সমললৈ যাওক

বিয়া আৰু ব্ৰাংকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বিয়া আৰু ব্ৰাংকা ফেৰেছ

২০১২ চনত ফেৰেছ ভগ্নী
ব্যক্তিগত তথ্যাৱলী
সম্পূৰ্ণ নাম বেয়াট্ৰিজ মোৰেইৰা ফেৰেছ আৰু ব্ৰাংকা মোৰেইৰা ফেৰেছ
জন্ম ২২ ফেব্ৰুৱাৰী, ১৯৮৮ (৩৭ বছৰ)
ক্ৰীড়া
ক্ৰীড়া Swimming
Strokes ছিঙ্ক্ৰোনাইজড ছুইমিং

বেয়াট্ৰিজ ফেৰেছ আৰু ব্ৰাংকা ফেৰেছ (২২ ফেব্ৰুৱাৰী, ১৯৮৮, ব্ৰাজিল) হৈছে ব্ৰাজিলৰ ছিঙ্ক্ৰোনাইজড ছুইমাৰ, মডেল আৰু অভিনেত্ৰী। তেওঁলোক যমজ ভগ্নী।

ফেৰেছ ভগ্নীয়ে ৩ বছৰ বয়সতে ছুইমিং আৰু জিমন্যাষ্টিক অভ্যাস আৰম্ভ কৰিছিল আৰু ৭ বছৰ বয়সতে ছিঙ্ক্ৰোনাইজড ছুইমিং আৰম্ভ কৰে। তেওঁলোকে যুৱক আৰু প্ৰাপ্তবয়স্ক দুয়োটা শ্ৰেণীত ব্ৰাজিলৰ চেম্পিয়ন হৈছিল। তেওঁলোকে ২০০৫ চনৰ পেন আমেৰিকান জুনিয়ৰ গেমছত দ্বিতীয় স্থান লাভ কৰিছিল।

তেওঁলোকে ২০০৭ চনৰ পেন আমেৰিকান গেমছৰ ছিঙ্ক্ৰোনাইজড ছুইমিং প্ৰতিযোগিতাত প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু ব্ৰঞ্জ পদক জয় কৰিছিল।[1] তেওঁলোকে ২০১০ চনৰ দক্ষিণ আমেৰিকান গেমছত মহিলা দলৰ ছিঙ্ক্ৰোনাইজড ছুইমিং প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰিছিল। লগতে তেওঁলোকে ২০১৬ চনৰ গ্ৰীষ্মকালীন অলিম্পিকৰ ছিঙ্ক্ৰোনাইজড ছুইমিং – মহিলা দলত ব্ৰাজিলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিছিল।

মডেলিং আৰু অভিনয়

[সম্পাদনা কৰক]

ফেৰেছ ভগ্নীয়ে মডেল হিচাপে বহুতো ফটোশ্বুটত অংশগ্ৰহণ কৰিছে, যাৰ ভিতৰত ২০০৮ চনৰ জুলাই মাহত VIP (ব্ৰাজিলীয়ান আলোচনী)ৰ কভাৰত অৱস্থিত ফটোও অন্তৰ্ভুক্ত।

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Campeãs de beleza, gêmeas buscam ouro". Terra.com.br. 2 July 2007. Archived from the original on 4 March 2016. https://web.archive.org/web/20160304111640/http://esportes.terra.com.br/panamericano2007/interna/0,,OI1730250-EI8332,00.html। আহৰণ কৰা হৈছে: 25 March 2011.  (in Portuguese)