শেলাই: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
শ্ৰেণী:উদ্ভিদজগত যোগ কৰা হ’ল   হটকেট ব্যৱহাৰৰ জৰিয়তে
No edit summary
18 নং শাৰী: 18 নং শাৰী:
==ৰঞ্জক পদাৰ্থ==
==ৰঞ্জক পদাৰ্থ==


বিভিন্নধৰণৰ ৰঞ্জক [[পদাৰ্থ]] (pigments) থকাৰ বাবে শেলাইৰ ৰং নানাধৰণৰ হয়৷ ৰঞ্জক [[পদাৰ্থ]]বোৰৰ ভিতৰত ক্ল'ৰফিল (chlorphyll),কেৰ'টিন (carotene),জেন্থ'ফিল (xanthophyll) আদিয়েই অন্যতম৷ কিছুমান শেলাই (সেউজীয়া শেলাই) ৰ ক্ল'ৰ;প্লাষ্টত পাইৰনইড (pyrenoid) নামৰ এবিধ দানাৰ দৰে বস্তু থাকে৷ এইবিলাক [[প্ৰটিন]]ৰ দ্বাৰা গঠিত আৰু শ্বেতসাৰ দানাৰ দ্বাৰা পৰিবেষ্টিত হৈ থাকে৷<ref name="গ্ৰন্থ ১">উচ্চতৰ মাধ্যমিক প্ৰাথমিক জীৱবিদ্যা" লেখক - কৰুনা কান্ত দাস আৰু ড° অনুপ কুমাৰ চক্ৰবৰ্ত্তী ৷ প্ৰকাশক - শ্ৰী শান্তিৰঞ্জন দে,বীণা লাইব্ৰেৰী,কলেজ হোষ্টেল ৰোড,পানবজাৰ,গুৱাহাটী -৭৮৭০০১, অসম৷</ref>৷
বিভিন্নধৰণৰ ৰঞ্জক [[পদাৰ্থ]] (pigments) থকাৰ বাবে শেলাইৰ ৰং নানাধৰণৰ হয়৷ ৰঞ্জক [[পদাৰ্থ]]বোৰৰ ভিতৰত ক্ল'ৰফিল (chlorphyll),কেৰ'টিন (carotene),জেন্থ'ফিল (xanthophyll) আদিয়েই অন্যতম৷ কিছুমান শেলাই (সেউজীয়া শেলাই) ৰ ক্ল'ৰ;প্লাষ্টত পাইৰনইড (pyrenoid) নামৰ এবিধ দানাৰ দৰে বস্তু থাকে৷ এইবিলাক [[প্ৰটিন]]ৰ দ্বাৰা গঠিত আৰু শ্বেতসাৰ দানাৰ দ্বাৰা পৰিবেষ্টিত হৈ থাকে৷<ref name="গ্ৰন্থ ১">উচ্চতৰ মাধ্যমিক প্ৰাথমিক জীৱবিদ্যা" লেখক - কৰুনা কান্ত দাস আৰু ড° অনুপ কুমাৰ চক্ৰবৰ্ত্তী ৷ প্ৰকাশক - শ্ৰী শান্তিৰঞ্জন দে,বীণা লাইব্ৰেৰী,কলেজ হোষ্টেল ৰোড,পানবজাৰ,গুৱাহাটী -৭৮৭০০১, অসম৷ পৃষ্ঠা ৩৪৪ </ref>৷


==সঞ্চিত খাদ্য==
==সঞ্চিত খাদ্য==


শেলাইৰ দেহত প্ৰধান সঞ্চিত খাদ্যৰূপে [[কাৰ্ব'হাইড্ৰেট]] থাকে,কিন্তু ভিন্ন ভিন্ন শেলাইত [[কাৰ্ব'হাইড্ৰেট]]ৰ প্ৰকৃতিও বিভিন্ন ধৰণৰ হয়,যেনে- শ্বেতসাৰ (সেউজীয়া শেলাই),মেনিট'ল আৰু লেমিনেৰিম (manitol and laminarin)(মুগা বৰণীয়া শেলাই),ফ্ল'ৰিডিয়ান শ্বেতসাৰ (ৰঙা শেলাই) ইত্যাদি৷ বিভিন্ন ধৰণৰ [[কাৰ্ব'হাইড্ৰেট]]ৰ বাহিৰেও স্নেহপদাৰ্থ আৰু তেল (fats and oil),লিউক'ছিন (luecosin),পেৰামাইলাম (paramylum) আদি শেলাইৰ [[কোষ]]ত সঞ্চিত খাদ্যৰূপে থাকে৷


