সমললৈ যাওক

বিলহোৰড-ডনিষ্ট্ৰভস্কি দুৰ্গ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বিলহোৰড-ডনিষ্ট্ৰভস্কি দুৰ্গ
আক্কাৰমেন দুৰ্গ
image_alt=বিলহোৰড-ডনিষ্ট্ৰভস্কি / আক্কাৰমেন দুৰ্গ
বিলহোৰড-ডনিষ্ট্ৰভস্কি দুৰ্গআক্কাৰমেন দুৰ্গ is located in Ukraine
বিলহোৰড-ডনিষ্ট্ৰভস্কি দুৰ্গআক্কাৰমেন দুৰ্গ
বিলহোৰড-ডনিষ্ট্ৰভস্কি দুৰ্গ
আক্কাৰমেন দুৰ্গ
স্থানাঙ্ক 46°12′3.96″N 30°21′2.16″E / 46.2011°N 30.3506°E / 46.2011; 30.3506

বিলহোৰড-ডনিষ্ট্ৰভস্কি দুৰ্গ বা আক্কাৰমেন দুৰ্গ (ইংৰাজী: Bilhorod-Dnistrovskyi fortress, Білгород-Дністровська фортеця, বা Акерманська фортеця; ৰুমানিয়ান : Cetatea-Albă; কোকোট নামেও জনাজাত) ত্ৰয়োদশ–চতুৰ্দশ শতিকাৰ এক ঐতিহাসিক আৰু স্থাপত্যিক স্মাৰক তথা দুৰ্গ। ই দক্ষিণ-পশ্চিম ইউক্ৰেইনৰ অডেছা অব্লাষ্টৰ বিলহোৰড-ডনিষ্ট্ৰভস্কিত, বুডজাক আৰু ঐতিহাসিক বেছাৰাবিয়া অঞ্চলত অৱস্থিত।

নিৰ্মাণৰ আৰম্ভণি

[সম্পাদনা কৰক]

দুৰ্গটো টিৰাছ নামৰ প্ৰাচীন গ্ৰীক নগৰৰ ধ্বংসাৱশেষৰ ওপৰত নিৰ্মাণ কৰা হৈছিল। এই নগৰখন কৃষ্ণ সাগৰৰ উত্তৰ উপকূলত অৱস্থিত আছিল আৰু চতুৰ্থ শতিকালৈকে অস্তিত্বত আছিল। গথ আৰু হুন আক্ৰমণকাৰীসকলৰ সঘন আক্ৰমণে নগৰখন ধ্বংস কৰিছিল। গ্ৰীকসকলৰ পিছত টিৰাছৰ স্থানত এণ্টেছসকল, স্লাভসকল আৰু বুলগাৰসকলে বসতি স্থাপন কৰিছিল।[1] দশম শতিকাত বিলহোৰড কিয়েভান ৰাছৰ অংশ আছিল। পিছলৈ ই হাংগেৰীৰ ৰাজ্যৰ আৰু তাৰ পিছত গালিচিয়া–ভলহিনিয়াৰ ৰাজকুমাৰত্বৰ অধীনলৈ যায়। মংগোলসকলৰ আক্ৰমণলৈকে ই গালিচিয়া–ভলহিনিয়াৰ ৰাজকুমাৰত্বৰ অধীনত আছিল।[উদ্ধৃতিৰ প্ৰয়োজন]

দুৰ্গটোৰ নিৰ্মাণ কেতিয়া আৰম্ভ হৈছিল সেয়া জনা নাযায়। বৰ্তমান অধিকাংশ ইতিহাসবিদে বিশ্বাস কৰে যে ই কৃষ্ণ সাগৰত থকা জেনোয়া গণৰাজ্যৰ এক বাণিজ্যিক অঞ্চল আছিল। ত্ৰয়োদশ শতিকাত ইয়াক প্ৰথম স্থাপন কৰা হৈছিল। এই ভূ-খণ্ড গোল্ডেন হৰ্ডক হস্তান্তৰ কৰা হৈছিল যদিও জেনোয়াসকলে মংগোলসকলৰ সৈতে মিত্ৰতা কৰিবলৈ সক্ষম হৈছিল।

