অনন্ত কন্দলি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
পৃষ্ঠা অনন্ত কন্দলীৰ পৰা অনন্ত কন্দলিলৈ Gitartha.bordoloiয়ে স্থানান্তৰ কৰিলে: শুদ্ধ
'ত্‌’টোক 'ৎ’ কৰা হ’ল৷
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
25 নং শাৰী: 25 নং শাৰী:
| influenced =
| influenced =
}}
}}
'''অনন্ত কন্দলি''' ষোড়শ শতিকাৰ এগৰাকী [[অসমীয়া]] বৈষ্ণৱ কবি৷ তেওঁ [[শ্ৰীমন্ত শঙ্কৰদেৱ]]ৰ শিষ্য আছিল। অনন্ত কন্দলিয়ে নিজে ভাগৱতৰ ষষ্ঠ স্কন্ধ আৰু দশম স্কন্ধৰ অনুবাদ প্ৰসঙ্গত নিজৰ আত্মপৰিচয় দিছে৷ সেই বিৱৰণ অনুসৰি তেওঁৰ ঘৰ [[হাজো]]ত৷ দেউতাকৰ নাম ৰত্ন পাঠক৷ জন্মসূত্ৰে ব্ৰাহ্মণ অনন্ত কন্দলিৰ প্ৰকৃত নাম আছিল হৰিচৰণ৷<ref name="encyclo">{{cite web | url=http://books.google.co.in/books?id=WjDcd0cTFxQC&pg=PA428&lpg=PA428&dq=ananta+kandali&source=bl&ots=YoFLYoJEPq&sig=KFHlKmhHC32iQJ7bneIow9Muk8g&hl=en&sa=X&ei=JU-MT8HuDYGjiAfoxbTdCQ&ved=0CDAQ6AEwAzgK#v=onepage&q=ananta%20kandali&f=false | title=Encyclopaedia of the Hindu World | publisher=Concept Publishing Company | date=1992 | accessdate=April 16, 2012 | author=Ganga Ram Garg | pages=428-429}}</ref><ref name="aslit">{{cite web | url=http://books.google.co.in/books?id=bMsGmbALl5sC&pg=PA61&lpg=PA61&dq=ananta+kandali&source=bl&ots=WaCQ_34SXu&sig=A1Z9yD0UBJl7KC740zuaaD3lG_A&hl=en&sa=X&ei=oEqMT-fzG4yfiAfj0pHZCQ&ved=0CEoQ6AEwBw#v=onepage&q=ananta%20kandali&f=false | title=Assamese literature | publisher=Otto Harrassowitz, Wiesbaden | date=1976 | accessdate=April 16, 2012 | author=Satyendranath Sarma | pages=61}}</ref> পিছলৈ তৰ্ক শাস্ত্ৰত ব্যুত্পত্তি লাভ কৰি '''অনন্ত কন্দলি''' নাম লাভ কৰে৷ পিছলৈ চন্দ্ৰভাৰতী, ভাগৱতাচাৰ্য, ভাগৱত ভট্টাচাৰ্য আদি বিভূষণেৰে বিভূষিত হয়৷<ref name=sarma>অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, লেখক - ডঃ [[সত্যেন্দ্ৰনাথ শৰ্মা]], প্ৰকাশক - প্ৰতিমা দেৱী। ১৯৯৬, গুৱাহাটী, পৃষ্ঠা ৫৫-৫৬</ref> অনন্ত কন্দলি খ্ৰীষ্টীয় ষোড়শ শতাব্দীৰ তৃতীয় আৰু চতুৰ্থ দশকৰ ভিতৰত অৰ্থাৎ ১৫২০-১৫৩০ খ্ৰীষ্টাব্দৰ ভিতৰত সম্ভৱতঃ জন্ম গ্ৰহণ কৰি ষোড়শ শতাব্দীৰ শেষ ভাগলৈকে জীৱিত আছিল৷<ref name=sarma></ref>
'''অনন্ত কন্দলি''' ষোড়শ শতিকাৰ এগৰাকী [[অসমীয়া]] বৈষ্ণৱ কবি৷ তেওঁ [[শ্ৰীমন্ত শঙ্কৰদেৱ]]ৰ শিষ্য আছিল। অনন্ত কন্দলিয়ে নিজে ভাগৱতৰ ষষ্ঠ স্কন্ধ আৰু দশম স্কন্ধৰ অনুবাদ প্ৰসঙ্গত নিজৰ আত্মপৰিচয় দিছে৷ সেই বিৱৰণ অনুসৰি তেওঁৰ ঘৰ [[হাজো]]ত৷ দেউতাকৰ নাম ৰত্ন পাঠক৷ জন্মসূত্ৰে ব্ৰাহ্মণ অনন্ত কন্দলিৰ প্ৰকৃত নাম আছিল হৰিচৰণ৷<ref name="encyclo">{{cite web | url=http://books.google.co.in/books?id=WjDcd0cTFxQC&pg=PA428&lpg=PA428&dq=ananta+kandali&source=bl&ots=YoFLYoJEPq&sig=KFHlKmhHC32iQJ7bneIow9Muk8g&hl=en&sa=X&ei=JU-MT8HuDYGjiAfoxbTdCQ&ved=0CDAQ6AEwAzgK#v=onepage&q=ananta%20kandali&f=false | title=Encyclopaedia of the Hindu World | publisher=Concept Publishing Company | date=1992 | accessdate=April 16, 2012 | author=Ganga Ram Garg | pages=428-429}}</ref><ref name="aslit">{{cite web | url=http://books.google.co.in/books?id=bMsGmbALl5sC&pg=PA61&lpg=PA61&dq=ananta+kandali&source=bl&ots=WaCQ_34SXu&sig=A1Z9yD0UBJl7KC740zuaaD3lG_A&hl=en&sa=X&ei=oEqMT-fzG4yfiAfj0pHZCQ&ved=0CEoQ6AEwBw#v=onepage&q=ananta%20kandali&f=false | title=Assamese literature | publisher=Otto Harrassowitz, Wiesbaden | date=1976 | accessdate=April 16, 2012 | author=Satyendranath Sarma | pages=61}}</ref> পিছলৈ তৰ্ক শাস্ত্ৰত ব্যুৎপত্তি লাভ কৰি '''অনন্ত কন্দলি''' নাম লাভ কৰে৷ পিছলৈ চন্দ্ৰভাৰতী, ভাগৱতাচাৰ্য, ভাগৱত ভট্টাচাৰ্য আদি বিভূষণেৰে বিভূষিত হয়৷<ref name=sarma>অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, লেখক - ডঃ [[সত্যেন্দ্ৰনাথ শৰ্মা]], প্ৰকাশক - প্ৰতিমা দেৱী। ১৯৯৬, গুৱাহাটী, পৃষ্ঠা ৫৫-৫৬</ref> অনন্ত কন্দলি খ্ৰীষ্টীয় ষোড়শ শতাব্দীৰ তৃতীয় আৰু চতুৰ্থ দশকৰ ভিতৰত অৰ্থাৎ ১৫২০-১৫৩০ খ্ৰীষ্টাব্দৰ ভিতৰত সম্ভৱতঃ জন্ম গ্ৰহণ কৰি ষোড়শ শতাব্দীৰ শেষ ভাগলৈকে জীৱিত আছিল৷<ref name=sarma></ref>


