সমললৈ যাওক

বিমানাৰ্চনাকল্প

অসমীয়া ৱিকিপিডিয়াৰ পৰা

বিমানাৰ্চনাকল্প দশম শতিকাৰপৰা একাদশ শতিকাৰ ভিতৰৰ এখন হঠযোগৰ গ্ৰন্থ, যাক মৰিচি ঋষিৰ বুলি কোৱা হয়।

সাহিত্য

[সম্পাদনা কৰক]
নবহাকৈ কৰা আসন ময়ূৰাসনৰ সংজ্ঞা দিয়া প্ৰথম গ্ৰন্থখনেই হৈছে বিমানাৰ্চনাকল্প। মহামন্দিৰ মিউৰেল, যোধপুৰ, অনুমাণিক ১৮১০ চনত

বিমানাৰ্চনাকল্প হৈছে দশম শতিকাৰপৰা একাদশ শতিকাৰ ভিতৰত হঠযোগৰ ওপৰত লিখা গদ্য গ্ৰন্থ,[1][2] যাক মৰিচি ঋষিৰ বুলি কোৱা হয়।[3] ইয়াত কোৱা হৈছে যে যোগ হৈছে ব্যক্তিৰ পৰম আত্মাৰ সৈতে মিলন।[4]

ই নবহাকৈ কৰা আসনৰ বৰ্ণনা আৰু এনে ভংগিমাক আসন (এই শব্দটোৰ মূল আৰু আক্ষৰিক অৰ্থত আসন) বুলি কোৱাটো আদিম গ্ৰন্থসমূহৰ ভিতৰত অন্যতম, অৰ্থাৎ ময়ূৰাসন- ময়ূৰৰ ভংগিমা। ৯৬ নং অধ্যায়ত ইয়াত মুঠ নটা আসনৰ (ব্ৰহ্মাসন, স্বস্তিকাসন, পদ্মাসন, গোমুখাসন, সিংহাসন, মুক্তাসন, বীৰাসন,[টোকা 1] ভদ্ৰাসন, আৰু ময়ুৰাসন) বৰ্ণনা কৰা হৈছে, যিবোৰ হঠযোগ প্ৰদীপিকাৰ প্ৰায় ৫০০ বছৰ আগৰ।[5] জেমছ মেলিনছনৰ অনুবাদত ইয়াৰ ময়ূৰাসনৰ বিৱৰণী হ'ল:

হাতৰ তলুৱা মজিয়াত ঠিকমতে পোন কৰি নাভিৰ দুয়োকাষে কঁকালৰ ওচৰত ৰাখি মূৰ আৰু ভৰি ওপৰলৈ তুলি লাঠিৰ দৰে শূন্যতে থাকিব। এইটোৱেই হৈছে ময়ূৰৰ ভংগিমা।[6]

গ্ৰন্থখনত প্ৰত্যহৰৰ এটা পদ্ধতি শিকোৱা হৈছে, উশাহ ব্যৱহাৰ কৰি প্ৰত্যাহাৰ কৰা, যিটো ১৮টা পৰ্যায়ৰ মাজেৰে ওপৰলৈ তুলি লোৱা হয় যাক মাৰ্মান বুলি কোৱা হয়, যিবোৰ গুৰুত্বপূৰ্ণ বিন্দু।[7]

বিমানৰ্চনাকল্পত অন্যান্য বিষয়ৰো বৰ্ণনা কৰা হৈছে, যেনে বিপদৰ সময়ত পৱিত্ৰ ব্ৰঞ্জৰ বস্তুবোৰক ৰক্ষা কৰিবলৈ পুতি থোৱাৰ প্ৰথা।[8]

  1. Called hero's posture, but as a cross-legged pose not the same as the modern kneeling Virasana.

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Marichi 1926.
  2. Huesken, Ute (2 November 2002). "VaikhAnasa saMhitAs". Ramanuja.org. https://ramanuja.org/sri/BhaktiListArchives/Article?p=nov2002/0001.html। আহৰণ কৰা হৈছে: 1 February 2019. 
  3. Mallinson, James (9 December 2011). "A Response to Mark Singleton's Yoga Body by James Mallinson". https://www.academia.edu/1146607। আহৰণ কৰা হৈছে: 4 January 2019.  revised from American Academy of Religions conference, San Francisco, 19 November 2011.
  4. Mallinson & Singleton 2017, পৃষ্ঠা. 21.
  5. Mallinson & Singleton 2017, পৃষ্ঠা. 87, 100-101.
  6. Mallinson & Singleton 2017, পৃষ্ঠা. 101.
  7. Mallinson & Singleton 2017, পৃষ্ঠা. 174, 190, 285, 296.
  8. Nagaswamy, R.. "Eslam Bronzes and Copper-plates". Tamil Arts Academy. http://tamilartsacademy.com/articles/article29.xml। আহৰণ কৰা হৈছে: 1 February 2019. "he Vimanarcanakalpa, (Marici text) published in Madras, 1926, Chapter 70, pp. 435-439, gives in detail the process of concealing metal images in times of emergency and restoring them to worship. The chapter is titled Bhaya-raksartham Niskrtih."