ধূমকেতু: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
The file Image:Comet_Wild2_.jpg has been replaced by Image:Comet_Wild2.jpg by administrator commons:User:Steinsplitter: ''Robot: Removing space(s) before file extension''. ''Translate me!''
3 নং শাৰী: 3 নং শাৰী:


==গঠনপ্ৰণালী==
==গঠনপ্ৰণালী==
[[File:Comet Wild2 .jpg|thumb|Comet Wild 2]]
[[File:Comet_Wild2.jpg|thumb|Comet Wild 2]]
ধূমকেতুৰ দুটা অংশ,নেজ আৰু কমা৷ কমাৰ গেছীয় অংশৰ ভিতৰত গোটা পদাৰ্থৰ [[নিউক্লিয়াছ]] অৱস্থিত৷ [[নিউক্লিয়াছ]] প্ৰধানকৈ [[বৰফ]] আৰু জৈৱ পদাৰ্থৰে আবৃত ধূলিৰে গঠিত৷ [[বৰফ]]ৰ অংশত [[পানী]]ৰ [[বৰফ]]ৰ লগতে গোটা অৱস্থাৰ [[এম'নিয়া]],[[কাৰ্বন-মন'অক্সাইড]],[[কাৰ্বন-ডাই অক্সাইড]] আৰু [[মিথেন]] থাকিব পাৰে৷ [[নিউক্লিয়াছ]]ত সৰু শিলৰ কেন্দ্ৰ ভাগ থাকিব পাৰে৷ [[সূৰ্য্য]]ৰ ওচৰ চপাৰ লগে লগে নিউক্লিয়াছৰ পৃষ্ঠভাগৰ বৰফ বাষ্পীভূত হ'বলৈ ধৰে৷ এনেদৰে বাষ্পীভূত হোৱা গেছে নিউক্লিয়াছৰ চাৰিওফালে ডাৱৰৰ সৃষ্টি কৰে৷ সৰহভাগ ধূমকেতুৰ নিউক্লিয়াছৰ ব্যাস বা দৈৰ্ঘ্য ১৫ কিলোমিটাৰ বা তাতোকৈ কম হয়৷ ধূমকেতুৰ নেজৰ দৈৰ্ঘ্য ১৬ কোটি কিলোমিটাৰ পৰ্য্যন্ত হ'ব পাৰে৷ <ref name="গ্ৰন্থ ১" />
ধূমকেতুৰ দুটা অংশ,নেজ আৰু কমা৷ কমাৰ গেছীয় অংশৰ ভিতৰত গোটা পদাৰ্থৰ [[নিউক্লিয়াছ]] অৱস্থিত৷ [[নিউক্লিয়াছ]] প্ৰধানকৈ [[বৰফ]] আৰু জৈৱ পদাৰ্থৰে আবৃত ধূলিৰে গঠিত৷ [[বৰফ]]ৰ অংশত [[পানী]]ৰ [[বৰফ]]ৰ লগতে গোটা অৱস্থাৰ [[এম'নিয়া]],[[কাৰ্বন-মন'অক্সাইড]],[[কাৰ্বন-ডাই অক্সাইড]] আৰু [[মিথেন]] থাকিব পাৰে৷ [[নিউক্লিয়াছ]]ত সৰু শিলৰ কেন্দ্ৰ ভাগ থাকিব পাৰে৷ [[সূৰ্য্য]]ৰ ওচৰ চপাৰ লগে লগে নিউক্লিয়াছৰ পৃষ্ঠভাগৰ বৰফ বাষ্পীভূত হ'বলৈ ধৰে৷ এনেদৰে বাষ্পীভূত হোৱা গেছে নিউক্লিয়াছৰ চাৰিওফালে ডাৱৰৰ সৃষ্টি কৰে৷ সৰহভাগ ধূমকেতুৰ নিউক্লিয়াছৰ ব্যাস বা দৈৰ্ঘ্য ১৫ কিলোমিটাৰ বা তাতোকৈ কম হয়৷ ধূমকেতুৰ নেজৰ দৈৰ্ঘ্য ১৬ কোটি কিলোমিটাৰ পৰ্য্যন্ত হ'ব পাৰে৷ <ref name="গ্ৰন্থ ১" />
==নামাকৰণ==
==নামাকৰণ==