==প্ৰজনন==
==প্ৰজনন==


শেলাইয়ে প্ৰজনন কৰা পদ্ধতিসমূহ-

#অংগজ প্ৰজনন (Vegetative reproduction) : এককোষী শেলাইবিলাকে কোষবিভাজনৰ দ্বাৰা ইহঁতৰ সংখ্যা বৃদ্ধি কৰে৷ বহুকোষী সূত্ৰকাৰ অথবা উপনিবেশ [[প্ৰকৃতি]]ৰ শেলাইবিলাকে খণ্ডিতকৰণ (fragmentation) ৰ দ্বাৰা অংগজ প্ৰজনন সম্পন্ন কৰে৷
#অযৌন প্ৰজনন (Asexual reproduction): বিভিন্ন প্ৰকাৰৰ [[ৰেণু]]ৰ দ্বাৰা শেলাইবিলাকে অযৌন প্ৰজনন সম্পন্ন কৰে৷ এই [[ৰেণু]]বিলাক হ'ল চলৰেণু (zoospore),এপ্লান'ৰেণু (aplanospore),টেট্ৰাৰেণু (tetraspore),এককৰেণু (monospore)অট'ৰেণু (autospore) ইত্যাদি৷,
#যৌন প্ৰজনন (Sexual reproduction): এই প্ৰক্ৰিয়াত দুটা বিপৰীত যৌনতাসম্পন্ন জননকোষ (gamete) ৰ মিলন ঘটে৷ মিলিত হোৱা জননকোষ দুটা একে [[উদ্ভিদ]] সহবাসী(monoecious),বা ভিন্নবাসী (dioecious) ৰ পৰা উৎপন্ন হ'ব পাৰে৷ শেলাইৰ যৌন প্ৰজনন প্ৰধানত: তিনিটা পদ্ধতিত সম্ভৱ,যেনে-
*সমজননকোষী বা আইছ'গেমাছ (Isogamous) :দুটা সম আকাৰ আৰু আকৃতিৰ ফ্লেজেলাযুক্ত বা ফ্লেজেলাবিহীন জননকোষৰ মাজত মিলিত হ'লে তাক আইছ'গেমি (isogamy) বোলে আৰু এনেধৰণৰ যৌন প্ৰজননক সম জননকোষী বা আইছ'গেমাছ (isogamous) বোলে৷ সম আকাৰ আৰু আকৃতিৰ জননকোষবোৰক সম জননকোষ (isogamete) বোলে৷
*অসম জননকোষী বা এনআইছ'গেমাছ (Anisogamous) : অসম আকৃতিৰ ফ্লেজেলাযুক্ত বা ফ্লেজেলাবিহীন দুটা জননকোষৰ মিলন হ'লে তাক এনআইছ'গেমি (Anisogamy) বোলে আৰু এনেধৰণৰ যৌন প্ৰজননক অসম জননকোষী বা এনআইছ'গেমাছ (Anisogamous) বোলে৷ অসম আকাৰৰ জননকোষবোৰক অসম জননকোষ (Anisogamete) বোলে৷
*উগেমাছ (Oogamous) : আকৃতি আৰু চৰিত্ৰগতভাৱে পৃথক দুটা জননকোষৰ মাজত মিলন হ'লে তাক উগেমী (oogamy) আৰু এনেধৰণৰ যৌন প্ৰজননক উগেমাছ (oogamous) বোলে৷ এই প্ৰকাৰ যৌন প্ৰজননত বৃহৎ জননকোষ বা ডিম্নাণু (egg) টো ফ্লেজেলাবিহীন,অচল হয় আৰু তুলনামূলকভাৱে ক্ষুদ্ৰ জননকোষ বা শুক্ৰাণুটো ফ্লেজেলাযুক্ত (ৰঙা শেলাই ব্যতীত) আৰু সক্ৰিয় হয়৷<ref name="গ্ৰন্থ ১" />





14:58, 5 October 2013ৰ সংস্কৰণ

False-color Scanning electron micrograph of the unicellular coccolithophore, Gephyrocapsa oceanica.

