গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
SlowPhoton (আলোচনা | বৰঙণি) অNo edit summary |
অ পৃষ্ঠা গিনিছ ৱৰ্ল্ড ৰেকৰ্ডছৰ পৰা গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছলৈ Gitartha.bordoloiয়ে স্থানান্তৰ কৰিলে: শুদ্ধ উচ্চাৰণ |
(কোনো পাৰ্থক্য নাই)
|
15:27, 30 July 2019ৰ সংস্কৰণ
অনুগ্ৰহ কৰি এই প্ৰবন্ধটো বিস্তাৰ কৰক। প্ৰবন্ধটো বিস্তাৰ কৰিবৰ বাবে আটাইতকৈ সহজ উপায়টো হ’ল অনুবাদ। আপুনি এই প্ৰবন্ধটো আন কোনো ভাষাৰ ৱিকিপিডিয়াৰ পৰা (পৰাপক্ষত ইংৰাজী ভাষাৰ) হুবহু অনুবাদ কৰিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে। |
এই প্ৰবন্ধটোৰ সত্যাপনযোগ্যতা প্ৰমাণ কৰিবলৈ অধিক তথ্য-উৎসৰ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎসৰ উল্লেখ কৰি প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। কিয়নো তথ্যৰ উৎসৰ উল্লেখ নকৰা প্ৰবন্ধক লৈ প্ৰশ্ন উঠিব পাৰে। অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাতো এই সম্পৰ্কীয় কিবা তথ্যৰ বাবে চক ফুৰাব।
অধিক সহায়ৰ বাবে কাষৰ "[দেখুৱাওক]" লিংকটোত ক্লিক কৰক।
উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত {{Reimprove}} বা {{Verify}} বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ। |
গিনিছ ৱৰ্ল্ড ৰেকৰ্ডছ | |
---|---|
Guinness World Records logo.png | |
লেখক | Craig Glenday (ed.)[1] |
প্ৰচ্ছদ শিল্পী | Simon Jones |
ভাষা | English, Arabic, Filipino, Portuguese, Mandarin Chinese, Croatian, Czech, Danish, Dutch, Estonian, Finnish, French, German, Greek, Hebrew, Hungarian, Icelandic, Italian, Japanese, Korean, Latvian, Norwegian, Polish, Russian, Slovene, Slovak, Spanish, Swedish, Turkish and Bulgarian |
বিষয় | World Records |
প্ৰকাৰ | Reference |
প্ৰকাশক | Jim Pattison Group |
প্ৰকাশ | 1955–present |
গিনিছ ৱৰ্ল্ড ৰেকৰ্ডছ(ইংৰাজী: Guinness World Records) পূৰ্বৰ নাম গিনিছ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডচ (২০০০ চনলৈকে) বিশ্বৰ বিভিন্ন আশ্চৰ্যকৰ, ৰোমাঞ্চকৰ অভিলেখ সন্নিৱিষ্ট বছৰেকীয়া ভাৱে প্ৰকাশিত বিশ্ববিখ্যাত গ্ৰন্থ । ইংলেণ্ডৰ প্ৰখ্যাত প্ৰকাশন সংস্থা 'গিনিছ পাব্লিছিং লিমিটেড'ৰ পৰিচালন সঞ্চালক ছাৰ হিউ বিভাৰৰ (Sir Hugh Beaver) উদ্যোগত ১৯৫৫ চনৰ আগষ্ট মাহত ১৯৭ পৃষ্ঠাৰে কিতাপখনৰ প্ৰথমটো সংস্কৰণ প্ৰকাশ হয়। আচৰিতভাৱে সেই বছৰৰে বৰদিনৰ সময়লৈ এই কিতাপখনে সৰ্বাধিক বিক্ৰী গ্ৰন্থ তালিকাত প্ৰথম স্থান অধিকাৰ কৰে, সেয়াই আৰম্ভণি। তেতিয়াৰে পৰা কিতাপখন প্ৰতি বছৰে নতুন নতুন আচহুৱা যেন লগা অভিলেখসূচক তথ্যৰ মেটমৰা সম্ভাৰ লৈ প্ৰকাশ হৈ আহিছে আৰু আচৰিতভাৱে প্ৰতিবছৰে কিতাপখনে সৰ্বাধিক বিক্ৰীৰ গ্ৰন্থ তালিকাত প্ৰথম স্থান অধিকাৰ কৰিছে, - যিটো এক ৰেকৰ্ড[উদ্ধৃতিৰ প্ৰয়োজন]। অৱশ্যে ১৯৫৭ আৰু ১৯৫৮ চনৰ বছৰ দুটাত কিতাপখন প্ৰকাশ হোৱা নাছিল।