বিলহোৰড আনুষ্ঠানিকভাৱে এটা টাটাৰসকলৰ নগৰ আছিল, কিন্তু জেনোয়াসকলে ইয়াক শাসন কৰিছিল। এই দুৰ্গটোৱে ডনিষ্টাৰ নদীৰ মোহনা নিয়ন্ত্ৰণ কৰিছিল।

চতুৰ্দশ শতিকাৰ দ্বিতীয়াৰ্ধত অট্টোমানসকলৰ ক্ৰমবৰ্ধমান সামৰিক চাপৰ ফলত জেনোয়াসকলে কৃষ্ণ সাগৰ অঞ্চলত আৰু এজিয়ান সাগৰৰ মাজেৰে নিৰাপদ যাতায়াতৰ ওপৰত নিজৰ প্ৰভাৱ হেৰুৱাইছিল। অধিকাংশ ইতিহাসবিদৰ মতে, লিথুৱেনিয়াই জেনোয়াৰ স্থান গ্ৰহণ কৰিছিল। চতুৰ্দশ শতিকাত মোলডাভিয়াৰ ৰাজকুমাৰত্বই লিথুৱেনিয়াসকলৰ ওপৰত নিয়ন্ত্ৰণ লাভ কৰিছিল।

মোলডাভিয়াৰ শাসন

[সম্পাদনা কৰক]

ভূ-খণ্ডটো মোলডাভিয়াৰ ৰাজকুমাৰত্বৰ অধীনলৈ অহাৰ পাছত মোলডাভিয়াসকলে ইয়াক Cetatea Albă (আক্ষৰিক অৰ্থত বগা দুৰ্গ) বুলি অভিহিত কৰিছিল। পঞ্চদশ শতিকাত নগৰখনত মোলডাভিয়ান, গ্ৰীক, জেনোয়ান, আৰ্মেনিয়ান, ইহুদী আৰু টাটাৰসহ প্ৰায় ২০,০০০ বাসিন্দা আছিল। এই সময়ছোৱা নগৰখনৰ ইতিহাসৰ সৰ্বশ্ৰেষ্ঠ বিকাশৰ আৰম্ভণি আছিল। নগৰখন এটা দুৰ্গৰ ওপৰত আধাৰিত আছিল। ই ইতিমধ্যে যথেষ্ট ডাঙৰ হৈ উঠিছিল। ইয়াৰ মুখ্য অংশসমূহ ১৪৪০ চনৰ ভিতৰত নিৰ্মাণ কৰা হৈছিল। দুৰ্গটোত ৩৪টা স্তম্ভ আছিল, যাৰ কিছুমানৰ উচ্চতা ২০ মিটাৰ পৰ্যন্ত আছিল। বাহিৰফালে দুৰ্গটো এটা গভীৰ খাদেৰে আগুৰি আছিল। দুৰ্গটো বগা চূণশিলেৰে নিৰ্মাণ কৰা হৈছিল আৰু তাৰ বাবে কণী, গুড়ি কৰা মাৰ্বল, কাৰ্বন আৰু ছিলিকনেৰে প্ৰস্তুত কৰা মৰ্টাৰ ব্যৱহাৰ কৰা হৈছিল।[2]

দুৰ্গৰ মূল অংশ

১৪৪০ চনত এনে এটা অংশ সম্পূৰ্ণ কৰা হৈছিল যিটো প্ৰাচীৰ বা দুৰ্গৰ স্তম্ভ কোনোটোৱেই নাছিল। এই অংশটো দুৰ্গৰ প্ৰাচীৰৰ বাহিৰত, মোহনাৰ অতি ওচৰত অৱস্থিত আৰু আজিও ইয়াৰ অৱশেষ সংৰক্ষিত হৈ আছে। প্ৰাচীৰখনৰ ভিতৰত তাবিজৰ দৰে ১০টা শিলৰ গোলক প্ৰাচীৰত সংলগ্ন কৰা হৈছিল।

প্ৰাচীৰখনৰ এই অংশটোৰ কোনো ব্যাৱহাৰিক প্ৰতিৰক্ষামূলক মূল্য নাছিল। দীৰ্ঘ সময় ধৰি ইতিহাসবিদ আৰু স্থপতিসকলে ইয়াৰ উদ্দেশ্য নিৰ্ণয় কৰিব পৰা নাছিল।

