কোষ (জীৱবিজ্ঞান): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
চিত্ৰ সংযোগ
No edit summary
1 নং শাৰী: 1 নং শাৰী:


'''কোষ''' ({{lang-en|cell}}) জীৱনৰ মূল একক৷ আমাৰ চাৰিওফালে থকা [[জীৱ]]সমূহৰ দেহটো কোষেৰে গঠিত৷ এই কোষবিলাক বিভিন্ন আকাৰ-আকৃতিৰ হয় আৰু বিভিন্ন সজীৱ-নিৰ্জীৱ বস্তুৰে গঠিত৷ জীৱসমূহৰ কিছুমানৰ দেহটো এটা কোষেৰে গঠিত যাক [[এককোষী জীৱ]](unicellular organism) বোলে (যেনে-[[এমিবা]])৷ আনহাতে বহুতো কোষেৰে গঠিত [[জীৱ]]বোৰক [[বহুকোষী জীৱ]](multicellular organism) বোলে (যেনে-[[মানুহ]])৷ [[বহুকোষী জীৱ]]ৰ ক্ষেত্ৰত কোষবোৰেই হ'ল দেহ গঠনৰ মূল একক৷ ৫৫৮ খৃ:ত কনৰাড জেছনাৰ নামৰ [[বিজ্ঞানী]]জনে পোনপ্ৰথমে কোষ সম্বন্ধে ধাৰণা প্ৰকাশ কৰে৷ পিছত ১৬৬৫ খৃ:ত '''ৰবাৰ্ট হুকে''' প্ৰথমে কোষ আৱিষ্কাৰ কৰে৷
'''কোষ''' ({{lang-en|cell}}) জীৱনৰ মূল একক৷ আমাৰ চাৰিওফালে থকা [[জীৱ]]সমূহৰ দেহটো কোষেৰে গঠিত৷ এই কোষবিলাক বিভিন্ন আকাৰ-আকৃতিৰ হয় আৰু বিভিন্ন সজীৱ-নিৰ্জীৱ বস্তুৰে গঠিত৷ জীৱসমূহৰ কিছুমানৰ দেহটো এটা কোষেৰে গঠিত যাক [[এককোষী জীৱ]](unicellular organism) বোলে (যেনে-[[এমিবা]])৷ আনহাতে বহুতো কোষেৰে গঠিত [[জীৱ]]বোৰক [[বহুকোষী জীৱ]](multicellular organism) বোলে (যেনে-[[মানুহ]])৷ [[বহুকোষী জীৱ]]ৰ ক্ষেত্ৰত কোষবোৰেই হ'ল দেহ গঠনৰ মূল একক৷ ৫৫৮ খৃ:ত কনৰাড জেছনাৰ নামৰ [[বিজ্ঞানী]]জনে পোনপ্ৰথমে কোষ সম্বন্ধে ধাৰণা প্ৰকাশ কৰে৷ পিছত ১৬৬৫ খৃ:ত '''ৰবাৰ্ট হুকে''' প্ৰথমে কোষ আৱিষ্কাৰ কৰে৷
[[File:Wilson1900Fig2.jpg|right|thumb|350px|Onion ([[Allium]]) cells in different phases of the cell cycle]]
[[Image:celltypes.svg|thumb|350px|right|The cells of [[eukaryote]]s (left) and [[prokaryote]]s (right)]]
[[Image:celltypes.svg|thumb|350px|right|The cells of [[eukaryote]]s (left) and [[prokaryote]]s (right)]]


72 নং শাৰী: 71 নং শাৰী:


===সংকোষকেন্দ্ৰীয় কোষ===
===সংকোষকেন্দ্ৰীয় কোষ===
[[Image:Animal cell structure en.svg|thumb|275px|left|Structure of a typical animal cell]][[Image:Plant cell structure svg.svg|thumb|275px|right|Structure of a typical [[plant cell]]]]
[[Image:Animal cell structure en.svg|thumb|275px|right|Structure of a typical animal cell]][[Image:Plant cell structure svg.svg|thumb|275px|right|Structure of a typical [[plant cell]]]]


