বিন্ধ্যবাসিনী দেৱী
বিন্ধ্যবাসিনী দেৱী | |
---|---|
জন্ম | মুজাফ্ফৰপুৰ, বিহাৰ, ভাৰত |
মৃত্যু | ১৮ এপ্ৰিল ২০০৬ কংকৰবাগ, পাটনা, বিহাৰ, ভাৰত |
পেচা | লোক সংগীতৰ গায়িকা |
জনা যায় | ভাৰতীয় লোকসংগীত |
দাম্পত্যসঙ্গী | শেদেৱেশ্বৰ চন্দ্ৰ বাৰ্মা |
সন্তান | সন্তোষ কুমাৰ সিংহ আৰু সুধীৰ কুমাৰ সিংহ (পুত্ৰ), পুষ্পৰাণী মধু (জীয়ৰী) |
বঁটা, সন্মান, পুৰস্কাৰ আদি | পদ্মশ্ৰী সংগীত নাটক একাডেমী বঁটা সংগীত নাটক একাডেমী ফেল'শ্বিপ অহিল্যা বাই বঁটা |
বিন্ধ্যবাসিনী দেৱী (মৃত্যু ২০০৬) এগৰাকী ভাৰতীয় লোকসংগীতজ্ঞ। তেওঁ বিহাৰ কোকিল হিচাপে জনপ্ৰিয়তা লাভ কৰিছিল। তেওঁ আছিল লোকসংগীতক প্ৰচাৰ কৰা পাটনাস্থিত সংগীত একাডেমী বিন্ধ্যা কলা মন্দিৰৰ প্ৰতিষ্ঠাপক। ৫৫ বছৰ ধৰি লক্ষ্ণৌৰ ভাটখণ্ডে বিশ্ববিদ্যালয়ৰ সৈতে জড়িত এই একাডেমীখন বৰ্তমান তেওঁৰ বোৱাৰী শোভা সিনহা আৰু পুত্ৰ সুধীৰ কুমাৰ সিনহাই পৰিচালনা কৰি আছে।[1][2] ভাৰতৰ বিহাৰ ৰাজ্যৰ মুজ্জাফৰপুৰত জন্মগ্ৰহণ কৰা বিন্ধ্যবাসিনী দেৱীয়ে মৈথিলি, ভোজপুৰী আৰু মগহী লোকসংগীতত বিশেষজ্ঞতা লাভ কৰিছিল।[1] বিবাহ গীত[3] নামৰ এখন চিনেমাত ছোটে দুলহা কে নামৰ জনপ্ৰিয় গীত এটাও গাইছিল আৰু তেওঁৰ বহু গীত চিডি ফৰ্মেটত মুক্তি পাইছে।[4] [5][6]
ভাৰত চৰকাৰে ১৯৭৪ চনত তেওঁক চতুৰ্থ সৰ্বোচ্চ ভাৰতীয় অসামৰিক বঁটা পদ্মশ্ৰী প্ৰদান কৰে।[7] সংগীত নাটক অকাডেমীয়ে ১৯৯১ চনত তেওঁক তেওঁলোকৰ বাৰ্ষিক বঁটা প্ৰদান কৰে।[8][9][2] ইয়াৰ পিছত ২০০৬ চনত একাডেমী ফেল'শ্বিপ প্ৰদান কৰা হয়।[10] ১৯৯৮ চনত তেওঁ মধ্যপ্ৰদেশ চৰকাৰৰ পৰা অহিল্যা বাই বঁটা লাভ কৰে।[1] [2] ২০০৬ চনৰ ১৮ এপ্ৰিলত ৮৬ বছৰ বয়সত কংকৰবাগ বাসগৃহত বিন্ধ্যবাসিনী দেৱীৰ মৃত্যু হয়।
শেদেৱেশ্বৰ চন্দ্ৰ বাৰ্মাৰ সৈতে তেওঁ বিবাহপাশত আবদ্ধ হয়, আৰু দুজন পুত্ৰ আৰু এগৰাকী কন্যা সন্তান জন্ম হয়।[1][2]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 "Folk singer Bindhyavasini Devi is dead". One India. 18 April 2006. http://www.oneindia.com/2006/04/18/folk-singer-bindhyavasini-devi-is-dead-1145372756.html। আহৰণ কৰা হৈছে: 14 June 2015. [সংযোগবিহীন উৎস]
- ↑ 2.0 2.1 2.2 2.3 "Nitish condoles Bindhyavasini Devi's death". Web India News. 19 April 2006. Archived from the original on 26 June 2015. https://web.archive.org/web/20150626105746/http://news.webindia123.com/news/articles/India/20060419/310289.html। আহৰণ কৰা হৈছে: 14 June 2015.
- ↑ "Chhote Dulha Ke". Saavn. 2015. http://www.saavn.com/p/song/hindi/Hindi-Bibah-Geet/Chhote-Dulha-Ke/JwITBDp9RlQ। আহৰণ কৰা হৈছে: 14 June 2015."Chhote Dulha Ke". Saavn. 2015. Retrieved 14 June 2015.
- ↑ Chhote Dulha Ke 2. Inreco - The Indian Record Mfg Co. 2010. ASIN B00LRY8J6U.Chhote Dulha Ke 2. Inreco - The Indian Record Mfg Co. 2010. ASIN B00LRY8J6U.
- ↑ Palki Charal Awe. Inreco - The Indian Record Mfg Co. 2010. ASIN B00LSQ23T6.Palki Charal Awe. Inreco - The Indian Record Mfg Co. 2010. ASIN B00LSQ23T6.
- ↑ "ITunes". ITunes. 2015. https://itunes.apple.com/mn/artist/bindhyavasini-devi/id322483392। আহৰণ কৰা হৈছে: 14 June 2015."ITunes". ITunes. 2015. Retrieved 14 June 2015.
- ↑ "Padma Shri". Padma Shri. 2015. Archived from the original on 15 October 2015. https://web.archive.org/web/20151015193758/http://mha.nic.in/sites/upload_files/mha/files/LST-PDAWD-2013.pdf। আহৰণ কৰা হৈছে: 11 November 2014.
- ↑ "Sangeet Natak Akademi Ratna Puraskar". Sangeet Natak Akademi. 2015. Archived from the original on 4 March 2016. https://web.archive.org/web/20160304023617/http://sangeetnatak.gov.in/sna/fellowslist.htm। আহৰণ কৰা হৈছে: 14 June 2015.. Sangeet Natak Akademi. 2015. Archived from the original on 4 March 2016. Retrieved 14 June 2015.
- ↑ "Folk singer Bindhyabasini Devi is dead". One India. 18 April 2006. http://www.oneindia.com/2006/04/18/folk-singer-bindhyabasini-devi-is-dead-1145372756.html। আহৰণ কৰা হৈছে: 14 June 2015."Folk singer Bindhyabasini Devi is dead". One India. 18 April 2006. Retrieved 14 June 2015.
- ↑ Mahendra Gaur (2007). Indian Affairs Annual 2005. Gyan Publishing House. পৃষ্ঠা. 2813. ISBN 9788178354347. https://books.google.com/books?id=N2gZRxXfQesC&q=Bindhya+Basini+Devi&pg=PA46.Mahendra Gaur (2007). Indian Affairs Annual 2005. Gyan Publishing House. p. 2813. ISBN 9788178354347.