বৰ্তমান প্ৰতিবছৰে ৩৫ টাতকৈ অধিক ভাষাত এই কিতাপখন প্ৰকাশ হয়। সৰ্বাধিক বিক্ৰী ৰেকৰ্ডৰ বাবে ১৯৭৪ চনৰ পৰা কিতাপখনৰ 'সৰ্বাধিক বিক্ৰীৰ গ্ৰন্থ' (Best-Selling) শিতানত ইয়াৰ নিজৰ নামো সংযোজিত হৈছে[উদ্ধৃতিৰ প্ৰয়োজন]। প্ৰকাশনৰ ইতিহাসত আজি এইখন কিতাপ পৰম বিস্ময়। জনপ্ৰিয়তাৰ দিশৰ পৰা এইখন কিতাপে যে কিমান বৈশিষ্ট্য লাভ কৰিছে তাৰ প্ৰমাণ পোৱা যায় ইয়াৰ মুদ্ৰণ সংখ্যাৰ পৰা। ইয়াৰ প্ৰতিটো সংখ্যাই প্ৰায় ৬০ নিযুত বিক্ৰী হয় আৰু প্ৰতিটো সংখ্যাৰে বিক্ৰী সৰ্বাধিক। এইখিনি একেলগে ১৬৮ টা থাকত থিয় কৰালে প্ৰতিটো থাকৰ উচ্চতা হ'বগৈ পৃথিৱীৰ আটাইতকৈ ওখ শৃংগ মাউণ্ট এভাৰেষ্টতকৈও (উচ্চতা ৮,৮৭২ মিটাৰ; ২৯,১১৮ ফুট বেছি ! এই মুদ্ৰণ সংখ্যাৰ পৰাই কিতাপখনৰ অসামান্য চাহিদা সহজে অনুমান কৰিব পাৰি[উদ্ধৃতিৰ প্ৰয়োজন]।
গ্ৰন্থ বিৱৰণ
পৃথিৱীৰ আটাইতকৈ শকত মানুহজনৰ নাম কি, কোন মহিলাৰ মূৰৰ চুলি আটাইতকৈ দীঘল, বিশ্বৰ আটাইতকৈ ডাঙৰ ষ্টেডিয়ামটো ক'ত আছে - কিমান মানুহ ধৰে সেইটো ষ্টেডিয়ামত, মূৰত গাখীৰৰ বটল লৈ খোজকাঢ়ি কোনে বিশ্বৰেকৰ্ড কৰিছে, কোনে খাইছিল দহখন চাইকেল, সাতবাৰ বজ্ৰপাত পৰিও বাচি আছে কোন, মুখেৰে ৰছী টানি কোনে উৰাজাহাজ এখনো চোঁচৰাই নিব পাৰে ইত্যাদি অনেক অদ্ভুত যেন লগা আশ্চৰ্যকৰ ৰেকৰ্ডৰ বাতৰি এইখন কিতাপৰ পাতে পাতে। ইয়াৰ প্ৰতিটো সংস্কৰণ পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন ৰেকৰ্ডৰ পুংখানুপুংখ তথা নিখুঁত বিৱৰণ আৰু সুন্দৰ সুন্দৰ মনোমোহা ছবিৰে ভৰপূৰ। গ্ৰন্থখনৰ প্ৰতিটো পৃষ্ঠাতে দেখিবলৈ পোৱা যায় বিশ্বৰ শ্ৰেষ্ঠ চমক লগোৱা ঘটনা আৰু কীৰ্তিসমূহৰ শেহতীয়া নিৰ্ভুল সংবাদ। কিতাপখন পঢ়িলে ভাব হয় এই মুহূৰ্ততেই যেন পৃথিৱীৰ কোনো প্ৰান্তত ঘটিছে এটাৰ পিচত এটা বিস্ময়কৰ ঘটনা, অবিশ্বাস্য ৰেকৰ্ড। হিন্দী, বাংলাকে ধৰি একাধিক ভাৰতীয় ভাষাতো গিনিছ বুকৰ অনূদিত সংস্কৰণ প্ৰকাশ হৈছে।
তথ্য সংগ্ৰহ
- ↑ "Corporate". Guinness World Records. http://www.guinnessworldrecords.com/corporate/about_us_5.aspx। আহৰণ কৰা হৈছে: 19 October 2010.[সংযোগবিহীন উৎস]
বাহ্যিক সংযোগ
ৱিকিমিডিয়া কমন্সত গিনিছ ৱৰ্ল্ড ৰেকৰ্ডছ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- Guinness World Records (the official website)
- Guinness World Records Corporate (corporate website)
- Guinness World Records Gamer's Edition (the official Gamer's Edition website)
- Guinness World Records Business Solutions Page
- Guinness World Records Facebook page
- Guinness World Records on Twitter
- The Jim Pattison Group (parent company)
- Guinness World Attractions (the official Museums website)