তাৰকাৰাজ্য: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
নতুন পৃষ্ঠা: '''তাৰকাৰাজ্য''' {{En|Galaxy}} হৈছে মহাকৰ্ষণ শক্তিৰ দ্বাৰা আবদ্ধ এটি অতি...
 
No edit summary
1 নং শাৰী: 1 নং শাৰী:
{{Physical cosmology}}
'''তাৰকাৰাজ্য''' {{En|Galaxy}} হৈছে মহাকৰ্ষণ শক্তিৰ দ্বাৰা আবদ্ধ এটি অতি বৃহৎ সুশৃঙ্খল ব্যৱস্থা যি [[তৰা]], [[আন্তঃনাক্ষত্ৰিক গেছ]] আৰু ধূলিকণা, প্লাজমা তথা প্ৰচুৰ পৰিমাণে অদৃশ্য বস্তুৰ ([[কৃষ্ণ পদাৰ্থ]]) দ্বাৰা গঠিত।<ref>{{Cite book
'''তাৰকাৰাজ্য''' {{En|Galaxy}} হৈছে মহাকৰ্ষণ শক্তিৰ দ্বাৰা আবদ্ধ এটি অতি বৃহৎ সুশৃঙ্খল ব্যৱস্থা যি [[তৰা]], [[আন্তঃনাক্ষত্ৰিক গেছ]] আৰু ধূলিকণা, প্লাজমা তথা প্ৰচুৰ পৰিমাণে অদৃশ্য বস্তুৰ ([[কৃষ্ণ পদাৰ্থ]]) দ্বাৰা গঠিত।<ref>{{Cite book
|last1=Sparke |first1=L. S.
|last1=Sparke |first1=L. S.

01:35, 14 March 2017ৰ সংস্কৰণ

তাৰকাৰাজ্য (ইংৰাজী: Galaxy) হৈছে মহাকৰ্ষণ শক্তিৰ দ্বাৰা আবদ্ধ এটি অতি বৃহৎ সুশৃঙ্খল ব্যৱস্থা যি তৰা, আন্তঃনাক্ষত্ৰিক গেছ আৰু ধূলিকণা, প্লাজমা তথা প্ৰচুৰ পৰিমাণে অদৃশ্য বস্তুৰ (কৃষ্ণ পদাৰ্থ) দ্বাৰা গঠিত।[1][2] এক আদৰ্শ তাৰকাৰাজ্যত ১০ নিযুতৰ পৰা ১০ লাখ নিযুত পৰ্যন্ত তৰা থাকে যিবোৰ সকলো এক সাধাৰণ মহাকৰ্ষণীয় কেন্দ্ৰৰ চাৰিওফালে ঘূৰ্ণীয়মান। একক তৰাৰ উপৰিও তাৰকাৰাজ্যত বহুতৰা ব্যৱস্থা, তাৰকামণ্ডল আৰু বিভিন্ন ধৰণৰ নীহাৰিকা থাকে। অধিকাংশ তাৰকাৰাজ্যৰ ব্যাস কেইবাশ আলোকবৰ্ষৰ পৰা কেইবা হাজাৰ আলোকবৰ্ষ পৰ্যন্ত আৰু ইহঁতৰ মধ্যবৰ্তী দূৰত্ব নিযুত আলোকবৰ্ষ পৰ্যন্ত হ'ব পাৰে। তাৰকাৰাজ্যৰ শতকৰা ৯০ ভাগ ভৰৰ বাবে কৃষ্ণ পদাৰ্থক দায়ী কৰা হয় যদিও ইয়াৰ অস্তিত্ব আৰু গঠন সম্পৰ্কে অনেক অনিশ্চয়তা আছে। তাৰকাৰাজ্যৰ অভ্যন্তৰত অতিবৃহৎ কৃষ্ণগহ্বৰৰ অস্তিত্বৰ প্ৰমাণ পোৱা গৈছে। আন্তঃতাৰকাৰাজ্যৰ স্থান পাতল প্লাজমাৰ দ্বাৰা পূৰ্ণ। বৰ্তমানলৈকে প্ৰায় ১০ হেজাৰ নিযুততকৈও অধিক তাৰকাৰাজ্য পৰ্যবেক্ষণ কৰা হৈছে।

তথ্য সংগ্ৰহ

  1. Sparke, L. S.; Gallagher III, J. S. (2000). Galaxies in the Universe: An Introduction. Cambridge University Press. ISBN 0-521-59740-4. 
  2. Hupp, E.; Roy, S.; Watzke, M. (August 12, 2006). "NASA Finds Direct Proof of Dark Matter". NASA. http://www.nasa.gov/home/hqnews/2006/aug/HQ_06297_CHANDRA_Dark_Matter.html। আহৰণ কৰা হৈছে: April 17, 2007.