বিপ্ৰদাস পিপলাই
বিপ্ৰদাস পিপলাই (ইংৰাজী: Bipradas Pipilai; বিপ্ৰদাস পিপিলাই বুলিও লিখা হয়) পঞ্চদশ শতিকাৰ এগৰাকী বিশিষ্ট বঙালী কবি আছিল। তেওঁ আছিল পশ্চিমবংগৰ বৰ্তমানৰ উত্তৰ ২৪ পৰগনা জিলাৰ বাদুড়িয়া-বটগ্ৰামৰ বাসিন্দা আৰু মুকুন্দ পিপলাইৰ পুত্ৰ। বিপ্ৰদাস মনসা-পাঁচালীৰ সবাতোকৈ পুৰণি কবি।[1] মনসাৰ সম্পূৰ্ণ কাহিনী কেৱল তেওঁৰ কাব্যতহে পোৱা যায়। ১৪৯৫–৯৬ চনৰ ভিতৰত গৌড়ৰ ৰজা হুছেইন শ্বাহৰ ৰাজত্বকালত তেওঁ ‘মনসাবিজয়’ কাব্য পুথিখন ৰচনা কৰিছিল।
মনসাবিজয় কাব্য
[সম্পাদনা কৰক]বিপ্ৰদাস পিপলাই, সৰ্পদেৱী মনসাৰ মাহাত্ম্য প্ৰচাৰৰ উদ্দেশ্যে ৰচিত মনসামংগল কাব্যধাৰাৰ এগৰাকী আগশাৰীৰ কবি আছিল।[2][3] এতিয়ালৈকে তেওঁৰ চাৰিখন কাব্য পুথি আৱিষ্কৃত হৈছে। ১৮৯৭ চনত হৰপ্ৰসাদ শাস্ত্ৰীয়ে তেতিয়ালৈকে আৱিষ্কাৰ হোৱা চাৰিখন পাণ্ডুলিপিৰ আধাৰত তেওঁৰ কাব্যৰ এটি অসমাপ্ত সংস্কৰণ সম্পাদনা কৰি প্ৰকাশ কৰে। ১৯৫৩ চনত ভাষাবিদ সুকুমাৰ সেনে বিপ্ৰদাস পিপলাইৰ মনসা বিজয়[4] শীৰ্ষক তেওঁৰ কাব্যৰ এটি সম্পূৰ্ণ সংস্কৰণ সম্পাদনা কৰি প্ৰকাশ কৰে। এই সংস্কৰণটো এছিয়াটিক ছ'চাইটিৰ বিব্লিঅʼথেকা ইণ্ডিকা গ্ৰন্থমালাৰ অন্তৰ্গত আছিল। এতিয়ালৈকে পোৱা তেওঁৰ তিনিখন পুথিৰ আধাৰত এই সংস্কৰণটো প্ৰস্তুত কৰা হৈছিল।[5] এই পুথিসমূহৰ পৰা পোৱা গ্ৰন্থ ৰচনাৰ তাৰিখটো হʼল ১৪১৭ শকাব্দ (১৪৯৫–৯৬ খ্ৰীষ্টাব্দ)।[6] বৰিশালৰ কবি বিজয়গুপ্তয়ো একে সময়তে তেওঁৰ মনসামংগল কাব্য ৰচনা কৰিছিল।[1]
কাব্যৰ বিষয়বস্তু
[সম্পাদনা কৰক]দেৱখণ্ড
[সম্পাদনা কৰক]ধৰ্মৰ আদেশ অনুসৰি, কালিদহ সাগৰত পদুমফুল ছিঙি থাকোঁতে পদুমৰ পাতত শিৱৰ বীৰ্যপাত ঘটে। বীৰ্যৰ টোপাল পানীত পৰাত নাগৰাজ বাসুকীৰ মাকে তাৰে পুতলা সাজি জীৱন্যাস কৰে; জন্ম হয় পদ্মাৱতীৰ। বাসুকীয়ে এই ছোৱালীজনীক নাগসকলৰ বিষভাণ্ডাৰৰ অধীশ্বৰী পাতে। শিৱৰ মানস-কৰ্মৰ ফলত জন্ম হোৱা হেতুকে শিৱই তেওঁৰ নাম ৰাখে মনসা। ব্ৰহ্মজ্ঞান দান কৰি শিৱই মনসাক