অসম চিকিৎসা মহাবিদ্যালয়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
162 নং শাৰী: 162 নং শাৰী:
| ১৮ || ডা° প্ৰণৱ বৰুৱা || ০৩-১১-২০১০ ’ৰ পৰা মাৰ্চ ২০১২
| ১৮ || ডা° প্ৰণৱ বৰুৱা || ০৩-১১-২০১০ ’ৰ পৰা মাৰ্চ ২০১২
|-
|-
| ১৯ || ডা° অতীন্দ্ৰ কুমাৰ অধিকাৰী || মাৰ্চ ২০১২ ’ৰ পৰা বৰ্তমানলৈকে
| ১৯ || ডা° অতীন্দ্ৰ কুমাৰ অধিকাৰী || মাৰ্চ ২০১২ ’ৰ পৰা ২০১৬
|-
| ২০ || ডা° ৰতন কুমাৰ কটকী || ২০১৬ৰ পৰা ২০১৭
|-
| ২১ || ডা° হিৰণ্য কুমাৰ গোস্বামী || ২০১৭ ৰ পৰা বৰ্তমানলৈকে
|}
|}



06:24, 5 April 2020ৰ সংস্কৰণ

অসম চিকিৎসা মহাবিদ্যালয়

ছাত্ৰ-ছাত্ৰী
লেটিন: Assam Medical College
স্থাপিত ৩ নৱেম্বৰ,১৯৪৭
ধৰণ চিকিৎসা মহাবিদ্যালয়
অধীক্ষক ডা° এন গগৈ
অধ্যক্ষ ডা° হিৰণ্য কুমাৰ গোস্বামী
স্থান ডিব্ৰুগড়, অসম,, ভাৰত
চৌহদ ডিব্ৰুগড়
পূৰ্বৰ নাম বেৰী হোৱাইট মেডিকেল স্কুল
চমু নাম এ এম চি
ভুক্তি ভাৰতীয় চিকিৎসা পৰিষদ, ভাৰত চৰকাৰ
ৱেবছাইট assammedicalcollege.in


অসম চিকিৎসা মহাবিদ্যালয় (ইংৰাজী: Assam Medical College) অসমৰ পূব প্ৰান্তত অৱস্থিত উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম আৰু আটাইতকৈ পূৰণি চিকিৎসা মহাবিদ্যালয়। এই মহাবিদ্যালয়খন ডিব্ৰুগড় নগৰৰ "বৰবাৰী" অঞ্চলত অৱস্থিত। অসম চিকিৎসা মহাবিদ্যালয়খন আনুস্থানিকভাৱে ১৯৪৭ চনৰ ৩ নৱেম্বৰৰ দিনা উদ্বোধন কৰা হয়। ইয়াৰ আগেয়ে ই "বেৰী-হোৱাইট মেডিকেল স্কুল[1] নামেৰে জনাজাত আছিল, যিখন ১৯০০ চনত স্থাপিত হৈছিল।

ইতিহাস

ছাৰ জন বেৰী হোৱাইট নামৰ এজন বৃটিচ সৈন্যবাহিনীৰ অৱসৰপ্ৰাপ্ত বিষয়াই তেওঁৰ জীৱনজোৰা উপাৰ্জনৰ ৫০ হাজাৰ টকা দান দি ১৯০০ খ্ৰীষ্টাব্দত ডিব্ৰুগড়ত "বেৰী হোৱাইট মেডিকেল স্কুল" স্থাপন কৰে। এই মেডিকেল স্কুলখনলৈ শ্বিলং স্থিত অসম মেডিকেল কাউঞ্চিলেও বিত্তীয় সাহায্য আগবঢ়ায়। নাম ভৰ্তিৰ ন্যূনতম শিক্ষাগত অৰ্হতা আছিল মেট্ৰিক উত্তীৰ্ণ। পাঠ্যক্ৰম আছিল চাৰিবছৰীয়া। ইয়াৰ পৰা উত্তীৰ্ণ হোৱা চিকিৎসক সকলক এল.এম.পি (Licentiate Medical practitioner) বোলা হৈছিল। "বেৰী হোৱাইট মেডিকেল স্কুল"ত শেষৰটো ছাত্ৰদল ভৰ্ত্তি হৈছিল ১৯৪৬ চনত আৰু এই দলৰ পাঠ্যক্ৰম শেষ হৈছিল ১৯৫০ চনত।[2]

