সমললৈ যাওক

বিলাসীপাৰা বিধানসভা সমষ্টি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বিলাসীপাৰা বিধানসভা
সমষ্টি নং- ১০ অসম বিধানসভা সমষ্টি
সমষ্টিৰ বিৱৰণ
ৰাষ্ট্ৰভাৰত
ৰাজ্যঅসম
জিলাধুবুৰী জিলা
লোকসভা সমষ্টিধুবুৰী
প্ৰতিস্থা২০২৩
সংৰক্ষণনাই (সাধাৰণ)
বিধান সভাৰ সদস্য
পদাধিকাৰী
জিৱেশ ৰায়
দলঅসম গণ পৰিষদ
নিৰ্বাচিত বছৰ২০২৬

বিলাসীপাৰা বিধানসভা সমষ্টি (ইংৰাজী: Bilasipara Assembly constituency) ভাৰতৰ উত্তৰ-পূব প্ৰান্তৰ অসম ৰাজ্যৰ ১২৬ খন বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ অধীনত এই সমষ্টিটো নতুনকৈ গঠন কৰা হৈছিল। ই অসমৰ ধুবুৰী জিলাৰ অন্তৰ্গত আৰু ধুবুৰী লোকসভা সমষ্টিৰ এটা অংশ।[1]

ভৌগোলিক অৱস্থিতি আৰু ইতিহাস

[সম্পাদনা কৰক]

বিলাসীপাৰা সমষ্টিটো নামনি অসমৰ ধুবুৰী জিলাত অৱস্থিত। ভাৰতৰ নিৰ্বাচন আয়োগৰ ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত পূৰ্বৰ বিলাসীপাৰা পূব আৰু বিলাসীপাৰা পশ্চিম সমষ্টিৰ কিছু অংশ পুনৰাই সংযোজন-বিয়োজন কৰি এই নতুন সমষ্টিটো গঠন কৰা হয়। এই সমষ্টিটো কোনো বিশেষ শ্ৰেণীৰ বাবে সংৰক্ষিত নহয়, অৰ্থাৎ ই এটা সাধাৰণ শ্ৰেণীৰ সমষ্টি।

বিধায়কসকল

[সম্পাদনা কৰক]

২০২৩ চনত সমষ্টি গঠন হোৱাৰ পিছত অনুষ্ঠিত হওয়া প্ৰথমটো নিৰ্বাচনৰ ফলাফল অনুসৰি বিধায়কৰ তালিকা তলত দিয়া হ’ল:

বৰ্ষবিধায়কৰ নামৰাজনৈতিক দল
২০২৬জিৱেশ ৰায়অসম গণ পৰিষদ

নিৰ্বাচনৰ ফলাফল

[সম্পাদনা কৰক]

২০২৬ চনৰ বিধানসভা নিৰ্বাচন

[সম্পাদনা কৰক]

২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত অসম গণ পৰিষদ প্ৰাৰ্থী জিৱেশ ৰায়ে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী অমৃত বাদশাক ২৬৯৪ টা ভোটৰ ব্যৱধানত পৰাজিত কৰি এই সমষ্টিৰ প্ৰথম বিধায়ক হিচাপে নিৰ্বাচিত হয়।[2]

২০২৬ৰ অসম বিধানসভা নিৰ্বাচন: বিলাসীপাৰা[3]
দল প্ৰাৰ্থীৰ নাম ভোট % ±%
অসম গণ পৰিষদ জিৱেশ ৰায় ৮৫,৯৩৭ ৪৮.০৯
ভাৰতীয় জাতীয় কংগ্ৰেছ অমৃত বাদশাহ ৮৩,২৪৩ ৪৬.৫৯
সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা শাবানা আক্তাৰ ৪,৩৫০ ২.৪৩
নিৰ্দলীয় ৰাজনীতিবিদ শ্বেখ হেদায়েত উল্লাহ ২,১৩৪ ১.১৯
সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ মমিনুৰ ইছলাম ১,২৪১ ০.৬৯
ৰাষ্ট্ৰীয় উলেমা কাউন্সিল হাকিমুল ইছলাম ৬১৮ ০.৩৫
ওপৰৰ এটাও নহয় নটা (NOTA) ১,১৬৩ ০.৬৫
সংখ্যাগৰিষ্ট ২,৬৯৪ ১.৫০
মুঠ ভোটদান ১,৭৮,৬৮৬
সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাৰ ওপৰত অসম গণ পৰিষদবিজয় সাব্যস্ত ছুইং

লগতে চাওক

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "ভাৰতৰ নিৰ্বাচন আয়োগৰ অধিকাৰিক জাননী". ভাৰতৰ নিৰ্বাচন আয়োগ. https://eci.gov.in/.
  2. "Election Commission of India - Assembly Constituency 10 - Bilasipara (Assam)". ভাৰতৰ নিৰ্বাচন আয়োগ. ০৪ মে ২০২৬. https://results.eci.gov.in/ResultAcGenMay2026/ConstituencywiseS0310.htm আহৰণ কৰা হৈছে: ২১ জুন ২০২৬.
  3. "অসম বিধানসভা নিৰ্বাচন ২০২৬ ৰ ফলাফল". ভাৰতৰ নিৰ্বাচন আয়োগ. https://results.eci.gov.in/.

বহিঃসংযোগ

[সম্পাদনা কৰক]