প্ৰাচীৰৰ ভিতৰৰ শিলৰ গোলকসমূহ টেট্ৰাক্টিছৰ আকৃতিত সজোৱা হৈছিল। টেট্ৰাক্টিছ হৈছে নটা সমবাহু ত্ৰিভুজ গঠন কৰা দহটা বিন্দুৰ এটা আকৃতি। কিছুমান ইতিহাসবিদে ইয়াৰ সম্ভাৱ্য প্ৰতীকী অৰ্থৰ বিষয়ে অনুমান কৰিছে, কিন্তু ইয়াৰ সঠিক উদ্দেশ্য এতিয়াও অস্পষ্ট।

এটা স্তম্ভত “Master Fedorko finished construction in 1440” বুলি খোদিত এখন ফলক পোৱা গৈছিল। কেৱল “master” শব্দটোৰ ব্যৱহাৰৰ ওপৰত ভিত্তি কৰি কিছুমানে এনে সিদ্ধান্তলৈ আগবাঢ়িছিল।

বিলহোৰডৰ টেট্ৰাক্টিছৰ আন এটা ব্যাখ্যা অধিক ব্যাৱহাৰিক। কিছুমানে দাবী কৰে যে ই কেৱল সূৰ্যঘড়ীৰ পঞ্জিকাৰ এটা ৰূপ আছিল।

পঞ্চদশ শতিকাৰ দ্বিতীয়াৰ্ধত মোলডাভিয়াৰ ৰাজকুমাৰত্ব বিভিন্ন গোটৰ মাজত হোৱা গৃহ-যুদ্ধৰ ফলত দুৰ্বল হৈ পৰিছিল আৰু ১৪৫১ চনত ৰজা বগদান দ্বিতীয়ক তেওঁৰ ভাতৃ পিটাৰ তৃতীয় এৰনে অতৰ্কিতে হত্যা কৰে। ১৪৫৭ চনত মোলডাভিয়াৰ ষ্টিফেন তৃতীয়ই (বগদান দ্বিতীয়ৰ পুত্ৰ) তেওঁৰ সম্পৰ্কীয় ভ্লাড দ্য ইম্পেলাৰৰ সহায়ত ৱালাকিয়াৰ ৰাজকুমাৰ হিচাপে মোলডাভিয়াৰ সিংহাসন দখল কৰে। যিহেতু চেটাটিয়া আল্বা ৰাজ্যখনৰ দক্ষিণ-পূব অংশৰ মুখ্য প্ৰতিৰক্ষা কেন্দ্ৰ আছিল আৰু ইউৰোপ আৰু এছিয়াৰ মাজৰ বাণিজ্যপথৰ ঠিক ওপৰত অৱস্থিত আছিল, সেয়েহে নতুন শাসকৰ অধীনত ইয়াৰ প্ৰতি পুনৰ গুৰুত্ব দিয়া হৈছিল।

দুৰ্গটো নতুন আৰু অধিক শক্তিশালী প্ৰাচীৰ আৰু এটা ডাঙৰ দুৱাৰেৰে নিৰ্মাণ আৰু শক্তিশালী কৰা হৈছিল। যি পিছলৈ দুৰ্গটোৰ মুখ্য প্ৰৱেশদ্বাৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল। ইয়াক ৰক্ষা কৰিবলৈ এটা স্থায়ী সৈন্যদল নিয়োগ কৰা হৈছিল।

অট্টোমান শাসন

[সম্পাদনা কৰক]