যিবোৰ [[জীৱ]]ৰ কোষত [[কোষকেন্দ্ৰ]]টো স্পষ্ট আৰু সুসংগঢিত তাক সংকোষকেন্দ্ৰীয় কোষ বোলে৷ এইধৰণৰ কোষ প্ৰ'ট'জ'ৱা,[[ভেঁকুৰ]],বেছিভাগ [[শেলাই]],সকলো উন্নত প্ৰকাৰৰ [[উদ্ভিদ]] আৰু [[প্ৰাণী]]দেহত দেখা যায়৷ এইধৰণৰ কোষৰ সংগঠন পদ্ধতি জটিল৷ স্পষ্ট আৰু সুসংগঠিত কোষকেন্দ্ৰযুক্ত অৰ্থাৎ আদৰ্শ কোষকেন্দ্ৰযুক্ত [[জীৱ]]ক ইউকেৰিঅ'টছ(eukaryotes) বোলে৷ এইবিলাকৰ প্ৰধান বৈশিষ্ট্যবোৰ হ'ল-
যিবোৰ [[জীৱ]]ৰ কোষত [[কোষকেন্দ্ৰ]]টো স্পষ্ট আৰু সুসংগঢিত তাক সংকোষকেন্দ্ৰীয় কোষ বোলে৷ এইধৰণৰ কোষ প্ৰ'ট'জ'ৱা,[[ভেঁকুৰ]],বেছিভাগ [[শেলাই]],সকলো উন্নত প্ৰকাৰৰ [[উদ্ভিদ]] আৰু [[প্ৰাণী]]দেহত দেখা যায়৷ এইধৰণৰ কোষৰ সংগঠন পদ্ধতি জটিল৷ স্পষ্ট আৰু সুসংগঠিত কোষকেন্দ্ৰযুক্ত অৰ্থাৎ আদৰ্শ কোষকেন্দ্ৰযুক্ত [[জীৱ]]ক ইউকেৰিঅ'টছ(eukaryotes) বোলে৷ এইবিলাকৰ প্ৰধান বৈশিষ্ট্যবোৰ হ'ল-

18:15, 5 October 2013ৰ সংস্কৰণ

কোষ (ইংৰাজী: cell) জীৱনৰ মূল একক৷ আমাৰ চাৰিওফালে থকা জীৱসমূহৰ দেহটো কোষেৰে গঠিত৷ এই কোষবিলাক বিভিন্ন আকাৰ-আকৃতিৰ হয় আৰু বিভিন্ন সজীৱ-নিৰ্জীৱ বস্তুৰে গঠিত৷ জীৱসমূহৰ কিছুমানৰ দেহটো এটা কোষেৰে গঠিত যাক এককোষী জীৱ(unicellular organism) বোলে (যেনে-এমিবা)৷ আনহাতে বহুতো কোষেৰে গঠিত জীৱবোৰক বহুকোষী জীৱ(multicellular organism) বোলে (যেনে-মানুহ)৷ বহুকোষী জীৱৰ ক্ষেত্ৰত কোষবোৰেই হ'ল দেহ গঠনৰ মূল একক৷ ৫৫৮ খৃ:ত কনৰাড জেছনাৰ নামৰ বিজ্ঞানীজনে পোনপ্ৰথমে কোষ সম্বন্ধে ধাৰণা প্ৰকাশ কৰে৷ পিছত ১৬৬৫ খৃ:ত ৰবাৰ্ট হুকে প্ৰথমে কোষ আৱিষ্কাৰ কৰে৷

The cells of eukaryotes (left) and prokaryotes (right)