07:39, 2 June 2014ৰ সংস্কৰণ

9P/Tempel collides with Deep Impact's impactor

ধূমকেতু (ইংৰাজী: Comet) হ'ল বৰফ আৰু ধূলিৰে গঠিত জোতিষ্ক৷ ধূমকেতুবোৰক প্ৰায়ে লেতেৰা বৰফৰ বল বুলি কোৱা হয়৷ ধূমকেতুৰ ধূলি বৰফ,কাৰ্বন-ডাইাক্সাইড,কাৰ্বন-মন'অক্সাইড,এম'নিয়া,মিথেন আদিৰে গঠিত৷ বহু গৱেষকৰ মতে ধূমকেতুৰ জৰিয়তে পৃথিৱীলৈ পানী আৰু জৈৱিক অণু আহিছিল,যি পাছলৈ পৃথিৱীজীৱ সৃষ্টিত সহায় কৰিলে৷ ধূমকেতুৱে আন আন সৌৰজগতৰ সদস্যৰ দৰেই সূৰ্য্যক প্ৰদক্ষিণ কৰে৷ ধূমকেতুবোৰ উৰ্ট ডাৱৰৰ অঞ্চলত বসবাস কৰে৷ প্লুটুৰ পৰাও দূৰত উৰ্ট ডাৱৰ অৱস্থিত৷ কেতিয়াবা কোনোটো ধূমকেতু উৰ্ট ডাৱৰ এৰি সৌৰজগতৰ ভিতৰ অঞ্চলত প্ৰৱেশ কৰে৷ কিছুমানে নিয়মিয়াকৈ এনেদৰে প্ৰৱেশ কৰে৷ বহুতে বহু বছৰৰ মূৰত এবাৰ প্ৰৱেশ কৰে৷ [1]

গঠনপ্ৰণালী

Comet Wild 2

ধূমকেতুৰ দুটা অংশ,নেজ আৰু কমা৷ কমাৰ গেছীয় অংশৰ ভিতৰত গোটা পদাৰ্থৰ নিউক্লিয়াছ অৱস্থিত৷ নিউক্লিয়াছ প্ৰধানকৈ বৰফ আৰু জৈৱ পদাৰ্থৰে আবৃত ধূলিৰে গঠিত৷ বৰফৰ অংশত পানীবৰফৰ লগতে গোটা অৱস্থাৰ এম'নিয়া,কাৰ্বন-মন'অক্সাইড,কাৰ্বন-ডাই অক্সাইড আৰু মিথেন থাকিব পাৰে৷ নিউক্লিয়াছত সৰু শিলৰ কেন্দ্ৰ ভাগ থাকিব পাৰে৷ সূৰ্য্যৰ ওচৰ চপাৰ লগে লগে নিউক্লিয়াছৰ পৃষ্ঠভাগৰ বৰফ বাষ্পীভূত হ'বলৈ ধৰে৷ এনেদৰে বাষ্পীভূত হোৱা গেছে নিউক্লিয়াছৰ চাৰিওফালে ডাৱৰৰ সৃষ্টি কৰে৷ সৰহভাগ ধূমকেতুৰ নিউক্লিয়াছৰ ব্যাস বা দৈৰ্ঘ্য ১৫ কিলোমিটাৰ বা তাতোকৈ কম হয়৷ ধূমকেতুৰ নেজৰ দৈৰ্ঘ্য ১৬ কোটি কিলোমিটাৰ পৰ্য্যন্ত হ'ব পাৰে৷ [1]

নামাকৰণ

Comet Lovejoy (C/2011 W3) from orbit

ধূমকেতুৰ নামাকৰণ সাধাৰণতে আৱিষ্কাৰকৰ নামানুসৰি হয়৷ যেনে - শ্বুমেকাৰ লেভি ধূমকেতু৷ ইয়াক ইউজিন শ্বুমেকাৰ,কেৰলিন শ্বুমেকাৰ আৰু ডেভিদ লেভিয়ে আৱিষ্কাৰ কৰিছিল৷ মহাকাশযানে অৱস্থিতি ধৰা পেলালে যানখনৰ নামেৰে ধূমকেতুৰ নাম হ'ব পাৰে৷ SOHO আৰু WISE নাম এনেদৰে দিয়া হৈছে৷ কেতিয়াবা ধূমকেতুৰ আৱিষ্কাৰকৰ ঠাইত কক্ষপথ নিৰ্ণয় কৰা জ্যোতিবিজ্ঞানীৰ নামেৰেও নাম দিয়া হয়৷ বিয়েলাৰ ধূমকেতুৰ নাম এনেদৰে দিয়া হৈছিল৷[1]