পঞ্চদশ শতিকাত অট্টোমান সাম্ৰাজ্যই নগৰখন দখল কৰিবলৈ বাৰে বাৰে চেষ্টা কৰিছিল। ১৪৮৪ চনৰ আগষ্ট মাহত আটাইতকৈ কঠিন অৱৰোধ সংঘটিত হৈছিল। অট্টোমান চুলতান বায়েজিদ দ্বিতীয়ৰ ৩০০,০০০ সৈন্য আৰু ক্ৰিমিয়ান খানাত মেংলি প্ৰথম গিৰেৰ ৫০,০০০ সৈন্যই ১০০খনতকৈ অধিক ডাঙৰ জাহাজৰ সহায়ত উপকূল আৰু মোহনাৰফালৰপৰা এই দুৰ্গটো অৱৰোধ কৰিছিল। নদিনীয়া অৱৰোধৰ পিছত দুৰ্গটো দখল কৰা হৈছিল। ১৪৮৫ চনত মোলডাভিয়াৰ ষ্টিফেন দ্য গ্ৰেট বিলহোৰড পুনৰ দখল কৰিবলৈ চেষ্টা কৰিছিল যদিও বিফল হৈছিল। তুৰ্কীসকলে ইয়াত ৩২৮ বছৰ শাসন কৰিছিল। অট্টোমান সাম্ৰাজ্যই বিলহোৰডক উত্তৰ অংশৰ এটা শক্তিশালী ঘাটি কৰি তুলিছিল। নগৰখন জাপোৰোজিয়ান কছাকসকলৰ নিৰন্তৰ আক্ৰমণৰ সন্মুখীন হৈছিল। কছাক নেতাসকলে বাৰে বাৰে নগৰখন লুণ্ঠন কৰিবলৈ চেষ্টা কৰিছিল। তেওঁলোকৰ ভিতৰত উল্লেখযোগ‍্যসকল হলঃ হ্ৰিহৰি লোবোদা, চেভেৰিন নালিভাইকো, ইভান ছুলিমা, ইভান ছিৰকো আৰু ছেমেন পালি।

মোলডাভিয়ান আৰু পোলেণ্ডৰ লোকসকলেও নগৰখনক শান্তিত থাকিবলৈ দিয়া নাছিল। তথাপি বিলহোৰড এক অদম্য শক্তিশালী দুৰ্গ আছিল। তুৰস্কৰ অধীনস্থ ক্ৰিমিয়ান টাটাৰসকলেও দুৰ্গটোৰ প্ৰতি যথেষ্ট মনোযোগ দিছিল। অভিযানৰ সময়ত বিলহোৰড প্ৰায়ে আশ্ৰয়স্থল হিচাপে ব্যৱহাৰ কৰা হৈছিল আৰু ক্ৰিমিয়ান খান ইছলাম দ্বিতীয় গিৰে আনকি দুৰ্গটোতে মৃত্যুবৰণ কৰি এটা মছজিদত সমাধিস্থ হৈছিল। তাৰ এতিয়া কেৱল এটা মিনাৰ অৱশিষ্ট আছে।

দীৰ্ঘদিনীয়া তুৰ্কী শাসনৰ সময়ত বিলহোৰড দুৰ্গত নতুন প্ৰতিৰক্ষাব্যৱস্থা সংযোজন কৰি বাৰে বাৰে পুনৰ নিৰ্মাণ আৰু সংস্কাৰ কৰা হৈছিল। ১৬৫৭ চনত মেলেক আহমেদ পাশাই দুৰ্গটো যথেষ্ট শক্তিশালী কৰিছিল। ১৭০৭ চনত তুৰ্কীসকলে ফৰাচী সামৰিক অভিযন্তাসকলক আমন্ত্ৰণ জনাইছিল আৰু তেওঁলোকে এটা নতুন বেষ্টনী প্ৰাচীৰৰ শাৰী নিৰ্মাণ কৰিছিল। ১৭৫৬ চনৰ পিছত প্ৰায় প্ৰতি বছৰে দুৰ্গটোত শক্তিশালীকৰণ আৰু মেৰামতি কৰা হৈছিল।

