিৱানা মাস্তানা "য়ে গয়া ৱো গয়া"
"তেৰে বিনা দিল লগতা নেহী"
"হেড য়া টেইল"
লক্ষ্মীকান্ত-প্যাৰেলাল অলকা য়াগনিক
উদিত নাৰায়ণ , অলকা য়াগনিক
উদিত নাৰায়ণ, কবিতা কৃষ্ণমূৰ্তি
হিন্দী
তেৰে মেৰে সপনে "তেৰে মেৰে সপনে" বিজু সাহ উদিত নাৰায়ণ, হেমা চাৰদেশাই হিন্দী
আৰ্মী "মে তো হু পাগাল মুণ্ডা"
"দে তালী"
"হো গয়া তাইয়াৰ হমাৰী আৰ্মী"
আনন্দ-মিলিন্দ অলকা য়াগনিক
অভিজিৎ, জুলী মুখাৰ্জী, অলকা য়াগনিক
অভিজিৎ, জুলী মুখাৰ্জী, অলকা য়াগনিক
হিন্দী
জীৎ "য়াৰা অ য়াৰা"
"য়াৰা অ য়াৰা (Sad)"
নাদিম-শ্ৰাৱণ অলকা য়াগনিক
একক
হিন্দী
প্ৰেম গ্ৰন্থ "জংগল মে সেৰ"
"দিল দেনে কি ৰু্থ"
"ইস দুনিয়া মে প্ৰেম গ্ৰন্থ"
"তেৰী কসম মে হু"
লক্ষ্মীকান্ত-প্যাৰেলাল অলকা য়াগনিক
অলকা য়াগনিক
অলকা য়াগনিক
একক
হিন্দী
চাহাত "চাহাত না হোতী"
"তুমনে দিখাই এইসা সপনে"
অনু মালিক অলকা য়াগনিক
একক
হিন্দী
১৯৯৭ হিৰো নং ১ "মেইনে পাইডাল সে জা ৰহা থা"
"তুম হম পে মাৰতে হো"
আনন্দ-মিলিন্দ পুৰ্ণিমা
সাধনা স্বৰগম
হিন্দী
১৯৯৭ মোহাব্বাত "আইনা বাতা কেইসে" নাদিম-শ্ৰাৱণ চনু নিগম হিন্দী
১৯৯৭ বিৰাসাত "সুন মৌসি সুন মৌসি" অনু মালিক একক হিন্দী
১৯৯৮ দুলহে ৰাজা "দুলহান ৰো জায়েগী (দুলহে ৰাজা)"
"কাহা ৰাজা ভোজ"
"ক্যা লাগতী হে হে ৰাব্বা"
আনন্দ-মিলিন্দ অনুৰাধা পড়োৱাল
চনু নিগম
একক
হিন্দী
কুদ্ৰাট "ইস্ক ভালা ক্যা হে" ৰাজেশ ৰোশন অলকা য়াগনিক হিন্দী
চীনা গেট "চাম্মা চাম্মা" অনু মালিক অলকা য়াগনিক, শংকৰ মহাদেবান হিন্দী
১৯৯৯ হম দিল দে সুকে সনম "দোলি তাৰৰো ঢোল বাজে" ইচমাইল দৰৱাৰ কবিতা কৃষ্ণমূৰ্তি, কৰ্ষণ সাগাঠিয়া (Karsan Sagathia) হিন্দী
বাস্তৱ দ্য ৰিয়েলিটী "হৰ তৰফ হে য়েহ চোৰ" যতীন-ললিত অতুল কালে হিন্দী
২০০০ চল মেৰে ভাই "আজ কাল কি লাড়কীয়া"
"মেৰে বাপ কে বেটী"
আনন্দ-মিলিন্দ চনু নিগম, পুৰ্ণিমা, Vaijanti
অভিজিৎ
হিন্দী
হমাৰা দিল আপকে পাচ হে "ক্যা মেইনে আজ সুনা" সঞ্জীৱ দৰ্শন কবিতা কৃষ্ণমূৰ্তি হিন্দী
মিশ্যন কাস্মীৰ "মাফ কৰো" এহসান নূৰাণী অনুৰাধা পড়োৱাল হিন্দী
কাউফ "হায়ে হায়ে য়ে হাৱা" অনু মালিক অনুৰাধা পড়োৱাল হিন্দী
বিচূ "প্যাৰ তু দিল তু" আনন্দ ৰাজ আনন্দ অলকা য়াগনিক হিন্দী
২০০১ ষ্টাইল "ষ্টাইল মে ৰেহনে কা" সঞ্জীৱ দৰ্শন চনু নিগম হিন্দী
