সমললৈ যাওক

বিভূষিতা দাস

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বিভূষিতা দাস
জন্ম কটক, ওড়িশা, ভাৰত
শিক্ষা চি. ভি. ৰমণ কলেজ অফ ইঞ্জিনিয়াৰ, ভুৱনেশ্বৰ(বি টেক.)
পেচা অন-বৰ্ড মেৰাইন ইঞ্জিনিয়াৰ
জনা যায় ওড়িশাৰ প্ৰথমগৰাকী মহিলা মেৰাইন ইঞ্জিনিয়াৰ

বিভুষিতা দাস এগৰাকী ভাৰতীয় মেৰাইন ইঞ্জিনিয়াৰ। তেওঁ প্ৰথমগৰাকী ওড়িয়া মহিলা যিয়ে মেৰাইন ইঞ্জিনিয়াৰ হৈছিল।[1][2][3] দাস হৈছে ওড়িশাৰপৰা অহা প্ৰথমগৰাকী মহিলা যিয়ে জাহাজত জাহাজ বিষয়া হিচাপে কাম কৰিছিল।[4][5][6][7] সম্পূৰ্ণ পুৰুষৰ দলৰ মাজত একমাত্ৰ মহিলা হিচাপে তেওঁ সামাজিক হেঁচাক অৱজ্ঞা কৰি আহিছে আৰু তাৰ বাবে তেওঁ সমাজৰ নীতি-নিয়ম নিজ লক্ষ্যপথৰ পৰা আঁতৰাই ৰাখিছে।[2][1]

প্ৰাথমিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

বিভুষিতা দাসৰ জন্ম হৈছিল ওড়িশাৰ কটকত আৰু তাতেই ডাঙৰ-দীঘল হৈছিল।[4] তেওঁৰ পিতৃ কৰুণাকৰ দাস ভাৰত সঞ্চাৰ নিগম লিমিটেডৰ (বি এছ এন এল) অৱসৰপ্ৰাপ্ত কৰ্মচাৰী।[6] চাৰিগৰাকী ভগ্নীৰ ভিতৰত সৰু, তেওঁ পিতৃ-মাতৃক তেওঁলোকৰ সমৰ্থন[5] আৰু উৎসাহৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে।[2]

বিভূষিতাই কয়, “মা আৰু দেউতাই সদায় আমাক পঢ়া-শুনা কৰিবলৈ উৎসাহিত কৰিছিল আৰু ছোৱালী আৰু ল’ৰাৰ মাজত কোনো পাৰ্থক্য নাই বুলি কৈছিল। মোৰ তিনিওজনী ভনী অভিযন্তা। কিন্তু মই একমাত্ৰ মেৰাইন ইঞ্জিনিয়াৰ।’’[2]

২০০৭ চনত ওড়িশাৰ ভুৱনেশ্বৰৰ চি ভি ৰমন কলেজ অৱ ইঞ্জিনিয়াৰিঙৰপৰা চাৰিবছৰীয়া প্ৰযুক্তিবিদ্যাত স্নাতক (বি টেক) ডিগ্ৰী সম্পূৰ্ণ কৰে দাসে। তেওঁৰ অভিযান্ত্ৰিক গোটৰ ৭ গৰাকী ছোৱালীৰ ভিতৰত তেওঁ একমাত্ৰ যিয়ে অন-ব'ৰ্ড চেলিঙৰ পথ বাছি লৈছিল।[3]

কেৰিয়াৰ

[সম্পাদনা কৰক]

বিভূষিতাই ছমাহ তিৰুনেলভেলীত প্ৰবক্তা হিচাপে কাম কৰাৰ পাছত ভাৰতীয় জাহাজ নিগমে তেওঁক নিযুক্তি দিয়ে আৰু অন-বৰ্ড পদৰ বাবে বাছি লয়।[3]