ঘৰলৈ লৈ অহা দেখি শিৱ-পত্নী চণ্ডীয়ে ভুলকৈ তেওঁক নিজৰ সতীন বুলি ভাবে আৰু কুশৰ কাঁড়েৰে মনসাৰ এটি চকু কণা কৰি পেলায়। মনসাইও বিষ মাৰি চণ্ডীক মাৰি পেলায় যদিও সকলোৰে অনুৰোধত পুনৰ প্ৰাণ ঘূৰাই দিয়ে। চণ্ডীৰ ৰোষৰ পৰা মনসাক ৰক্ষা কৰিবলৈ শিৱই তেওঁক সিজুয়া পৰ্বতত কন্যা নেতাৰ ওচৰত থৈ আহে। সমুদ্ৰ মন্থনৰ সময়ত উত্থিত বিষ শিৱই পান কৰি মৃতবৎ হৈ পৰাত চণ্ডীৰ অনুৰোধত মনসাই শিৱৰ বিষহৰণ কৰিলে। তেতিয়াৰে পৰা মনসাই দেৱসমাজত সন্মানীয় স্থান পায়। জৰৎকাৰু মুনিৰ সৈতে মনসাৰ বিবাহ হৈছিল, তেওঁলোকৰ পুত্ৰ আস্তিক মুনি।
বণিকখণ্ড
[সম্পাদনা কৰক]চম্পক নগৰৰ অধীশ্বৰ আছিল বণিক চান্দ সদাগৰ। শিৱৰ মহাভক্ত চান্দে শিৱৰ পৰা মহাজ্ঞান লাভ কৰিছিল। মানুহৰ উপাসনা অবিহনে দেৱত্ব লাভ কৰাটো সম্ভৱ নহয়; গতিকে মনসাই চান্দক পূজা কৰিবলৈ অনুৰোধ কৰিলে। চান্দে শিৱৰ বাহিৰে অন্য কাৰোবাৰ পূজা কৰিবলৈ অস্বীকাৰ কৰিলে। আনকি পত্নী সনকাৰ মনসা-পূজাৰ কলহত হাঁতুৰিৰে কোব মাৰে। ক্ৰোধান্বিত মনসাই কৌশলেৰে চান্দৰ মহাজ্ঞান হৰণ কৰে আৰু তেওঁৰ ছয়পুত্ৰক বিষ দি হত্যা কৰে। তাৰ পিছত সমুদ্ৰপথত চান্দৰ বাণিজ্যতৰী 'সপ্তডিঙা মধুকৰ' ডুবাই চান্দক সৰ্বস্বান্ত কৰি পেলায়। চান্দে কোনোমতে প্ৰাণৰক্ষা কৰে। মনসাই পুনৰ ছলনাৰে স্বৰ্গৰ নৰ্তকদম্পতী অনিৰুদ্ধ-ঊষাক মৰ্ত্যলৈ পঠিয়ায়। অনিৰুদ্ধই চান্দৰ ঘৰত জন্ম গ্ৰহণ কৰে লখিন্দৰ ৰূপে, আৰু উজনি চহৰত সাধু-বণিকৰ ঘৰত বেহুলা ৰূপে ঊষাই জন্মগ্ৰহণ কৰে। বহুবছৰ পিছত, চান্দে সহায়-সম্বলহীনভাৱে চম্পক নগৰত এজন উন্মাত্ত পাগলৰ বেশত উপস্থিত হয়। অৱশেষত পিতা-পুত্ৰৰ মিলন ঘটিল। বেহুলাৰ সৈতে লখিন্দৰৰ বিবাহ ঠিক হʼল। ইফালে মনসাই বৃদ্ধাৰ বেশেৰে আহি ছলনাৰে বেহুলাক শাও দিলে। সাতালি পৰ্বতত লোৰে কইনাকক্ষ নিৰ্মাণ কৰা হʼল। কিন্তু গোপনে মনসাৰ নিৰ্দেশত এটি সুৰুঙা ৰখা হʼল। সেই সুৰুঙায়েদি কালনাগিনী সুমুৱাই লখাইক দংশন কৰিলে। বেহুলাই স্বামীৰ মৃতদেহ লৈ কলগছৰ ভুৰত