২০০২ দেৱদাস "চালাক চালাক" ইচমাইল দৰৱাৰ উদিত নাৰায়ণ, শ্ৰেয়া ঘোষাল হিন্দী
দেশ দেৱী "দাৱে পাৱ সে ৱো" ইচমাইল দৰৱাৰ en:Parthiv Gohilপাৰ্থীৱ গোহীল, স্নেহা পাণ্ট (Sneha Pant) হিন্দী
আখিয়ো সে গুলি মাৰে "দেহৰৰাদুন কা চুনা লগায়া"
"লড়কা মুড মুড কে মাৰে"
"তুমকো লগাকে নাচলো"
দাবু মালিক
আনন্দ-মিলিন্দ
দিলীপ সেন-সমীৰ সেন (Dilip Sen-Sameer Sen)
সুনিধী চৌহান
অলকা য়াগনিক
চনু নিগম, সঞ্জীৱনী
হিন্দী
অনৰ্থ "দিল হে দিৱানা" আনন্দ ৰাজ আনন্দ পমিলা জৈন (Pamela Jain) হিন্দী
চোৰ মাচায়ে চোৰ "কাণ কে নিসে"
"তুম টাটা হো য়া বিৰলা"
অনু মালিক অনুৰাধা শ্ৰীৰাম
অনুৰাধা শ্ৰীৰাম (Anuradha Sriram)
হিন্দী
ৰোড "ৰাস্তে ৰাস্তে" সন্দেশ সান্ধিল্যা সুনিধী চৌহান হিন্দী
প্যাৰ দিৱানা হোতা হে "তেৰী আখে বোল্টী" উত্তম সিং অলকা য়াগনিক হিন্দী
হম কিসিসে কম নেহী "ক্যা কেহনা"
"মে সহনী তু মহিৱাল"
অনু মালিক উদিত নাৰায়ণ
অনুৰাধা পড়োৱাল, চনু নিগম
হিন্দী
মাসীহা "আয়া মাজা না য়াৰ" আনন্দ ৰাজ আনন্দ একক হিন্দী
২০০৩ মুন্না ভাই এমবিবিএচ "চান চান"
"এম বোলে তো (M Bole To)"
অনু মালিক শ্ৰেয়া ঘোষাল
সঞ্জয় দত্ত, প্ৰাচী, প্ৰিয়া মায়েকৰ
হিন্দী
বোৰদাৰ হিন্দুস্থান কা "য়াদ আতী হে" দিলীপ-হৰি কিষান (Dilip-Hari Kishen) কুমাৰ চানু, উদিত নাৰায়ণ হিন্দী
পাৰৱানা "দুনিয়া মে আয়ে হো"
"দেৱা হো দেৱা"
সঞ্জীৱ দৰ্শন একক
ফাৰিদ সাব্ৰী (Farid Sabri)
হিন্দী
প্ৰাণ জায়ে পাৰ চান না জায়ে "হম তেৰে সনম" দাবু মালিক একক হিন্দী
গুৰু "ভদ্ৰ ফাল্গুন চৈত্ৰ আষাৰ স্ৰাৱণ" বাবুল বসু একক বঙালী
২০০৪ উফ ক্যা যাদু মোহাব্বত হে (Uuf Kya Jaadoo Mohabbat Hai) "জগমুগ" কে. এচ. চিত্ৰা হিন্দী
ইস্ক হে তুমসে "ইস্ক হে জীন্দাগী" হিমেশ ৰেশমিয়া অলকা য়াগনিক, উদিত নাৰায়ণ হিন্দী
শিকাৰ "অ জীয়া ক্যা কিয়া" আনন্দ ৰাজ আনন্দ উদিত নাৰায়ণ, আনন্দ ৰাজ আনন্দ, সুনিধী চৌহান হিন্দী
পুলিচ ফোৰ্চ "মাইনা কুঁৱাৰী"
"ভোলি ভালি সুৰাত সে"
"মাইনা কুঁৱাৰী - ২"
আনন্দ-মিলিন্দ পুৰ্ণিমা
একক
পুৰ্ণিমা
হিন্দী
২০০৫ পণ্ডিত... এক যোদ্ধা (Pandit... Ek Yodha) এচ. এ. ৰাজকুমাৰ হিন্দী
বিসফুঠ (Vissfoth) ঋতুৰাজ হিন্দী
২০০৬ মেৰী মজবুৰী... "মেৰী মজবুৰী" বাপ্পী লাহিৰী হিন্দী
