ছুনামি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
অ শ্ৰেণী:ভূগোল যোগ কৰা হ’ল হটকেট ব্যৱহাৰৰ জৰিয়তে |
No edit summary |
||
5 নং শাৰী: | 5 নং শাৰী: | ||
==ইতিহাস== |
==ইতিহাস== |
||
২০০৪ চনৰ ২৬ ডিছেম্বৰ মাহত [[বিশ্ব]]ই এটা ভয়াবহ প্ৰাকৃতিক বিপৰ্যয়ৰ সন্মুখীন হয়৷ [[ভাৰত মহাসাগৰ]]ৰ [[উপকূল]]বৰ্তী অঞ্চলত প্ৰথমতে আহিল ৮.৯ ৰিখটাৰ স্কেলৰ [[ভূমিকম্প]]৷ [[ইণ্ডোনেছিয়া]]ৰ (সুমাত্ৰা) উত্তৰত অভিকেন্দ্ৰ থকা এই [[ভূমিকম্প]]টো আৰু তাৰ পাছতে অহা ছুনামিয়ে [[ইণ্ডোনেছিয়া]],[[মালয়েছিয়া]],[[থাইলেণ্ড]],[[ম্যানমাৰ]],[[ভাৰত]],[[শ্ৰীলংকা]] আৰু [[মালদ্বীপ]]ক বিধ্বস্ত কৰি পেলায়৷ [[ভূমিকম্প]]ৰ বাবেই [[সাগৰ]]ত প্ৰবল ছুনামিৰ সৃষ্টি হয়৷ <ref name="গ্ৰন্থ ১" /> |
|||
==ক্ষতিগ্ৰস্ত অঞ্চল== |
==ক্ষতিগ্ৰস্ত অঞ্চল== |
||
প্ৰায়বোৰ ছুনামি কোনো ক্ষতি নকৰাকৈ [[সাগৰ]]ৰ বুকুত ঢৌ তুলি তাতে মাৰ যায়৷ "জিঅ'ফিজিকেল ডাটা ছেণ্টাৰ"ৰ তথ্য অনুসৰি ১৯৮০ চনৰপৰা ১৯৯৯ চনৰ ভিতৰত [[পৃথিৱী]]ত যি ৯৭০ তা ছুনামিৰ সৃষ্টি হৈছিল,তাৰ ৮৪২ টাই নিৰীহ আছিল৷ বাকীকেইটা কিছু ক্ষতিকাৰক হ'লেও সিমান ভয়াবহ নাছিল৷ আন এটা হিচাপ অনুযায়ী ১৭৮২ চনৰপৰা ১৯৬৪ চনৰ ভিতৰত সৃষ্টি হোৱা প্ৰলয়ংকাৰী ছুনামিৰ সংখ্যা ২৩৷ |
|||
06:26, 21 January 2014ৰ সংস্কৰণ
ছুনামি (ইংৰাজী: Tsunami) ছুনামি এটা জাপানী শব্দ৷ ছু (Tsu) মানে বন্দৰ আৰু নামি (nami) মানে ঢৌ৷ ছুনামিৰ অৰ্থ হ'ল সাগৰৰ বিশাল ঢৌ৷ বিশেষ কেইটামান কাৰণত সমুদ্ৰ-তৰংগ যেতিয়া উপকূলভাগত আছাৰ খাই পৰি মহাতংৰগলৈ ৰূপান্তৰিত হয়,তাকে ছুনামি কোৱা হয়৷ ছুনামি হ'ল প্ৰবল জলোচ্ছাস৷ সকলো ছুনামি ভয়াবহ নহয়৷ সমুদ্ৰ গৰ্ভত হোৱা ভূমিকম্প,নিমজ্জিত আগ্নেয়গিৰিৰ আকস্মিক উদগীৰণ,ভূমিস্খলন আদি কাৰণত সাধাৰণতে ছুনামিৰ সৃষ্টি হয়৷ [1]
ইতিহাস
২০০৪ চনৰ ২৬ ডিছেম্বৰ মাহত বিশ্বই এটা ভয়াবহ প্ৰাকৃতিক বিপৰ্যয়ৰ সন্মুখীন হয়৷ ভাৰত মহাসাগৰৰ উপকূলবৰ্তী অঞ্চলত প্ৰথমতে আহিল ৮.৯ ৰিখটাৰ স্কেলৰ ভূমিকম্প৷ ইণ্ডোনেছিয়াৰ (সুমাত্ৰা) উত্তৰত অভিকেন্দ্ৰ থকা এই ভূমিকম্পটো আৰু তাৰ পাছতে অহা ছুনামিয়ে ইণ্ডোনেছিয়া,মালয়েছিয়া,থাইলেণ্ড,ম্যানমাৰ,ভাৰত,শ্ৰীলংকা আৰু মালদ্বীপক বিধ্বস্ত কৰি পেলায়৷ ভূমিকম্পৰ বাবেই সাগৰত প্ৰবল ছুনামিৰ সৃষ্টি হয়৷ [1]
ক্ষতিগ্ৰস্ত অঞ্চল
প্ৰায়বোৰ ছুনামি কোনো ক্ষতি নকৰাকৈ সাগৰৰ বুকুত ঢৌ তুলি তাতে মাৰ যায়৷ "জিঅ'ফিজিকেল ডাটা ছেণ্টাৰ"ৰ তথ্য অনুসৰি ১৯৮০ চনৰপৰা ১৯৯৯ চনৰ ভিতৰত পৃথিৱীত যি ৯৭০ তা ছুনামিৰ সৃষ্টি হৈছিল,তাৰ ৮৪২ টাই নিৰীহ আছিল৷ বাকীকেইটা কিছু ক্ষতিকাৰক হ'লেও সিমান ভয়াবহ নাছিল৷ আন এটা হিচাপ অনুযায়ী ১৭৮২ চনৰপৰা ১৯৬৪ চনৰ ভিতৰত সৃষ্টি হোৱা প্ৰলয়ংকাৰী ছুনামিৰ সংখ্যা ২৩৷