প্ৰমথেশ চন্দ্ৰ বৰুৱা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
Bot: Migrating 3 interwiki links, now provided by Wikidata on d:q334825 (translate me)
শ্ৰেণী:অসমৰ পাব্লিক ডমেইনৰ অন্তৰ্ভূক্ত লিখক বিলোপ কৰা হ’ল; [[শ্ৰেণী:অসমৰ পাব্লিক ডমেইনৰ অন্তৰ...
120 নং শাৰী: 120 নং শাৰী:
[[শ্ৰেণী:অসমীয়া চলচ্চিত্ৰ জগতৰ প্ৰসিদ্ধ ব্যক্তি]]
[[শ্ৰেণী:অসমীয়া চলচ্চিত্ৰ জগতৰ প্ৰসিদ্ধ ব্যক্তি]]
[[শ্ৰেণী:ভাৰতৰ চলচ্চিত্ৰ পৰিচালক]]
[[শ্ৰেণী:ভাৰতৰ চলচ্চিত্ৰ পৰিচালক]]
[[শ্ৰেণী:অসমৰ পাব্লিক ডমেইনৰ অন্তৰ্ভূক্ত লিখক]]
[[শ্ৰেণী:অসমৰ পাব্লিক ডমেইনৰ অন্তৰ্ভুক্ত লিখক]]

18:46, 22 April 2013ৰ সংস্কৰণ

প্ৰমথেশ চন্দ্ৰ বৰুৱা

দেৱদাস চলচ্চিত্ৰত প্ৰমথেশ বৰুৱা আৰু যমুনা বৰুৱা
জন্ম প্ৰমথেশ চন্দ্ৰ বৰুৱা
২৪ অক্টোবৰ, ১৯০৩
গৌৰীপুৰ, অসম, ভাৰত
মৃত্যু ২৯ নৱেম্বৰ, ১৯৫১
কলিকতা, পশ্চিম বঙ্গ, ভাৰত
পেচা অভিনেতা, পৰিচালক, চিত্ৰনাট্য লেখক
দাম্পত্যসঙ্গী মাধুৰীলতা
অমলা বালা বৰুৱা
যমুনা বৰুৱা


প্ৰমথেশ চন্দ্ৰ বৰুৱা (২৪ অক্টোবৰ ১৯০৩- ২৯ নৱেম্বৰ ১৯৫১) আছিল ভাৰতৰ প্ৰাক্‌-স্বাধীনতা যুগৰ এজন অভিনেতা, চলচ্চিত্ৰ পৰিচালক আৰু চিত্ৰনাট্য লেখক । অসমগৌৰীপুৰত জন্ম লাভ কৰা বৰুৱাই বাংলা আৰু হিন্দী চলচ্চিত্ৰ উদ্যোগত এজন আগশাৰীৰ চলচ্চিত্ৰ নিৰ্মাতা ৰূপে প্ৰতিষ্ঠিত হৈছিল । বৰুৱাই "অপৰাধী" ছবিখনত ব্যৱহাৰ কৰা "কৃত্ৰিম পোহৰ"ৰ কৌশল ভাৰতীয় ছবিৰ ক্ষেত্ৰত আছিল প্ৰথম । আনহাতে বৰুৱাৰ দেৱদাস ছবিখনত ভাৰতৰ ভিতৰতে পোনপ্ৰথমবাৰৰ বাবে ফ্লাছবেক মন্তাজ, টেলীপেথী শ্বট্‌, আৰু চাবজেক্টতিভ কেমেৰাৰ দৰে আধুনিক কৌশল ব্যৱহাৰ হৈছিল । [1]