শেলাই(ইংৰাজী: Algae) সমূহ সমাংগদেহী বা থেল'ফাইটা (thallophyta) বিভাগৰ অন্তৰ্গত ক্ল'ৰ;ফিলযুক্ত একপ্ৰকাৰ প্ৰাচীনতম আৰু নিম্নশ্ৰেণীৰ স্বপুষ্ট(autotrophic) অপুষ্পক উদ্ভিদ৷ ইহঁতৰ দেহ মূল,কাণ্ড আৰু পাতত বিভক্ত নহয়৷ বিজ্ঞানৰ যি শাখাত শেলাই সম্বন্ধে চৰ্চা আৰু গৱেষণা কৰা হয় তাক এলগ'ল'জি (algology) বা ফাইক'ল'জি (phycology) বোলে৷ এই শাখাৰ বিশেষজ্ঞজনক ফাইক'ল'জিষ্ট (phycologist) বোলে৷[1]

বাসস্থান

শেলাইবিলাক প্ৰধানত: জলজ৷ ইহঁতে লৱণ আৰু অলৱণ পানীত বা অপৰিষ্কাৰ দুৰ্গন্ধময় পানীত ওপঙি থাকে অথবা পানীত নিমজ্জিত কোনো আধাৰ (substratum) ত লাগি থাকে৷ কিছুমানে উদ্ভিদ বা প্ৰাণীৰ দেহত অন্তৰ (endophyte)উদ্ভিদ হিচাপে অথবা পৰাশ্ৰয়ী (epiphyte)হিচাপে বাস কৰে৷ কোনো কোনো ক্ষেত্ৰত শেলাই ভেঁকুৰৰ সৈতে সহজীৱী হিচাপে (যেনে-লাইকন) বাস কৰা দেখা যায়৷

দেহৰ গঠন

শেলাইৰ দেহৰ গঠন এককোষী সৰল প্ৰকৃতিৰপৰা বহুকোষী আৰু জটিল প্ৰকৃতিৰ হব পাৰে৷ এককোষী শেলাইসমূহ ফ্লেজেলাযুক্ত বা ফ্লেজেলাহীন আৰু অনেক ক্ষেত্ৰত দেখা যায় যে এইবিলাক লগহৈ উপনিবেশ (colony) গঠন কৰে৷ বহুকোষী শেলাইবিলাকৰ দেহ শাখাহীন বা শাখাযুক্ত সূত্ৰকাৰ (filamentous),ফোঁপোলা গোলাকাৰ বস্তুৰ দৰে বা উপনিবেশৰ দৰে হয়৷

কোষৰ গঠন

শেলাইৰ কোষ সংকোষকেন্দ্ৰীয় (eukaryotic) হয়৷ প্ৰতিটো কোষ এখন দুতৰপীয়া (two layered) বেৰৰ দ্বাৰা আবৃত হৈ থাকে৷ বেৰখন চেলুল'জ,পেকটিন প্ৰভৃতিৰ দ্বাৰা গঠিত৷ কোষত এক বা একাধিক কোষকেন্দ্ৰ,কোষপ্ৰৰস,গলগি বডি,ক্ল'ৰপ্লাষ্ট বা ক্ৰ'মেট'ফ'ৰ (chromatophore) ,অন্ত:প্ৰৰসীয় জালিকা থাকে৷ কিছুমানৰ দেহত চলন অংগ ফ্লেজেলা থাকে৷

ৰঞ্জক পদাৰ্থ

বিভিন্নধৰণৰ ৰঞ্জক পদাৰ্থ (pigments) থকাৰ বাবে শেলাইৰ ৰং নানাধৰণৰ হয়৷ ৰঞ্জক পদাৰ্থবোৰৰ ভিতৰত ক্ল'ৰফিল (chlorphyll),কেৰ'টিন (carotene),জেন্থ'ফিল (xanthophyll) আদিয়েই অন্যতম৷ কিছুমান শেলাই (সেউজীয়া শেলাই) ৰ ক্ল'ৰ;প্লাষ্টত পাইৰনইড (pyrenoid) নামৰ এবিধ দানাৰ দৰে বস্তু থাকে৷ এইবিলাক প্ৰটিনৰ দ্বাৰা গঠিত আৰু শ্বেতসাৰ দানাৰ দ্বাৰা পৰিবেষ্টিত হৈ থাকে৷[1]

সঞ্চিত খাদ্য

শেলাইৰ দেহত প্ৰধান সঞ্চিত খাদ্যৰূপে কাৰ্ব'হাইড্ৰেট থাকে,কিন্তু ভিন্ন ভিন্ন শেলাইত কাৰ্ব'হাইড্ৰেটৰ প্ৰকৃতিও বিভিন্ন ধৰণৰ হয়,যেনে- শ্বেতসাৰ (সেউজীয়া শেলাই),মেনিট'ল আৰু লেমিনেৰিম (manitol and laminarin)(মুগা বৰণীয়া শেলাই),ফ্ল'ৰিডিয়ান শ্বেতসাৰ (ৰঙা শেলাই) ইত্যাদি৷ বিভিন্ন ধৰণৰ কাৰ্ব'হাইড্ৰেটৰ বাহিৰেও স্নেহপদাৰ্থ আৰু তেল (fats and oil),লিউক'ছিন (luecosin),পেৰামাইলাম (paramylum) আদি শেলাইৰ কোষত সঞ্চিত খাদ্যৰূপে থাকে৷