কেইটামান উল্লেখযোগ্য ধূমকেতু

  1. হুমাছন ধূমকেতু - এই ধূমকেতুটো চাৰি বছৰ ধৰি দেখা গৈছিল৷ ১৯৬২ চনৰ পৰা দেখা পোৱা এই ধূমকেতুটো সূৰ্য্যৰ পৰা ২.১৩ জ্যোতিবৈজ্ঞানিক একক দূৰত্বলৈকে ওচৰ চাপিছিল৷ এই ধূমকেতুটোৰ নেজ আছিল নীলা ৰং সৃষ্টি হৈছিল আৰু ইয়াৰ নেজত থকা কাৰ্বন মন'অক্সাইডৰ আয়নৰ বাবে৷ সূৰ্য্যৰপৰা তিনি জ্যোতিবৈজ্ঞানিক একক ওচৰ নাচাপিলে ধূমকেতুৰ পানী বাষ্পীভূত নহয়৷ ইয়াৰ নেজৰ ৰং চাই ইয়াৰ গঠন প্ৰধানকৈ কাৰ্বন-মন'অক্সাইড বুলি কোৱা হৈছে৷
  2. লাভজয় ধূমকেতু - এই ধূমকেতুটো অষ্ট্ৰেলিয়াৰ জ্যোতিৰ্বিদ টেৰী লাভজয়ে আৱিষ্কাৰ কৰিছিল৷ এই জ্যোতিষ্কটোৱে সূৰ্য্যপৃষ্ঠৰপৰা ডেৰ লাখ কিলোমিটাৰ ওচৰেদি পাৰ হৈয়ো একো নোহোৱাকৈ আছিল বাবে এই ধূমকেতুটো বিখ্যাত৷ সেই সময়ত দক্ষিণ গোলাৰ্দ্ধত ই পুৱা উজ্জ্বল জ্যোতিষ্ক হৈ পৰিছিল৷ ইয়াক দিনতো দেখা গৈছিল৷
  3. এৰেণ্ড-ৰলাণ্ড ধূমকেতু - এই ধূমকেতুটো ১৯৫৭ চনত দেখা গৈছিল৷ ১৯৫৭ চনৰে ২৫ এপ্ৰিলত তোলা এখন ফটোৰ মতে এই ধূমকেতুটোৰ মূল নেজৰ বিপৰীত দিশত অৰ্থাৎ সূৰ্য্যৰ দিশতো এডাল পোন ক্ষীণ নেজ দেখা গৈছিল৷ এই অদ্ভুত নেজডাল ধূমকেতুটোৰ পৰা নিৰ্গত ধূলিৰ কণিকাৰ বুলি কোৱা হৈছিল৷ এই কণিকাবোৰ মিলি মিটাৰ আকাৰৰ হোৱাৰ বাবে সেইবোৰ সৌৰশক্তিয়ে সূৰ্য্যৰ বিপৰীত দিশলৈ ঠেলিব নোৱাৰিছিল৷
  4. ৱেষ্ট ধূমকেতু - ১৯৭৬ চনৰ বসন্তকালত এই ধূমকেতু দেখা গৈছিল৷ ই আছিল দেখিবলৈ অতি ধুনীয়া ধূমকেতু৷ ইয়াৰ ধূলিৰ কণিকাৰ হালধীয়া নেজ আৰু নীলা ৰঙৰ প্লাজমা আয়নৰ নেজ সুন্দৱভাৱে দেখা গৈছিল৷ মহাকাশযানৰপৰা লোৱা অতি বেঙুণী বৰ্ণালীয়ে ইয়াৰ গাত কাৰ্বনআৰু কাৰ্বন-মন'অক্সাইড থকা বুলি দেখুৱাইছিল৷ ১৯৭৬ চনৰ মাৰ্চত ইয়াৰ কেন্দ্ৰভাগ ভাঙি চাৰি টুকুৰা হৈছিল৷
  5. ইৰাছ-আৰাকি-এলকক ধূমকেতু - এই ধূমকেতুটো অৱলোহিত তৰংগৰ জ্যোতিবৈজ্ঞানিক উপগ্ৰহেৰে ধৰা পেলোৱা হৈছিল৷ অৱলোহিত তৰংগৰ বৰ্ণালীৰ পৰা ইয়াৰ কেন্দ্ৰভাগৰ চাৰিওফালে ধূলিৰ ডাৱৰ থকা বুলি জনা গৈছিল৷
  6. ইকেয়া-ছাকি ধূমকেতু - ১৯৬৫ চনত ধৰা পৰা ইকেয়া-ছাকি ধূমকেতুটো এটা উল্লেখনীয় ধূমকেতু৷ ই সূৰ্য্যৰ অতি ওচৰ চপা ক্ৰে্টজ গোট ধূমকেতুৰ এটা৷ ইয়াৰ শৰীৰৰ ধূলিকণা সূৰ্য্যৰ বিকিৰণে বাষ্পীভূত কৰিছিল৷ ধাতৱীয় মৌল ইয়াৰ নেজ বৰ্ণালীবীক্ষণ অধ্যয়ণত ধৰা পৰিছিল৷