প্ৰাৰম্ভিক জীৱন

প্ৰমথেশ চন্দ্ৰ বৰুৱাৰ জন্ম হয় অসমগোৱালপাৰা জিলাৰ গৌৰীপুৰৰ বিখ্যাত জমিদাৰ পৰিয়ালত । পিতৃ আছিল প্ৰভাত চন্দ্ৰ বৰুৱা আৰু মাতৃ সৰোজবালা । তেখেতে শৈশৱকাল গৌৰীপুৰতে অতিবাহিত কৰে। [2] তেখেতৰ ভাই-ভনীসকল আছিল নিহাৰবালা, নীলিমা, প্ৰকৃতিশ আৰু প্ৰণৱেশ। সৰুকালত বৰুৱাই গৌৰীপুৰত "ইউনাইটেড ক্লাব" বুলি এটা সাংস্কৃতিক সংঘ খুলি স্থানীয়ভাৱে বিভিন্ন নাটক মঞ্চস্থ কৰিছিল ।

ঘৰতে প্ৰাথমিক শিক্ষা সাং কৰি কলিকতাৰ হেয়াৰ স্কুলত পঢ়াৰ পিছত তেখেতে ১৯২৪ চনত প্ৰেচিডেন্সী কলেজৰ পৰা পদাৰ্থ বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰে। ১৯২১ চনত বৰুৱাই কলিকতাৰ বীৰেন্দ্ৰনাথ মিত্ৰৰ কন্যা মাধুৰীলতাৰ লগত বিবাশপাশত আৱদ্ধ হয়। ইয়াৰ পিছত তেখেত ইউৰোপ ভ্ৰমণ কৰে য’ত তেখেত প্ৰথমবাৰৰ বাবে চলচ্চিত্ৰৰ প্ৰতি আকৃষ্ট হয় । ঘূৰি আহি ১৯২৬ চনত মাতৃ বিয়োগৰ পাছত তেখেতে জমিদাৰী কাম-কাজত মনোনিৱেশ কৰে । অসম বিধানসভাৰ সদস্য হিছাপেও তেখেতে কিছুকাল কাৰ্যনিৰ্বাহ কৰে । কিন্তু কিছুদিনৰ পিছতে তেখেত কলিকতালৈ ৰাওনা হয় আৰু ঘৰৰ আপত্তি সত্বেও চলচ্চিত্ৰ জগতৰ লগত জড়িত হৈ পৰে। বৰুৱাই পিছলৈ অমলা বালা বৰুৱা আৰু সহশিল্পী যমুনা বৰুৱাৰ লগতো বিয়া পাতে আৰু মুঠ ছটি সন্তানৰ পিতৃ হয়।

চলচ্চিত্ৰ জীৱন

কলিকতালৈ গৈ প্ৰমথেশ বৰুৱাই ধীৰেন্দ্ৰ নাথ গাংগুলীদা ব্ৰিটিছ ডমিনিয়ান ফিল্ম লিমিটেডত কিছু ধন বিনিয়োগ কৰে আৰু অভিনেতা হিছাপেও কিছুদিন কাম কৰে। তাৰ পিছত তেখেত দ্বিতীয়বাৰৰ বাবে ইউৰোপ ভ্ৰমণলৈ যায়। তেখেতে লণ্ডনত বোলছবিৰ নিৰ্মাণ সম্পৰ্কে কিছু অভিজ্ঞতা লাভ কৰাৰ উপৰিও পেৰিচত লাইট বয় হিছাপে কাম শিকে।

পেৰিচৰ পৰা অলপ বোলছবি নিৰ্মাণৰ সঁজুলি ক্ৰয় কৰাৰ পিছত ভাৰতলৈ আহি তেখেতে বৰুৱা পিক্‌চাৰ্ছ লিমিটেড স্থাপন কৰে। ১৯৩১ চনত এই ষ্টুডিঅ’টোৰ প্ৰথম চলচ্চিত্ৰ "অপৰাধী"য়ে মুক্তি লাভ কৰে। এই অবাক চলচ্চিত্ৰখনৰ পৰিচালক আছিল দেবকী বসু । এইখন ছবিতেই পোনপ্ৰথমবাৰৰ বাবে ভাৰতীয় বোলছবিত "কৃত্ৰিম পোহৰ"ৰ কৌশল ব্যৱহাৰ কৰা হয়। ইয়াৰ সফলতাৰ পিছত বৰুৱাই কালিপ্ৰসাদ ঘোষ পৰিচালিত "ভাগ্যলক্ষ্মী"(১৯৩২) ছবিত খলনায়কৰ ভূমিকাত অভিনয় কৰে। গাংগুলীৰ চলচ্চিত্ৰ প্ৰযোজনা কোম্পানীটোৱে লোকচানৰ মুখ দেখাত পিছলৈ প্ৰমথেশ বৰুৱাই গাংগুলী আৰু দেবকী বসুৰ লগত নিউ থিয়েটাৰ্ছত যোগদান কৰে ।