কোষ মতবাদ

Onion (Allium) cells in different phases of the cell cycle

কোষ সম্বন্ধে নানা তথ্য প্ৰকাশ পোৱাৰ পিছতস্লেইডন আৰু স্ব'ৱানে ১৮৩৯ খৃ:ত কোষ মতবাদ প্ৰৱৰ্তন কৰে৷ এই মতবাদ মতে প্ৰত্যেক জীৱদেহ কোষৰ দ্বাৰা গঠিত আৰু প্ৰতিটো কোষে এককভাৱে কাম কৰিব পাৰে৷ গতিকে,কোষ হ'ল কোনো জীৱদেহৰ গঠনগত আৰু কাৰ্যকাৰিতাৰ একক(structural and functional unit)৷ প্ৰত্যেক জীৱজীৱনক্ৰিয়া আৰম্ভ হয় এটা মাত্ৰ কোষৰ পৰা আৰু পূৰ্বতে সৃষ্টি হোৱা কোষৰপৰা অপত্য কোষৰ উদ্ভৱ হয়৷

কোষ মতবাদৰ মূল বৈশিষ্ট্য চাৰিটা:

  1. সকলোবিলাক জীৱ(উদ্ভিদ,প্ৰাণী আৰু প্ৰ'ট'য'ৱা) ৰ দেহ এক বা একাধিক কোষ আৰু কোষদ্ৰব্য(cell products) ৰ দ্বাৰা গঠিত৷ সেইবাবে কোষ হ'ল জীৱদেহৰ গঠনগত একক(cell is the structural unit of life)৷
  2. কোষ জীৱদেহৰ কাৰ্যকাৰিতা একক(cell is the functional unit of life),কাৰণ জীৱদেহৰ যাৱতীয় বিপাকীয় কাৰ্যসমূহ কোষৰ ভিতৰত সম্পন্ন হয়৷
  3. কেৱল কোষৰ পৰাই কোষৰ সৃষ্টি হয়৷
  4. প্ৰত্যেক জীৱজীৱনক্ৰিয়া আৰম্ভ হয় এটা মাত্ৰ কোষৰপৰা৷[1]
Illustration depicting major structures inside the eukaryotic animal cell

কোষ মতবাদৰ ব্যতিক্ৰম

কোষ সম্বন্ধে সাম্প্ৰতিক জ্ঞানে কিন্তু কোষ মতবাদক সম্পূৰ্ণভাৱে সমৰ্থন নকৰে৷ কাৰণ সকলো জীৱদেহ কোষৰদ্বাৰা গঠিত-এই ধাৰণাটো সম্পূৰ্ণ শুদ্ধ নহয়৷ ইয়াৰ সপক্ষে যুক্তিবোৰ হ'ল -

  1. ভাইৰাছ,ভাইৰয়েড আৰু প্ৰিয়ম - অকোষীয়(acellular),কাৰণ এইবিলাকৰ প্ৰ'ট'প্লাজম আৰু কোষকেন্দ্ৰ নাথাকে৷
  2. বেক্টেৰিয়া আৰু চাইনা'বেক্টেৰিয়াৰ সুসংগঠিত কোষকেন্দ্ৰ নাথাকে৷
  3. মিউকৰ (Mucor-এবিধ ভেকুৰ ) আৰু ভাইচেৰিয়া(Vaucheria - এবিধ শেলাই) এবিধ বহু কোষকেন্দ্ৰ যুক্ত জীৱ[1]


কোষৰ সংজ্ঞা

বিজ্ঞানীসকলে বিভিন্ন সময়ত কোষ সম্পৰ্কে দিয়া সংজ্ঞা-

  1. জীৱনৰ ভৌতিক সত্তাৰ মৌল একক হ'ল কোষ(swanson and Webseter,1978)৷
  2. কোষ হ'ল জীৱৰ মৌলিক গঠনগত আৰু কাৰ্যগত একক(De Roberties,1979)৷
  3. অৰ্ধভেদ্য আৱৰণেৰে আবৃত স্বপ্ৰজননশীল জীৱনক্ৰিয়াৰ একক হ'ল কোষ(A.G.Lowey and P.Siekevitz,1963 )৷
  4. জীৱনৰ প্ৰকাশ ঘটাবলৈ সক্ষম হোৱা এক খণ্ড প্ৰ'ট'প্লাজমক কোষ বোলে(Max Schultze,1825-1874)৷
  5. কোষ হ'ল জীৱৰ ক্ষুদ্ৰতম সুসংগঠিত একক যি অনুকূল পৰিবেশত স্বনিৰ্ভৰ আৰু স্বপ্ৰজননক্ষম৷

