সমাৰ্থক শব্দ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
নতুন পৃষ্ঠা: ====== কোনো শব্দৰ সলনি ব্যৱহাৰ বা একে অর্থ প্ৰকাশ কৰে তেনে শব্দ ব...
(কোনো পাৰ্থক্য নাই)

16:49, 18 April 2020ৰ সংস্কৰণ

কোনো শব্দৰ সলনি ব্যৱহাৰ বা একে অর্থ প্ৰকাশ কৰে তেনে শব্দ বোৰক সমাৰ্থক শব্দ বা প্ৰতিশব্দ বোলে |একেটা শব্দৰে কেইবাটাও প্ৰতিশব্দ থাকিব পাৰে | অসমীয়া সমার্থক শব্দ বা প্ৰতিশব্দৰ ভাষাৰ শব্দ ভাণ্ডাৰৰ প্ৰকাশিকা শক্তি বৃদ্ধি পায় |

সমাৰ্থক শব্দৰ উদাহৰণ

তলত অসমীয়াত ব্যৱহৃত কিছু সমাৰ্থক শব্দৰ উদাহৰণ দাঙি ধৰা হ`ল -
  • অগ্নিঃ-অনল,জুই,পাৱক আদি |
  • আকাশঃ-গগন,শূন্য,অম্বৰ আদি |
  • আদৰঃ- সাদৰ,চেনেহ আদি |
  • পদুম ফুলঃ-পদ্ম,কমল,নলিনী,নলিন,অৰবিন্দ আদি |
  • সমীৰঃ-বায়ু,বতাহ ,অনিল আদি |
  • নদীঃ-নৈ,প্ৰৱাহিনী আদি |
  • ঘৰঃ- আবাস,গৃহ,ভৱন আদি |
  • পৃথিৱীঃ-বসুধা,ধৰণী,ধৰা আদি |
  • মিত্ৰঃ-সখি,বন্ধু,লগৰীয়া আদি |
  • ফুলঃ-কুসুম,পুষ্প আদি |
  • পৰ্বতঃ-অচল ,গিৰি আদি |
  • নাৰীঃ-মহিলা,ৰমণী ,কামিনী আদি |


তথ্যসংগ্ৰহ