হৃদযন্ত্ৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
No edit summary
30 নং শাৰী: 30 নং শাৰী:


[[শ্ৰেণী:প্ৰাণীৰ গঠন]]
[[শ্ৰেণী:প্ৰাণীৰ গঠন]]
[[শ্ৰেণী:জীৱবিজ্ঞান‎]]

18:38, 29 July 2015ৰ সংস্কৰণ

Real-time MRI of the human heart

হৃদযন্ত্ৰ (ইংৰাজী: Heart) হৃদপেশীৰ দ্বাৰা গঠিত কেন্দ্ৰীয় পাম্প সদৃশ অংগ,যি অবিৰতভাৱে প্ৰাণীজীৱন থকালৈকে স্পন্দিত হৈ গোটেই দেহত ৰক্ত পৰিবহণ কৰে৷ ই বক্ষ গহ্বৰত হাঁওফাঁও দুটাৰ মধ্যৱৰ্তী স্থানত অৱস্থিত সোপোকা অংগ৷ হৃদযন্ত্ৰ হৃদয়াৱৰণ () ৰ দ্বাৰা আবৃত হৈ থাকে৷ হৃদয়াৱৰণ আৰু হৃদযন্ত্ৰৰ মাজৰ গহ্বৰটোক হৃদয়াৱৰণ গহ্বৰ বোলে৷ ই এক প্ৰকাৰ জুলীয়া ৰসেৰে পূৰ্ণ হৈ থাকে৷ এই ৰসে হৃদযন্ত্ৰক বাহ্যিক আঘাতৰ পৰা ৰক্ষা কৰে৷ হৃদযন্ত্ৰটো কোঠালিযুক্ত৷ নিম্নখাপৰ মেৰুদণ্ডী প্ৰাণীৰ পৰা ক্ৰমে উচ্চখাপৰ প্ৰাণীলৈ ইয়াৰ জটিলতা বৃদ্ধি পায়৷

বিভিন্ন মেৰুদণ্ডী প্ৰাণীৰ হৃদযন্ত্ৰ

The human heart

স্তন্যপায়ী প্ৰাণী(মানুহ)ৰ হৃদযন্ত্ৰ

  • অৱস্থান : স্তন্যপায়ী প্ৰাণীৰ হৃদযন্ত্ৰটো বক্ষ গহ্বৰত হাঁওফাঁও দুটাৰ মাজত মধ্যচ্ছদাৰ ঠিক ওপৰৰ ফালে মধ্য অক্ষৰ পৰা ৯ চে.মি. বাওঁফালে অৱস্থিত৷ হৃদযন্ত্ৰটোৰ প্ৰশস্ত প্ৰান্ত (base) ওপৰৰ পিনে আৰু জোঙা শীৰ্ষপ্ৰান্ত (apex) তলৰ ফালে আৰু ই পঞ্চম আৰু ষষ্ঠ কামিহাড়ৰ দ্বাৰা পৰিৱেষ্টিত হৈ থাকে৷
  • হৃদয়াৱৰণ : হৃদযন্ত্ৰটো এখন দ্বি-স্তৰীত আৱৰণৰ দ্বাৰা আবৃত হৈ থাকে,ইয়াক হৃদয়াৱৰণ বোলে৷ হৃদয়াৱৰণৰ বাহ্যিক আৱৰণখনক অংগীয় স্তৰ (visceal layer) আৰু অন্ত: আৱৰণক গহ্বৰাৱৰণী স্তৰ (parietal layer) হৃদয়াৱৰণ বোলে৷ এই আৱৰণ দুখনৰ মধ্যৱৰ্তী স্থানক হৃদয়াৱৰণ গহ্বৰ (pericardial cavity) বোলে এই গহ্বৰত থকা পনীয়া ৰসে হৃদযন্ত্ৰক বাহ্যিক আঘাতৰ পৰা ৰক্ষা কৰে তথা সংকোচনৰ আৰু প্ৰসাৰণৰ সময়ত হ'ব পৰা ঘৰ্ষণৰ পৰা ৰক্ষা কৰে৷
  • আকাৰ,আয়তন আৰু ওজন : হৃদপিণ্ডৰ আকাৰ ত্ৰিভূজাকৃতিৰ,আঁহত পাত এখিলাৰ দৰে৷ ইয়াৰ দৈঘ্য ১২-১৩ চে.মি. আৰু প্ৰস্থ ৯-১০ চে.মি.৷ প্ৰাপ্তবয়স্ক পুৰুষৰ হৃদপিণ্ডৰ ওজন ২৮০-৩৪০ গ্ৰাম আৰু মহিলাৰ ২৩০-২৮০ গ্ৰাম৷ মানুহৰ হৃদযন্ত্ৰ চাৰিটা কোঠালিযুক্ত৷[1]


