মেলেৰিয়া: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
অ r2.7.2) (ৰবট যোগ দিছে :af, an, ar, arz, ast, az, bat-smg, be, be-x-old, bg, bn, br, bs, ca, cs, cy, da, de, dv, el, eo, es, et, eu, fa, fi, fiu-vro, fo, fr, ga, gl, gn, gu, he, hi, hr, ht, hu, hy, ia, id, ilo, io, is, it, ja, jv, ka... |
Bishnu Saikia (আলোচনা | বৰঙণি) বিস্তাৰ টেগ |
||
1 নং শাৰী: | 1 নং শাৰী: | ||
{{বিস্তাৰ}} |
|||
{{নতুন পৃষ্ঠা}} |
|||
{{Infobox disease |
{{Infobox disease |
||
| Name = মেলেৰিয়া |
| Name = মেলেৰিয়া |
15:43, 22 February 2013ৰ সংস্কৰণ
অনুগ্ৰহ কৰি এই প্ৰবন্ধটো বিস্তাৰ কৰক। প্ৰবন্ধটো বিস্তাৰ কৰিবৰ বাবে আটাইতকৈ সহজ উপায়টো হ’ল অনুবাদ। আপুনি এই প্ৰবন্ধটো আন কোনো ভাষাৰ ৱিকিপিডিয়াৰ পৰা (পৰাপক্ষত ইংৰাজী ভাষাৰ) হুবহু অনুবাদ কৰিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে। |
মেলেৰিয়া | |
---|---|
শ্ৰেণীবিভাজন আৰু বাহ্যিক সমল | |
A Plasmodium in the form that enters humans and other vertebrates from the saliva of female mosquitoes (a sporozoite) traverses the cytoplasm of a mosquito midgut epithelial cell. | |
আই.চি.ডি.-10 | B50-B54 |
আই.চি.ডি.-9 | 084 |
OMIM | 248310 |
ডিজিজেছ ডে'টাবে'ছ | 7728 |
মেডলাইন প্লাছ | 000621 |
ইমেডিচিন | med/1385 emerg/305 ped/1357 |
MeSH | C03.752.250.552 |
মেলেৰিয়া (ইংৰাজী: Maleria)ক সাধাৰনতে অতিপাত জ্বৰৰ এবিধ ৰোগ হিচাপেই জনা যায় । মেলেৰিয়া বীজাণু নামৰ এবিধ ক্ষুদ্র জীৱাণুৰ আক্রমণৰ ফলত এই ৰোগ হয় । মেলেৰিয়াৰ এই বীজাণুবোৰ এজন ৰোগীৰ দেহৰ পৰা এজন সুস্থ মানুহৰ দেহলৈ এবিধ বিশেষ মহৰ দ্বাৰা সংক্রমিত হয় । সকলো ধৰণৰ মহে মেলেৰিয়া বিয়পাৱ নোৱাৰে । এই বীজাণুৰ দ্বাৰা আক্রান্ত মাইকী এন'ফিলিচ মহৰ লালটি গ্রন্থিত মেলেৰিয়া বীজাণুবোৰ থাকে আৰু এনে মহে কামুৰিলেহে ৰোগ সংক্রমিত হয় । (অণুবীক্ষণ যন্ত্রৰ সহায়ত মেলেৰিয়াৰ বীজাণুবোৰ চাব পৰা যায় ) এই বীজাণুবোৰে জীৱনৰ এছোৱা মানুহৰ গাত আৰু এছোৱা মহৰ গাত কটায় । যেতিয়া এজনী মাইকী এন'ফিলিছ মহে এজন মেলেৰিয়া ৰোগীক কামোৰে তেতিয়া ই মানুহজনৰ তেজৰ লগতে মেলেৰিয়াৰ বীজাণুবোৰো নিজৰ দেহত সুমুৱাই লয় । যেতিয়া এই বীজাণুবোৰ মহৰ পেটত সোমায় তাৰ ১০-১২ দিনৰ পাছত ই ৰোগ সংক্রমিত কৰিব পৰা হয় । এনে ৰোগ বিয়পাব পৰা মহে এজন সুস্থ মানুহক কামুৰিলে মেলেৰিয়াৰ বীজাণুবোৰ মানুহজনৰ দেহত প্রৱেশ কৰে । তেনে ক্ষেত্রত মানুহজন দুসপ্তাহৰ পৰা তিনি সপ্তাহৰ ভিতৰত মেলেৰিয়াত আক্রান্ত হয় । এজন মেলেৰিয়া ৰোগীৰ পৰাই বহুজনলৈ এই ৰোগ বিয়পিব পাৰে ।
