খনিজ পদাৰ্থ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
No edit summary |
|||
10 নং শাৰী: | 10 নং শাৰী: | ||
== অৱস্থিতি == |
== অৱস্থিতি == |
||
খনিজ পদার্থসমূহ |
খনিজ পদার্থসমূহ [[পৃথিৱী]]ৰ [[মাটি]], পানী আৰু বায়ুমণ্ডলত সকলোতে অৱস্থিত । সাধাৰণতে খনিজ পদার্থ অজৈৱ হয় যদিওঁ, জৈৱিক খনিজ পদার্থওঁ আছে আৰু জৈৱিক খনিজ পদার্থসমূহ আমাৰ শৰীৰৰ বাবে আতিকৈ দৰকাৰী । সেয়েহে, আমাৰ দৈনন্দিন খাদ্যবস্তুৰ লগত কম বেছি পৰিমানে জৈৱিক খনিজ পদার্থ মিহলি হৈ থকাটো বাঞ্চনীয় । |
||
== ভৌতিক আৰু ৰাসায়নিক গুণসমূহ == |
== ভৌতিক আৰু ৰাসায়নিক গুণসমূহ == |
||
17 নং শাৰী: | 17 নং শাৰী: | ||
== খনিজ পদার্থৰ প্রকাৰসমূহ == |
== খনিজ পদার্থৰ প্রকাৰসমূহ == |
||
[[পৃথিৱী]]ৰ খোলাটোৰ গঠন আৰু ৰচনা চিলিকন(silicon) আৰু [[অক্সিজেন]](oxygen)ৰ দ্বাৰা প্রভাৱিত হয় । গতিকে, চিলিকেট(silicate) উপাদানসমূহ শিলা গঠন আৰু বৈচিত্রৰ ফালৰপৰা সকলোতকৈ গুৰুত্বপূর্ণ শ্রেণীৰ খনিজ পদার্থ । অনা-চিলিকেট(non-silicate) খনিজ পদার্থসমূহো অর্থনৈতিক দিশৰপৰা খুবেই দৰকাৰী । অনা-চিলিকেট খনিজ পদার্থসমূহক সিহতৰ প্ৰধান ৰাসায়নিক ধর্মৰ ওপৰত ভিত্তি কৰি কেইটামান শ্রেণীত উপ-বিভাজিত কৰা হৈছে । সেই শ্রেণীসমূহ হৈছে, চালফাইড, হেলাইড, ওক্সাইড, হাইদ্র’ক্সাইড, কার্বনেট, নাইট্রেট, ব’ৰেট, চালফেট, ফচফেট আৰু জৈৱ যৌগ । সৰহসংখ্যক প্ৰজাতিৰ অনা-চিলিকেট খনিজ পদার্থই অত্যন্ত বিৰল । আন কিছুমান আকৌ অতি সহজভাৱে উপলব্ধ, যেনে, কেলচাইট, পাইৰাইট, মেগনেটাইট, হেমেটাইট ইত্যাদি । |
|||
[[শ্ৰেণী:ৰসায়ন বিজ্ঞান]] |
[[শ্ৰেণী:ৰসায়ন বিজ্ঞান]] |
10:17, 11 June 2013ৰ সংস্কৰণ
সংজ্ঞা - খনিজ পদার্থ কি ?