কোষৰ মাজত থকা সাধাৰণ মিল

  • সকলো ধৰণৰ কোষতে থকা বংশগতি পদাৰ্থ হ'ল নিউক্লিক এচিড৷
  • সকলো কোষে ইয়াৰ বংশগতি পদাৰ্থখিনিক কোষবিভাজনৰ সময়ত মাতৃকোষৰপৰা অপত্য কোষলৈ সঞ্চাৰ কৰে৷
  • সকলো কোষতে কোষাৱৰণ,ৰাইব'জ'ম,কোষকেন্দ্ৰ বা নিউক্লিয়ড(nucleoid) ৰ উপস্থিতি৷
  • কিছুমান কোষীয় প্ৰক্ৰিয়া,যেনে- DNA ৰ অনুকৃত্যায়ন(DNA replication),প্ৰটিন সংশ্লেষণ আদি কৌশল সকলো কোষতে থাকে৷
  • সবাত শ্বসন(aerobic respiration) পদ্ধতি সকলো কোষতে থাকে৷
  • সকলো কোষতে কোষাৱৰণৰ গঠন আৰু ইয়াৰ মূল কাম একে৷[1]

কোষৰ আকাৰ

জীৱৰ ভিন্নতা অনুসৰি এইবিলাকৰ কোষৰ আকাৰৰ ভিন্নতা দেখা যায়৷ জীৱজগতৰ আটাইতকৈ ক্ষুদ্ৰতম জীৱকোষ হ'ল মাইক'প্লাজমা গেলিছেপটিকাম(Mycoplasma gallisepticum) আৰু মাইক'প্লাজমা লেডলাই(Mycoplasma laidlawii) নামৰ এককোষী বেক্টেৰিয়াসদৃশ জীৱ৷ এইবিলাকৰ ব্যাস হ'ল ০.১μm ৷ বেক্টেৰিয়া কোষ দীঘলে ০.২-০.৫ মাইক্ৰ'মিটাৰ পৰ্যন্ত হয়৷ উটপক্ষীকণীয়েই হ'ল আটাইতকৈ ডাঙৰ প্ৰাণীকোষ৷ ইয়াৰ আকাৰ হ'ল ১৭০মি.মি.× ১৩৫ মি.মি,(খোলাৰে সৈতে)৷ বহুকোষী উদ্ভিদৰ ভিতৰত ৰেমী(ramie-Boehmeria) নামৰ গছৰ বাকলিৰ তন্তুৱেই আটাইতকৈ দীঘল কোষ,যাৰ দৈৰ্ঘ্য প্ৰায় ৫৫ চে.মি.৷ আটাইতকৈ ডাঙৰ এককোষী উদ্ভিদকোষ হ'ল এছিটাবুলেৰিয়া(Acetabularia) নামৰ শেলাইবিধ ,যাৰ দৈৰ্ঘ্য হ'ল ৫-১০ চে.মি.৷ মানুহৰ দেহৰ আটাইতকৈ দীৰ্ঘতম কোষ হ'ল স্নায়ুকোষ,ই দীঘলে প্ৰায় ১মিটাৰ পৰ্যন্ত হয়৷[1]


