কেন্দ্ৰীয় শাসিত অঞ্চল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
শুদ্ধৰণি
18 নং শাৰী: 18 নং শাৰী:
{{ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহ}}
{{ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহ}}


[[শ্ৰেণী:ভাৰতৰ ৰাজ্য]]
[[শ্ৰেণী:ভাৰতৰ ৰাজ্য|*]]

11:19, 12 September 2018ৰ সংস্কৰণ

কেন্দ্ৰীয় শাসিত অঞ্চল ভাৰতৰ এক প্ৰশাসনিক বিভাগ। ভাৰতীয় ৰাজ্যসমূহৰ নিজৰ নিৰ্বাচিত চৰকাৰ থাকে, কিন্তু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ প্ৰত্যক্ষভাৱে ভাৰত চৰকাৰে শাসন কৰে, সেয়েহে নামটো 'কেন্দ্ৰীয় শাসিত অঞ্চল'। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে প্ৰতি কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে এক চৰকাৰী প্ৰশাসক বা উপ ৰাজ্যপাল মনোনীত কৰে, যিয়ে সেই কেন্দ্ৰ শাসিত অঞ্চলত ৰাষ্ট্ৰপতিক প্ৰতিনিধিত্ব কৰে।[1] চন ২০১০ত ভাৰতত ৭ কেন্দ্ৰীয় শাসিত অঞ্চল আছিল।[2] ভাৰতৰ ৰাজধানী নতুন দিল্লী, যি দিল্লী নামেৰে এক কেন্দ্ৰীয় শাসিত অঞ্চল আছিল, আৰু পুদুচেৰী (পণ্ডিছেৰী)ক আংশিক ৰাজ্যৰ স্বীকৃতি দিয়া হৈছে। দিল্লীক ৰাষ্ট্ৰীয় ৰাজধানী প্ৰদেশ[3] হিচাপে পুনৰ পৰিভাষিত কৰা হৈছে। দিল্লী আৰু পুদুচেৰীৰ নিজৰ নিৰ্বাচিত বিধানসভা, মন্ত্ৰীমণ্ডল আদি আছে[4][5] যদিও সিহঁতৰ শক্তি সীমিত।

ভাৰতীয় কেন্দ্ৰীয় শাসিত প্ৰদেশৰ তালিকা[6]

  1. আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ
  2. চণ্ডীগড়
  3. দাদৰা আৰু নগৰ হাৱেলি
  4. দমন আৰু দিউ
  5. লাক্ষাদ্বীপ
  6. পুদুচেৰী
  7. দিল্লী

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