বিভৱ কুমাৰ তালুকদাৰ
| বিভৱ কুমাৰ তালুকদাৰ | |
|---|---|
| জন্ম | ১৯৬৮ ধুবুৰী, অসম |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| শিক্ষা | গৌহাটী বিশ্ববিদ্যালয় |
| পেচা | সংৰক্ষণ জীৱবিজ্ঞানী |
| সক্ৰিয় হৈ থকা সময় | ১৯৮৯–বৰ্তমান |
| জনা যায় | আৰণ্যক আৰু এছিয়ান গঁড় সংৰক্ষণ |
| বঁটা, সন্মান, পুৰস্কাৰ আদি |
|
বিভৱ কুমাৰ তালুকদাৰ (ইংৰাজী: Bibhab Kumar Talukdar) এজন ভাৰতীয় সংৰক্ষণবিদ আৰু জীৱবিজ্ঞানী। তেওঁ অসমৰ গুৱাহাটীত অৱস্থিত বন্যপ্ৰাণীৰ অগ্ৰণী বেচৰকাৰী সংস্থা আৰণ্যকৰ প্ৰতিষ্ঠাপক। ই ভাৰতৰ এটা বৈজ্ঞানিক, ঔদ্যোগিক গৱেষণা কেন্দ্ৰ আৰু আগশাৰীৰ পৰিৱেশ সংস্থা।[2]
২০০৭ চনৰপৰা তেওঁ আই ইউ চি এনৰ এছিয়ান ৰাইনো স্পেচিয়েলিষ্ট গ্ৰুপৰ অধ্যক্ষ আৰু ভাৰত চৰকাৰৰ অধীনত থকা নেচনেল ব’ৰ্ড অৱ ৱাইল্ড লাইফৰ সদস্য আছিল। তেওঁ এছিয়ান গঁড় আৰু ইয়াৰ বাসস্থান নিৰীক্ষণ বিষয়ত কাম কৰি আহিছে। দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াত কাম কৰি তেওঁ জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱৰ ফলত এছিয়ান গঁড়ৰ প্ৰতি অহা ভাবুকিৰ বিষয়ে অধ্যয়ন কৰিছে।[3]
আৰম্ভণি জীৱন
[সম্পাদনা কৰক]বিভৱ কুমাৰ তালুকদাৰে ১৯৮৯ চনত বিজ্ঞান শাখাত স্নাতক পৰীক্ষাত অৱতীৰ্ণ হৈছিল। এই সময়ছোৱাত তেওঁ যুৱক-যুৱতীসকলক চৰাই চোৱাৰ ক্ষেত্ৰত উৎসাহিত আৰু নিয়োজিত কৰিবলৈ প্ৰকৃতি ক্লাৱ হিচাপে অসমত আৰণ্যক প্ৰতিষ্ঠা কৰে। আশী আৰু নব্বৈৰ দশকৰ আৰম্ভণিৰ সময়ছোৱা অসম ৰাজনৈতিক বেমেজালিৰ মাজত আছিল। এই সময়ছোৱাত আৰণ্যক ইতিবাচক পদক্ষেপসমূহৰ মাজত এটা আছিল। বৰ্তমান ই উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ বেচৰকাৰী জীৱ বৈচিত্ৰ্য সংৰক্ষণ আৰু গৱেষণা সংস্থা।[4]
সংক্ষিপ্ত জীৱন
[সম্পাদনা কৰক]ড° বিভৱ কুমাৰ তালুকদাৰ বৰ্তমান আৰণ্যকৰ মহাসচিব আৰু কাৰ্যবাহী সঞ্চালক। বন্যপ্ৰাণী জীৱবিজ্ঞানী, গৱেষক আৰু সংৰক্ষণ কৰ্মীৰে গঠিত এই আৰণ্যকৰ দলটোৰ মুখ্য কাৰ্যালয় ভাৰতৰ গুৱাহাটীত।
২০০৭ চনৰ জুলাইৰপৰা ২০১০ চনৰ মে’ মাহলৈকে তেওঁ ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় বন্যপ্ৰাণী ব’ৰ্ডৰ স্থায়ী সমিতিৰ সদস্য আছিল।[5] ২০১০ চনৰপৰা ২০১২ চনলৈকে তেওঁ ভাৰত চৰকাৰৰ প্ৰজেক্ট এলিফেণ্ট ষ্টিয়াৰিং কমিটি আৰু ২০১৭–২০৩১ চনৰ বাবে ৰাষ্ট্ৰীয় বন্যপ্ৰাণী কাৰ্য্য পৰিকল্পনা প্ৰণয়নৰ বাবে সমিতিত আছিল।[6]
তেওঁ অসম ৰাজ্যিক জৈৱ বৈচিত্ৰ্য ব’ৰ্ডৰো সদস্য।[7] ইয়াৰ উপৰি তেওঁ পেচিডাৰ্ম - আই ইউ চি এন এছ এছ চি আফ্ৰিকান হাতী বিশেষজ্ঞ গোট, ১৯৯৯ৰ এখন জাৰ্নেলৰ সম্পাদক মণ্ডলীৰ সদস্য, আফ্ৰিকান গঁড় বিশেষজ্ঞ গোট আৰু এছিয়ান গঁড় বিশেষজ্ঞ গোটৰো সদস্য।
ভাৰতীয় বিশ্ববিদ্যালয় অনুদান আয়োগৰ নিৰ্দেশনা অনুসৰি ২০২৫ চনৰ জুন মাহত অসমৰ গুৱাহাটীৰ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ে ড° তালুকদাৰক অনুশীলন প্ৰাধ্যাপক হিচাপে নিযুক্তি দিছে। বিশ্ববিদ্যালয়খনে আশা কৰিছে যে ড° তালুকদাৰে অনুশীলন প্ৰাধ্যাপক হিচাপে নিজৰ নতুন ভূমিকাত ছাত্ৰ-ছাত্ৰীসকলক বাস্তৱ জগতৰ অমূল্য অন্তৰ্দৃষ্টি আৰু ব্যাৱহাৰিক জ্ঞান প্ৰদান কৰিব পাৰিব। ইয়াৰদ্বাৰা ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ এটা মূল উদ্দেশ্য পোনপটীয়াকৈ পূৰণ হয়।
এছিয়ান গঁড় সংৰক্ষণৰ কাম
[সম্পাদনা কৰক]এছিয়ান গঁড় সংৰক্ষণৰ দিশত কৰা কামৰ বাবে বিভৱ কুমাৰ তালুকদাৰক ২০০৭ চনত এছিয়ান গঁড় বিশেষজ্ঞ গোটৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছিল।[8]
ইণ্ডোনেছিয়াৰ সংৰক্ষণ সংস্থাসমূহৰ লগতে জটিলভাৱে বিপন্ন জাভা আৰু সুমাত্ৰাৰ গঁড়ৰ সংৰক্ষণ আৰু পৰিচালনাতো তেওঁ অৰিহণা যোগাইছিল।[9]
