বিবেকা বাবাজী
বিবেকা বাবাজী | |
---|---|
জন্ম | বিবেকা বাবাজী ২৭ মে', ১৯৭৩ প'ৰ্ট লুইছ, মৰিছাছ |
মৃত্যু | ২৫ জুন, ২০১০ (৩৭ বছৰ) বান্দ্ৰা, মুম্বাই, ভাৰত |
'Modeling information' | |
Height | ৫ ফুট ৯ ইঞ্চি (১.৭৫ মিটাৰ) |
Hair color | ক’লা |
Eye color | ক’লা |
বিবেকা বাবাজী (২৭ মে’ ১৯৭৩ – ২৫ জুন ২০১০) এগৰাকী মৰিছাছৰ অভিনেত্ৰী, ম’ডেল আৰু সৌন্দৰ্য্য প্ৰতিযোগিতা বিজয়ী আছিল। তেওঁ মিছ মৰিছাছ ৱাৰ্ল্ড ১৯৯৩ আৰু মিছ মৰিছাছ ইউনিভাৰ্ছ ১৯৯৪ খিতাপ লাভ কৰিছিল।[1][2] তেওঁ ১৯৯০ চনৰ দশকত কামসূত্ৰ কণ্ডমৰ বিজ্ঞাপনসমূহৰ বাবে জনপ্ৰিয় আছিল[3] আৰু ১৯৯৪ চনৰ মানিলা চলচ্চিত্ৰ উৎসৱ কেলেংকাৰীৰ সৈতে জড়িত আছিল।[4]
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]বিবেকা বাবাজী ১৯৭৩ চনৰ ২৭ মে’ তাৰিখে প'ৰ্ট লুইচ, মৰিছাছত জন্মগ্ৰহণ কৰে। তেওঁৰ মাতৃ মাৰাঠী আছিল আৰু হায়দৰাবাদ, ভাৰতত জন্ম গ্ৰহণ কৰিছিল। ১৯৯০ চনৰ দশকৰ মধ্যভাগত বাবাজী ভাৰতলৈ গুচি আহিছিল।
সৌন্দৰ্য্য প্ৰতিযোগিতা
[সম্পাদনা কৰক]বিবেকা বাবাজীয়ে ১৯৯৩ চনত দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হোৱা মিছ ৱাৰ্ল্ডত আৰু ১৯৯৪ চনত ফিলিপাইনত অনুষ্ঠিত হোৱা মিছ ইউনিভাৰ্ছত অংশগ্ৰহণ কৰিছিল। তেওঁ মানিলা চলচ্চিত্ৰ উৎসৱ ১৯৯৪ত সহ-উপস্থাপক আছিল, য'ত এক কেলেংকাৰীৰ অংশ হিচাপে ভুল বিজয়ীৰ নাম ঘোষণা কৰিছিল।[5]
কৰ্মজীৱন
[সম্পাদনা কৰক]বাবাজীয়ে ভাৰতত কামসূত্ৰ কণ্ডমৰ বিজ্ঞাপনযোগে জনপ্ৰিয়তা লাভ কৰিছিল। তেওঁ দালেৰ মেহেন্দীৰ "বুম বুম", হৰভজন মানৰ "হায় মেৰী বিল্ল'" আৰু এবেৰ "ফিৰ ছে" গীতৰ ভিডিঅ’ত অভিনয় কৰিছিল। ২০১০ চনত তেওঁ নিজৰ অনুষ্ঠান পৰিচালনা সংস্থা "VIBGYOR ENT" আৰম্ভ কৰিছিল।
মৃত্যু
[সম্পাদনা কৰক]২০১০ চনৰ ২৫ জুন, বিবেকা বাবাজীক তেওঁৰ বান্দ্ৰা, মুম্বাইৰ বাসগৃহত পংখাৰ সৈতে ওলমি থকা অৱস্থাত মৃত পোৱা যায়। আৰক্ষীৰ অনুসন্ধান অনুসৰি তেওঁ আত্মহত্যা কৰিছিল। তেওঁৰ দিনলিপিত লিখা আছিল, "you killed me, Gautam Vohra,"[6] আৰু কিছু বাতৰি উৎসৰ মতে, তেওঁ তেওঁৰ প্ৰেমিক গৌতম ভোৰাৰ পৰা পৃথক হোৱা বাবে বিষাদগ্ৰস্ত হৈছিল।[7]
চলচ্চিত্ৰ
[সম্পাদনা কৰক]বছৰ | চলচ্চিত্ৰ | চৰিত্ৰ | ভাষা | মন্তব্য |
---|---|---|---|---|
2002 | য়ে কেয়ছী মোহব্বত | প্ৰিয়া ঠাক্ৰাল | হিন্দী | বলিউড অভিষেক |
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- বিবেকা বাবাজী সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "List of Former Miss Mauritius World". Miss Mauritius Organisation. Archived from the original on 27 July 2011. https://web.archive.org/web/20110727085639/http://missmauritius2007.org/index.php?option=com_content&task=view&id=28&Itemid=48। আহৰণ কৰা হৈছে: 26 June 2010.
- ↑ "List of Former Miss Mauritius Universe". Miss Mauritius Organisation. Archived from the original on 27 July 2011. https://web.archive.org/web/20110727090309/http://missmauritius2007.org/index.php?option=com_content&task=view&id=29&Itemid=43। আহৰণ কৰা হৈছে: 26 June 2010.
- ↑ "Rare Kamasutra Condom Ad" (VID). YouTube. 2010-06-27. https://www.youtube.com/watch?v=zdt6nk5q_9A.
- ↑ Requintina, Robert R (26 June 2010). "Supermodel-actress Viveka Babajee hangs self in India". Manila Bulletin. http://www.mb.com.ph/articles/263943/supermodelactress-viveka-babajee-hangs-self-india.
- ↑ Lo, Ricky (29 June 2010). "FUNFARE: Miss Mauritius: I'm also a victim". The Philippine Star. https://www.philstar.com/entertainment/2010/06/29/588276/miss-mauritius-im-also-victim.
- ↑ "A nightmare birthday for Gautam Vohra". http://www.punemirror.in/index.aspx?page=article§id=3&contentid=201006262010062623100358e4b99d4§xslt=। আহৰণ কৰা হৈছে: 14 January 2012.
- ↑ "Facebook messages provide new leads in Viveka case", 13 August 2010, NDTV