==আত্ম পৰিচয়==
==আত্ম পৰিচয়==

03:17, 16 May 2020ৰ সংস্কৰণ

অনন্ত কন্দলি
জন্ম হৰিচৰণ
আনুমানিক ১৫২০ খ্ৰীষ্টাব্দ
হাজো,কামৰূপ, অসম
মৃত্যু আনুমানিক ১৬২০ খ্ৰীষ্টাব্দ
পেচা কবি, বৈয়াকৰণিক
ভাষা অসমীয়া
উল্লেখনীয় কৰ্মৰাজি ৰামায়ণ, কুমাৰ হৰণ

অনন্ত কন্দলি ষোড়শ শতিকাৰ এগৰাকী অসমীয়া বৈষ্ণৱ কবি৷ তেওঁ শ্ৰীমন্ত শঙ্কৰদেৱৰ শিষ্য আছিল। অনন্ত কন্দলিয়ে নিজে ভাগৱতৰ ষষ্ঠ স্কন্ধ আৰু দশম স্কন্ধৰ অনুবাদ প্ৰসঙ্গত নিজৰ আত্মপৰিচয় দিছে৷ সেই বিৱৰণ অনুসৰি তেওঁৰ ঘৰ হাজোত৷ দেউতাকৰ নাম ৰত্ন পাঠক৷ জন্মসূত্ৰে ব্ৰাহ্মণ অনন্ত কন্দলিৰ প্ৰকৃত নাম আছিল হৰিচৰণ৷[1][2] পিছলৈ তৰ্ক শাস্ত্ৰত ব্যুৎপত্তি লাভ কৰি অনন্ত কন্দলি নাম লাভ কৰে৷ পিছলৈ চন্দ্ৰভাৰতী, ভাগৱতাচাৰ্য, ভাগৱত ভট্টাচাৰ্য আদি বিভূষণেৰে বিভূষিত হয়৷[3] অনন্ত কন্দলি খ্ৰীষ্টীয় ষোড়শ শতাব্দীৰ তৃতীয় আৰু চতুৰ্থ দশকৰ ভিতৰত অৰ্থাৎ ১৫২০-১৫৩০ খ্ৰীষ্টাব্দৰ ভিতৰত সম্ভৱতঃ জন্ম গ্ৰহণ কৰি ষোড়শ শতাব্দীৰ শেষ ভাগলৈকে জীৱিত আছিল৷[3]

