সমললৈ যাওক

বিলহান

অসমীয়া ৱিকিপিডিয়াৰ পৰা

কবি বিলহান আছিল একাদশ শতিকাৰ কাশ্মিৰী কবি। তেওঁ তেওঁৰ প্ৰেম কবিতা চৌৰপঞ্চাশিকাৰ বাবে জনাজাত।

কিংবদন্তি অনুসৰি বিলহানে ৰজা মদনভিৰামৰ কন্যা ৰাজকুমাৰী যামিনীপূৰ্ণাতিলকৰ প্ৰেমত পৰিছিল আৰু গোপনে প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছিল। বিলহান কবি চান্দছু শিকিবলৈ ৰাজ্যলৈ আহিছিল। প্ৰেমৰ সম্পৰ্কৰ কথা জনাজনি হ’ল, বিচাৰ চলিল আৰু বিলহানক কাৰাগাৰত বন্দী কৰা হ’ল। বিচাৰৰ বাবে অপেক্ষা কৰি থাকোঁতে, তেওঁক নিৰ্বাসনলৈ পঠিওৱা হ’ব নে ফাঁচিকাঠত মৃত্যুবৰণ কৰাব, সেই কথালৈ মন নকৰি তেওঁ পঞ্চাশটা পদৰ প্ৰেমৰ কবিতা চৌৰপঞ্চাশিকা লিখিছিল। বিলহান কি ভাগ্যৰ সন্মুখীন হ’ল সেয়া জানিব পৰা হোৱা নাই। তথাপি তেওঁৰ কবিতা ভাৰতৰ চাৰিওফালে মৌখিকভাৱে প্ৰচাৰিত হৈছিল। কেইবাটাও সংস্কৰণ আছে, য’ত দক্ষিণ ভাৰতৰ সংস্কৰণো আছে যাৰ অন্ত সখকৰ আছিল; কাশ্মীৰী সংস্কৰণত ইয়াৰ ফলাফল কি হ’ল সেইটো নিৰ্দিষ্ট কৰা হোৱা নাই। ১৮৪৮ চনত প্ৰথমবাৰৰ বাবে ইউৰোপীয় ভাষা ফৰাচী ভাষালৈ অনুবাদ কৰা হয়।[1] পৰৱৰ্তী সময়ত ইয়াৰ অনুবাদ আৰু কেইবাবাৰো হয়। উল্লেখযোগ্য অনুবাদসমূহ হ’ল, ছাৰ এডউইন আৰ্নল্ড[2](লণ্ডন ১৮৯৬) আৰু এডৱাৰ্ড প’ইছ মেথাৰ্ছ[3] (অক্সফৰ্ড, ১৯১৯)ৰ, শিৰোনাম, ব্লেক মেৰিগোল্ডছ। এই পিছৰ সংস্কৰণটো জন ষ্টেইনবেকে কেনেৰী ৰোত বহুলভাৱে উদ্ধৃত কৰিছিল।

খ্যাতি আৰু সৌভাগ্যৰ সন্ধানত বিলহানে নিজৰ জন্মভূমি এৰি থৈ গ’ল। তেওঁ মথুৰা, কনৌজ, প্ৰয়াগ, বাৰাণসী, সোমনাথ, কল্যাণ আৰু ৰামেশ্বৰমৰ মাজেৰে ঘূৰি ফুৰিছিল যদিও ভাগ্যই তেওঁৰপৰা আঁতৰি গৈছিল।[4] কিন্তু কল্যাণৰ মাজেৰে উভতি পদব্ৰজে ঘূৰি ফুৰোঁতে পশ্চিম চালুক্য সাম্ৰাজ্যৰ ৰজা ষষ্ঠ বিক্ৰমদিত্যই তেওঁক বিদ্যাপথী হিচাপে নিযুক্তি দিয়ে। বিলহানে তেওঁৰ পৃষ্ঠপোষকক পুৰস্কৃত কৰি তেওঁৰ সন্মানত মহাকাব্য বিক্ৰমাংকদেৱচৰিত ৰচনা কৰে।[5]

বিলহান সাহিত্যৰ ভাষা সংস্কৃত হৈ থকা সময়ৰ, আৰু ভাৰতীয় সাহিত্যৰ মধ্যযুগীয় যুগৰপৰা কাশ্মীৰৰ এজন অতি গুৰুত্বপূৰ্ণ কবি।

তেওঁৰ বয়সৰ হিচাপ পাবলৈ চৌৰপাঞ্চিকাই আছে।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Ariel, M (1848). "Tchorapantchaçat". Journal Asiatique. Quatrième Serie খণ্ড 11: 469–534. 
  2. Arnold, Edwin (1896). The Chaurapanchāsika: an Indian Love-Lament. Kegan Paul, Trench, Trübner and co.. 
  3. Mathers, Edward Powys (1919). Black Marigolds. B.H. Blackwell. 
  4. Sreedharan, E, "A Textbook of Historiography: 500 BC to AD 2000". New Delhi, Oreient Black Swan, 2004,p. 326 আই.এচ.বি.এন. 81-250-2657-6 [1]
  5. Sen, Sailendra (2013). A Textbook of Medieval Indian History. Primus Books. পৃষ্ঠা. 52–53. ISBN 978-9-38060-734-4.