৬ জুলাই: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
1 নং শাৰী: 1 নং শাৰী:
{{আজিৰ দিনটো|6|7|187}}
{{আজিৰ দিনটো|6|7|187}}
==জন্ম==
==জন্ম==
# ১৯২৬ চনৰ আজিৰ দিনটোতে 'কলংপৰীয়া কবি' ‘এধানি মহীৰ হাঁহি’ৰ স্ৰষ্টা [[মহীম বৰা]]দেৱে জন্ম লাভ কৰিছিল ৷
# ১৯২৬ চনৰ আজিৰ দিনটোতে 'কলংপৰীয়া কবি' ‘এধানি মহীৰ হাঁহি’ৰ স্ৰষ্টা [[মহিম বৰা]]দেৱে জন্ম লাভ কৰিছিল ৷
# ১৯৪৬ চনত ৪৩তম্ মাৰ্কিন ৰাষ্ট্ৰপতি [[জৰ্জ ডব্লিউ বুশ্ব]]ৰ জন্ম হয় আজিৰ দিনটোতে ।
# ১৯৪৬ চনত ৪৩তম্ মাৰ্কিন ৰাষ্ট্ৰপতি [[জৰ্জ ডব্লিউ বুশ্ব]]ৰ জন্ম হয় আজিৰ দিনটোতে ।



03:39, 6 July 2019ৰ সংস্কৰণ

১০ ১১ ১২ ১৩
১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০
২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭
২৮ ২৯ ৩০ ৩১  

৬ জুলাই (ইংৰাজী: 6 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৮৭তম (অধিবৰ্ষত ১৮৮তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৭৮টা দিন বাকী থাকে।

জন্ম

  1. ১৯২৬ চনৰ আজিৰ দিনটোতে 'কলংপৰীয়া কবি' ‘এধানি মহীৰ হাঁহি’ৰ স্ৰষ্টা মহিম বৰাদেৱে জন্ম লাভ কৰিছিল ৷
  2. ১৯৪৬ চনত ৪৩তম্ মাৰ্কিন ৰাষ্ট্ৰপতি জৰ্জ ডব্লিউ বুশ্বৰ জন্ম হয় আজিৰ দিনটোতে ।

মৃত্যু

  1. ১৮৯৩ চনৰ আজিৰ দিনটোত ফৰাচী কথা সাহিত্যিক গী ডি মোপাছাঁৰ মৃত্যু হৈছিল ।
  2. ১৯৩৫ চনৰ আজিৰ দিনটোতে ইংৰাজ আইনজ্ঞ তথা চিন্তাবিদ টমাছ মোৰেৰ মৃত্যু হয় ।
  3. ১৯৬০ চনৰ আজিৰ দিনটোতে শিলগুৰি ৰেল ষ্টেচনত ৰেল কৰ্মচাৰী, সাহিত্যিক, সাংবাদিক সূৰ্য বৰাক দুৰ্বত্তই হত্যা কৰে ।
  4. ১৯৬২ চনৰ আজিৰ দিনটোতে সাহিত্যৰ নোবেল বিজয়ী মাৰ্কিন লেখক উইলিয়াম ফকনাৰৰ মৃত্যু হয় ।

অনান্য

  1. নাট্যকাৰ, অভিনেতা, নাট পৰিচালক, নাট সমালোচক সত্যপ্ৰসাদ বৰুৱাদেৱে লিখা "ধৰালৈ যিদিনা নামিব সৰগ" নাটকখন ৰেডিঅ’যোগে প্ৰচাৰ হৈছিল ১৯৪৮ চনৰ আজিৰ দিনটোতে ৷ উল্লেখযোগ্য যে এইখনেই আছিল অল ইণ্ডিয়া ৰেডিঅ'যোগে প্ৰচাৰ হোৱা প্ৰথম অসমীয়া অনাতাঁৰ নাটক ।
  2. ২০১৩ চনৰ আজিৰ তাৰিখতে যোৰহাটৰ ৰাজমাও পুখুৰীৰ পাৰত অৱস্থিত নৱনিৰ্মিত তাৰকাগৃহটো অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে উদ্বোধন কৰে।
  3. ডাঃ এন গোপীনাথ আৰু ডাঃ আৰ এইছ বেটছৰ দ্বাৰা প্ৰথমবাৰৰ বাবে ভাৰতত মুক্ত হৃদপিণ্ডৰ অষ্ট্ৰোপচাৰ সম্পন্ন হৈছিল ১৯৫৯ বৰ্ষৰ আজিৰ দিনটোতে ৷
  4. নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰথমবাৰৰ বাবে মহাত্মা গান্ধীক জাতিৰ পিতা ৰূপে সম্বোধন ১৯৪৪ চনৰ আজিৰ দিনটোতে ।
  5. ১৮৮৫ চনৰ আজিৰ দিনটোতে ফৰাচী বিজ্ঞানী লুই পেষ্টিউৰে জলাতংক ৰোগৰ কাৰণ আৰু তাৰ প্ৰতিষেধক ছিটা আৱিষ্কাৰ কৰে ।
  6. ৫০০ বছৰীয়া পটুৰ্গিজৰ পৰাধীনতাৰ শিকলী চিঙি মোজাম্বিকে স্বাধীনতাৰ সোৱাদ পাইছিল ১৯৭৫ বৰ্ষৰ আজিৰ দিনটোতে ৷
  7. আজি কোমোৰোছৰ স্বাধীনতা দিৱস ।
  8. আজি গল্পৰ দিন ।