  7. বেনেট ধূমকেতু - এই ধূমকেতুটো ১৮৮২ চনৰ ছেপ্টেম্বৰ মাহত অতি উজ্জ্বল হৈ পৰিছিল৷ ইয়াক সেয়ে দিনৰ পোহৰতো দেখা গৈছিল৷ ১৮৮২ চনৰ ছেপ্টেম্বৰ মাহত ইয়াক হঠাতে আকাশত দেখা গৈছিল৷ প্ৰকাশ পোৱা মতে ইয়াক উত্তৰমালা অন্তৰীপৰ পৰা এক ছেপ্টেম্বৰৰ দিনাই দেখা পোৱা গৈছিল৷ ইয়াক দেখা পোৱা প্ৰথম জ্যোতিৰ্বিদজন আছিল জ্যোতিবিজ্ঞানী ফিনলে৷ তেওঁ ৭ ছেপ্টেম্বৰৰ দিনাই দেখা পাইছিল ধূমকেতুটো দ্ৰুতভাৱে উজ্জ্বল হৈ পৰিছিল৷ গণনামতে এই ধূমকেতুটো সূৰ্য্যৰ পৰা প্ৰায় পাঁচ লাখ কিলোমিটাৰ ওচৰেদি পাৰ হৈ গৈছিল৷ কিছুদিন ধৰি দিনৰ আকাশতো সূৰ্য্যৰ পাছতে আন এটা উজ্জ্বল জ্যোতিষ্কৰূপে দেখা গৈছিল৷ ইয়াৰ উজ্জ্বলতা হৈছিল - ১৭| ১৭ ছেপ্টেম্বৰত ই সূৰ্য্যৰ আঁৰ হৈছিল৷ বহু পৰ্য্যৱেক্ষকৰ লগতে ফিনলে আৰু বাৰ্নাডে ৩০ ছেপ্টেম্বৰৰ দিনা দেখা পাইছিল যে ধূমকেতুটোৰ কেন্দ্ৰভাগ দীঘল হৈ পৰিছে আৰু কেইবাটাও উজ্জ্বল পোহৰৰ বল লৈ পৰিৱৰ্ত্তিত হৈছে৷ ১৭ অক্টোবৰৰ দিনা ই পাঁচটাৰো অধিক অংশলৈ বিভাজিত হৈছিল বুলি দেখা পোৱা গ'ল৷ ইয়াৰ সূৰ্য্যৰ দিশতো নেজ সৃষ্টি হোৱা দেখা গৈছিল৷ ধূমকেতুটো ১৮৮৩ চনৰ ফেব্ৰুৱাৰিলৈকে খালী চকুৰে দেখা পোৱা গৈছিল৷ ইয়াক শেষ বাৰৰ বাবে দেখা গৈছিল ১৯৮৩ চনৰ এক জুনত৷
  8. মাৰ্কোছ ধূমকেতু - ১৯৫৭ চনত ধৰা পৰা এই ধূমকেতুৰ নেজ প্ৰধানকৈ কাৰ্বন-মন'অক্সাইডৰে গঠিত৷ সেয়ে ইয়াৰ নেজ নীলাভ ৰঙৰ; কিন্তু ধূমকেতুটোৰ নেজডাল দ্ৰুতভাৱে সলনি হৈছিল৷ নেজডালৰ ফিলামেণ্ট আৰু গুটি গুটি আকাৰৰ সৃষ্টি হোৱা দেখা গৈছিল৷ ধূমকেতুৰ নেজৰ এই গুটি গুটি আকাৰৰ অংশবোৰৰ পৰা ইয়াৰ গতিবেগ নিৰ্ণয় কৰিব পৰা হৈছিল৷ ইয়াৰ পৰা দেখা গৈছিল যে নেজৰ কণিকাৰ নিৰ্ণয় গতি ছেকেণ্ডত ৫০ কিলোমিটাৰ পৰ্য্যন্ত৷ সাধাৰণ সৌৰ বিকিৰণে নেজৰ কণিকাৰ ইমান গতিবেগ দিব নোৱাৰে৷ পাছত লুডৱিগ বিয়েমানে দেখুৱাইছিল যে সূৰ্য্যৰ পৰা ইয়াৰ ব্যাসাৰ্দ্ধৰ দিশত ৪০০ কিলোমিটাৰ প্ৰতি ছেকেণ্ডৰ বেগত অহৰহ প্ৰ'টন আৰু ইলেকট্ৰন নিৰ্গত হৈ আছে৷ এই প্ৰ'টন আৰু ইলেকট্ৰনেৰে গঠিত দ্ৰুতবেগী সৌৰ বতাহে কঢ়িয়াই নিয়া সৌৰ চুম্বকীয় ক্ষেত্ৰৰ প্ৰভাৱত ধূমকেতুৰটোৰ কমা অংশৰ পৰা আয়নৰ ডাৱৰ সৃষ্টি হয়৷