প্ৰজনন

শেলাইয়ে প্ৰজনন কৰা পদ্ধতিসমূহ-

  1. অংগজ প্ৰজনন (Vegetative reproduction) : এককোষী শেলাইবিলাকে কোষবিভাজনৰ দ্বাৰা ইহঁতৰ সংখ্যা বৃদ্ধি কৰে৷ বহুকোষী সূত্ৰকাৰ অথবা উপনিবেশ প্ৰকৃতিৰ শেলাইবিলাকে খণ্ডিতকৰণ (fragmentation) ৰ দ্বাৰা অংগজ প্ৰজনন সম্পন্ন কৰে৷
  2. অযৌন প্ৰজনন (Asexual reproduction): বিভিন্ন প্ৰকাৰৰ ৰেণুৰ দ্বাৰা শেলাইবিলাকে অযৌন প্ৰজনন সম্পন্ন কৰে৷ এই ৰেণুবিলাক হ'ল চলৰেণু (zoospore),এপ্লান'ৰেণু (aplanospore),টেট্ৰাৰেণু (tetraspore),এককৰেণু (monospore)অট'ৰেণু (autospore) ইত্যাদি৷,
  3. যৌন প্ৰজনন (Sexual reproduction): এই প্ৰক্ৰিয়াত দুটা বিপৰীত যৌনতাসম্পন্ন জননকোষ (gamete) ৰ মিলন ঘটে৷ মিলিত হোৱা জননকোষ দুটা একে উদ্ভিদ সহবাসী(monoecious),বা ভিন্নবাসী (dioecious) ৰ পৰা উৎপন্ন হ'ব পাৰে৷ শেলাইৰ যৌন প্ৰজনন প্ৰধানত: তিনিটা পদ্ধতিত সম্ভৱ,যেনে-
  • সমজননকোষী বা আইছ'গেমাছ (Isogamous) :দুটা সম আকাৰ আৰু আকৃতিৰ ফ্লেজেলাযুক্ত বা ফ্লেজেলাবিহীন জননকোষৰ মাজত মিলিত হ'লে তাক আইছ'গেমি (isogamy) বোলে আৰু এনেধৰণৰ যৌন প্ৰজননক সম জননকোষী বা আইছ'গেমাছ (isogamous) বোলে৷ সম আকাৰ আৰু আকৃতিৰ জননকোষবোৰক সম জননকোষ (isogamete) বোলে৷
  • অসম জননকোষী বা এনআইছ'গেমাছ (Anisogamous) : অসম আকৃতিৰ ফ্লেজেলাযুক্ত বা ফ্লেজেলাবিহীন দুটা জননকোষৰ মিলন হ'লে তাক এনআইছ'গেমি (Anisogamy) বোলে আৰু এনেধৰণৰ যৌন প্ৰজননক অসম জননকোষী বা এনআইছ'গেমাছ (Anisogamous) বোলে৷ অসম আকাৰৰ জননকোষবোৰক অসম জননকোষ (Anisogamete) বোলে৷
  • উগেমাছ (Oogamous) : আকৃতি আৰু চৰিত্ৰগতভাৱে পৃথক দুটা জননকোষৰ মাজত মিলন হ'লে তাক উগেমী (oogamy) আৰু এনেধৰণৰ যৌন প্ৰজননক উগেমাছ (oogamous) বোলে৷ এই প্ৰকাৰ যৌন প্ৰজননত বৃহৎ জননকোষ বা ডিম্নাণু (egg) টো ফ্লেজেলাবিহীন,অচল হয় আৰু তুলনামূলকভাৱে ক্ষুদ্ৰ জননকোষ বা শুক্ৰাণুটো ফ্লেজেলাযুক্ত (ৰঙা শেলাই ব্যতীত) আৰু সক্ৰিয় হয়৷[1]







তথ্য সংগ্ৰহ

  1. 1.0 1.1 1.2 উচ্চতৰ মাধ্যমিক প্ৰাথমিক জীৱবিদ্যা" লেখক - কৰুনা কান্ত দাস আৰু ড° অনুপ কুমাৰ চক্ৰবৰ্ত্তী ৷ প্ৰকাশক - শ্ৰী শান্তিৰঞ্জন দে,বীণা লাইব্ৰেৰী,কলেজ হোষ্টেল ৰোড,পানবজাৰ,গুৱাহাটী -৭৮৭০০১, অসম৷ পৃষ্ঠা ৩৪৪


বাহ্যিক সংযোগ