১৯৩৮ চনত সেই সময়ৰ অবিভক্ত অসমৰ অনুজ্ঞাপত্ৰপ্ৰাপ্ত চিকিৎসক সকলৰ দ্বাৰা আয়োজিত আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ সভাপতিত্বত অনুস্থিত হোৱা এখন সভাত বেৰী হোৱাইট মেডিকেল স্কুলক এখন পূৰ্ণাংগ চিকিৎসা মহাবিদ্যালয়লৈ উন্নীত কৰাৰ সিদ্ধান্ত লোৱা হয়।[3] এনেদৰে ১৯৪৭ চনৰ ৩ নৱেম্বৰত "বেৰী হোৱাইট মেডিকেল স্কুল"ক উন্নীত কৰি "অসম চিকিৎসা মহাবিদ্যালয়" নামেৰে উদ্বোধন কৰা হয়। ১৯৫২ চনত ১২ জন ছাত্ৰই প্ৰথম স্নাতক ডিগ্ৰী লাভ কৰে। সেইবছৰতে ই "ভাৰতীয় চিকিৎসা পৰিষদ"ৰ পৰা স্বীকৃতিপ্ৰাপ্ত হয়। ১৯৬০ চনত অসম চিকিৎসা মহাবিদ্যালয়ত স্নাতকোত্তৰ পাঠ্যক্ৰম আৰম্ভ কৰা হয়। আৰম্ভণিতে অসমত বেছি অভিজ্ঞ চিকিৎসক নাছিল বাবে জ্যেষ্ঠ অধ্যাপকৰ পদসমূহ পূৰণৰ অৰ্থে ভাৰতৰ বিভিন্ন ঠাইৰপৰা খ্যাতনামা চিকিৎসক অনা হৈছিল। তেখেতেসকলৰ ভিতৰত আছিল অধ্যাপক জি ডি কাপুৰ, অধ্যাপক পি এন টানেজা, অধ্যাপক এন গুপ্তা, অধ্যাপক বি এইচ্চ্ পি পাই, অধ্যাপক কে এচ গ্ৰেৱাল, অধ্যাপক পি চি নাম্বিয়াৰ, অধ্যাপক আৰ জি কৃষ্ণন, অধ্যাপক এ ই সুন্দৰসন আদি।[4]

ডা: হেমচন্দ্ৰ বৰুৱা আছিল অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰথমজন অধ্যক্ষ।

বিভিন্ন পাঠ্যক্ৰম

পাঠ্যক্ৰম সময় আসন
এম বি বি এচ ৫ বছৰ ১৭০
স্নাতকোত্তৰ ডিগ্ৰীৰ পাঠ্যক্ৰম ১০৯
স্নাতকোত্তৰ ডিপ্ল'মাৰ পাঠ্যক্ৰম ৩২
ফাৰ্মাচি ডিপ্ল'মাৰ পাঠ্যক্ৰম ১০০
লেব'ৰেটৰী টেকনিচিয়ানৰ পাঠ্যক্ৰম
ৰেডিঅ'গ্ৰাফাৰ পাঠ্যক্ৰম
ই চি জি টেকনিচিয়ানৰ পাঠ্যক্ৰম[5]

বিভিন্ন বিভাগ

অসম চিকিৎসা মহাবিদ্যালয়ত মুঠ ২৫ টা বিভাগ আছে। সেইকেইটা হৈছে[6]:

  • অৰ্থ’পেডিক্স্ বিভাগ
  • ই এন টি বিভাগ
  • এনাস্থেচিয়’ল’জি বিভাগ
  • কমিউনিটি মেডিচিন বিভাগ
  • চকু-চিকিৎসা বিভাগ
  • চৰ্মৰোগ বিভাগ
  • জৈৱ-ৰসায়ন বিভাগ
  • যক্ষ্মাৰোগ বিভাগ

  • দন্ত-চিকিৎসা বিভাগ
  • পেৰামেডিকেল বিভাগ
  • প্লাষ্টিক চাৰ্জাৰি বিভাগ
  • ফাৰ্মাক’লজি বিভাগ
  • ফিজিঅ’লজি বিভাগ
  • ফৰেনচিক মেডিচিন বিভাগ
  • মাইক্ৰ’বায়লজি বিভাগ
  • মানসিক ৰোগ বিভাগ

  • মেডিচিন বিভাগ
  • ৰেডিঅ’ডায়েগন’চিচ বিভাগ
  • ৰোগতত্ব বিভাগ
  • শিশু-চিকিৎসা বিভাগ
  • শৈল্য-চিকিৎসা বিভাগ
  • শৰীৰতত্ব বিভাগ
  • স্ত্ৰীৰোগ আৰু প্ৰসূতি বিভাগ
  • স্নায়ুৰোগ বিভাগ
  • হৃদৰোগ বিভাগ

অধ্যক্ষৰ তালিকা

১৯৪৭ চনৰপৰা কাৰ্য্যভাৰ গ্ৰহণ কৰা অধ্যক্ষকেইগৰাকীৰ নাম হৈছে[7]:

