সমললৈ যাওক

বিভাণ্ডক

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বিভাণ্ডক
সম্পৰ্ক ঋষি
সন্তান ঋষ্যশৃংগ
হিন্দু পাঠ্য মহাভাৰত

বিভাণ্ডক হিন্দু ধৰ্মৰ এজন ঋষি। তেওঁ ঋষি কাশ্যপৰ বংশৰ অন্তৰ্গত। ৰামায়ণত বৰ্ণিত ঋষ্যশৃংগ আছিল, তেওঁৰ পুত্ৰ।[1]

মহাভাৰতত এটা কাহিনী বৰ্ণিত আছে যে, ঋষি বিভাণ্ডকে এবাৰ অপ্সৰীসকলৰ ভিতৰত আটাইতকৈ ধুনীয়া উৰ্বশীক দেখা পোৱাৰ সুযোগ পাইছিল। তেওঁক লক্ষ্য কৰি থকাৰ সময়ত তেওঁ ইমানেই উত্তেজিত হৈ পৰিছিল যে, তেওঁৰ বীৰ্যৰ স্খলন ঘটি তাৰ কিছু পানীত পৰিছিল। সেই পানীখিনি এজনী হৰিণীয়ে পান কৰাৰ ফলত হৰিণীজনী গৰ্ভৱতী হৈছিল আৰু এটা পুত্ৰ সন্তান জন্ম দিছিল, যাক ঋষি ঋষ্যশৃংগ নামেৰে জানো, কাৰণ ঋষিক তেওঁৰ জন্মৰ সময়ত তেওঁৰ মূৰত থকা শিংযোৰৰ বাবে তেনেকৈ নামকৰণ কৰিছিল।[2][3]

অদ্বৈত বেদান্তৰ মতে, আদি শংকৰে চাৰিটা মঠ স্থাপন কৰিছিল যাৰ মুখ্য কাৰ্যালয় পশ্চিমত দ্বাৰকা, পূবত জগন্নাথ পুৰী, দক্ষিণে শৃংগেৰী আৰু উত্তৰত বদৰিকাশ্ৰমআছিল।[4] প্ৰতিটো মঠৰ নেতৃত্ব দিছিল তেওঁৰ চাৰিজন মুখ্য শিষ্যৰ এজনকৈ, যি প্ৰত্যেকেই বেদান্ত সম্প্ৰদায় অব্যাহত ৰাখিছিল।

পাণ্ডেৰ মতে, এই মঠবোৰ শংকৰে নিজে প্ৰতিষ্ঠা কৰা নাছিল, প্ৰকৃততে ই বিভাণ্ডক আৰু তেওঁৰ পুত্ৰ ঋষ্যশৃংগৰদ্বাৰা প্ৰতিষ্ঠা হোৱা আশ্ৰম আছিল।[5] শংকৰে দ্বাৰকা আৰু শৃংগেৰীত থকা আশ্ৰমসমূহ উত্তৰাধিকাৰী হিচাপে লাভ কৰিছিল, আৰু শ্ৰঙ্গবেৰপুৰত থকা আশ্ৰমক বদৰিকাশ্ৰমলৈ, আৰু অংগদেশত থকা আশ্ৰমক জগন্নাথ পুৰীলৈ স্থানান্তৰিত কৰিছিল।[6] 

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. www.wisdomlib.org (2012-06-24). "Vibhandaka, Vibhaṇḍaka, Vibhāṇḍaka: 6 definitions" (en ভাষাত). www.wisdomlib.org. https://www.wisdomlib.org/definition/vibhandaka আহৰণ কৰা হৈছে: 2022-11-06.
  2. www.wisdomlib.org (2019-01-28). "Story of Vibhaṇḍaka" (en ভাষাত). www.wisdomlib.org. https://www.wisdomlib.org/hinduism/compilation/puranic-encyclopaedia/d/doc242054.html আহৰণ কৰা হৈছে: 2022-11-06.
  3. www.wisdomlib.org (2019-01-28). "Story of Ṛṣyaśṛṅga" (en ভাষাত). www.wisdomlib.org. https://www.wisdomlib.org/hinduism/compilation/puranic-encyclopaedia/d/doc241888.html আহৰণ কৰা হৈছে: 2022-11-06.
  4. Sankara Acarya Biography - Monastic Tradition Archived 8 May 2012 at the Wayback Machine
  5. Pandey 2000, পৃষ্ঠা. 4–5.
  6. Pandey 2000.
  • Pandey, S.L. (2000), Pre-Sankara Advaita. In: Chattopadhyana (gen.ed.), "History of Science, Philosophy and Culture in Indian Civilization. Volume II Part 2: Advaita Vedanta", প্ৰকাশক Delhi: Centre for Studies in Civilizations