সমললৈ যাওক

বিপুল গোয়েল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বিপুল গোয়েল
Vipul Goyal
মাধ্যম ষ্টেণ্ড আপ কমেডি
ৰাষ্ট্ৰীয়তা ভাৰতীয়
প্ৰকাৰ ব্যংগ, পৰ্যবেক্ষণমূলক কমেডী, ইম্প্ৰভাইজেচনেল কমেডী
জীৱনসঙ্গী নেন্সি গুপ্তা গোয়েল

বিপুল গোয়েল (ইংৰাজী: Vipul Goyal) এজন ভাৰতীয় ষ্টেণ্ড আপ কমেডিয়ান আৰু অভিনেতা। ভাৰতৰ শীৰ্ষ কমেডী অভিনেতাসকলৰ ভিতৰত তেওঁক গণ্য কৰা হয় ৷ ৱেব-ধাৰাবাহিক হিউমাৰাছলি ইউৰছৰ মূল নায়কৰ চৰিত্ৰত তেওঁ অভিনয় কৰিছিল।[1][2] এই অনুষ্ঠানটো দ্য ভাইৰেল ফিভাৰৰ দ্বাৰা প্ৰযোজিত আৰু ইয়াত ষ্টেণ্ডআপ ক্লিপৰ মাজত তেওঁৰ জীৱনৰ অৰ্ধ-আত্মজীৱনীমূলক বিৱৰণী চিত্ৰিত কৰা হৈছে।[3] বিপুল হৈছে একমাত্ৰ ভাৰতীয় কমেডিয়ান যাৰ নিজাকৈ এটা শ্ব’ আছে৷ তেওঁৰ অনলাইন ভিডিঅ’সমূহত বিভিন্ন প্লেটফৰ্মত (২০১৭ চনৰ আগষ্ট মাহলৈকে) ৭ কোটিতকৈ অধিক দৰ্শন আছে। শ্ব’টো তেওঁৰ কমেডিয়ান হোৱাৰ সংগ্ৰামৰ ওপৰত আবদ্ধ আৰু ছিজন-২ ত তেওঁৰ সফলতাৰ পিছৰ জীৱনক চিত্ৰিত কৰা হৈছে। তেওঁ কিছুমান পৰ্যবেক্ষণমূলক কমেডী কৰাৰ বাবে তেওঁক প্ৰায়ে ইণ্ডিয়ান ছেইনফেল্ড বুলি কোৱা হয়।[4]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

ভাৰতৰাজস্থানৰ ফালনা পালি মাৰৱাৰত বিপুল গোয়েলৰ জন্ম হৈছিল । তেওঁ ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন'লজি বম্বেত বৈদ্যুতিক অভিযান্ত্ৰিকী অধ্যয়ন কৰে।[5]কলেজীয়া জীৱনত ভ্ৰাম্যমাণ থিয়েটাৰৰ লগত তেওঁ জড়িত হৈছিল। তেওঁ নীতিন গুপ্তাৰ সৈতে "লাভ ইন ডিচেম্বৰ"ৰ অংশও আছিল। তেওঁ দ্য গ্ৰেট ইণ্ডিয়ান লাফটাৰ চেলেঞ্জৰ খ্যাতিৰ ভাৰতীয় ষ্টেণ্ড আপ কমেডিয়ান ৰাজু শ্ৰীবাস্তৱৰ পৰা বহুখিনি অনুপ্ৰাণিত হৈছিল।[6]

কৰ্মজীৱন

[সম্পাদনা কৰক]

গোৱেল স্বচ্ছ কমেডীৰ পথ প্ৰদৰ্শক আৰু তেওঁৰ বিষয়বস্তু ভাৰতীয় পিতৃ, ফেচবুক, অভিযান্ত্ৰিক, শচীন তেণ্ডুলকাৰ, ভাৰতীয় ৰেল, ডেটিং, পৰিচালনা, আৰু ৰাজনীতি আদি বিষয়ৰ ওপৰত আধাৰিত।[7][8]

