বিমী
| বিমী | |
|---|---|
১৯৬৮ চনত বিমী | |
| জন্ম | ১৯৪৩[1] জলন্ধৰ, পঞ্জাব |
| মৃত্যু | ২২ আগষ্ট, ১৯৭৭ (৩৪ বছৰ) মুম্বাই |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| সক্ৰিয় হৈ থকা সময় | ১৯৬৭-১৯৭৪ |
বিমী ইংৰাজী: Vimi; ১৯৪৩[1] – ২২ আগষ্ট ১৯৭৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ আব্ৰু, হামৰাজ আৰু পতংগ আদি হিন্দী ছবিত অভিনয় কৰিছিল। সুনীল দত্তৰ সৈতে হামৰাজত অভিনয় কৰি তেওঁ উল্লেখযোগ্য হৈ পৰিছিল। চলচ্চিত্ৰ বিশেষজ্ঞ ৰাজেশ সুব্ৰমণিয়ানৰ মতে, ভুৱা প্ৰেমিকৰ ৰূপ লৈ জলী নামৰ এজন প্ৰৱঞ্চক চলচ্চিত্ৰৰ দালালে তেওঁৰ কেৰিয়াৰ আৰু ভাবমূৰ্তি ধ্বংস কৰিছিল আৰু বিমিক বেশ্যাবৃত্তিলৈ ঠেলি দিছিল।[2]
কেৰিয়াৰ
[সম্পাদনা কৰক]১৯৬৭ চনত বি আৰ চোপ্ৰাই পৰিচালনা কৰা হামৰাজ ছবিত সুনীল দত্তৰ সৈতে বিমীৰো অভিষেক ঘটে।[3] ছবিখন হিট হৈছিল যদিও তেওঁৰ কেৰিয়াৰত কোনো সহায় কৰা নাছিল। শশী কাপুৰৰ সৈতে পতংগ (১৯৭১) আৰু বচন (১৯৭৪) ছবিত তেওঁক দেখা যায়। দীপক কুমাৰৰ বিপৰীতে আব্ৰু (১৯৬৮) ছবিত তেওঁ মুখ্য নাৰী চৰিত্ৰ আছিল। ১৯৭৩ চনত তেওঁ পাঞ্জাবী ছবি নানক নাম জাহাজ হ্যায়ত অভিনয় কৰে।[4] ১৯৭৭ চনত তেওঁৰ মৃত্যুৰ চাৰি বছৰৰ পিছত মুক্তি পোৱা তেওঁৰ শেষ ছবিখন আছিল ক্ৰোধী।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 "The untold, tragic tale of 'Humraaz' actress Vimi". News18. http://www.news18.com/news/india/the-untold-tragic-tale-of-humraaz-actress-vimi-508642.html। আহৰণ কৰা হৈছে: 17 September 2012.
- ↑ Singh, Simran. "This superstar actress, mother of 2, was forced into prostitution, left abandoned by husband, died penniless at..." (en ভাষাত). DNA India. https://www.dnaindia.com/bollywood/report-this-superstar-actress-mother-of-2-was-forced-into-prostitution-left-abandoned-by-husband-died-penniless-at-vimi-3125176। আহৰণ কৰা হৈছে: 28 February 2025.
- ↑ "Hamraaz (1967)" (en-IN ভাষাত). The Hindu. 15 April 2010. https://www.thehindu.com/features/cinema/Hamraaz-1967/article16366667.ece.
- ↑ "Nanak Nam Jahaz Hai (1969 film) - cast and crew". Indian Cinema Heritage Foundation (Cinemaazi.com) website. https://www.cinemaazi.com/film/nanak-naam-jahaz-hai। আহৰণ কৰা হৈছে: 14 February 2025.[সংযোগবিহীন উৎস]
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- Vimi সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- The untold, tragic tale of 'Humraaz' actress Vimi