কোষৰ প্ৰকাৰ

১৯৫৭ খৃ:ত ডগহাৰ্টি(Dougherty) এ সৰ্বপ্ৰথমে কোষকেন্দ্ৰৰ গঠনৰ ওপৰত ভিত্তি কৰি জীৱজগতত দুই প্ৰকাৰ কোষৰ কথা উল্লেখ কৰে৷ তেওঁ প্ৰকৃত কোষকেন্দ্ৰবিহীন আদিম প্ৰকৃতিৰ কোষক প্ৰকোষকেন্দ্ৰীয় কোষ (Prokaryotic cell) আৰু আদৰ্শ প্ৰকৃত কোষকেন্দ্ৰযুক্ত কোষক সংকোষকেন্দ্ৰীয় কোষ (Eukaryotic cell) হিচাপে আখ্যা দিয়ে৷ আধুনিক জীৱবিজ্ঞানীসকলেও সেইবাবে বিভিন্ন ধৰণৰ কোষক দুভাগত বিভক্ত কৰিছে৷

প্ৰকোষকেন্দ্ৰীয় কোষ

Diagram of a typical prokaryotic cell

যিবোৰ কোষত সুসংগঠিত কোষকেন্দ্ৰ নাথাকে তাক প্ৰকোষকেন্দ্ৰীয় কোষ বোলে৷ যেনে-মাইকা'প্লাজমা,বেক্টেৰিয়া আদি৷ কোনো জীৱদেহ প্ৰকোষকেন্দ্ৰীয় কোষৰ দ্বাৰা গঠিত হ'লে তেনে জীৱক প্ৰকেৰিঅ'টছ(prokaryotes) বোলে৷ গঠনগতভাৱে প্ৰকোষকেন্দ্ৰীয় কোষ সৰল আৰু অনুন্নত ধৰণৰ৷ এইবিলাকৰ প্ৰধান বৈশিষ্ট্যবোৰ হ'ল-

  1. কোষকেন্দ্ৰাৱৰণৰ দ্বাৰা আবৃত,সুগঠিত আৰু নিৰ্দিষ্ট কোনো কোষকেন্দ্ৰ নাথাকে৷
  2. এইধৰণৰ কোষত মাইট'কন্ড্ৰিয়া,প্লাষ্টিড,গলগি বডি,অন্ত:প্ৰৰসীয় জালিকা,চেণ্ট্ৰিঅ'ল,লাইছ'জ'ম প্ৰভৃতি কোষ অংগাণু(cell organelles) আদি নাথাকে৷
  3. ৰাইব'জ'ম কোষপ্ৰৰসত সিঁচৰিত হৈ থাকে,ৰাইব'জ'ম ৭০S প্ৰকৃতিৰ হয়৷
  4. কোষবেৰ পেপটিড'গ্লাইকেনেৰে গঠিত৷
  5. এইধৰণৰ কোষত ক্ৰ'ম'জ'ম গঠিত নহয়৷ অকল চক্ৰাকাৰ DNA বা RNA থাকে৷
  6. DNA- ত হিষ্টন(histone) নামক প্ৰটিন নাথাকে৷
  7. এইবিলাক কোষত অতিকেন্দ্ৰ(nucleolus) নাথাকে৷
  8. শ্বসনকাৰী উৎসেচক কোষপ্ৰৰস বা কোষাবৰণৰ ভিতৰফালে থাকে৷
  9. কোষাৱৰণ কেতিয়াবা কেতিয়াবা চাইট'প্লাজমাত প্ৰৱেশ কৰি মেছ'জ'ম(mesosome)- ৰ সৃষ্টি কৰে৷
  10. সালোকসংশ্লেষণকাৰী জীৱবিলাকৰ কোষত থাইলাকইড(thylakoid) নামক ৰঞ্জকযুক্ত অংগাণু থাকে৷
  11. কোষপ্ৰৰস বা চাইট'প্লাজমাত কোনো ধৰণৰ চলন দেখা নাযায়৷
  12. কোষত ভেকুঅ'লৰ সৃষ্টি নহয়৷
  13. অকল দ্বি-বিভাজন পদ্ধতিৰ দ্বাৰাহে কোষবিভাজন হয়৷[1]

