শেলাই: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
নতুন পৃষ্ঠা: thumb|300px|False-color [[Scanning electron micrograph of the unicellular coccolithophore, ''Gephyrocapsa oceani...
 
শ্ৰেণী:উদ্ভিদজগত যোগ কৰা হ’ল   হটকেট ব্যৱহাৰৰ জৰিয়তে
46 নং শাৰী: 46 নং শাৰী:


==বাহ্যিক সংযোগ==
==বাহ্যিক সংযোগ==

[[শ্ৰেণী:উদ্ভিদজগত]]

06:50, 5 October 2013ৰ সংস্কৰণ

False-color Scanning electron micrograph of the unicellular coccolithophore, Gephyrocapsa oceanica.

শেলাই(ইংৰাজী: Algae) সমূহ সমাংগদেহী বা থেল'ফাইটা (thallophyta) বিভাগৰ অন্তৰ্গত ক্ল'ৰ;ফিলযুক্ত একপ্ৰকাৰ প্ৰাচীনতম আৰু নিম্নশ্ৰেণীৰ স্বপুষ্ট(autotrophic) অপুষ্পক উদ্ভিদ৷ ইহঁতৰ দেহ মূল,কাণ্ড আৰু পাতত বিভক্ত নহয়৷ বিজ্ঞানৰ যি শাখাত শেলাই সম্বন্ধে চৰ্চা আৰু গৱেষণা কৰা হয় তাক এলগ'ল'জি (algology) বা ফাইক'ল'জি (phycology) বোলে৷ এই শাখাৰ বিশেষজ্ঞজনক ফাইক'ল'জিষ্ট (phycologist) বোলে৷[1]

বাসস্থান

শেলাইবিলাক প্ৰধানত: জলজ৷ ইহঁতে লৱণ আৰু অলৱণ পানীত বা অপৰিষ্কাৰ দুৰ্গন্ধময় পানীত ওপঙি থাকে অথবা পানীত নিমজ্জিত কোনো আধাৰ (substratum) ত লাগি থাকে৷ কিছুমানে উদ্ভিদ বা প্ৰাণীৰ দেহত অন্তৰ (endophyte)উদ্ভিদ হিচাপে অথবা পৰাশ্ৰয়ী (epiphyte)হিচাপে বাস কৰে৷ কোনো কোনো ক্ষেত্ৰত শেলাই ভেঁকুৰৰ সৈতে সহজীৱী হিচাপে (যেনে-লাইকন) বাস কৰা দেখা যায়৷

দেহৰ গঠন

শেলাইৰ দেহৰ গঠন এককোষী সৰল প্ৰকৃতিৰপৰা বহুকোষী আৰু জটিল প্ৰকৃতিৰ হব পাৰে৷ এককোষী শেলাইসমূহ ফ্লেজেলাযুক্ত বা ফ্লেজেলাহীন আৰু অনেক ক্ষেত্ৰত দেখা যায় যে এইবিলাক লগহৈ উপনিবেশ (colony) গঠন কৰে৷ বহুকোষী শেলাইবিলাকৰ দেহ শাখাহীন বা শাখাযুক্ত সূত্ৰকাৰ (filamentous),ফোঁপোলা গোলাকাৰ বস্তুৰ দৰে বা উপনিবেশৰ দৰে হয়৷

কোষৰ গঠন

শেলাইৰ কোষ সংকোষকেন্দ্ৰীয় (eukaryotic) হয়৷ প্ৰতিটো কোষ এখন দুতৰপীয়া (two layered) বেৰৰ দ্বাৰা আবৃত হৈ থাকে৷ বেৰখন চেলুল'জ,পেকটিন প্ৰভৃতিৰ দ্বাৰা গঠিত৷ কোষত এক বা একাধিক কোষকেন্দ্ৰ,কোষপ্ৰৰস,গলগি বডি,ক্ল'ৰপ্লাষ্ট বা ক্ৰ'মেট'ফ'ৰ (chromatophore) ,অন্ত:প্ৰৰসীয় জালিকা থাকে৷ কিছুমানৰ দেহত চলন অংগ ফ্লেজেলা থাকে৷

ৰঞ্জক পদাৰ্থ

বিভিন্নধৰণৰ ৰঞ্জক পদাৰ্থ (pigments) থকাৰ বাবে শেলাইৰ ৰং নানাধৰণৰ হয়৷ ৰঞ্জক পদাৰ্থবোৰৰ ভিতৰত ক্ল'ৰফিল (chlorphyll),কেৰ'টিন (carotene),জেন্থ'ফিল (xanthophyll) আদিয়েই অন্যতম৷ কিছুমান শেলাই (সেউজীয়া শেলাই) ৰ ক্ল'ৰ;প্লাষ্টত পাইৰনইড (pyrenoid) নামৰ এবিধ দানাৰ দৰে বস্তু থাকে৷ এইবিলাক প্ৰটিনৰ দ্বাৰা গঠিত আৰু শ্বেতসাৰ দানাৰ দ্বাৰা পৰিবেষ্টিত হৈ থাকে৷[1]


সঞ্চিত খাদ্য

প্ৰজনন

তথ্য সংগ্ৰহ

  1. 1.0 1.1 উচ্চতৰ মাধ্যমিক প্ৰাথমিক জীৱবিদ্যা" লেখক - কৰুনা কান্ত দাস আৰু ড° অনুপ কুমাৰ চক্ৰবৰ্ত্তী ৷ প্ৰকাশক - শ্ৰী শান্তিৰঞ্জন দে,বীণা লাইব্ৰেৰী,কলেজ হোষ্টেল ৰোড,পানবজাৰ,গুৱাহাটী -৭৮৭০০১, অসম৷


বাহ্যিক সংযোগ