বিপদৰ বন্ধু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বিপদৰ বন্ধু  
লেখক হোমেন বৰগোহাঞি
প্ৰচ্ছদ শিল্পী বিষ্ণু তামুলী
দেশ ভাৰত
ভাষা অসমীয়া
বিষয় শিক্ষামূলক,নৈতিক,সামাজিক
প্ৰকাৰ প্ৰবন্ধ সংকলন
প্ৰকাশক ষ্টুডেণ্টচ্ ষ্ট’ৰচ্
প্ৰকাশ ২০০৮
মিডিয়া প্ৰকাৰ মুদ্ৰণ
পৃষ্ঠা সংখ্যা ১১২
আই.এচ.বি.এন. 81-7665-199-0

বিপদৰ বন্ধু (ইংৰাজী: Bipodor Bondhu) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ সংকলন। কিতাপখন প্ৰকাশ কৰিছে ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশনে। ২০০৩ চনৰ নৱেম্বৰ মাহত প্ৰথম প্ৰকাশ হোৱা কিতাপখনে ২০১৭ চনলৈকে মুঠ পাঁচটা সংস্কৰণ লাভ কৰিছে।এই কিতাপখন লেখকে ডাঃ প্ৰণয় ফুকনলৈ আগবঢ়াইছে।[1]

বিৱৰণ[সম্পাদনা কৰক]

কিতাপখনত মুঠ ১১ টা ভিন্নস্বাদৰ প্ৰবন্ধ আছে।সেইকেইটা হ'ল এটা সুন্দৰ জীৱন; ষ্টইক দৰ্শনৰ শিক্ষা;অভয়-মন্ত্ৰ;আধুনিক বিষাদ; স্মৃতি-সুধা;সুখৰ বিষয়ে আৰু এখন ৰচনা; উভয় সংকট; মোৰ জীৱনত নৱকান্ত বৰুৱা; কনেঙৰ কলাফুল আৰু সৰিয়হ ফুল; কেৱল নিজৰ কাৰণেও লিখিব পাৰি; শেষ সম্পাদকীয়। নাথানিয়েল হথৰ্নৰ কাল্পনিক কাহিনীৰ উজ্জ্বল আশাবাদৰ পৰা বেঞ্জামিন কনষ্টানৰ বাস্তৱ জীৱনৰ ভয়ঙ্কৰ নিৰাশাবাদলৈ, ষ্টইক দৰ্শনৰ যন্ত্ৰণা-জয়ৰ মন্ত্ৰৰ পৰা ৱাল্টাৰ ৰালেৰ বাস্তৱ জীৱনৰ মৃত্যু-ভয় জয়ৰ অভয়-মন্ত্ৰলৈ বৰগোহাঞিৰ বিপদৰ বন্ধু এক বিচিত্ৰ অন্বেষণ। [1]

লেখকৰ চমু পৰিচয়[সম্পাদনা কৰক]

অসমৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। ১৯৭৮ চনত পিতা-পুত্ৰ গ্ৰন্থখনৰ বাবে অসমীয়া ভাষাসাহিত্য অকাডেমি বঁটাৰে সন্মানিত হয়।[2] ১৯৩২ চনত হোমেন বৰগোহাঞিৰ অসমৰ লখিমপুৰ জিলাঢকুৱাখনাত জন্ম হয়।[3]


তথ্যৰ উৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 হোমেন বৰগোহাঞি (আগষ্ট,২০১৭). বিপদৰ বন্ধু. শ্ৰী অজয় কুমাৰ দত্ত. 
  2. Sahitya Akademi Official website.
  3. Desk, Digital (12 May 2021). "Breaking: Eminent litterateur, journalist Homen Borgohain no more » News Live TV » Assam" (en-US ভাষাত). News Live TV. https://newslivetv.com/breaking-eminent-litterateur-journalist-homen-borgohain-no-more/। আহৰণ কৰা হৈছে: 12 May 2021. 

লগতে চাওক[সম্পাদনা কৰক]