সমললৈ যাওক

বিয়াট্ৰিচ লুৱেংগো

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বিয়াট্ৰিচ লুৱেংগো
জন্ম বিয়াট্ৰিচ লুৱেংগো গঞ্জালেজ
২৩ ডিচেম্বৰ, ১৯৮২ (৪৩ বছৰ)
মাদ্ৰিদ, স্পেইন
পেচা
  • সংগীতজ্ঞ
  • অভিনেত্ৰী
  • নৃত্যশিল্পী
  • গায়িকা
  • উদ্যমী
সক্ৰিয় হৈ থকা সময় ১৯৯৩–বৰ্তমান
দাম্পত্যসঙ্গী য়োটুৱেল ৰোমেৰো (বি. ২০০৮)
সন্তান
'সঙ্গীত যাত্ৰা'
সংগীতৰ ধৰণ
  • লেটিন পপ
  • পপ
  • আৰ এণ্ড বি
  • ছ’ল মিউজিক
বাদ্যযন্ত্ৰ কণ্ঠ, গিটাৰ, পিয়ান’
লেবেল
  • ইউনিভাৰ্চেল
  • ছ’নী মিউজিক
ৱেবছাইট www.beatrizluengooficial.com

বিয়াট্ৰিচ লুৱেংগো গঞ্জালেজ (ইংৰাজী: Beatriz Luengo González; জন্ম: ২৩ ডিচেম্বৰ ১৯৮২) এগৰাকী স্পেনিছ সংগীতজ্ঞ, সুৰকাৰ, অভিনেত্ৰী, নৃত্যশিল্পী, গায়িকা আৰু মিয়ামীত থকা এগৰাকী উদ্যমী। তেওঁ এণ্টেনা ৩ ধাৰাবাহিক ৱান ষ্টেপ ফৰৱাৰ্ড আৰু ইয়াৰ স্পিন–অফ মিউজিকেল গ্ৰুপ ‘ইউপিএ ডান্স’ত লোলা ফাৰ্নাণ্ডেজৰ চৰিত্ৰত অভিনয় কৰি আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল। লুৱেংগো, পাবলো পুয়োল, মিগুৱেল এঞ্জেল মুনোজ, মনিকা ক্ৰুজ আৰু ছিলভিয়া মাৰ্টিৰদ্বাৰা গঠিত ‘ইউপিএ ডান্স’এ তেওঁলোকৰ প্ৰথমটো ষ্টুডিঅ’ এলবাম ইউপিএ ডান্স মুকলি কৰে, যি স্পেনিছ এলবাম চাৰ্টত প্ৰথম স্থান দখল কৰিছিল আৰু স্পেইন তথা ফ্ৰান্সত ১.১ নিযুতৰো অধিক কঁপি বিক্ৰী হৈছিল।

ৱান ষ্টেপ ফৰৱাৰ্ড শেষ হোৱাৰ পিছত লুৱেংগোৱে একক কেৰিয়াৰ আৰম্ভ কৰে আৰু ২০০৫ চনত তেওঁৰ প্ৰথম ষ্টুডিঅ’ এলবাম মি জেনেৰাছিয়ন মুকলি কৰে। ইয়াৰ পিছত ক্ৰমে বি এল (২০০৬), কেৰোচেল (২০০৮) আৰু বেলা ই চুজ মস্কিটাছ মুৱেৰ্টাচ (২০১১) মুক্তি পায়। ইয়াৰ উপৰি তেওঁ কুকু ডায়মণ্ডছৰ বাবে "মাছ ফুৱেৰ্টে" গীতটো সহ-ৰচনা কৰিছিল আৰু ২০০৯ চনত শ্ৰেষ্ঠ বিকল্প গীতৰ বাবে লেটিন গ্ৰেমী বঁটাৰ মনোনয়ন লাভ কৰিছিল। ২০০৭ চনত বিয়াট্ৰিচ লুৱেংগোৱে এটা ইবিবিএ বঁটা লাভ কৰিছিল।

প্ৰাৰম্ভিক জীৱন আৰু কৰ্মজীৱন

[সম্পাদনা কৰক]

