সমললৈ যাওক

বিন্ধ্যা উন্দুৰ্তি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বিন্ধ্যা উন্দুৰ্তি
নাগৰিকত্ব ভাৰতীয়
পেচা মনোবিজ্ঞানৰ অধ্যাপিকা
বঁটা, সন্মান, পুৰস্কাৰ আদি * ফুলব্ৰাইট স্ক’লাৰ (২০০৪)
  • এছ’চিয়েচন ফৰ ৱিমেন ইন চাইক’লজিৰ ডিষ্টিংগুইশ্বড পাব্লিকেশ্বন এৱাৰ্ড (২০১২)
শৈক্ষিক পটভূমি
মাতৃশিক্ষানুষ্ঠান অন্ধ্ৰ বিশ্ববিদ্যালয়
শৈক্ষিক কৰ্ম
প্ৰতিষ্ঠানসমুহ টাটা সামাজিক বিজ্ঞান প্ৰতিষ্ঠান


বিন্ধ্যা উন্দুৰ্তি (জন্ম ১৯৫৫) এগৰাকী ভাৰতীয় নাৰীবাদী গৱেষক। তেওঁ লিংগীয় ভূমিকা,[1] মহিলাৰ স্বাস্থ্য আৰু লিংগভিত্তিক হিংসা সম্পৰ্কীয় গৱেষণাৰ বাবে পৰিচিত। লগতে ভাৰতীয় মহিলাসকলৰ অধিকাৰৰ পক্ষে তেওঁ কৰা সামাজিক আৰু নীতি-সমৰ্থনমূলক কামৰ বাবেও তেওঁ পৰিচিত।[2] উন্দুৰ্তি ভাৰতৰ হায়দৰাবাদস্থিত টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল চাইন্সেছৰ লিংগ অধ্যয়ন বিদ্যালয়ত মনোবিজ্ঞানৰ অধ্যাপিকা হিচাপে কৰ্মৰত।[3]

২০১২ চনত উন্দুৰ্তি আৰু তেওঁৰ সহকৰ্মীসকলে এছ’চিয়েচন ফৰ ৱিমেন ইন চাইক’লজিৰ পৰা ‘‘ডিষ্টিংগুইশ্বড পাব্লিকেশ্বন এৱাৰ্ড’’ লাভ কৰে।[4] এই সন্মান তেওঁলোকে সম্পাদনা কৰা গ্ৰন্থ Handbook of International Feminisms: Perspectives on Psychology, Women, Culture and Rights-ৰ বাবে প্ৰদান কৰা হৈছিল।[5] ইয়াৰ পূৰ্বে তেওঁ ১৯৯৮ চনত অক্সফৰ্ড বিশ্ববিদ্যালয়ত দক্ষিণ এছীয় ভিজিটিং স্ক’লাৰশ্বিপ আৰু ২০০৪ চনত ফুলব্ৰাইট ভিজিটিং লেকচাৰাৰ ফেল’শ্বিপ লাভ কৰিছিল।[6] তেওঁ নেচনেল একাডেমী অৱ ফিলচফী (ভাৰত)ৰ পূৰ্বতন সভাপতি আছিল।

বিন্ধ্যা উন্দুৰ্তিৰ জন্ম ১৯৫৫ চনৰ ২৫ ছেপ্টেম্বৰত বিশাখাপট্টনম, ভাৰতত হৈছিল।[2] এগৰাকী মহাবিদ্যালয়ৰ অধ্যাপক পিতৃ আৰু এগৰাকী বিদ্যালয়ৰ শিক্ষয়িত্ৰী মাতৃৰ কন্যা হিচাপে তেওঁ মধ্যবিত্ত পৰিয়ালত ডাঙৰ-দীঘল হয়। পৰিয়ালৰ পৰা তেওঁ যিকোনো বিষয়ত শিক্ষা গ্ৰহণ কৰাৰ স্বাধীনতা লাভ কৰিছিল। যদিও তেওঁৰ শিক্ষা জীৱনত স্পষ্ট লিংগভিত্তিক বৈষম্য নাছিল, তথাপিও পৰিয়াল আৰু ভাৰতীয় সমাজত বিদ্যমান অন্যায় লিংগীয় নিয়মসমূহ তেওঁ লক্ষ্য কৰিছিল।[2]

উন্দুৰ্তিয়ে অন্ধ্ৰ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি ১৯৭৪ চনত ইংৰাজী সাহিত্য, ইতিহাস আৰু ৰাজনীতি বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৭৬ চনত মনোবিজ্ঞানত স্নাতকোত্তৰ আৰু ১৯৮৫ চনত মনোবিজ্ঞানত পি.এইচ.ডি. ডিগ্ৰী লাভ কৰে।[3] পি.এইচ.ডি. অধ্যয়নৰ সময়ছোৱাত তেওঁ বিশ্ববিদ্যালয়ৰ মানৱ অধিকাৰ গোটৰ সৈতে জড়িত হৈ পণপ্ৰথা সম্পৰ্কীয় ঋণৰ ফলত বিপদগ্ৰস্ত মহিলা আৰু ঘৰুৱা হিংসাৰ ভুক্তভোগীসকলৰ বাবে কাম কৰিছিল। bell hooks, Phyllis Chesler আৰু Jeanne Marecekৰ লেখনীয়ে তেওঁক নাৰীবাদৰ প্ৰতি আগ্ৰহী কৰি তোলে। তেওঁ তৃতীয় ভাৰতীয় মহিলা অধ্যয়ন সংস্থাৰ সভাত অংশগ্ৰহণ কৰে আৰু ভাৰতীয় মহিলাসকলৰ জীৱনমান উন্নত কৰাৰ উপায়সমূহ গৱেষণা কৰিবলৈ আৰম্ভ কৰে।[2]

