সমললৈ যাওক

বিবেকানন্দ বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বিবেকানন্দ বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়
অৱস্থান
নিউ বঙাইগাঁও, চহৰ: বঙাইগাঁও, অসম, ডাক সূচাংক - ৭৮৩৩৮১
অসম
প্ৰাথমিক তথ্যসমূহ
প্ৰকাৰ পাব্লিক, সহ-শৈক্ষিক
নীতি তমসো মা জ্যোতিৰ্গমহযঃ
প্ৰতিষ্ঠাকাল 1965
প্ৰতিষ্ঠাপক [শক্তিপদ চট্টোপাধ্যায়
বিদ্যালয়ৰ বিভাগ বঙাইগাঁও
কৰ্মচাৰী ৫+
ফেকাল্টী ৪৫+
ছাত্ৰৰ সংখ্যা ৭০০+
শ্ৰেণী প্ৰিপ - ১২
কেম্পাছ
অন্তৰ্ভূক্তি SEBA

বিবেকানন্দ বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়[1] হৈছে নিউ বঙাইগাঁৱৰ ৰেলৱে টাউনশ্বিপৰ কেন্দ্ৰীয় কলনী অঞ্চলত ১৯৬৫ চনত প্ৰতিষ্ঠিত এখন বাংলা মাধ্যমৰ বিদ্যালয়। এই বিদ্যালয় SEBAৰ অধীনত চলা বঙালি মাধ্যমৰ বিদ্যালয়। প্ৰাক-বিদ্যালয়ৰপৰা দশম শ্ৰেণীলৈ শিক্ষাৰ ব্যৱস্থা বঙালীত কৰা হয় আৰু উচ্চতৰ মাধ্যমিক শাখাত (একাদশ শ্ৰেণী পৰা দ্বাদশ শ্ৰেণী) কেৱল কলা (Arts) শাখাত অসমীয়াত শিক্ষা দিয়া হয়। বিদ্যালয়খনৰ তিনিটা প্ৰশাসনিক শাখা আছে - প্ৰি-নাৰ্ছাৰীৰপৰা পঞ্চম শ্ৰেণীলৈকে (LP), পঞ্চম শ্ৰেণীৰপৰা অষ্টম শ্ৰেণীলৈকে (ME), আৰু নৱম শ্ৰেণীৰপৰা দ্বাদশ শ্ৰেণীলৈকে (উচ্চতৰ)। এই তিনিটা শাখাৰ বাবে পৃথক- পৃথক বিদ্যালয়ৰ ভৱন আছে। বিদ্যালয়খন কো-এডুকেশ্যন পৰিৱেশত চলিছে।

বিদ্যালয়খন ১৯৬৫ চনত প্ৰতিষ্ঠা হৈছিল। বহুজন প্ৰথম আগ্ৰহী ব্যক্তিৰ প্ৰচেষ্টাত বিদ্যালয়খন আৰম্ভ হৈছিল, য'ত প্ৰথম প্ৰধান শিক্ষক শক্তিপদ চট্টোপাধ্যায় বিশেষভাৱে উল্লেখযোগ্য। বিদ্যালয়খনৰ বাবে অঞ্চলখন ১০০ বছৰলৈ ভাড়াত দিয়া হৈছিল।

ছাত্ৰৰ বাবে খাকি পেণ্ট আৰু বগা কমিজ, ছাত্ৰীৰ বাবে ৭ম শ্ৰেণীলৈ সেউজী স্কাৰ্ট আৰু বগা কমিজ। ৮ম শ্ৰেণীৰপৰা ছাত্ৰীয়ে সেউজী সলিকাই বগা চুলাই পৰিধান কৰিব লাগে।

প্ৰাৰ্থনা

[সম্পাদনা কৰক]

বিদ্যালয়খন ভাৰতীয় ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম গাই আৰম্ভ কৰে।

বিবেকানন্দ বিদ্যাপীঠ বঙাইগাঁৱৰ অন্যতম প্ৰধান বিদ্যালয়। বিদ্যালয়খনৰ ফলাফল প্ৰতি বছৰে উন্নতি হৈছে। বিগত ছাত্ৰ-ছাত্ৰীসকলৰ ভিতৰত সিদ্ধাৰ্থ শৰ্মা আছিল, যিজনে HSLC পৰীক্ষা ২০০৮ত অসমৰ ভিতৰত ১৩ম স্থান লাভ কৰিছিল। বিশেষকৈ বিদ্যালয়খন সাংস্কৃতিক কাৰ্যকলাপৰ বাবে জনাজাত।

ক্ৰীড়া দিৱস

[সম্পাদনা কৰক]

বিদ্যালয়খন প্ৰতিবছৰে ক্ৰীড়া দিৱস আয়োজন কৰে, য’ত বহু ধৰণৰ খেল-ধুলাৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়।

বিদ্যালয় পত্ৰিকা

[সম্পাদনা কৰক]

অৰ্ঘ্য বিদ্যালয়খনৰ পত্ৰিকা, যিটো ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকে মিলি প্ৰকাশ কৰে।

সংস্কৃতি আৰু অনুষ্ঠান

[সম্পাদনা কৰক]

বিবেকানন্দ বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষাৰ সৈতে সংগতি ৰাখি সাংস্কৃতিক জীৱনো সমৃদ্ধ। বিদ্যালয়খনত প্ৰতিবছৰে একাধিক অনুষ্ঠান অনুষ্ঠিত হয়, যেনে স্বাধীনতা দিৱস, ৰবীন্দ্ৰ জয়ন্তী, শিক্ষক দিৱস, সৰস্বতী পূজা, সাংস্কৃতিক প্ৰতিযোগিতা ইত্যাদি। ছাত্ৰ-ছাত্ৰীসকলে নাটক, নৃত্য, গান আৰু বক্তৃতাত অংশগ্ৰহণ কৰে। বিশেষকৈ বঙালি আৰু অসমীয়া পৰম্পৰাগত গান আৰু নৃত্যৰ প্ৰতি আগ্ৰহ আছে। এই অনুষ্ঠানসমূহে শিক্ষাৰ্থীৰ আত্ম-বিশ্বাস বৃদ্ধি কৰে আৰু তেওঁলোকক সামাজিক আৰু সাংস্কৃতিক দিশৰ সৈতে সংযুক্ত কৰে। বিদ্যালয়খনৰ সাংস্কৃতিক কাৰ্যকলাপসমূহে ছাত্ৰ-ছাত্ৰীৰ মেধা বিকাশৰ লগতে ব্যক্তিত্ব বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা ৰাখে।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]