সমললৈ যাওক

বিভা ঘোষ গোস্বামী

অসমীয়া ৱিকিপিডিয়াৰ পৰা

বিভা ঘোষ গোস্বামী (ইংৰাজী: Bibha Ghosh Goswami; ১২ জানুৱাৰী ১৯৩৪ – ৩ ফেব্ৰুৱাৰী ২০২২) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ৷ তেওঁ পশ্চিম বংগৰ নৱদ্বীপ (অনুসূচিত জাতিৰ বাবে সংৰক্ষিত সমষ্টি)ক ৫, ৬, ৭, আৰু ৮ নং লোকসভাত প্ৰতিনিধিত্ব কৰিছিল। তেওঁ ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ সদস্য আছিল।

প্ৰাথমিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

বিভা ঘোষৰ ১৯৩৪ চনৰ ১২ জানুৱাৰীত জন্ম হৈছিল৷ তেওঁ পূব বংগৰ (বৰ্তমান বাংলাদেশ) হিদিয়া গাঁৱত পিতৃ বনমালী গোস্বামী আৰু সুধামণি গোস্বামীৰ ঘৰত জন্ম হৈছিল। তেওঁ অনুসূচিত জাতিৰ সদস্যা। তেওঁ এম.এছ.টি.পি. জয়ছোৰ ছোৱালী হাইস্কুল আৰু কলিকতাৰ ব্ৰহ্ম বালিকা শিক্ষালয়ত অধ্যয়ন কৰে৷ পৰৱৰ্তী সময়ত তেওঁ লেডী ব্ৰাবৰ্ণত অধ্যয়ন কৰিবলৈ যায়।[1]

কৰ্মজীৱন

[সম্পাদনা কৰক]

বিভা ঘোষ গোস্বামীয়ে ১৯৭১–৭৭ চনলৈ পঞ্চম লোকসভা, ১৯৭৭-১৯৭৯ চনলৈ ষষ্ঠ লোকসভা, ১৯৮০-১৯৮৪ চনলৈ সপ্তম লোকসভা আৰু অষ্টম লোকসভাত কাৰ্যনিৰ্বাহ কৰিছিল। লোকসভাত থকা সময়ছোৱাত ১৯৭৭-১৯৮৪ চনলৈকে শিক্ষা, সমাজ কল্যাণ আৰু সংস্কৃতি মন্ত্ৰালয়ৰ পৰামৰ্শদাতা সমিতি আৰু ১৯৮১ চনত হিন্দু বিবাহ আইন (সংশোধনী)ৰ যুটীয়া সমিতিৰ তেওঁ সদস্য আছিল।[1]

১৯৮৩ চনত তেওঁ ৮১ নং বিল উত্থাপন কৰে য’ত মহিলা আৰু পুৰুষৰ সমান দৰমহাৰ ব্যৱস্থা আছিল৷ বিভা ঘোষৰ মতে-সংবিধানত ইয়াৰ বিষয়ে প্ৰস্তাৱ দিয়া হৈছে যদিও ইয়াক কাৰ্যত পালন কৰা হোৱা নাই। বিধেয়কখন সদনত গৃহীত হয়।[2]

১৯৮৫ চনত বিভা ঘোষে উদ্যোগত নিয়োজিত মহিলাসকলৰ বাবে সম্পদ যোগান ধৰিবলৈ আৰু কল্যাণৰ ব্যৱস্থা কৰিবলৈ ৩৭ নং বিল উত্থাপন কৰে। বিধেয়কখন বাতিল হয়।[2]

তেওঁ সতী প্ৰতিৰোধ আয়োগ আইনৰ লগতো জড়িত আছিল। ১৯৮৭ চনত তেওঁ অধিকাংশ মনোযোগ দিছিল সতী স্বেচ্ছামূলক হ'ব পাৰে বুলি ধাৰণাটোক পুনৰ কাঠামো প্ৰদান কৰাত।[3]

সংঘ আৰু কাৰ্যালয়

[সম্পাদনা কৰক]

১৯৭২ চনৰ পৰা নদিয়া জিলা, পশ্চিম বংগ গণতান্ত্ৰিক মহিলা সন্থাত সভানেত্ৰীৰ দায়িত্ব পালন কৰা বিভা ঘোষ গোস্বামীয়ে ১৯৭৪ চনৰ পৰা ১৯৭৯ চনলৈকে উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৮১ চনৰ পৰা তেওঁ নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সন্থাৰ[4]কাৰ্যনিৰ্বাহক সমিতিৰ সদস্য আছিল। ১৯৬০ চনৰ পৰা গোস্বামীয়ে সদৌ বংগ শিক্ষক সন্থাত বিভিন্ন পদবীত কাৰ্যনিৰ্বাহ কৰিছিল৷ তেওঁ পশ্চিম বংগ ৰাজ্যত ১৯৭৭ চনৰ পৰা ১৯৮২ চনলৈকে কল্যাণ পৰামৰ্শদাতা সমিতিৰ লগত জড়িত আছিল।[1]

ব্যক্তিগত জীৱন আৰু মৃত্যু

[সম্পাদনা কৰক]

বিভা গোস্বামীৰ চখৰ ভিতৰত শিক্ষা আৰু ইতিহাস আছিল অন্যতম৷ তেওঁ বিশেষভাৱে ৰবীন্দ্ৰ সংগীত উপভোগ কৰিছিল।[1]২০২২ চনৰ ৩ ফেব্ৰুৱাৰীত ৮৮ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।[5]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 1.3 "Members Bioprofile". 164.100.47.194. http://164.100.47.194/loksabha/writereaddata/biodata_1_12/2088.htm। আহৰণ কৰা হৈছে: 2017-07-29. 
  2. 2.0 2.1 Chopra, Joginder Kumar (1993-01-01) (en ভাষাত). Women in the Indian Parliament: A Critical Study of Their Role. Mittal Publications. ISBN 9788170995135. https://books.google.com/books?id=mjQ7zgQK9qcC&q=bibha+ghosh+goswami&pg=PA55. 
  3. Sharma, Mahendra K. (1996) (en ভাষাত). Minimum Sentencing for Offences in India: Law and Policy. Deep & Deep Publications. ISBN 9788171008407. https://books.google.com/books?id=5RolWJg5eVcC&q=bibha+ghosh+goswami&pg=PA229. 
  4. Kabira. "AIDWA - PROFILE OF DELEGATES OF 9th AIDWA CONFERENCE" (en ভাষাত). aidwaonline.org. Archived from the original on 2017-07-29. https://web.archive.org/web/20170729192223/http://aidwaonline.org/post/profile-of-delegates-of-9th-aidwa-conference। আহৰণ কৰা হৈছে: 2017-07-29. 
  5. "Condolence – Comrade Bibha Ghosh Goswami". AIDWA. 4 February 2022. https://www.aidwaonline.org/condolence-comrade-bibha-ghosh-goswami। আহৰণ কৰা হৈছে: 25 September 2024.