২০১০ চনত উন্দুৰ্তিয়ে টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল চাইন্সেছৰ অধ্যাপক মণ্ডলীত যোগদান কৰে। তেওঁ Centre for Health and Allied Themes (CEHAT)ৰ সৈতে একেলগে নাৰীবাদী পৰামৰ্শদান বিষয়ক পাঠ্যক্ৰম প্ৰস্তুত কৰে[2] আৰু ২০১৩ চনত প্ৰকাশিত Feminist Counseling and Domestic Violence in India গ্ৰন্থখনত ঘৰুৱা হিংসা আৰু নাৰীবাদী পৰামৰ্শদান সম্পৰ্কীয় এটা অধ্যায় লিখে।[7]

তেওঁ Unpacking Sex Trafficking among women and girls in Andhra Pradesh শীৰ্ষক গৱেষণাৰ মুখ্য গৱেষক আছিল।[8] এই গৱেষণাটো International Center for Research on Women (ICRW) আৰু Bill & Melinda Gates Foundationৰ সহায়ত সম্পন্ন কৰা হৈছিল।

উন্দুৰ্তিৰ গৱেষণাৰ মুখ্য লক্ষ্য হৈছে ভাৰতীয় সমাজত মহিলাসকলে সন্মুখীন হোৱা সামাজিক অন্যায়। তেওঁ মূলতঃ তিনিটা ক্ষেত্ৰত গৱেষণা কৰে— ঘৰুৱা হিংসা, মানসিক ৰোগ আৰু কঠোৰ লিংগ ভূমিকাৰ পৰা উদ্ভৱ হোৱা কৰ্ম-পৰিয়াল সংঘাত[9] ভাৰতত বহু মহিলা সামাজিক আৰু পৰিয়ালিক প্ৰত্যাশা পূৰণৰ চাপত থাকে, বিশেষকৈ কৰ্মজীৱনৰ ক্ষেত্ৰত সামাজিক সমৰ্থনৰ অভাৱ দেখা যায়। ডিপ্ৰেছন, উদ্বেগ আৰু দেহগত উপসৰ্গ বিকাৰ আদি মানসিক সমস্যা মহিলাসকলৰ মাজত সাধাৰণ হলেও বহু ক্ষেত্ৰত সেয়া চিনাক্ত বা চিকিৎসা নোহোৱা অৱস্থাত থাকে। তদুপৰি, কেৱল পুৰুষেই নহয়, শাহুৱেকৰ দৰে মহিলা আত্মীয়েও বহু সময়ত মহিলাৰ ওপৰত হিংসা চলায়। উন্দুৰ্তিৰ কামে এই সকলোবোৰ ক্ষমতাৰ গঠনৰ দিশত আলোকপাত কৰি ভাৰতীয় মহিলাসকলৰ জীৱনমান উন্নত কৰাৰ প্ৰয়াস কৰে।[9]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "To Be or Not to Be a 'Woman' in a Man's World" (en ভাষাত). News18. 2018-03-08. https://www.news18.com/news/india/international-womens-day-to-be-or-not-to-be-a-woman-in-a-mans-world-1682875.html। আহৰণ কৰা হৈছে: 2020-11-27. 
  2. 2.0 2.1 2.2 2.3 2.4 "Vindhya Undurti - Psychology's Feminist Voices". www.feministvoices.com. https://feministvoices.com/profiles/vindhya-undurti। আহৰণ কৰা হৈছে: 2020-10-15. 
  3. 3.0 3.1 "TISS Faculty & Staff: Prof Vindhya Undurti". https://www.tiss.edu/view/9/employee/vindhya-u/. 
  4. "Distinguished Publication - Association for Women in Psychology". www.awpsych.org. Archived from the original on 2020-06-19. https://web.archive.org/web/20200619150950/https://www.awpsych.org/distinguished_publication.php#:~:text=Eligibility%20and%20Nominations:&text=Awards%20are%20given%20to%20published,Association%20for%20Women%20in%20Psychology.। আহৰণ কৰা হৈছে: 2020-10-15. 
  5. Rutherford, Alexandra; Capdevila, Rose; Undurti, Vindhya; Palmary, Ingrid (23 August 2011). Handbook of International Feminisms: Perspectives on psychology, women, culture, and rights. Springer. ISBN 978-1441998682. 
  6. "Fulbright Scholar program directory". https://libraries.uark.edu/specialcollections/fulbrightdirectories/MC703_CIES_Box91_2004-05.pdf. 
  7. Bhate-Deosthali, Padma; Rege, Sangeeta; Prakash, Padma (2013). Feminist Counseling and Domestic Violence in India. Routledge. ISBN 978-0415832069. 
  8. "Unpacking sex trafficking: A study of sex trafficking and sex work in three districts of Andhra Pradesh, India". Archived from the original on 2020-12-05. https://web.archive.org/web/20201205170441/http://strive.lshtm.ac.uk/system/files/attachments/ICRW%20Sex%20Trafficking%20Study.pdf। আহৰণ কৰা হৈছে: 2020-11-27. 
  9. 9.0 9.1 Vindhya, U. (2007). "Quality of Women's Lives in India: Some Findings from Two Decades of Psychological Research on Gender" (en ভাষাত). Feminism & Psychology খণ্ড 17 (3): 337–356. doi:10.1177/0959353507079088. ISSN 0959-3535. http://journals.sagepub.com/doi/10.1177/0959353507079088. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]