  9. বিয়েলাৰ ধূমকেতু - এই ধূমকেতুটো প্ৰথম মনটেইন আৰু মেডিয়াৰে ১৭৭২ চনত দেখা পাইছিল৷ উইলহেল্ম বিয়েলাৰে ইয়াৰ সবিশেষ ১৮২৬ চনত নিৰ্ণয় কৰিছিল বাবে ইয়াৰ নাম বিয়লাৰ ধূমকেতু৷ ১৮৪৬ চনৰ ফেব্ৰুৱাৰিত ইয়াৰ কেন্দ্ৰভাগ দুভাগ হোৱা দেখা গৈছিল৷ ইয়াৰ পাছত ইয়াক ১৮৫৯,১৮৬৫ আৰু ১৮৭২ চনত পৰ্য্যাব ক্ৰমে দেখা পাব লগা আছিল;কিন্তু দেখা পোৱা নগ'ল৷ ইয়াৰ সলনি ১৮৭২ চনৰ ২৭ নৱেম্বৰত এক প্ৰচণ্ড উজ্জ্বল উল্কাপাত হোৱা দেখা গৈছিল৷ ঘণ্টাত ৩০০০ ৰ অধিক উল্কাপাত ধূমকেতুটোৰ আকাশৰ সম্ভাব্য স্থানৰ দিশৰ পৰা হোৱা দেখা গৈছিল৷ ইয়াৰ পাছতো ১৯ শতিকাতো পৰ্য্যায়ক্ৰমে উল্কাপাত হৈছিল৷
  10. টেম্পেল -১ ধূমকেতু - এই ধূমকেতুটো ১৮৬৭ চনত ইউহেল্ম টেম্পেলে আৱিষ্কাৰ কৰিছিল৷ ই সূৰ্য্যৰ চাৰিওফালে পাঁচ বছৰ ছমাহত এবাৰ প্ৰদক্ষিণ কৰে৷ গভীৰ মহাকাশৰ সংঘৰ্ষৰ বাবে পঠিওৱা ডিপ ইম্পেক্ট মহাকাশযানৰপৰা এটা প্ৰ'বে ইয়াক খুন্দিয়াইছিল৷
  11. মেকনট ধূমকেতু - ই হ'ল যোৱা শতিকাৰ উজ্জ্বলতম ধূমকেতু৷ ইয়াক ২০০৭ চনৰ বৃহৎ ধূমকেতু বুলি আখ্যা দিয়া হৈছিল৷ ই শুক্ৰ গ্ৰহতকৈ উজ্জ্বল হৈছিল৷ পৃথিৱীৰ কোটি কোটি মানুহে ইয়াক দেখা পাইছিল৷ ইয়াৰ কক্ষপথ অতি দীঘলীয়া৷ ই ৯২,৬০০ বছৰৰ পাছত পৃথিৱীলৈ ঘূৰি আহিব৷
  12. হেল-বপ ধূমকেতু - ১৯৯৫ চনত এলান হেল আৰু থমাছ বৰ্পে এই ধূমকেতুটো আৱিষ্কাৰ কৰিছিল৷ কুৰি শতিকাৰ ই আছিল আটাইতকৈ বেছি পৰ্য্যবেক্ষণ কৰা ধূমকেতু৷ ১৯৯৭ চনত ইয়াক উত্তৰ আকাশত গোটেই নিশা জুৰি দেখা পোৱা গৈছিল৷
  13. হেলিৰ ধূমকেতু - হেলিৰ ধূমকেতু হ'ল এতিয়ালৈকে দেখা পোৱা আটাইতকৈ বিখ্যাত ধূমকেতু৷ প্ৰতি ৭৬ বছৰৰ মূৰে মূৰে ইয়াক দেখা পোৱা যায়৷ যেতিয়া ই সূৰ্য্যৰ ওচৰ চাপে ইয়াক খালী চকুৰেও দেখা পোৱা যায়৷ ১৯৮৬ চনত ইয়াক শেষবাৰৰ বাবে দেখা গৈছিল,যেতিয়া ই পৃথিৱীৰ ওচৰ চাপিছিল৷ ইয়াৰ নিউক্লিয়াছটো আছিল আকাৰত আলুৰ দৰে ১৫ কিলোমিটাৰ দীঘল আৰু ই বৰফ আৰু ধূলিৰ কণাৰে গঠিত৷ ইয়াৰ বৰফৰ ৮০ শতাংশ পানী আৰু বাকীখিনি কাৰ্বন-মন'অক্সাইড৷ বিজ্ঞানীসকলৰ মতে,বাকী ধূমকেতুবোৰো হেলিৰ ধূমকেতুৰ দৰে৷ হেলিৰ ধূমকেতু আকৌ পৃথিৱীৰ ওচৰ চাপিব ২০৫২ চনত৷ খ্ৰীষ্টপূৰ্ব ২৪০ চনৰ পৰা মানুহে এই ধূমকেতুটো দেখি আহিছে৷
  14. শ্বুমেকাৰ-লেভী ধূমকেতু - এই ধূমকেতুটোৱে ১৯৯৪ চনত বৃহস্পতি গ্ৰহক খুন্দা মাৰিছিল আৰু ২১ টা দৃশ্যমান সংঘৰ্ষ দেখা পোৱা গৈছিল৷ বৃহৎ খুন্দাটোৱে সৃষ্টি কৰা জুইৰ বল বৃহস্পতি গ্ৰহৰ ডাৱৰৰ ওপৰত ৩০০০ কিলোমিটাৰ উচ্চতালৈকে সৃষ্টি কৰিছিল৷ এই সংঘৰ্ষৰ বিস্ফোৰণৰ শক্তি ৬ লাখ কোটি টিএনটি বিস্ফোৰণৰ সমান আছিল৷[1]