১৭৮৯ চনত ডন কছাকসকলৰ এটা বৃহৎ দল আৰু জেগাৰ চিকাৰী বাহিনীয়ে মিখাইল কুটুজভৰ নেতৃত্বত কোনো যুদ্ধ নকৰাকৈ নগৰখন দখল কৰে। পৰৱৰ্তী বছৰত কুটুজভ দুৰ্গটোৰ সেনাপতি হৈছিল। কিন্তু অতি সোনকালেই তেওঁ এই পদ এৰিবলগীয়া হৈছিল। ৰাছিয়া আৰু অট্টোমান সাম্ৰাজ্যৰ মাজৰ চুক্তি অনুসৰি ডনিষ্টাৰ নদী তেওঁলোকৰ সীমা আছিল। ১৮০৬–১৮১২ চনৰ ৰুছ–তুৰ্কী যুদ্ধৰ পিছত ১৮১২ চনত বিলহোৰডৰ অট্টোমান সময়ৰ অন্ত পৰে। ৰাছিয়াই প্ৰুট নদী আৰু ডনিষ্টাৰ নদীৰ মাজত থকা মোলডাভিয়াৰ ৰাজকুমাৰত্বৰ পূব অংশ দখল কৰে। বুখাৰেষ্ট চুক্তি (১৮১২)ৰ ফলত বেছাৰাবিয়া (ইয়াৰ ভিতৰত বুডজাকো আছিল) আৰু বিলহোৰড ৰুছ সাম্ৰাজ্যৰ নিয়ন্ত্ৰণলৈ যায়। ১৮২৬ চনত ৰাছিয়া আৰু অট্টোমান সাম্ৰাজ্যৰ মাজত আক্কাৰমেন সন্মিলন স্বাক্ষৰিত হৈছিল। এই চুক্তিয়ে ডানিউব অঞ্চলত ৰাছিয়াৰ প্ৰভাৱ বৃদ্ধি কৰিছিল আৰু পশ্চিম মোলডাভিয়া আৰু ৱালাকিয়াৰ অৱশেষত স্বাধীনতাৰ বাবে এক কাঠামো স্থাপন কৰিছিল।[3]

২০শ শতিকা

[সম্পাদনা কৰক]

ৰাছিয়ান বিপ্লৱৰ পিছত স্বাধীনতা ঘোষণা কৰাৰ পাছত নগৰখন আৰু ইয়াৰ আশে-পাশে থকা অঞ্চল মোলডাভিয়ান গণতান্ত্ৰিক গণৰাজ্যৰ অংশ হৈ পৰে। ৰুমানিয়াৰ সেনাবাহিনী ই ১৯১৮ চনৰ ৯ মাৰ্চত নগৰখনত প্ৰৱেশ কৰে আৰু বলছেভিকসকলৰ নেতৃত্বত থকা স্থানীয় সৈন্যৰ সৈতে যুদ্ধ কৰে। সেই মাহৰ শেষৰফালে আনুষ্ঠানিক একত্ৰীকৰণ ঘটে, যেতিয়া মোলডাভিয়ান গণতান্ত্ৰিক গণৰাজ্যৰ স্ফাটুল টাৰীয়ে সমগ্ৰ বেছাৰাবিয়াক ৰুমানিয়াৰ সৈতে একত্ৰিত হোৱা বুলি ঘোষণা কৰে। আন্তঃযুদ্ধকালত ৰুমানিয়ান প্ৰশাসনে চেটাটিয়া-আল্বাক বৃহত্তৰ ৰুমানিয়াৰ এটা গুৰুত্বপূৰ্ণ প্ৰশাসনিক আৰু সাংস্কৃতিক কেন্দ্ৰলৈ ৰূপান্তৰিত কৰে। দুৰ্গটো পুনৰুদ্ধাৰ আৰু সংৰক্ষণ কৰা হৈছিল আৰু ই ৰুমানিয়াৰ মধ্যযুগীয় ঐতিহ্যৰ এক গুৰুত্বপূৰ্ণ প্ৰতীক হৈ পৰিছিল।