ক্ৰমিক নং অধ্যক্ষ কাৰ্য্যকাল
স্বৰ্গীয় ডা° এইচ. চি. বৰুৱা ০১-১১-১৯৪৭ পৰা ১৪-১০-১৯৪৮ (প্ৰথম কাৰ্য্যকাল)
১০-০৬-১৯৫৩ ’ৰ পৰা ৩০-১১-১৯৫৫ (দ্বিতীয় কাৰ্য্যকাল)
স্বৰ্গীয় ডা° জি. ডি. কাপুৰ ০৫-০৪-১৯৪৯ ’ৰ পৰা ০২-০৯-১৯৫২
স্বৰ্গীয় ডা° আৰ. লাভ্যা ০২-০৯-১৯৫২ ’ৰ পৰা ০১-০৬-১৯৫৩
স্বৰ্গীয় ডা° স্বৰ্গীয় ডা° বি. এন. বেনাৰ্জী ১৯--০৩-১৯৫৬ ’ৰ পৰা ১৫-০৮-১৯৫৯
স্বৰ্গীয় ডা° এচ এন শৰ্মা ১৫-০৮-১৯৫৯ ’ৰ পৰা ৩১-০৫-১৯৬১
স্বৰ্গীয় ডা° পি এন বৰুৱা ৩১-০৫-১৯৬১ ’ৰ পৰা ১৫-১২-১৯৬২
স্বৰ্গীয় ডা° এম এন ভট্টাচাৰ্য্য ১৬-১২-১৯৬২ ’ৰ পৰা ৩১-১২-১৯৭৫
স্বৰ্গীয় ডা° নেকিবুজ জামান ০১-০১-১৯৭৬ ’ৰ পৰা ১৯-০৪-১৯৮৫
ডা° বি. এম. গোস্বামী ০১-০৫-১৯৮৫ ’ৰ পৰা ২৯-০৬-১৯৮৫
১০ ডা° এম. এ. চৌধুৰী ২৯-০৬-১৯৮৫ ’ৰ পৰা ৩১-০৩-১৯৮৮
১১ স্বৰ্গীয় ডা° এইচ. পি. বৰুৱা ২৮-১০-১৯৮৮ ’ৰ পৰা ১৫-৬-১৯৯০ (প্ৰথম কাৰ্য্যকাল)
১০-২-১৯৯২ ’ৰ পৰা ২৪-১১-১৯৯৪ (দ্বিতীয় কাৰ্য্যকাল)
১২ ডা° দিপালী বৰুৱা ১৯৯০ ’ৰ পৰা ১৯৯২
১৩ স্বৰ্গীয় ডা° ভদ্ৰেশ্বৰ দাস ২৪-১১-১৯৯৪ ’ৰ পৰা ২৮-০২-১৯৯৭
১৪ স্বৰ্গীয় ডা° জি. চি. বৰুৱা ০১-০৩-১৯৯৭ ’ৰ পৰা ২৯-০২-২০০৫
১৫ ডা° নন্দিতা চৌধুৰী ১৮-৩-২০০২ ’ৰ পৰা ৩০-০৯-২০০৪
১৬ ডা° তফিকুৰ ৰহমান বৰবৰা ০১-১০-২০০৪ ’ৰ পৰা ২২-০৭-২০০৫ (প্ৰথম কাৰ্য্যকাল)
২৫-০৫-২০০৭ ’ৰ পৰা ২০১১ (দ্বিতীয় কাৰ্য্যকাল)
১৭ ডা° দেৱজিত হাজৰিকা ২৪-০৭-২০০৫ ’ৰ পৰা ২৪-০৫-২০০৭
১৮ ডা° প্ৰণৱ বৰুৱা ০৩-১১-২০১০ ’ৰ পৰা মাৰ্চ ২০১২
১৯ ডা° অতীন্দ্ৰ কুমাৰ অধিকাৰী মাৰ্চ ২০১২ ’ৰ পৰা ২০১৬
২০ ডা° ৰতন কুমাৰ কটকী ২০১৬ৰ পৰা ২০১৭
২১ ডা° হিৰণ্য কুমাৰ গোস্বামী ২০১৭ ৰ পৰা বৰ্তমানলৈকে

তথ্যসূত্ৰ

  1. অসম চিকিৎসা মহাবিদ্যালয়ৰ ইতিহাস
  2. ডাঃ বিজুলী গোস্বামী (৭ চেপ্তেম্বৰ ২০১২). "মহিলা চিকিত্সকৰ ইতিহাস". সাদিন. 
  3. বেৰী হোৱাইট স্কুল অফ মেডিচিন
  4. NIC Dibrugarh
  5. "বিদ্যায়তনিক পাঠ্যক্ৰম". Assam Medical College. http://assammedicalcollege.in/web/aca_course.php। আহৰণ কৰা হৈছে: September 09, 2012. 
  6. "অসম চিকিৎসা মহাবিদ্যালয়ৰ বিভাগসমূহ". Assam Medical College. http://assammedicalcollege.in/web/dept.php। আহৰণ কৰা হৈছে: September 10, 2012. 
  7. "অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষসকল". Assam Medical College.. http://assammedicalcollege.in/web/p_princi.php। আহৰণ কৰা হৈছে: September 09, 2012. 

বহি:সংযোগ