আত্ম পৰিচয়

কন্দলিয়ে দশমত তেওঁৰ আত্মপৰিচয় এনেদৰে লিখিছে-

ৰতন পাঠক নামে পণ্ডিত পৰম৷
ভাগৱত শাস্ত্ৰে যাৰ আছিল বিক্ৰম৷৷
শ্ৰীহৰিচৰণ নামে তাহান সন্ততি৷
ব্যাকৰণ পঢ়ি নাম শ্ৰীচন্দ্ৰভাৰতী৷৷
তৰ্কত লভিলা নাম অনন্ত কন্দলি৷
ভাগৱতে আচাৰ্য পদবী ভৈলা আৰ্যজন৷৷
ভাগৱত ভট্টাচাৰ্য বোলে আৰ্যজনে৷
তেহো বিৰচিলা পদ কৃষ্ণৰ চৰণে৷৷[3]

সাহিত্যকৃতি

অনন্ত কন্দলিয়ে মহিলা আৰু শূদ্ৰকে ধৰি সমাজৰ সকলোৰে মাজত ধৰ্মবিশ্বাস জগাবলৈ শাস্ত্ৰ ৰচনা কৰিছিল।[2] গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ অনুৰোধত তেওঁ ভাগৱত-পুৰাণৰ দশম কাণ্ড অনুবাদ কৰি উলিয়াইছিল। এই ৰচনাত শঙ্কৰদেৱৰ প্ৰভাৱ দেখিবলৈ পোৱা যায়। তেওঁ মাধৱ কন্দলিৰ মূল পুথিখনৰ সহায়ত ৰামায়ণৰ পাঁচটা কাণ্ড লিখিছিল। সেইখিনিক মাধৱ কন্দলিৰ ৰামায়ণৰ বৈষ্ণৱ সংস্কৰণ বুলি অভিহিত কৰা হয়।[2] তেওঁ ভাগৱতৰ পঞ্চম আৰু ষষ্ঠ কাণ্ড অনুবাদ কৰিছিল বুলিও কোৱা হয়।[2] অনন্ত কন্দলিৰ আন আন কাব্য হ'ল-[3]

  • কুমাৰ হৰণ
  • কাব্য ভাগৱত
  • ষষ্ঠ স্কন্ধৰ বৃত্ৰাসুৰ-বধ
  • মধ্য আৰু শেষ দশম
  • মহীৰাৱণ বধ
  • সীতাৰ পাতাল প্ৰৱেশ
  • হৰি-হৰ যুদ্ধ
  • সহস্ৰ নাম বৃত্তান্ত


সন্মান

ব্যাকৰণ শাস্ত্ৰত লাভ কৰা ব্যুৎপত্তিৰ বাবে তেওঁক শ্ৰীচন্দ্ৰভাৰতী উপাধি প্ৰদান কৰা হয়। তৰ্ক আৰু ন্যায়ত থকা পণ্ডিত্যৰ বাবে অনন্ত কন্দলি বিভূষণ আৰু ভাগৱত-শাস্ত্ৰত থকা পাণ্ডিত্যৰ বাবে ভাগৱতাচার্য আৰু ভাগৱত-ভট্টাচাৰ্য সন্মান প্ৰদান কৰা হয়।

তথ্যসূত্ৰ

  1. Ganga Ram Garg (1992). "Encyclopaedia of the Hindu World". Concept Publishing Company. পৃষ্ঠাসমূহ: 428-429. http://books.google.co.in/books?id=WjDcd0cTFxQC&pg=PA428&lpg=PA428&dq=ananta+kandali&source=bl&ots=YoFLYoJEPq&sig=KFHlKmhHC32iQJ7bneIow9Muk8g&hl=en&sa=X&ei=JU-MT8HuDYGjiAfoxbTdCQ&ved=0CDAQ6AEwAzgK#v=onepage&q=ananta%20kandali&f=false। আহৰণ কৰা হৈছে: April 16, 2012. 
  2. 2.0 2.1 2.2 2.3 Satyendranath Sarma (1976). "Assamese literature". Otto Harrassowitz, Wiesbaden. পৃষ্ঠাসমূহ: 61. http://books.google.co.in/books?id=bMsGmbALl5sC&pg=PA61&lpg=PA61&dq=ananta+kandali&source=bl&ots=WaCQ_34SXu&sig=A1Z9yD0UBJl7KC740zuaaD3lG_A&hl=en&sa=X&ei=oEqMT-fzG4yfiAfj0pHZCQ&ved=0CEoQ6AEwBw#v=onepage&q=ananta%20kandali&f=false। আহৰণ কৰা হৈছে: April 16, 2012. 
  3. 3.0 3.1 3.2 3.3 অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, লেখক - ডঃ সত্যেন্দ্ৰনাথ শৰ্মা, প্ৰকাশক - প্ৰতিমা দেৱী। ১৯৯৬, গুৱাহাটী, পৃষ্ঠা ৫৫-৫৬