বিয়াট্ৰিচ লুৱেংগোৰ জন্ম হৈছিল ১৯৮২ চনৰ ডিচেম্বৰ মাহত মাদ্ৰিদত। এঞ্জেলিনছ আৰু জুয়ানৰ কন্যা বিয়াট্ৰিচে হোৰ্টালেজা জিলাত ডাঙৰ-দীঘল হৈছিল। আজৰি সময়ত তেওঁ জিলাখনৰ বাস্কেটবল দলত খেলিছিল।

ছ বছৰ বয়সত লিজা মিনেলি অভিনীত সংগীতধৰ্মী চলচ্চিত্ৰ কেবাৰেৰ এটা টিভি সম্প্ৰচাৰ দেখাৰ পিছত তেওঁ মনোৰঞ্জন জগতৰ প্ৰতি আগ্ৰহী হৈ পৰে আৰু মিনেলি তেওঁৰ আদৰ্শ হৈ পৰে। তেওঁ ৰয়েল একাডেমী অৱ ডান্সত প্ৰশিক্ষণ গ্ৰহণ কৰিছিল, য’ত তেওঁ বেলে, জাজ ডান্স, ফংকী আৰু ফ্লেমেংকো অধ্যয়ন কৰিছিল।

দহ বছৰ বয়সত তেওঁ শৈশৱৰ দুজন বন্ধুৰ সৈতে ‘টাটু’ নামৰ এটা সংগীত গোষ্ঠী গঠন কৰে। তেওঁলোকে এটা চিডি ৰেকৰ্ডিং কৰিছিল যদিও ৰেকৰ্ড লেবেলটো বন্ধ হৈ যোৱাৰ বাবে তেওঁলোকৰ প্ৰথম এলবামটো মুক্তি নাপালে। হতাশ হৈ লুৱেংগোৱে অডিচনত অংশগ্ৰহণ কৰা এৰি দিছিল। কেইমাহমানৰ পিছত তেওঁ ৰীতা এণ্ড মিলিকি চাৰ্কাছৰ বাবে এজন নৃত্যশিল্পী হিচাপে সফলতাৰে অডিচন দিয়ে।

তেওঁ টেলিভিছন এস্পানিঅ’লাৰ বিভিন্ন টিভি বিজ্ঞাপনত নৃত্য পৰিৱেশন কৰিছিল আৰু এষ্টো মে চুৱেনা নামৰ টিভি অনুষ্ঠানটোৰ গায়িকা আছিল। তেওঁ লা মেজিয়া ডি ব্ৰডৱে ১ম আৰু ২য় খণ্ড, এনী, জেকিল এণ্ড হাইড, হাৰমানোছ ডি চাংগ্ৰে আৰু পিটাৰ পেনৰ দৰে সংগীতধৰ্মী নাটক বা মিউজিকেলত অভিনয় কৰিছিল। মঞ্চত অভিনয় কৰি থকাৰ সময়তে তেওঁ লুইছ ৰামিৰেজ, সংগীত পৰিচালক এলবাৰ্টো কুইণ্টেৰো আৰু চিজাৰ বেল্ডা তথা নৃত্য পৰিচালক লুকা য়েছিৰ সৈতে কাম কৰাৰ সুযোগ পাইছিল।

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

লুৱেংগো তেওঁৰ ৱান ষ্টেপ ফৰৱাৰ্ডৰ সহ-শিল্পী মিগুৱেল এঞ্জেল মুনোজৰ এগৰাকী ভাল বন্ধু।[1]

২০০৩ চনৰ ছেপ্টেম্বৰ মাহৰপৰা তেওঁ কিউবান সংগীতজ্ঞ আৰু অভিনেতা য়োটুৱেল ৰোমেৰোৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছিল — তেওঁক তেওঁ ৱান ষ্টেপ ফৰৱাৰ্ড টিভি শ্ব’ৰ ছেটত লগ পাইছিল। ২০০৮ চনৰ ৬ নৱেম্বৰত তেওঁলোক বিবাহপাশত আবদ্ধ হয়।[2] পূৰ্বৰ এক সম্পৰ্কৰপৰা ১৯৯৯ বা ২০০০ চনত জন্ম হোৱা য়োটুৱেল ৰোমেৰোৰ এজন পুত্ৰ সন্তান আছে। ২০১৫ চনৰ ২০ আগষ্টত লুৱেংগোৱে এঞ্জেলো নামৰ এজন পুত্ৰ সন্তান জন্ম দিয়ে।[3]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]