মৰিয়নি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
110 নং শাৰী: 110 নং শাৰী:
•[[শ্ৰীযুত ভৱকৃষ্ণ গোস্বামী]] ([[শ্ৰীশ্ৰীবৰএলেঙ্গী সত্ৰ]]ৰ সত্ৰাধিকাৰ,বিশিষ্ট সত্ৰীয়া সাধক,অসম চৰকাৰৰ শিল্পী পেঞ্চনাৰ)
•[[শ্ৰীযুত ভৱকৃষ্ণ গোস্বামী]] ([[শ্ৰীশ্ৰীবৰএলেঙ্গী সত্ৰ]]ৰ সত্ৰাধিকাৰ,বিশিষ্ট সত্ৰীয়া সাধক,অসম চৰকাৰৰ শিল্পী পেঞ্চনাৰ)


==তথ্যসূত্ৰ==
==তথ্যসুত্ৰ==
{{Reflist}}
{{Reflist}}



03:53, 12 June 2020ৰ সংস্কৰণ

মৰিয়নি
—  নগৰ  —
মৰিয়নি is located in Assam
মৰিয়নি
ভাৰতঅসমত মৰিয়নিৰ অৱস্থান
ভৌগোলিক স্থানাংক: 26°40′N 94°20′E / 26.67°N 94.33°E / 26.67; 94.33স্থানাংক: 26°40′N 94°20′E / 26.67°N 94.33°E / 26.67; 94.33
দেশ  ভাৰত
ৰাজ্য অসম
জিলা যোৰহাট জিলা
উচ্চতা ১৫৫ মিটাৰ (৫০৮.৫৩ ফুট)
জনসংখ্যা (২০০১)
 - মুঠ ২৩,০৬৫ জন
ভাষা
 - চৰকাৰী অসমীয়া
সময় অঞ্চল ভাৰতীয় মান সময় (গ্ৰী.মা.স.+5:30)
Telephone code 03771

মৰিয়নি (IPA: ˌmɑːrɪˈænɪ) (ইংৰাজী: Mariani) অসমযোৰহাট জিলাত অৱস্থিত এখন ঠাই৷

ইতিহাস

ইতিহাসৰ পাতত মৰিয়নিৰ কথা উল্লেখ পোৱা নাযায়। ১৮২৮ ৰ পৰা ১৮৮৩ চন পৰ্যন্ত নিৰ্ভৰ যোগ্য তথ্যৰ অভাৱত মৰিয়নিৰ ইতিহাস এতিয়াও সম্পূৰ্ণ পোহৰলৈ এতিয়াও অহা নাই। মৰিয়নিৰ গুৰুত্ব বাঢ়ে কেৱল ৰেল চলাচলৰ বাবে।[1]

