সমললৈ যাওক

বিশালাক্ষী মন্দিৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বিশালাক্ষী মন্দিৰ

মন্দিৰৰ প্ৰৱেশদ্বাৰ
স্থান
দেশ ভাৰত
ৰাজ্য উত্তৰ প্ৰদেশ
জিলা বাৰাণসী
এলেকা মিৰ ঘাট, বাৰাণসী
স্থানাংক 25°18′32″N 83°0′39″E / 25.30889°N 83.01083°E / 25.30889; 83.01083স্থানাংক: 25°18′32″N 83°0′39″E / 25.30889°N 83.01083°E / 25.30889; 83.01083
স্থাপত্য আৰু সংস্কৃতি
শিলালিপি তামিল
ইতিহাস
প্ৰতিস্থাপক নাগাৰাথাৰ
প্ৰতিষ্ঠাকাল ১৮৯৩

বিশালাক্ষী মন্দিৰ (ইংৰাজী: Vishalakshi Temple) বিশালাক্ষী গৌৰী মন্দিৰ আৰু বিশালাক্ষী আম্মা কোভিল বুলিও জনাজাত এই মন্দিৰটো বাৰাণসীৰ এটা অন্যতম বিখ্যাত হিন্দু মন্দিৰ। এই মন্দিৰটো পাৰ্বতী দেৱীৰ এটা অৱতাৰ বুলি গণ্য কৰা বিশালাক্ষী দেৱীৰ প্ৰতি উৎসৰ্গিত।[1] ইয়াৰ নিৰ্মাণ আৰু ৰক্ষণাবেক্ষণ কৰিছিল নাট্টুকোট্টাই নাগাৰাথাৰ নামৰ তামিলনাডুৰ এক ব্যৱসায়িক সম্প্ৰদায়ে৷[2]

সাধাৰণতে এই মন্দিৰটোক হিন্দু ঐশ্বৰিক মাতৃ দেৱীৰ প্ৰতি উৎসৰ্গিত পবিত্ৰ শক্তি পীঠ হিচাপে গণ্য কৰা হয়। বাৰাণসীৰ এই পবিত্ৰ স্থানতে সতী দেৱীৰ কাণফুলি পৰিছিল বুলি কোৱা হয়। এই বিশালাক্ষী মন্দিৰটো হিন্দু পঞ্জিকাৰ ভদ্ৰপদ (আগষ্ট) মাহৰ কৃষ্ণ পষেকৰ তৃতীয় দিনা অনুষ্ঠিত কৰা কাজলী তিজ নামৰ মন্দিৰ উৎসৱৰ বাবে জনাজাত।

অৱস্থান

[সম্পাদনা কৰক]

বাৰাণসীৰ মিৰঘাটৰ সমীপত বিশালাক্ষী মন্দিৰ অৱস্থিত। কাশী বিশ্বনাথ মন্দিৰৰ পৰা ২৫০ মিটাৰ (০.১৬ মাইল) উত্তৰ-পশ্চিমে আৰু অন্নপূৰ্ণা মন্দিৰৰ পৰা ২০০ মিটাৰ (০.১২ মাইল) দূৰত্বত মন্দিৰটো অৱস্থিত।

ধৰ্মীয় তাৎপৰ্য্য

[সম্পাদনা কৰক]

বিশালাক্ষী (সংস্কৃত: विशालाक्षी, আক্ষৰিক অৰ্থ: "যাৰ ডাঙৰ চকু আছে")[3] দেৱী পাৰ্বতীৰ এটা উপনাম। শিৱ পুৰাণৰ মতে যেতিয়া তেওঁৰ ভৱিষ্যত স্বামী শিৱই পাৰ্বতীক প্ৰথমবাৰৰ বাবে দেখা পায়, তেতিয়া পাৰ্বতীক বিশালাক্ষী বুলি বৰ্ণনা কৰা হৈছে।[4]