গঁড় চিকাৰৰ ঘটনা ৰোধ কৰিবলৈ আৰু ইয়াৰ সংৰক্ষণৰ সজাগতাৰ বাবে তালুকদাৰে ১৯৯৮ চনৰপৰা আৰম্ভ কৰি বন বিষয়াসকলৰ বাবে আইনী কৰ্মশালা আৰম্ভ কৰি আহিছে। তেওঁ অসম আৰক্ষী, সশস্ত্ৰ সীমা বল (এছ এছ বি) আৰু সীমান্ত সুৰক্ষা বাহিনী (বি এছ এফ)ৰ বাবেও আইনী কৰ্মশালাৰ সমন্বয়ক ৰূপে কাম কৰিছিল।[10]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Sumatran rhino likely to go extinct unless action is taken urgently, warns IUCN" (en ভাষাত). IUCN. 2015-09-21. https://www.iucn.org/content/sumatran-rhino-likely-go-extinct-unless-action-taken-urgently-warns-iucn। আহৰণ কৰা হৈছে: 2022-08-17.
- ↑ "G Plus Vol 4 issue 12 by G Plus" (en ভাষাত). issuu.com. 13 January 2017. Archived from the original on 2023-02-28. https://web.archive.org/web/20230228012558/https://issuu.com/guwahatiplus/docs/g_plus_vol_4_issue_12_web। আহৰণ কৰা হৈছে: 2022-08-16.
- ↑ "World Rhino Day 2019: IUCN Asian Rhino Specialist Group Chair Bibhab Kumar Talukdar appeals for a strong community movement for protection of greater one-horned rhino" (en-US ভাষাত). nezine.com. https://www.nezine.com/info/RTlDU3BBS0ZNa21zQmJ0UVpZT3F4UT09/world-rhino-day-2019:-iucn-Asian-rhino-specialist-group-chair-bibhab-kumar-talukdar-appeals-for-a-strong-community-movement-for-protection-of-greater-one-horned-rhino.html। আহৰণ কৰা হৈছে: 2022-08-16.
- ↑ "Police will have to protect rhinos and tigers from poachers: Experts" (en ভাষাত). Financialexpress. 6 December 2019. https://www.financialexpress.com/lifestyle/science/police-will-have-to-protect-rhinos-and-tigers-from-poachers-experts/1786645/। আহৰণ কৰা হৈছে: 2022-08-16.
- ↑ "Member Profile | Assam State Biodiversity Board | Government Of Assam, India". asbb.assam.gov.in. Archived from the original on 2021-11-17. https://web.archive.org/web/20211117103600/https://asbb.assam.gov.in/about-us/detail/member-profile। আহৰণ কৰা হৈছে: 2022-08-23.
- ↑ "National Wildlife Action Plan WII". National Wildlife Action Plan. Archived from the original on 2024-06-16. https://web.archive.org/web/20240616184635/https://wii.gov.in/images/images/documents/national_wildlife_action_plan/NWAP_Report_lo_Res_2017_31.pdf। আহৰণ কৰা হৈছে: 2025-12-15.
- ↑ "Member Profile | Assam State Biodiversity Board | Government Of Assam, India". asbb.assam.gov.in. Archived from the original on 2021-11-17. https://web.archive.org/web/20211117103600/https://asbb.assam.gov.in/about-us/detail/member-profile। আহৰণ কৰা হৈছে: 2022-08-17.
- ↑ "Bibhab Talukdar to head rhino specialist group" (en ভাষাত). assamtribune.com. 2010-09-15. https://assamtribune.com/bibhab-talukdar-to-head-rhino-specialist-group। আহৰণ কৰা হৈছে: 2022-08-16.
- ↑ "Assam conservationist appointed to Indonesian Rhino Task Force" (en ভাষাত). The Times of India. 3 May 2010. https://timesofindia.indiatimes.com/city/guwahati/assam-conservationist-appointed-to-indonesian-rhino-task-force/articleshow/5898636.cms। আহৰণ কৰা হৈছে: 2022-08-17.
- ↑ "Assam Cops Sensitised On Wildlife Crimes" (en ভাষাত). The Times of India. 19 February 2022. https://timesofindia.indiatimes.com/city/guwahati/assam-cops-sensitised-on-wildlife-crimes/articleshow/89675108.cms। আহৰণ কৰা হৈছে: 2022-08-17.