নামৰ উৎপত্তি

সময়ে সময়ে বিভিন্ন জনে মৰিয়নিৰ নামৰ উৎপত্তিৰ সন্দৰ্ভত বিভিন্ন মত আগবঢ়াই আহিছে। এই বিষয়ৰ আটাইতকৈ নিৰ্ভৰযোগ্য যুক্তিটো হ’ল – বৃটিছ শাসন কালত পাহাৰৰ নগা সকলে এই সমতল অঞ্চললৈ নামি আহে আৰু ইয়াতে জিৰণি লৈ ভৈয়ামৰ লোকৰ সৈতে বয়-বস্তু সাল সলনি কৰে। সেয়ে কোনো নগা দোৱানৰ শব্দটো আছিল মৈৰাণ বা মেৰাণ। অৰ্থটো সাল-সলনি কৰা ঠাই। সেই শব্দটিয়েই মোট সলাই মৰিয়নি হ’ল। স্বাধীনতা যুঁজাৰু ভূৱন মোহন বুঢ়াগোহাঁই ডাঙৰীয়াৰ মতে বৰ্তমানৰ মৰিয়নিৰ অঞ্চলটো সেই সময়ত অটব্য অৰণ্য আছিল। এই অঞ্চলৰ সীমাত থকা পুখুৰীয়া বচা গাঁৱৰ মানুহে বিভিন্ন কাৰণত এই হাবি বননি কাটিছিল। এই হাবি মৰি শুকাই যোৱাৰ পাছত এই ঠাইক ‘মৰানি’ বুলিছিল। পাছলৈ মুখে মুখে বাগৰি ‘মৰিয়নি’লৈ পৰিৱৰ্তন হ’ল।[1] আনহাতে ধ্বনি কৰি বিনন্দ চন্দ্ৰ বৰুৱাৰ মতে দিচৈ নৈৰ (বৰ্তমানৰ ভোগদৈ) পাৰৰ এই হাবি বননিৰে আগুৰা ঠাইডোখৰ পুখুৰীয়া গাঁৱৰ। এক প্ৰান্তত সীমা মূৰিয়াল অৱস্থিত। এই সীমা মূৰিয়াল শব্দটোৰেই পাছলৈ অপভ্ৰংশ হৈ মৰিয়নি নামৰ সৃষ্টি হৈছিল। আন এক প্ৰবাদ মতে, এসময়ত ভোগদৈ নৈখনে ইয়াৰ পূৰ্বৰ গতিপথ সলনি কৰি নতুন দিশেৰে গতি কৰিছিল। পুৰণি গতিপথটো হেনো মৰিয়নি নগৰৰ মাজেদি গৈ বৰ্তমান মৰিয়নি জংচনৰ পাছফালেদি বৈ গৈছিল। নদীয়ে গতিপথ সলনি কৰঅত এই এৰা সূতিটোক মৰিনৈ বুলি মানুহে মুখে মুখে কৈছিল আৰু এই মৰিনৈয়েই শেষলৈ মৰিয়নি হ’লগৈ বুলি বহুতেই ক’ব খোজে। কিন্তু ভূ-তাত্ত্বিক দিশৰ পৰা চালে দেখা যায় যে নদীয়ে এৰি থৈ যোৱা মাটিত পলসৰ পৰিমাণ বেছি হব যিটো মৰিয়নিৰ মাটিত পোৱা নাযায়। তাৰোপৰি ভূ-বিজ্ঞানৰ মতে নদীয়ে সাধাৰণতে গতিপথ ভূমিকম্প বা প্ৰাকৃতিক দুৰ্যোগৰ ফলতহে সলনি কৰে। কিন্তু অসমত ১৮৯৭ আৰু ১৯৫০ চনৰ বাদে বৰ ভূইকঁপ হোৱা নাই বাবে এই নদীয়ে গতিপথ সলনি কৰাৰ সম্ভাৱনা তেনেই কম। সেয়ে এই যুক্তিটোত সন্দেহৰ অৱকাশ আছে।[1]

ভৌগোলিক বিৱৰণ

ভৌগোলিকভাৱে মৰিয়নি 26°40′N 94°20′E / 26.67°N 94.33°E / 26.67; 94.33 ত অৱস্থিত৷[2] এই অঞ্চলৰ সাগৰৰ পৰা গড় উচ্চতা ১৫৫ মিটাৰ (৫০৮ ফুট)৷ এই টাউনখন যোৰহাট ৰে'লৱে ষ্টেচনৰ পৰা ১৭.৫ কিমি দুৰত্বত অৱস্থিত৷ ই নাগালেণ্ডৰ সীমান্তবৰ্ত্তী অঞ্চল৷

আন্ত:গাথঁনি

মৰিয়নি ২০১১ চনৰ লোকপিয়ল অনুসৰি,[3] মৰিয়নিৰ মুঠ জনসংখ্যা ২৩,০৬৫ জন৷ [4] ইয়াৰে ৫৪% পুৰুষ আৰু ৪৬% মহিলা৷ মৰিয়নিৰ জনসংখ্যাৰ ১২% ছয় বছৰ বয়সৰ অনুৰ্ধৰ৷