মেলেৰিয়াৰ লক্ষণ
মেলেৰিয়া জ্বৰত সাধাৰণতে তিনিটা স্তৰ থাকে-
(১) শীতল অৱস্থা- এই অৱস্থাটো জাৰ জাৰ লগা ভাৱ,কঁপনি আৰু মূৰ কামুৰণিৰে আৰম্ভ হয় । ৰোগীয়ে লেপ-কম্বলজাতীয় গৰম কাপোৰ ল'বলৈ বিচাৰে । আঙুলিবোৰ আৰু ওঁঠ দুটা শুকাই যোৱাৰ ফলত এইবোৰৰ ৰং সামান্য নীলা চানেকীয়া হয় আৰু ৰোগীৰ গাৰ নোমবোৰ শিয়ঁৰি উঠে । এই অৱস্থাটো ১৫ মিনিট পৰা ১ ঘণ্টা পর্যন্ত চলিব পাৰে ।
(২) উষ্ণ অৱস্থা - এই্ অৱস্থাত জ্বৰ ইমান বেচি হয় যে প্রচণ্ড উত্তাপ অনুভৱ কৰে আৰু গাৰ কাপোৰ পেলাই দিয়ে । ৰোগীৱ তীব্র মূৰ কামুৰণি হয় । মাজে মাজে ওকালি আহে আৰু বমিও হয় । এই অৱস্থা ১ ৰ পৰা ৬ ঘণ্টা পর্যন্ত্য থাকে । নাড়ীৰ স্পন্দন জোৰেৰে হয় । ৰোগীৰ খুব পিয়াঁহ লাগে ।
(৩) ঘর্মাক্ত অৱস্থা- এই অৱস্থাত ৰোগী বৰকৈ ঘামে আৰু জ্বৰ কমি যায় । ৰোগী সাধাৰণতে গভীৰভাৱে টোপনি যায় আৰু সাৰ পালে দুর্বল অনুভৱ কৰে । এই অৱস্থা ২ ৰ পৰা ৪ ঘণ্টা পর্যন্ত্য থাকে ।
মেলেৰিয়াৰ প্রকাৰ
পৃথিৱীত মুঠ চাৰিবিধ মেলেৰিয়া ৰোগ আছে । সাধাৰণতে ভাৰতত ইয়াৰে তিনিবিধ মেলেৰিয়া ৰোগহে দেখা পোৱা যায় । এই তিনিবিধৰ ভিতৰতো দুবিধ হ'ল (১) ভাইভেক্স মেলেৰিয়া (সাধাৰণ বিধৰ মেলেৰিয়া) (২) ফেলচিপেৰাম মেলেৰিয়া (তীব্র বিধৰ মেলেৰিয়া) । ইয়াৰ পিছতে তৃতীয় বিধ তথা মাৰাত্মক হ'ল চেৰিব্রেল মেলেৰিয়া (মস্তিস্ক সংক্রান্ত অতি তীব্রতৰ মেলেৰিয়া) এইবিধ মেলেৰিয়া বৰ বিপদজনক । অতি শীঘ্রে চিকিৎসা ব্যৱস্থা নকৰিলে ৰোগী ২-৩ দিনৰ ভিতৰত মৃত্যু মুখত পৰিব পাৰে । পূর্বে ভাৰতত ভাইভেক্স বা সাধাৰণবিধ মেলেৰিয়াৰ প্রাদুর্ভাৱ আছিল আৰু ৰোগীৰ শতকৰা ৬০ ভাগৰ পৰা ৬৫ ভাগেই আছিল এইবিধ ৰোগীহে । শেহতীয়া ভাৱে এই ধাৰাটো বদলি হৈছে । আজিকালি ভয়াবহ পি ফেলচিপৰাম মেলেৰিয়া সকলো ঠাইতে বৃদ্ধি পাইছে।
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
ৱিকিমিডিয়া কমন্সত মেলেৰিয়া সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- মেলেৰিয়া বিষয়ে Curlie (DMOZ)-ত থকা তথ্য
- WHO site on malaria
- UNHCO site on malaria
- Global Malaria Action Plan (2008)
- Doctors Without Borders/Médecins Sans Frontières – Malaria information pages
- Who/TDR Malaria Database
- Anti malaria and sustainable development
- Worldwide Antimalarial Resistance Network (WWARN)