নিউ থিয়েটাৰ্ছত থাকোঁতেই বৰুৱাই নিজৰ জীৱনৰ সকলোতকৈ উল্লেখযোগ্য ছবি দেৱদাস নিৰ্মাণৰ সুযোগ পায় । শৰৎ চন্দ্ৰ চট্টোপাধ্যায়ৰ একে নামৰ উপন্যাসৰ আধাৰত কৰা ছবিখন প্ৰথমতে বাংলা ভাষাত নিৰ্মাণ কৰা হৈছিল আৰু বৰুৱাই নিজেই তাত নায়কৰ ভূমিকাত অভিনয় কৰিছিল। পিছত তেখেতে কুণ্ডন লাল চাইগলক নায়ক হিছাপে লৈ ১৯৩৬ চনত হিন্দী ভাষাদেৱদাস মুক্তি দিয়ে। এই ছবিখন সমগ্ৰ দেশজুৰি জনপ্ৰিয় হৈ পৰে। ছবিখনে বৰুৱাক এজন আগশাৰীৰ পৰিচালক ৰূপে আৰু কুণ্ডন লাল চাইগলক অন্যতম শ্ৰেষ্ঠ নায়ক হিছাপে প্ৰতিষ্ঠা কৰে। ইয়াৰ পিছত বৰুৱাই হিন্দীত "মঞ্জিল"(১৯৩৬), "মুক্তি"(১৯৩৭), "অধিকাৰ"(১৯৩৮), "ৰজত জয়ন্তী" (১৯৩৯) আৰু পুনৰ চাইগলক নায়ক ৰূপে লৈ "জিন্দেগী"(১৯৪০) বোলছবিকেইখন পৰিচালনা কৰে।

বৰুৱাৰ ছবিবোৰত কেমেৰাৰ দায়িত্বত আছিল বিমল ৰয় যি পিছলৈ নিজেই এজন আগশাৰীৰ পৰিচালক ৰূপে জনাজাত হৈ পৰে।

প্ৰমথেশ বৰুৱাই ১৯৩৯ চনত নিউ থিয়েটাৰ্ছ ত্যাগ কৰে আৰু স্বাধীনভাৱে ছবি নিৰ্মাণ কৰিবলৈ লয় । কিছু এই সময়ৰ তেখেতৰ ছবিবোৰৰ ভিতৰত কেৱল "শেষ উত্তৰ"/"জৱাব" (১৯৪২)এ কিছু সফলতাৰ মুখ দেখে। তেখেতে 'The Way of All Flesh' ছবিখনৰ ভাৰতীয় ৰূপ এটা নিৰ্মাণৰ পৰিকল্পনা কৰিছিল যদিও ই বাস্তৱত পৰিণত নহ’ল।

মৃত্যু

অত্যধিক মদ্যপানৰ ফলত বৰুৱাৰ স্বাস্থ্য লাহে লাহে পৰি আহে। ১৯৫১ চনৰ ২৯ নৱেম্বৰত মাত্ৰ ৪৮ বছৰ বয়সতে তেখেতে মৌলিন ষ্ট্ৰীটৰ নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে। কলিকতাৰ কেওৰালতা সমাধিক্ষেত্ৰত তেখেতৰ অন্তিম সৎকাৰ কৰা হয়।