লাগে ৰাহো মুন্না ভাই "লাগে ৰাহো মুন্না ভাই"
"সামজো হো হী গয়া"
শান্তনু মৌত্ৰা একক
সঞ্জয় দত্ত, আৰ্শদ ৱাৰসী
হিন্দী
জীন্দা "য়ে হে মেৰী কাহানী" একক
সঞ্জয় দত্ত
হিন্দী
২০০৭ আগ "ৰুক যা"
"সা ৰহা"
"জী লে"
"দাম"
আমাৰ মোহিলে
নিথিন ৰাইকোঁৱৰ
প্ৰশান্ত শেখৰ
আমাৰ মোহিলে
সুনিধী চৌহান
শ্বেতা পণ্ডিত
ফাৰহাদ ভিৱান্দিৱালা (Farhaad Bhiwandiwala)
একক
হিন্দী
ট্ৰাফিক চিগনেল "চিগনেল পে" সমীৰ তান্দোন বাবা চেহগাল, নবীন প্ৰভাকৰ, নিৰাজ পণ্ডিত, ৰাজ পণ্ডিত হিন্দী
২০০৮ চন্দ্ৰমুখী **হিন্দীত আত্মপ্ৰকাশ "তোতা পাৰা পাৰা" বিদ্যাসাগৰ সাধনা স্বৰগম, শিৱানী দাস, মনোজ মিশ্ৰা হিন্দী
"অহ্ অহ্ সুন মেৰী বাত" বিদ্যাসাগৰ সাধনা স্বৰগম, শিৱানী দাস, মনোজ মিশ্ৰা হিন্দী
" আজা ৰে তু আজা ৰে (ৰাজা)" বিদ্যাসাগৰ সাধনা স্বৰগম হিন্দী
২০০৮ হোমাম "হোমাম" নিথিন ৰাইকোঁৱৰ তেলেগু
২০১২ দাল মে কুস কালা হে "বাড়া পাৱ" এএবিএফএম (Aabfm) একক হিন্দী
২০১৩ জামানত "ক্য মোহাব্বত হে" বিজু সাহ অলকা য়াগনিক, জাবেদ আলী হিন্দী
২০১৪ বচ্চন "লতাই" জীৎ গাংগুলী আকৃতি কাক্কাৰ বঙালী
২০১৮ আয়া হে দুলহা দুলহান লে জায়েগা "আয়া হে দুলহা দুলহান লে জায়েগা" প্ৰদীপ সঞ্জীৱনী ভিলান্দে

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Singer Vinod Rathod celebrated birthday". glamgold.com. 2012. Archived from the original on 1 November 2011. https://web.archive.org/web/20111101081736/http://glamgold.com/?p=17280। আহৰণ কৰা হৈছে: 18 June 2012. "Singer Vinod Rathod celebrates his birthday on 13th Sept" 
  2. "About Vinod Rathod". Bookmyshow.com. https://in.bookmyshow.com/person/vinod-rathod/IEIN004944। আহৰণ কৰা হৈছে: 10 June 2021. 
  3. "Vinod Rathod". Hindilyrics.net. Archived from the original on 10 June 2021. https://web.archive.org/web/20210610042327/http://www.hindilyrics.net/profiles/vinod-rathod.html। আহৰণ কৰা হৈছে: 10 June 2021. 
  4. "रोने से पहले गाना शुरू कर दिया: विनोद राठौर". দৈনিক জাগৰণ. 16 December 2015. https://www.jagran.com/bihar/saharsa-13308865.html। আহৰণ কৰা হৈছে: 10 April 2018. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]