ৰুমানিয়াই ১৯৪০ চনত ছোভিয়েট বেছাৰাবিয়া দখলৰ পিছত ১৯৪০ চনৰ ২৮ জুনত নগৰখন ছোভিয়েট সংঘক হস্তান্তৰ কৰে। সেই বছৰতে নামটো আনুষ্ঠানিকভাৱে চেটাটিয়া-আল্বাৰপৰা বেলগোৰড-ডনিষ্ট্ৰভস্কিলৈ সলনি কৰা হয়। মোলডাভিয়া আৰু মোলডাভিয়াৰ ৰাজকুমাৰত্বৰ ৰাজচিহ্নযুক্ত অংশসমূহ ছোভিয়েট কৰ্তৃপক্ষই আঁতৰাই পেলায়। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ছোভিয়েট ইউনিয়ন আক্ৰমণৰ সময়ত ১৯৪১ চনৰ ২৮ জুলাইত ৰুমানিয়াই নগৰখন পুনৰ দখল কৰে আৰু ১৯৪৪ চনৰ ২২ আগষ্টলৈকে ইয়াক নিজৰ নিয়ন্ত্ৰণত ৰাখে, যেতিয়া ৰেড আৰ্মিয়ে নগৰখন পুনৰ দখল কৰে। ছোভিয়েটসকলে বেছাৰাবিয়া বিভাজন কৰি মোলডাভিয়ান ছোভিয়েট সমাজবাদী গণৰাজ্য গঠন কৰাৰ পাছত নগৰখন আৰু দুৰ্গ ইউক্ৰেইনীয় ছোভিয়েট সমাজবাদী গণৰাজ্যৰ অংশ হৈ পৰে আৰু ১৯৯১ চনৰ পিছত ইউক্ৰেইনৰ অংশ হৈ আছে।

সংৰক্ষণ

[সম্পাদনা কৰক]
বিলহোৰড-ডনিষ্ট্ৰভস্কি দুৰ্গৰ ভিডিঅ'

সময়ে দুৰ্গটোৰ ৰূপত নিজৰ চিন এৰি গৈছে। বৰ্তমান বাহিৰৰ ২৬টা স্তম্ভহে এতিয়া অৱশিষ্ট আছে। দুৰ্গৰ মূল অংশৰ ভিতৰৰ কোঠাসমূহ আৰু দুৰ্গটোৰ উত্তৰ-পশ্চিম কোণৰ নলাকাৰ টাৱাৰটো খহি পৰিছে আৰু অসামৰিক কামৰ বাবে ব্যৱহৃত অট্টালিকাসমূহ নোহোৱা হৈ গৈছে। [4]

২০০৯ চনত বিলহোৰড-ডনিষ্ট্ৰভস্কি দুৰ্গক ইউক্ৰেইনৰ অস্থাৱৰ স্মৃতিসৌধৰ ৰাজ্যিক পঞ্জীত অন্তৰ্ভুক্ত কৰা হয়।[5] ২০১৯ চনত টিৰাছ নগৰৰ অৱশিষ্টসমূহৰ সৈতে এই দুৰ্গটো ইউক্ৰেইনৰ বিশ্ব ঐতিহ্য স্থানৰ সম্ভাব‍্য তালিকাত অন্তৰ্ভুক্ত কৰা হয়।[6]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. ↑ Karyshkovskij, Petr O.; Kleiman, Isaac B. (1994). The City of Tyras: A Historical and Archaeological Essay. প্ৰকাশক Odesa: Polis Press. ISBN 9785770745313.[পৃষ্ঠা নং প্ৰয়োজন]
  2. ↑ C&#226, Ionel; ndea (2003). "Cetatea Albă î n istoriografia româ nească (II)" (Romanian ভাষাত). Studii şi Materiale de Istorie Medie (XXI): 309–330. ISSN 1222-4766. https://www.ceeol.com/search/article-detail?id=1371.
  3. ↑ Jelavich, Charles (1986). The Establishment of the Balkan National States, 1804-1920. University of Washington Press. ISBN 0-295-96413-8.
  4. ↑ "Sîntem moldoveni!". moldovenii.md. https://moldovenii.md/md/index/print-recipe/section/745/id/10098। আহৰণ কৰা হৈছে: 2025-02-06.
  5. ↑ "Державний реєстр нерухомих пам'яток України" (uk ভাষাত). Міністерство культури та інформаційної політики України. 2022-01-14. https://mkip.gov.ua/content/derzhavniy-reestr-neruhomih-pamyatok-ukraini.html। আহৰণ কৰা হৈছে: 2023-07-01.
  6. ↑ "Tyras - Bilhorod (Akkerman), on the way from the Black Sea to the Baltic Sea". UNESCO World Heritage Centre. https://whc.unesco.org/en/tentativelists/6426/। আহৰণ কৰা হৈছে: 2023-07-01.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
ইংৰাজীত
ৰুমানিয়ান ভাষাত
ইউক্ৰেইনীয় ভাষাত