চলচ্চিত্ৰসমূহ

পৰিচালনা

  • বেঙ্গল ১৯৮৩ (১৯৩২)
  • ৰূপ লেখা (১৯৩৪)
  • দেৱদাস (১৯৩৫)
  • মায়া (১৯৩৬/II)
  • মায়া (১৯৩৬/I)
  • মঞ্জিল (১৯৩৬)
  • গৃহদাহ (১৯৩৬)
  • দেৱদাস (১৯৩৬)
  • মুক্তি (১৯৩৭/II)
  • মুক্তি (১৯৩৭/I)
  • অধিকাৰ (১৯৩৮)
  • ৰজত জয়ন্তী (১৯৩৯)
  • অধিকাৰ (১৯৩৯)
  • জিন্দেগী (১৯৪০)
  • শাপ মুক্তি (১৯৪০)
  • মায়েৰ প্ৰাণ (১৯৪১)
  • উত্তৰায়ণ (১৯৪১)
  • জৱাব (১৯৪২)
  • ৰাণী (১৯৪৩)
  • চুবহ শাম (১৯৪৪)
  • আমীৰী (১৯৪৫)
  • পেহচান (১৯৪৬)
  • ইৰাণ কী এক ৰাত (১৯৪৯)
  • মায়া কানন (১৯৫৩)

অভিনয়

  • চুবহ শাম (১৯৪৪)
  • ৰাণী (১৯৪৩)
  • জৱাব (১৯৪২) .... মনোজ
  • উত্তৰায়ণ (১৯৪১) .... সলিল
  • মায়েৰ প্ৰাণ (১৯৪১) .... সতীশ
  • শাপ মুক্তি (১৯৪০) .... ৰমেশ
  • অধিকাৰ (১৯৩৯) .... নিখিলেশ
  • ৰজত জয়ন্তী (১৯৩৯) .... ৰজত
  • অধিকাৰ (১৯৩৮) .... নিখিলেশ
  • মুক্তি (১৯৩৭/I) .... প্ৰশান্ত
  • মুক্তি (১৯৩৭/II) .... প্ৰশান্ত
  • গৃহদাহ (১৯৩৬) .... মহিম
  • মঞ্জিল(১৯৩৬) .... মহিম
  • দেৱদাস (১৯৩৫) .... দেৱদাস
  • ৰূপ লেখা (১৯৩৪) .... বাংলা ছবিখনত অৰুপ
  • বেঙ্গল ১৯৮৩ (১৯৩২)
  • অপৰাধী (১৯৩১)
  • চৰিত্ৰহীন (১৯৩১)
  • টাকাই কি না হয় (১৯৩১)

লেখক

  • অধিকাৰ (১৯৩৯) (লেখক)
  • ৰজত জয়ন্তী (১৯৩৯) (লেখক)
  • অধিকাৰ (১৯৩৮) (লেখক)
  • মুক্তি (১৯৩৭/I) (লেখক)
  • মুক্তি(১৯৩৭/II) (লেখক)
  • দেৱদাস (১৯৩৬) (লেখকr)
  • মায়া (১৯৩৬/I) (লেখক)
  • মায়া (১৯৩৬/II) (লেখক)
  • দেৱদাস (১৯৩৫) (লেখক)
  • একাডা (১৯৩২) (চিত্ৰনাট্য,কাহিনী)

চিনেমাটোগ্ৰাফী

  • জিন্দেগী (১৯৪০)

তথ্যসূত্ৰ

  1. "Calcuttaweb Cinema - Pramathesh Barua". www.calcuttaweb.com. http://www.calcuttaweb.com/cinema/pramatheshbarua.shtml। আহৰণ কৰা হৈছে: 2008-10-23. 
  2. Bhanja, Manujendra. "IndianCinema:The Platinum Touch". www.bfjaawards.com. Archived from the original on 2008-05-02. http://web.archive.org/web/20080502101907/http://www.bfjaawards.com/archives/articles/198801.htm। আহৰণ কৰা হৈছে: 2008-10-23. 

বৰ্হিসংযোগ