খনিজ পদার্থ হৈছে প্রাকৃতিকভাৱে উপলব্ধ ৰাসায়নিক পদার্থ । ই সাধাৰণ অৱস্থাত কঠিন আৰু ৰাসায়নিকভাৱে সুস্থিৰ । খনিজ পদার্থৰ সংজ্ঞা সম্পর্কে ৰাসায়নবিদ সকলৰ মাজত বহুমত আছে যদিও ইয়াৰ কেইটা মান বৈশিষ্ট্যক সংজ্ঞা নিৰূপণৰ বাবে ধৰি ল’ব পৰা যায় । সেই বৈশিষ্ট কেইটা হৈছে ,-
- ই প্রাকৃতিক ভাৱে উপলব্ধ ।
- কক্ষ তাপমাত্রাত(২৫0 চেলচিয়াচ) ই সুস্থিৰ ।
- ই কঠিন ।
- শৃংখলাবদ্ধ পাৰমাণৱিক বিন্যাস ।
- ইয়াক এক নির্দিষ্ট ৰাসায়নিক সূত্রেৰে বুজাব পাৰি ।
- সাধাৰণতে অজৈৱ ।
অৱস্থিতি
খনিজ পদার্থসমূহ পৃথিৱীৰ মাটি, পানী আৰু বায়ুমণ্ডলত সকলোতে অৱস্থিত । সাধাৰণতে খনিজ পদার্থ অজৈৱ হয় যদিওঁ, জৈৱিক খনিজ পদার্থওঁ আছে আৰু জৈৱিক খনিজ পদার্থসমূহ আমাৰ শৰীৰৰ বাবে আতিকৈ দৰকাৰী । সেয়েহে, আমাৰ দৈনন্দিন খাদ্যবস্তুৰ লগত কম বেছি পৰিমানে জৈৱিক খনিজ পদার্থ মিহলি হৈ থকাটো বাঞ্চনীয় ।
ভৌতিক আৰু ৰাসায়নিক গুণসমূহ
যিকেইটা প্রধান ভৌতিক গুণৰ ওপৰত ভিত্তি কৰি খনিজ পদার্থসমূহ বিভিন্ন শ্রেণীত বিভক্ত কৰা হয়, সেইকেইটা হ’ল, ভৌত ষ্ফটিক গঠন, কঠোৰতা, দিপ্তী, বৰণ ঘনত্ব ইত্যাদি । খনিজ পদার্থৰ ৰাসায়নিক গুণসমূহ নিৰূপণ কৰিবলৈ ইয়াক প্ৰথমতে পাতল অম্ল দ্রৱৰ সৈতে বিক্রিয়া কৰিবলৈ দিয়া হয় । সেই বিক্রিয়াৰ ফলাফলৰ ওপৰত ভিত্তি কৰি ইয়াৰ ৰাসায়নিক গুণসমূহ শ্রেণীভুক্তকৰণ কৰা হয় ।
খনিজ পদার্থৰ প্রকাৰসমূহ
পৃথিৱীৰ খোলাটোৰ গঠন আৰু ৰচনা চিলিকন(silicon) আৰু অক্সিজেন(oxygen)ৰ দ্বাৰা প্রভাৱিত হয় । গতিকে, চিলিকেট(silicate) উপাদানসমূহ শিলা গঠন আৰু বৈচিত্রৰ ফালৰপৰা সকলোতকৈ গুৰুত্বপূর্ণ শ্রেণীৰ খনিজ পদার্থ । অনা-চিলিকেট(non-silicate) খনিজ পদার্থসমূহো অর্থনৈতিক দিশৰপৰা খুবেই দৰকাৰী । অনা-চিলিকেট খনিজ পদার্থসমূহক সিহতৰ প্ৰধান ৰাসায়নিক ধর্মৰ ওপৰত ভিত্তি কৰি কেইটামান শ্রেণীত উপ-বিভাজিত কৰা হৈছে । সেই শ্রেণীসমূহ হৈছে, চালফাইড, হেলাইড, ওক্সাইড, হাইদ্র’ক্সাইড, কার্বনেট, নাইট্রেট, ব’ৰেট, চালফেট, ফচফেট আৰু জৈৱ যৌগ । সৰহসংখ্যক প্ৰজাতিৰ অনা-চিলিকেট খনিজ পদার্থই অত্যন্ত বিৰল । আন কিছুমান আকৌ অতি সহজভাৱে উপলব্ধ, যেনে, কেলচাইট, পাইৰাইট, মেগনেটাইট, হেমেটাইট ইত্যাদি ।