ভাৰতীয় ষ্টেণ্ডআপ দৃশ্য বা সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত তেওঁৰ হাস্যৰসময়ী দৃষ্টিভংগীৰ বিষয়ত আলোচনাৰ বাবে তেওঁক নিয়মিতভাৱে সংবাদ মাধ্যমৰ মঞ্চলৈ আমন্ত্ৰণ জনোৱা হয়।[9][10]

তেওঁ নিয়মিতভাৱে সমগ্ৰ দেশৰ কলেজ আৰু কোম্পানীসমূহত অনুষ্ঠান পৰিৱেশন কৰে আৰু ২০১৬ চনৰ শেষৰ ফালে আৰম্ভ হোৱা প্ৰথম চৰকাৰী ভ্ৰমণলৈ যায় যি ২০১৭ চনলৈকে বৰ্তি থাকে।[11]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "The Viral Fever Videos: Vipul Goyal takes a dig at Bilawal Bhutto's statement on Kashmir". India.com. 3 October 2014. http://www.india.com/stream/the-viral-fever-videos-vipul-goyal-takes-a-dig-at-bilawal-bhuttos-statement-on-kashmir-164617/. 
  2. Gupta, Soumya. "TVF is Back Again with its 4th Iconic Web Series Humorously Yours" (en ভাষাত). BW Disrupt. http://bwdisrupt.businessworld.in/article/TVF-is-Back-Again-with-its-4th-Iconic-Web-Series-Humorously-Yours-/19-12-2016-109998/. 
  3. "TVF's new web series Humorously Yours is a look at the life of a stand-up comic" (en-US ভাষাত). Firstpost. 2016-12-18. http://www.firstpost.com/entertainment/tvfs-new-web-series-humorously-yours-is-a-look-at-the-life-of-a-stand-up-comic-3143600.html. 
  4. "Will the real guy, please stand up? - Bangalore Mirror -". Bangalore Mirror. http://bangaloremirror.indiatimes.com/entertainment/lounge/will-the-real-guy-please-stand-up/articleshow/58873803.cms. 
  5. Murthy, Neeraja (24 June 2014). "One for the laughs". The Hindu. https://www.thehindu.com/features/metroplus/one-for-the-laughs/article6144973.ece?secpage=true&secname=entertainment. 
  6. "Vipul Goyal: My struggle finally ended with Humorously Yours" (en ভাষাত). The Indian Express. 2019-06-18. https://indianexpress.com/article/entertainment/web-series/humorously-yours-2-vipul-goyal-on-tvf-series-5786489/। আহৰণ কৰা হৈছে: 2021-08-27. 
  7. "Funny way to go viral | Business Line". thehindubusinessline.com. http://www.thehindubusinessline.com/features/life/funny-way-to-go-viral/article2737895.ece. 
  8. "Mumbai comedians make small towns laugh with desi gags - The Times of India". timesofindia.indiatimes.com. http://timesofindia.indiatimes.com/city/mumbai/Mumbai-comedians-make-small-towns-laugh-with-desi-gags/articleshow/29026328.cms. 
  9. "Stand-Up Comedians Adda (Part 1) | Film Companion" (en ভাষাত). https://www.filmcompanion.in/article/stand-up-comedians-adda-film-companion-part-one. 
  10. Humorously Yours Team (2017-08-01), Vipul Goyal on Modiji and Taxes, https://www.youtube.com/watch?v=cq0U17Yfx_Q, আহৰণ কৰা হৈছে: 2017-08-12 
  11. "Vipul Goyal" (en ভাষাত). www.facebook.com. https://www.facebook.com/humorouslyyours/photos/a.271272622951862.65090.183874938358298/1350148835064230/?type=3&theater। আহৰণ কৰা হৈছে: 2017-08-12. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]