সমললৈ যাওক

বিপ্লৱী (চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বিপ্লৱী

বিপ্লৱী ছবিৰ এটা দৃশ্য
পৰিচালক অসিত সেন
প্ৰযোজক কালিপ্ৰসাদ বিহানী
সংগীত পৰিচালক শিৱপ্ৰসাদ ভট্টাচাৰ্য
মুক্তি
১৯৫০
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

বিপ্লৱী (ইংৰাজী: Biplobi) ১৯৫০ চনত মুক্তি পোৱা অসিত সেন পৰিচালিত আৰু কৃষ্ণা ফিল্মচৰ বেনাৰ কালীপ্ৰসাদ বিহানীৰ দ্বাৰা প্ৰযোজিত এখন অসমীয়া কথাছবি। বিপ্লৱী আছিল পিছলৈ বঙালী আৰু হিন্দী চলচ্চিত্ৰৰ পৰিচালক হিচাপে খ্যাতি অৰ্জন কৰা পৰিচালক অসিত সেনৰ প্ৰথম ছবি। চলাচল (বঙালী), পঞ্চতপা (বঙালী), জীৱন-তৃষ্ণা (বঙালী), মমতা (হিন্দী), বিৰাজ বহু (হিন্দী) আদি হ'ল সেনে পৰিচালনা কৰা কেইখনমান প্ৰখ্যাত ছবি।[1]

১৯৪২ চনৰ গণ আন্দোলনৰ আধাৰত ছবিৰ কাহিনী ৰচনা কৰা হৈছিল।[1] 'বিপ্লৱী' দেশৰ বাবে আত্মত্যাগ কৰা এজন বিপ্লৱীৰ কাহিনী।[2][3]

শিৱপ্ৰসাদ ভট্টাচাৰ্যই ছবিখনৰ সঙ্গীত পৰিচালনা কৰিছিল। গীত লিখিছিল ভূপেন হাজৰিকা আৰু মলিন বৰাই। গাইছিল ভূপেন হাজৰিকা, শিৱপ্ৰসাদ ভট্টাচাৰ্য আদিয়ে।[4]

গীতৰ শীৰ্ষ
নং শিৰোনামগীতিকাৰকন্ঠশিল্পী দৈৰ্ঘ্য
1. "অ' আমি তেজাল গাঁৱলীয়া, গাঁৱৰে ৰাখিম মান,
নাঙল যুঁৱলীৰে পৃথিৱী সজাওঁ, ৰ'দতে তিৰেবিৰায় জান"  
ভূপেন হাজৰিকাভূপেন হাজৰিকা আৰু অন্যান্য  
2. "অ' ভাৰতীৰে অ' পৃথিৱীৰে স্বাধীনচিতিয়া দল, ভাৰতী স্বাধীন হ'ল"  ভূপেন হাজৰিকাভূপেন হাজৰিকা আৰু অন্যান্য  
3. "ধূলিৰ ধৰাত আপোন পাহৰি খেলিছোঁ কেবল ধূলিৰ খেলা,
জীৱন নদীৰ সোঁতত এৰিলি বাসনাৰে ভৰা ৰঙীন খেলা"  
মলিন বৰাশিৱপ্ৰসাদ ভট্টাচাৰ্য  

গীত সংকলন ৱেবচাইটত বিপ্লৱীৰ গীত

[সম্পাদনা কৰক]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 মঞ্চলেখা, পৃঃ ৩১০, অতুলচন্দ্ৰ হাজৰিকা, লয়াৰ্চ বুকষ্টল, গুৱাহাটী, ১৯৯৫. 
  2. "Biplobi- Assamese Film". https://www.assams.info/movies/biplabi-1948. 
  3. 3.0 3.1 "Assamese Movie List". Archived from the original on 2020-01-12. https://web.archive.org/web/20200112045634/http://www.boxofficeassam.com/movie-genre/drama/page/2/। আহৰণ কৰা হৈছে: 2020-01-12. 
  4. অসমীয়া বোলছবিৰ গীতৰ সংকলন,পৃঃ ২৪-২৬, সংকলক/সম্পাদন বাবুল দাস, বাণী মন্দিৰ, ডিব্ৰুগড়. 1985.