যাতায়ত ব্যৱস্থা

মৰিয়নিক ধোদৰ আলিয়ে অন্য অংশৰ সৈতে সংযোজিত কৰিছে৷ মৰিয়নিৰ পৰা নিকটবৰ্ত্তী বিমানবন্দৰটো হৈছে যোৰহাটৰ ৰৰৈয়া বিমানবন্দৰ৷ এই অঞ্চলটো মৰিয়নি ৰে'লৱে ষ্টেচনৰ জড়িয়তে দেশৰ অন্য অংশৰ সৈতে সংযোজিত৷

শিক্ষা

মৰিয়নিত ভালসংখ্যক শিক্ষা প্ৰতিষ্ঠান আছে৷ ইয়াৰে ভিতৰত উল্লেখযোগ্য হ'ল-

বিদ্যালয়-

  • চেইন্ট এন্থনি উচ্চ মাধ্যমিক বিদ্যালয়
  • মহাদেব আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়
  • এডিথ ডগলাছ উচ্চ মাধ্যমিক বিদ্যালয়
  • আদৰ্শ হিন্দী বিদ্যালয়
  • মৰিয়নি উচ্চ মাধ্যমিক বিদ্যালয়
  • মৰিয়নি বালিকা উচ্চ মাধ্যমিক বিদ্যালয়
  • লিটল ষ্টাৰ স্কুল
  • বংশীগোপাল উচ্চ মাধ্যমিক বিদ্যালয়
  • পাৰিজাত জাতীয় বিদ্যালয়
  • মৰিয়নি জাতীয় বিদ্যাপীঠ

মহাবিদ্যালয়-

  • মৰিয়নি মহাবিদ্যালয়

অন্যান্য-

ৰাজনীতি

মৰিয়নি যোৰহাট (লোকসভা সমষ্টি)ৰ অন্তৰ্ভুক্ত৷[5]

উল্লেখযোগ্য ঠাই

উল্লেখযোগ্য ব্যক্তি

স্বৰ্গীয় প্ৰশান্ত হাজৰিকা (বিশিষ্ট নাট্যকৰ্মী,হেঙুল থিয়েটাৰৰ জন্মদাতা) •স্বৰ্গীয়া ইলা কাকতি (অভিনেত্ৰী,বিশিষ্ট নাট্যকৰ্মী,হেঙুল থিয়েটাৰৰ জন্মদাতা) •শ্ৰীযুত ভৱকৃষ্ণ গোস্বামী (শ্ৰীশ্ৰীবৰএলেঙ্গী সত্ৰৰ সত্ৰাধিকাৰ,বিশিষ্ট সত্ৰীয়া সাধক,অসম চৰকাৰৰ শিল্পী পেঞ্চনাৰ)

তথ্যসূত্ৰ

  1. 1.0 1.1 1.2 প্ৰীতম কুমাৰ শইকীয়া, সম্পাদক: মুকুল বৰা (৬,৭,৮ ফেব্ৰুৱাৰী ২০০৬ চন). "ইতিহাসৰ বুকুত মৰিয়নিৰ জন্ম পত্ৰিকা বিচাৰি". জ্যোতিদৰ্পণ, যোৰহাট জিলা মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থা (চতুৰ্থ প্ৰকাশ): ৪৯,৫০ পৃষ্ঠা. 
  2. Falling Rain Genomics, Inc - Mariani
  3. "Census of India 2001: Data from the 2001 Census, including cities, villages and towns (Provisional)". Census Commission of India. Archived from the original on 2004-06-16. http://web.archive.org/web/20040616075334/http://www.censusindia.net/results/town.php?stad=A&state5=999। আহৰণ কৰা হৈছে: 2008-11-01. 
  4. "Population Finder". Censusindia.gov.in. http://www.censusindia.gov.in/PopulationFinder/Population_Finder.aspx। আহৰণ কৰা হৈছে: 2012-09-30. 
  5. "List of Parliamentary & Assembly Constituencies". Assam. Election Commission of India. http://archive.eci.gov.in/se2001/background/S03/AS_ACPC.pdf। আহৰণ কৰা হৈছে: 2008-10-06.