সমললৈ যাওক

বিমলা কাশ্যপ সুদ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বিমলা কাশ্যপ ছুদ
Bimla Kashyap Sood
MP-Rajya Sabha
কাৰ্যকাল
২০১০–২০১৬
সমষ্টি হিমাচল প্ৰদেশ
ব্যক্তিগত তথ্য
জন্ম ২৬ ফেব্ৰুৱাৰী, ১৯৪২
ৰাষ্ট্ৰীয়তা ভাৰতীয়
ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টি
দাম্পত্যসঙ্গী প্ৰয়াত শ্ৰাৱন কাশ্যপ সুদ
বাসস্থান ১০/১০, পুৰণি বুটেইল বিল্ডিং, মধ্যবজাৰ, চিমলা, হিমাচল প্ৰদেশ – ১৭১০০১
শিক্ষানুষ্ঠান পঞ্জাব বিশ্ববিদ্যালয়
জীৱিকা সমাজকৰ্মী, ৰাজনীতিক

বিমলা কাশ্যপ সুদ (ইংৰাজী: Bimla Kashyap Sood,জন্ম ২৬ ফেব্ৰুৱাৰী ১৯৪২) ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী হিচাপে ভাৰতৰ হিমাচল প্ৰদেশৰ পৰা নিৰ্বাচিত হোৱা এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, সমাজকৰ্মী আৰু সংসদ (ৰাজ্য সভা)ৰ সদস্য।

প্ৰাথমিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

ভাৰতৰ হিমাচল প্ৰদেশৰ সোলন জিলাৰ চৈল গাঁৱত বিমলা কাশ্যপে জন্মগ্ৰহণ কৰিছিল। তেওঁ পঞ্জাৱ বিশ্ববিদ্যালয়, পঞ্জাৱৰ পৰা কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰিছে। ১৯৬২ চনৰ ১১ জুনত শ্ৰৱণ কাশ্যপ সূদৰ সৈতে তেওঁৰ বিবাহ হয়। তেওঁলোকৰ এজন পুত্ৰ আৰু দুগৰাকী কন্যা আছে।[1]

কৰ্মজীৱন

[সম্পাদনা কৰক]

নবৈৰ দশকত কাশ্যপ সুদে এটা বেচৰকাৰী সংস্থা "লোটাছ ৱেলফেয়াৰ ছ'চাইটি"ৰ জৰিয়তে হিমাচল প্ৰদেশত সাক্ষৰতা অভিযানত সক্ৰিয়ভাৱে জড়িত হৈ পৰিছিল। ১৯৯৯ চনত তেওঁ "মানৱী" প্ৰতিষ্ঠা কৰে, যিটো এন.জি.অ. পৰিয়ালৰ পৰামৰ্শ আৰু মহিলাৰ কল্যাণৰ লক্ষ্যৰে স্থাপন কৰা হৈছিল৷ ১৯৯৮–২০০৩ চনৰ ভিতৰত তেওঁ চিমলাৰ পৌৰ নিগমত কাউন্সিলাৰ পদত অধিষ্ঠিত হৈছিল৷ তেওঁ "হিমাচল প্ৰদেশ ৰাজ্যিক সমবায় বেংক", "হিমাচল প্ৰদেশ ৰাজ্যিক হস্তশিল্প আৰু হস্ততাঁত নিগম লিমিটেড"ৰ সঞ্চালক। ইয়াৰ উপৰি "মহিলা বিকাশ নিগম", ছিমলাৰ পৰিচালক।[1]

২০১০ চনৰ এপ্ৰিল মাহত তেওঁ ৰাজ্যসভালৈ নিৰ্বাচিত হয়। [2]তেওঁ মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ৰ পৰামৰ্শদাতা সমিতি, জলসম্পদ সমিতি আৰু পৰিবহণ, পৰ্যটন আৰু সংস্কৃতি সমিতিৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[1]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 "WebPage of Smt. Bimla Kashyap Sood Member Of Parliament (RAJYA SABHA)". http://164.100.47.5/newmembers/Website/Main.aspx। আহৰণ কৰা হৈছে: 21 March 2014. 
  2. https://prsindia.org/mptrack/rajya-sabha/bimlakashyapsood