বিবেক দেবৰয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
বিবেক দেবৰয়
জন্ম ২৫ জানুৱাৰী, ১৯৫৫
বাসগৃহ নতুন দিল্লী, ভাৰত
শিক্ষানুষ্ঠান প্ৰেচিডেন্ছী মহাবিদ্যালয়, কলকাতা
দিল্লী বিশ্ববিদ্যালয়
ত্ৰিনিটী মহাবিদ্যালয়, কেমব্ৰিজ
পেচা অৰ্থনীতিবিদ

বিবেক দেবৰয়ৰ ১৯৫৫ চনৰ ২৫ জানুৱাৰিত তেখেতৰ জন্ম হৈছিল। ব্যক্তিগত জীৱনত তেও এজন অৰ্থনীতিবিদ। নতুন দিল্লীত অৱস্থিত চেন্টাৰ ফৰ পলিচি ৰিচাৰ্চ নামৰ প্ৰতিস্থানত তেও ২০০৭ চনলৈ অধ্যাপকতা কৰিছিল। চিংগাপুৰ ৰাষ্টীয় বিশ্ববিদ্যালয়তো তেও প্ৰবাসী অধ্যাপক হিছাপে কৰ্মৰত আছিল। বৰ্তমান তেও ভাৰত চৰকাৰৰ যোজনা সমিতিৰ এজন পুৰ্নকালিন সদস্য। বৰ্তমান ভাৰতবৰ্ষৰ ৰেল বাজেট খন নিৰ্মানত দেবৰয় দেবৰ বিশেষ অৰিহনা আছে।

জীৱনী[সম্পাদনা কৰক]

দেবৰয় দেৱে ৰামকৃষ্ণ মিচন নৰেন্দপুৰৰ পৰা প্ৰাথমিক শিক্ষা গ্ৰহন কৰে। তেখেতে কলিকতা বিশ্ববিদ্যালয়ৰ অন্তৰ্গত প্ৰেচিডেন্ছী মহাবিদ্যালয়ৰ পৰা উচ্চশিক্ষা গ্ৰহন কৰে আৰু লগতে দিল্লী অৰ্থনিতি বিদ্যালয়ৰ পৰা অৰ্থনৈতিক শিক্ষা গ্ৰহন কৰে। দেবৰয় দেৱে পিছলৈ কেমব্ৰীজ বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ট্ৰিনিটি মহাবিদ্যালয়তো শিক্ষা গ্ৰহন কৰিছিল। তেও ভাৰতবৰ্ষৰ বিত্ত মন্ত্ৰালয়ৰ বিশেষ উপদেশদাতা ৰ লগতে মুখ্য সম্পাদক আছিল। তেও ৰাজিৱ গান্ধী ব্যবসায়ী প্ৰতিস্থানৰ আৰু পি.এইচ.ডি কেন্দৰ নিৰ্দেশক আছিল। ব্যক্তিগত জীৱনত তেও বহুতো মুল্যৱান গ্ৰন্থ লিখাৰ ওপৰিও ভাৰতৰ বাণিজ্যক কাকত বোৰতো তেওৰ মুল্যবান লিখনি লেখত লবলগিয়া।

বিবেক দেৱৰয় ২০০৪ চনৰ পৰা ২০০৯ চনলৈ ৰাষ্টীয় নিৰ্মান প্ৰতিস্থান পৰিসদৰ সদস্য হিচাপে সেৱা আগবঢ়াইছিল। ২০১৩ চনলৈ দেবৰয় দেৱে ৰাজস্থান চৰকাৰৰ বিত্তিয় বিভাগৰ সদস্য হিছাপে কাম কৰিছিল। ২০১৪ বৰ্ষলৈ তেও ৰেল মন্ত্ৰালয়ৰ বিশেষ বিভাগৰ অধ্যক্ষ আছিল। প্ৰেছিডেন্চী মহাবিদ্যালয় কলিকতা, গোখলে ৰাজনীতি আৰু বাণিজ্যিক প্ৰতিস্থান, ভাৰতীয় বাণিজ্যিক প্ৰতিস্থানত ৰাষ্টীয় পৰিষদ তথা বাণিজ্যিক বিষয়ত বিশেষ শিক্ষা দান কৰিছিল।

দেবৰয় দেৱে ২০১০ চনত ভাৰতৰ পুণ্য গ্ৰন্থ মহাভাৰতৰ ইংৰাজি ভাষাত অনুবাদ আৰম্ভ কৰিছিল আৰু ২০১৪ চনত ১০টা খন্দত প্ৰকাশ কৰি উলিয়াইছিল।

ভাৰতবৰ্ষৰ চতুৰ্থ বিশেষ সন্মান পদ্মশ্ৰী সন্মানেৰে তেওক কেন্দ্ৰীয় চৰকাৰে ২০১৫ চনত সন্মানিত কৰে।