২০১২ চনত ভাৰতীয় জাহাজ নিগমৰ তৃতীয় অভিযন্তা হিচাপে পদোন্নতি লাভ কৰে।[1] ২০১৩ চনত মালবাহী জাহাজ এম ভি বিশ্বমহলৰ মেৰিন ইঞ্জিনিয়াৰ হিচাপে বিভূষিতা দাসক প'ৰ্ট ট্ৰাষ্টে সম্বৰ্ধনা জনায়, কাৰণ জাহাজখন অষ্ট্ৰেলিয়াৰপৰা বাটত পৰাদিপ বন্দৰত উপস্থিত হয়।[2]

তেওঁৰ কামত জাহাজৰ যন্ত্ৰ-পাতি পৰিচালনা কৰাত কঠোৰ শাৰীৰিক শ্ৰম জড়িত হৈ আছিল। কেতিয়াবা ভ্ৰমণ এবাৰত ছমাহলৈকে চলিব পাৰে।[2] তেওঁৰ চাকৰিৰ ফলত তেওঁ অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকা, তুৰস্ক, ব্ৰিটেইন, জাৰ্মানীকে ধৰি বহু দেশ ভ্ৰমণ কৰিবলৈ সক্ষম হৈছে।[1][2]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

২০১৮ চনৰ পৰা তেওঁ ৰুৰকেল্লাৰ ক'ৱেল নগৰত বাস কৰিছিল।[3]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 3 4 "Bibhusita Das became first Oriya woman marine engineer" (en-US ভাষাত). ORIYA NEWS. 2013-03-10. Archived from the original on 2018-12-05. https://web.archive.org/web/20181205203324/http://incredibleorissa.com/en/bibhusita-das-first-oriya-woman-marine-engineer/. "" Bibhusita said she got the job of a third engineer last year in Shipping Corporation of India and opted for onboard sailing.""
  2. 1 2 3 4 5 6 7 Ashis Senapati (9 March 2013). "First Odia lady marine engineer achieves cargo dreams - Times of India". The Times of India. https://timesofindia.indiatimes.com/city/bhubaneswar/First-Odia-lady-marine-engineer-achieves-cargo-dreams/articleshow/18872422.cms.
  3. 1 2 3 4 Priyanka Chandrakar (January 2018). "Meet Odisha's First Woman Marine Engineer;Queen Of The Blue Ocean;Proud Of You!" (en-US ভাষাত). Odisha Shines. Archived from the original on 2018-11-30. https://web.archive.org/web/20181130114447/http://www.odishashines.com/meet-odishas-first-woman-marine-engineer/ আহৰণ কৰা হৈছে: 2018-11-01. ""She graduated with marine engineering at CV RAMAN college in Bhubaneswar in 2007... I joined my first vessel going from Chennai to Port Blair in 2008""
  4. 1 2 Kar, Majoj (18 January 2013). "Girl ahoy! Maiden sailor first for state - Bibhusita Das is lone woman among 26 crew members on her ship". The Telegraph. https://www.telegraphindia.com/odisha/girl-ahoy-maiden-sailor-first-for-state-bibhusita-das-is-lone-woman-among-26-crew-members-on-her-ship/cid/346331 আহৰণ কৰা হৈছে: 2 January 2019. ""This young woman ... is the first woman officer from Odisha onboard a shipping vessel""
  5. 1 2 "Woman sailor makes Odisha proud". New Indian Express. 21 January 2013. https://www.newindianexpress.com/states/odisha/2013/jan/21/woman-sailor-makes-odisha-proud-445015.html আহৰণ কৰা হৈছে: 2 January 2019.
  6. 1 2 "First Odisha woman officer onboard a vessel". Hindu Businessline. 27 January 2013. https://www.thehindubusinessline.com/news/First-Odisha-woman-officer-onboard-a-vessel/article20569350.ece আহৰণ কৰা হৈছে: 2 January 2019.
  7. "Odia girl becomes marine engineer". The Hindu. 28 January 2013. https://www.thehindu.com/todays-paper/tp-national/tp-otherstates/odia-girl-becomes-marine-engineer/article4352590.ece আহৰণ কৰা হৈছে: 2 January 2019.