ধূমকেতু সূৰ্য্যত জাহ যায়

সূৰ্য্যৰ কাষেদি যাওঁতে কেতিয়াবা সূৰ্য্যৰ প্ৰচণ্ড মহাকৰ্ষণে ধূমকেতু গ্ৰাহ কৰে৷ এনে ঘটনা ঘটিছিল ১৯৭৯ চনৰ ৩০ আৰু ৩১ আগষ্টত৷

পৃথিৱীৰ সৈতে সংঘৰ্ষ

১৯০৮ চনৰ ৩০ জুনত ছাইবেৰিয়াৰ টুংগুস্কা নামৰ নদীখনৰ পাৰত জুইৰ বল এটা পৰা দেখিছিল৷ লগে লগে প্ৰচণ্ড ভূমিকম্প সংঘটিত হৈছিল৷

শ্ৰেণী বিভাজন

পৰিভ্ৰমণকাল অনুসৰি ধূমকেতুৰ শ্ৰেণী বিভাজন কৰা হয়৷ চুটি পৰ্য্যায়কালৰ ধূমকেতুৰ সূৰ্য্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰোঁতে দুশ বছৰ মান লাগে৷ ইয়াৰ অধিক হ'লে দীৰ্ঘম্যাদী ধূমকেতু বোলা হয়৷

তথ্য সংগ্ৰহ

  1. 1.0 1.1 1.2 1.3 ড° মানৱজ্যোতি বৰদলৈ (ডিচেম্বৰ ২০১৩). "এই শতিকাৰ ধূমকেতু,আইছন". (অকণিহঁতৰ বিজ্ঞান আলোচনী) নতুন আৱিষ্কাৰ খণ্ড ২৬শ বছৰ (দ্বাদশ সংখ্যা): পৃষ্ঠা ৫-১৩. 

বাহ্যিক সংযোগ