উঠিয়ে মনসাৰ উদ্দেশ্যে ৰাওনা হʼল। বহু বাধা-বিপত্তি অতিক্ৰম কৰি অৱশেষত নেতাই ধুবুনীৰ সহায়ত বেহুলা দেৱপুৰীত উপস্থিত হয়। বেহুলাই নৃত্য কৰি দেৱতাসকলক সন্তুষ্ট কৰিলে। দেৱতাসকলৰ আদেশত মনসাই লখীন্দৰৰ প্ৰাণ ঘূৰাই দিলে। বেহুলাৰ সতীত্বৰ মহিমাত মুগ্ধ হৈ অৱশেষত চান্দেও মনসাৰ পূজা কৰিলে। মৰ্ত্যবাসৰ সময়সীমা শেষ হোৱাত বেহুলা-লখীন্দৰে পুনৰ ইন্দ্ৰসভাত স্থান লাভ কৰে।
গুৰুত্ব
[সম্পাদনা কৰক]বিপ্ৰদাসৰ কাব্যৰ বিশেষভাৱে উল্লেখযোগ্য বৈশিষ্ট্য হৈছে চান্দ সদাগৰৰ বাণিজ্যিক পথৰ বিশদ বিৱৰণ। এই বিৱৰণৰ পৰা সপ্তগ্ৰাম আৰু সেই সময়ৰ হুগলী- সৰস্বতী নদীৰ নিম্ন অৱবাহিকাৰ এখন স্পষ্ট ছবি পোৱা যায়। খড়দহ, চুচুড়া, কলকাতা, দেগঙ্গা, কোন্নগৰ, নৈহাটি আদি নদী বন্দৰৰ নাম তেওঁৰ কাব্যত উল্লেখ আছে।[1]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 সুবোধ সেনগুপ্ত ও অঞ্জলি বসু সম্পাদিত, সংসদ বাঙালি চৰিতাভিধান, প্ৰথম খণ্ড, সাহিত্য সংসদ, কলকাতা, দ্বিতীয় মুদ্ৰণ, নভেম্বৰ ২০১৩, পৃষ্ঠা ৪৭৯, আই.এচ.বি.এন. 978-81-7955-135-6
- ↑ Biswas, Achintya (2002). Bipradas Pipilaiyer Manasamangal. http://archive.org/details/in.ernet.dli.2015.266597.
- ↑ "কলকাতাৰ কাছেই, অথচ এক পৃথিবী দূৰে ‘ডানলপ চৰ’" (bn ভাষাত). Indian Express Bangla. 2019-11-16. https://bengali.indianexpress.com/feature/life-on-river-hooghly-sandbank-kolkata-dunlop-bansberia-160488/। আহৰণ কৰা হৈছে: 2024-05-03.
- ↑ Sen, Sukumar (1953). Vipradāsa's Manasā-Vijaya. Asiatic Society, Calcutta.
- ↑ Sen, Sukumar (1991, reprint 2007). Bangala Sahityer Itihas, Vol.I বঙালী, Kolkata: Ananda Publishers, আই.এচ.বি.এন. 81-7066-966-9, p.199
- ↑ Sen, Sukumar (1991, reprint 2007). Bangala Sahityer Itihas, Vol.I, বঙালী, Kolkata: Ananda Publishers, আই.এচ.বি.এন. 81-7066-966-9, pp.161-78