খাদ্য আৰু পুষ্টিৰ দেৱী তথা পাৰ্বতীৰ অন্য এক অৱতাৰ অন্নপূৰ্ণা দেৱীক বিশালাক্ষী, "বহল চকু" উপনাম দিয়া হৈছে। বিশালাক্ষী দেৱীক আটাইতকৈ বিখ্যাত মন্দিৰ বাৰাণসীত আছে, য’ত তেওঁক পৃষ্ঠপোষক দেৱী বুলি গণ্য কৰা হয়। স্কন্দ পুৰাণত ব্যাস ঋষিয়ে বাৰাণসীক গালি পৰাৰ কাহিনী বৰ্ণনা কৰিছে, কিয়নো নগৰত কোনেও তেওঁক খাদ্য আগবঢ়োৱা নাছিল। শেষত বিশালাক্ষীয়ে গৃহিণী ৰূপত আবিৰ্ভাৱ হৈ ব্যাসক খাদ্য প্ৰদান কৰে। বিশালাক্ষীৰ এই ভূমিকা অন্নপূৰ্ণাৰ দৰেই, যিয়ে স্বামী শিৱক খাদ্য আগবঢ়াই ক্ষুদ্ধা নিবাৰণ কৰিছিল। অন্নপূৰ্ণাৰ খাদ্যত সন্তুষ্ট হৈ শিৱই বাৰাণসীক প্ৰতিষ্ঠা কৰে আৰু তেওঁক ইয়াৰ অধিষ্ঠাতী দেৱী হিচাপে নিযুক্তি দিয়ে।[5] বাৰাণসী মন্দিৰৰ দেৱী বিশালাক্ষীক হয়তো আদিম কালত অন্নপূৰ্ণা বুলি চিনাক্ত কৰা হৈছিল, অৱশ্যে সময়ৰ লগে লগে তেওঁ এগৰাকী সুকীয়া দেৱী হৈ পৰিছিল, যাৰ ফলত দুটা পৃথক দেৱী মন্দিৰৰ সৃষ্টি হৈছিল।[5]

স্কন্দ পুৰাণৰমতে কাশীখণ্ডত বিশালাক্ষীয়ে বিশ্বনাথ (কাশী বিশ্বনাথ মন্দিৰত পূজা কৰা শিৱৰ এক অৱতাৰ)ৰ সৈতে কুবেৰ দেৱতাক বৰদান দিছিল।[6]

বাৰাণসীৰ পবিত্ৰ ভূগোলত ছটা কেন্দ্ৰক ষষ্টাংগ যোগৰ প্ৰতীক বুলি কোৱা হয় আৰু এই ছয় স্থান পৰিদৰ্শন কৰাৰ পৰামৰ্শ দিয়া হয়। বাৰাণসীৰ এই পবিত্ৰ ছয় স্থান হৈছে বিশ্বনাথ মন্দিৰ (বাৰানসীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ মন্দিৰ - শিৱৰ প্ৰতি উৎসৰ্গিত), বিশালাক্ষী মন্দিৰ, গংগা, কাল ভৈৰৱ মন্দিৰ (বাৰাণসীৰ ৰক্ষক দেৱতা আৰু বিশালাক্ষীৰ ভৈৰৱৰ বাবে উৎসৰ্গিত), ধূন্দিৰাজ মন্দিৰ (শিৱ আৰু পাৰ্বতীৰ পুত্ৰ গণেশ দেৱতাৰ বাবে উৎসৰ্গিত) আৰু দণ্ডপাণি মন্দিৰ (শিৱৰ এক অৱতাৰ)।[7]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Eck 1982, পৃষ্ঠা. 229.
  2. சோமலெ (1963) (Tamil ভাষাত). ஸ்ரீ காசி நாட்டுக்கோட்டை நகரச்சத்திர நூற்றாண்டு மலர். প্ৰকাশক Karaikudi,Tamilnadu. পৃষ্ঠা. 33.
  3. Bangala Bhasar Abhidhaan ( Dictioanary of the Bengali Language), Shishu Sahitya Samsad Pvt Ltd., 32A, APC Road, Kolkata – 700009, Volume 2, p.1600. (ed. 1988)
  4. www.wisdomlib.org (2018-10-06). "Śiva-Himavat dialogue [Chapter 12"] (en ভাষাত). www.wisdomlib.org. https://www.wisdomlib.org/hinduism/book/shiva-purana-english/d/doc226076.html আহৰণ কৰা হৈছে: 2022-10-02.
  5. 1 2 P. Arundhati (1 January 2001). Annapurna: A Bunch of Flowers of Indian Culture. Concept Publishing Company. পৃষ্ঠা. 17–21. ISBN 978-81-7022-897-4. https://books.google.com/books?id=cfK2LoH_j54C&pg=PA18 আহৰণ কৰা হৈছে: 19 November 2012.
  6. www.wisdomlib.org (2020-09-08). "Gandhavatī and Alakā [Chapter 13"] (en ভাষাত). www.wisdomlib.org. https://www.wisdomlib.org/hinduism/book/the-skanda-purana/d/doc423751.html আহৰণ কৰা হৈছে: 2022-11-28.
  7. Eck 1982, পৃষ্ঠা. 323.