সংকোষকেন্দ্ৰীয় কোষ

Structure of a typical animal cell
Structure of a typical plant cell

যিবোৰ জীৱৰ কোষত কোষকেন্দ্ৰটো স্পষ্ট আৰু সুসংগঢিত তাক সংকোষকেন্দ্ৰীয় কোষ বোলে৷ এইধৰণৰ কোষ প্ৰ'ট'জ'ৱা,ভেঁকুৰ,বেছিভাগ শেলাই,সকলো উন্নত প্ৰকাৰৰ উদ্ভিদ আৰু প্ৰাণীদেহত দেখা যায়৷ এইধৰণৰ কোষৰ সংগঠন পদ্ধতি জটিল৷ স্পষ্ট আৰু সুসংগঠিত কোষকেন্দ্ৰযুক্ত অৰ্থাৎ আদৰ্শ কোষকেন্দ্ৰযুক্ত জীৱক ইউকেৰিঅ'টছ(eukaryotes) বোলে৷ এইবিলাকৰ প্ৰধান বৈশিষ্ট্যবোৰ হ'ল-

  1. এইধৰণৰ কোষত কোষকেন্দ্ৰটো সুসংগঠিত অৰ্থাৎ কোষকেন্দ্ৰত কেন্দ্ৰাৱৰণ,অতিকেন্দ্ৰ,কোষকেন্দ্ৰ প্ৰৰস আৰু কোষকেন্দ্ৰ জালিকা থাকে৷
  2. এইপ্ৰকাৰ কোষত আৱৰণেৰে আবৃত কোষ অংগাণু,যেনে- প্লাষ্টিড,গলগি বডি,মাইট'কন্ড্ৰিয়া,লাইছ'জ'ম ইত্যাদি থাকে৷
  3. ৰাইব'জ'ম অন্ত:প্ৰৰসীয় জালিকা বা কোষকেন্দ্ৰাৱৰণৰ গাত আৰু কোষপ্ৰৰসত মুক্তভাৱে থাকে৷ এইবিলাক ৮০S প্ৰকৃতিৰ হয়৷
  4. প্ৰাণীকোষৰ ক্ষেত্ৰত চেণ্ট্ৰ'জ'ম থাকে৷
  5. এইধৰণৰ কোষত DNA আৰু RNA,উভয়প্ৰকাৰ নিউক্লিক এচিড থাকে৷ DNA হিষ্ট'ন প্ৰটিনযুক্ত৷
  6. উদ্ভিদকোষত ভেকুঅ'ল থাকে, প্ৰাণীকোষত সাধাৰণতে নাথাকে৷
  7. কোষপ্ৰৰস প্ৰায়ে চলাচল কৰা দেখা যায়৷
  8. এমাইট'ছিছ,মাইট'ছিছ আৰু মিঅ'ছিছ পদ্ধতিৰদ্বাৰা কোষবিভাজন হয়৷
  9. প্ৰাণীকোষৰ বাহিৰে উদ্ভিদকোষত কোষবেৰ থাকে৷
  10. শ্বসনকাৰী উৎসেচক কোষপ্ৰৰস আৰু মাইট'কন্ড্ৰিয়াত থাকে৷
  11. হৰিৎকণা বা ক্ল'ৰ'প্লাষ্টিড নামক দুইতৰপীয়া আৱৰণেৰে আবৃত কোষ অংগাণু থাকে,য'ত সালোকসংশ্লেষণ ঘটে৷[1]

কোষৰ আকৃতি

তথ্য সংগ্ৰহ

  1. 1.0 1.1 1.2 1.3 1.4 1.5 উচ্চতৰ মাধ্যমিক প্ৰাথমিক জীৱবিদ্যা" লেখক - কৰুনা কান্ত দাস আৰু ড° অনুপ কুমাৰ চক্ৰবৰ্ত্তী ৷ প্ৰকাশক - শ্ৰী শান্তিৰঞ্জন দে,বীণা লাইব্ৰেৰী,কলেজ হোষ্টেল ৰোড,পানবজাৰ,গুৱাহাটী -৭৮৭০০১, অসম৷



বাহ্যিক সংযোগ