মৎস্য

মৎস্যবোৰৰ হৃদযন্ত্ৰ দুটা কোঠালিযুক্ত৷ ইয়াৰে এটা অলিন্দ (auricle) আৰু আনটো নিলয় (ventricle)৷ মৎস্যৰ হৃদযন্ত্ৰই কেৱলমাত্ৰ অশুদ্ধ তেজ বহন কৰে৷ দেহৰ বিভিন্ন অংশৰপৰা অহা তেজ প্ৰথমতে পাতল বেৰযুক্ত ছাইনাছ ভেন'ছাছ বা শিৰাকোটৰ (sinus venosus) নামৰ কোঠালিত জমা হয় আৰু তাৰ পৰা ছাইনু অলিন্দ ৰন্ধ্ৰ (sinu auricular aperture) ৰ দ্বাৰা অলিন্দলৈ আহে৷ অলিন্দৰ সংকোচনৰ ফলত তেজ নিলয় লৈ আহে আৰু ইয়াৰ পৰা এই অশুদ্ধ তেজখিনি অন্তৰ্বাহী ধমনীৰ জৰিয়তে ফুল বা জলক্লোমলৈ আহে৷ এনে ধৰণৰ হৃদযন্ত্ৰক ব্ৰেংকিয়েল হৃদযন্ত্ৰ (branchail heart) বোলে৷

উভচৰ

উভচৰৰ হৃদযন্ত্ৰ তিনিটা কোঠালিযুক্ত৷ ইয়াৰে দুটা অলিন্দ আৰু এটা নিলয়৷ অলিন্দ দুটা আন্ত:অলিন্দ পৰ্দা (inter auricular septum) ৰ দ্বাৰা এটা আনটোৰ পৰা পৃথক হৈ থাকে৷ সোঁ অলিন্দই ছাইনাছ ভেন'ছাছৰ যোগেদি দূষিত তেজ আৰু বাঁও অলিন্দই ক্লোম শিৰা (pulmonary vein) ৰ যোগেদি শুদ্ধ তেজ গ্ৰহণ কৰে৷ অলিন্দ দুটা অলিন্দ-নিলয় ৰন্ধ্ৰৰ দ্বাৰা নিলয়ৰ লগত সংযুক্ত৷ উভচৰৰ হৃদযন্ত্ৰত মিশ্ৰিত তেজ থাকে৷ নিলয়ৰ পৰা ধমনীকাণ্ড (trunchus arteriosus) ৰ জৰিয়তে তেজ ধমনীৰে শৰীৰৰ বিভিন্ন প্ৰান্তলৈকে প্ৰৱাহিত হয়৷

সৰীসৃপ

সৰীসৃপৰ হৃদযন্ত্ৰ অসম্পূৰ্ণভাৱে চাৰিটা কোঠালিত বিভক্ত৷ ইয়াৰ দুটা অলিন্দ আৰু সম্পূৰ্ণকৈ বিভাজিত নোহোৱা এটা নিলয় থাকে (কাছ আৰু ঘঁৰিয়ালৰ ক্ষেত্ৰত হৃদযন্ত্ৰ চাৰিটা কোঠালিযুক্ত-দুটা অলিন্দ আৰু দুটা নিলয়)৷[1]

তথ্য সংগ্ৰহ

  1. 1.0 1.1 উচ্চতৰ মাধ্যমিক প্ৰাথমিক জীৱবিদ্যা" লেখক - কৰুনা কান্ত দাস আৰু ড° অনুপ কুমাৰ চক্ৰবৰ্ত্তী ৷ প্ৰকাশক - শ্ৰী শান্তিৰঞ্জন দে,বীণা লাইব্ৰেৰী,কলেজ হোষ্টেল ৰোড,পানবজাৰ,গুৱাহাটী -৭৮৭০০১, অসম৷ পৃষ্ঠা ৫৬২

বাহ্যিক সংযোগ